বৰষুণত তিতা মেকুৰীটো,মূল: কেট ইন দা ৰেইন — আৰ্ণেষ্ট হেমিংওৱে,–অনুবাদ: নাজমা বেগম



হোটেলখনত মাত্ৰ এহাল আমেৰিকান দম্পতী আছে। সিহঁতে কোনো মানুহকে ভালকৈ নাজানে, যিবোৰক ৰাস্তাত বা সিহঁতৰ ওচৰৰ কোঠাত লগ পাইছিল। সিহঁতৰ কোঠাটো দ্বিতীয় মহলাত আৰু সাগৰৰ বায়ু প্ৰবাহেৰে পৰিপূৰ্ণ। তাৰ পৰা হোটেলৰ বাগিছাখন আৰু তাত থকা যুদ্ধৰ স্মৃতিসৌধবোৰো দেখা পোৱা যায়। বাগিছাখনত পনিয়ল গছ আৰু সেউজীয়া বৰণৰ বেঞ্চ আছে। অনুকূল বতৰত চিত্ৰকৰে ৰং- তুলিকা লৈ পট ৰচনা কৰিবলৈ ইয়ালৈ সদায় আহে। পথৰ দাঁতিত থকা পনিয়ল, বৃহৎ বিলাসী হোটেলখন, তাত থকা বাগিছাখন আৰু সাগৰখনক লৈয়ে চিত্ৰকৰবোৰে পট ৰচনা কৰে। সুদূৰ ইটালীৰ পৰাও যুদ্ধৰ স্মৃতিসৌধ চাবলৈ ইয়ালৈ আহে। ব্ৰঞ্জেৰে নিৰ্মিত এই স্মৃতিসৌধবোৰ বৰষুণৰ পানী পৰি চিকমিকাই আছে। পনিয়ল গছবোৰৰপৰাও বৰষুণৰ টোপালবোৰ টোপ্ টোপকৈ পৰি আছে। বৰষুণৰ পানীৰ সাগৰখন এটা দীঘল শাৰীত বৈ গৈ দ’ ঠাইত ডোঙা বান্ধিছে। মটৰগাড়ীবোৰ বাগিছাখনত থকা স্মৃতিসৌধৰ ওচৰত ৰখাই থোৱা আছে। দুৱাৰমুখত থিয় হৈ থকা ৰখীয়াজনে বাগিছাখনৰ চাৰিওফালে চকু ফুৰাইছে। 

 আমেৰিকান ঘৈণীজনীয়ে খিৰীকি মুখত থিয় হৈ ইফালে-সিফালে চাইছে। সিহঁতৰ খিৰীকিখনৰ বাহিৰৰ সোঁফালে এটা মেকুৰীয়ে চুক এটাত কুচি-মুচি বহি আছে। মেকুৰী পোৱালিটো বৰষুণত তিতিছে। 

 ‘মই মেকুৰী পোৱালিটো আনিবলৈ যাওঁ’, আমেৰিকান ঘৈণীজনীয়ে ক’লে। 

 ‘ময়ে গ’লোহেঁতেন’, গিৰীয়েকে বিছনাৰ পৰাই ক’লে। 

 ‘নালাগে, ময়ে আনিম তাক। ‘

 মৰমলগা মেকুৰী পোৱালিটোৱে এখন টেবুলৰ তলত সোমাই তাৰ তিতা শৰীৰটো শুকুৱাবলৈ চেষ্টা কৰিছে। 

 দুটা গাৰু বিছনাৰ মূৰত লৈ গিৰীয়েকে পঢ়িব ধৰিছে

 ‘বৰষুণত তিতিবলৈ নাযাবা’, পঢ়ি থকাৰপৰাই সি মাত লগালে। 

 ঘৈণীয়েক তলৰ মহলালৈ নামি আহিল আৰু একেবাৰে ৰিচেপশ্যন ৰূম পোৱাত হোটেলৰ মালিকে থিয় হৈ নমস্কাৰ দিলে। মালিকৰ টেবুলখন তাৰপৰা কিছু দূৰত। তেওঁ কিছু ওখ আৰু বয়সিয়াল মানুহ। 

 ‘বৰষুণ দিয়েই আছে’, আমেৰিকান ঘৈণীজনীয়ে ক’লে। 

 ‘হয়, বতৰটো বৰ বেয়া কৰিছে’। 

 আন্ধাৰ কোঠাটোত মালিকজন থিয় হৈ আছে। কথাৰ সঁহাৰি দিয়া বাবে আমেৰিকান ঘৈণীজনীয়ে তেওঁক বৰ ভাল পালে। তেওঁৰ ক্ষিপ্ৰতা, কৰ্তব্যবোধ আৰু আতিথ্য দেখি আপ্লুত হ’ল। তেওঁৰ গভীৰ মুখখন আৰু খহটা হাতদুখন তাই কিছুপৰ লক্ষ্য কৰিলে। 

মালিকৰ ফালে চাই তাই দুৱাৰখন খুলিলে। তেতিয়াও বৰষুণ জোৰেৰে দিয়ে আছে। তেনেতে টুপী পিন্ধা মানুহ এজনে সেই কোঠাটো অতিক্ৰমী মেকুৰী পোৱালিটো থকা ঠাইলৈ গৈছে। পোৱালিটো তেতিয়াও তাতেই আছে। আমেৰিকান ঘৈণীজনীয়ে দুৱাৰমুখত থিয় হৈ চাই আছে আৰু তেনেতে এটা ছাতিয়ে বৰষুণত তিতিব নোৱাৰাকৈ তাইক আৱৰি ধৰিলে। লিগিৰীজনীয়ে ছাতি এটিৰে তাইক সহায় কৰিলে। 

’বৰষুণত তিতিলে আপোনাৰ বেমাৰ হ’ব’, তাই হাঁহি-হাঁহি ক’লে। 

আচলতে, হোটেলৰ মালিকজনে লিগিৰীজনীক তালৈ পঠিয়াইছে। লিগিৰীজনীয়ে ছাতিটো আমেৰিকান ঘৈণীজনীৰ মূৰৰ ওপৰত ধৰিছে আৰু দুয়ো একেলগে খিৰীকিখনৰ ওচৰলৈ খোজকাঢ়ি গৈছে। 

তাত থকা টেবুলখনৰ উজ্জ্বল সেউজীয়া বৰণবোৰ যেন বৰষুণে ধুই পেলাইছে। মেকুৰী পোৱালিটো তেনেকৈ এৰি যাবলৈ তাইৰ বেয়া লাগিছে। লিগিৰীজনীয়ে তাইৰ শোকাৰ্ত অন্তৰখনৰ কথা কিছু পৰিমাণে যেন বুজি পাইছে। 

’আপোনাৰ কিবা হেৰাইছে নেকি বাইদেউ? ‘

’তাত এটা মেকুৰী পোৱালি আছে’, আমেৰিকান ঘৈণীজনীয়ে ক’লে। 

’মেকুৰী পোৱালি? ‘

’ও, সেইটো মেকুৰী পোৱালি’। 

’মেকুৰী পোৱালি? ‘

লিগিৰীজনীয়ে হাঁহি-হাঁহি ক’লে, ‘বৰষুণত তিতি থকা পোৱালিটো? ‘

’ও’, তাই ক’লে। 

’টেবুলৰ তলত সোমাই আছে। ‘

’মই এইটোকে ইমান সময় বিচাৰি আছিলোঁ, মানে মেকুৰী পোৱালিটোকে বিচাৰি আছিলোঁ। ‘

দুয়ো একেলগে নিৰ্জন পথটিৰে হোটেললৈ বুলি খোজ ল’লে। 

লিগিৰীজনীয়ে ছাতিটো বন্ধ কৰি লৈ বাহিৰতে ৰৈ আছে। যেতিয়া আমেৰিকান ঘৈণীজনী হোটেলৰ ৰিচেপশ্যন ৰূম পালে তেতিয়া হোটেলৰ মালিকজনে আকৌ বহাৰ পৰা উঠি মাত লগালে। তাইক দেখিবলৈ সৰু ছোৱালীৰ দৰে যদিও ভিতৰি জটিল। হোটেলৰ মালিকজনেও তাইক সৰু ছোৱালীৰ দৰে জ্ঞান কৰে যদিও তাইৰ অভাৱ-অভিযোগৰ প্ৰতিও গুৰুত্ব দিয়ে। তাই খটখটী বগাই ওপৰলৈ গ’ল। সিহঁতৰ কোঠাৰ দুৱাৰখন খুলিলে। জৰ্জে তেতিয়াও বিছনাত শুই পঢ়িয়েই আছে। 

’মেকুৰীটো আনিলানে তুমি? ‘, হাতৰপৰা কিতাপখন থৈ সি সুধিলে। 

’নাই, আনিব নোৱাৰিলোঁ। ‘

’কি আচৰিত! মেকুৰী পোৱালিটো আনিবলৈ গৈছিলা তুমি। ‘ 

কিতাপৰ পৰা মূৰ তুলি সি আকৌ সুধিলে। 

তাই বিছনাত বহিল। 

’মই মেকুৰীটোক আনিবলৈ বহু চেষ্টা কৰিলোঁ’, তাই ক’লে। 

’মই নাজানো যে কিয় মই মেকুৰী পোৱালিটোক আনিব বিচাৰিছোঁ! কিন্তু বৰষুণত তিতি থকা সেই মেকুৰী পোৱালিটো বৰ মৰমলগা। ‘

জৰ্জে আকৌ পঢ়িবলৈ ল’লে। 

তাই হাতত পানীৰ গিলাচটো লৈ মেকুৰীটোলৈ লক্ষ্য কৰি ভিতৰত সোমাল আৰু ড্ৰেছিং টেবুলৰ সমুখত বহিল। আইনাখনত তাইৰ দেহটো এফালৰ পৰা চাবলৈ ধৰিলে। 

’যদি মোৰ চুলিখিনি দীঘল হ’বলৈ দিওঁ দেখিবলৈ ভাল লাগিবনে মোক? ’ গোটেই দেহটো লক্ষ্য কৰি তাই গিৰিয়েকক সুধিলে। 

জৰ্জে তাইৰ পিছফালে চালে, চুটি চুলিৰ সৈতে তাইক ল’ৰা যেন লাগিছে। 

’মই এনেকুৱা হৈ থাকিলেই ভাল পাম। ‘

’মোৰ এনেকুৱা ৰূপত থাকিবলৈ অনিচ্ছা লাগিছে’, তাই ক’লে। 

মোৰ খুব অস্বস্তি অনুভৱ হয় যে মই দেখিবলৈ এজন ল’ৰাৰ দৰে। 

জৰ্জে বিছনাখনকে পঢ়াৰ ঠাই হিচাপে নিগাজীকৈ লৈছে। 

ঘৈণীয়েকে কথা ক’বলৈ আৰম্ভ কৰাৰ পৰা সি তাইৰ মুখলৈ চোৱাই নাই। 

’তুমি এনেকৈয়ে দেখিবলৈ মৰমলগা’, সি তাইৰ ফালে নোচোৱাকৈয়ে ক’লে। 

তাই আইনাৰ সমুখৰ পৰা উঠিল আৰু খিৰীকিৰ ওচৰলৈ আহি বাহিৰৰ জগতখন চালে। তেতিয়া আন্ধাৰে পৃথিৱীখনক আৱৰি ধৰিছে। 

’মই মোৰ চুলিখিনি বেণী গাঁঠি পিঠিত লাগি থকাকৈ অনুভৱ কৰিব বিচাৰোঁ’, তাই ক’লে। ‘মই মোৰ কোলাত এটা মেকুৰী পোৱালি হ’লেও থকাটো বিচাৰোঁ যাতে তাই দুষ্টালি কৰিলে বাধা দিব পাৰোঁ আৰু মৰমো কৰিব পাৰোঁ। ‘

’সঁচা? ‘, জৰ্জে বিছনাৰপৰাই টপৰাই মাত লগালে। 

’এইটো বসন্ততে মই মোৰ দীঘল চুলিখিনি আইনাৰ সমুখত বহি ফণিয়াই, সুন্দৰ কাপোৰ এযোৰ পিন্ধি, মেকুৰী পোৱালিটো লগত লৈ সুন্দৰকৈ সজাই-পৰাই এটা ৰোমাণ্টিক পৰিৱেশত এসাঁজ খাব বিচাৰোঁ। ‘

’উফ্! মনে-মনে থাকা আৰু মোক শান্তিৰে পঢ়িবলৈ দিয়া’, জৰ্জে তেনেকৈ কৈ আকৌ পঢ়িবলৈ ল’লে। 

তাই আকৌ খিৰীকিৰে বাহিৰলৈ চালে। তেতিয়া পৃথিৱীখনত ঘোৰ অন্ধকাৰ নামি আহিছে, পনিয়ল গছবোৰত বৰষুণৰ পানী পৰিয়েই আছে। 

’মুঠতে মোক মেকুৰী পোৱালিটো লাগে’, তাই ক’লে। 

’মোক এতিয়াই মেকুৰী পোৱালিটো লাগে। মোৰ দীঘল চুলি নাই বাবে মানুহে হাঁহিলেও অন্তত মোৰ মেকুৰী পোৱালিটো থাকিব। ‘

জৰ্জে তাইৰ কথাত গুৰুত্বই দিয়া নাই। কিতাপ পঢ়াতে ব্যস্ত। 

তাই আকৌ খিৰীকিৰে বাহিৰলৈ চাই পঠিয়ালে। আন্ধাৰৰ আৱৰণ ফালি পোহৰবোৰ যেন সিহঁতৰ কোঠাত প্ৰৱেশ কৰিছে। 

কোনোবাই দুৱাৰত টুকুৰিয়াছে। 

’আহা’, জৰ্জে কিতাপৰপৰা মুৰ তুলি চাই ক’লে। 

লিগিৰীজনী দুৱাৰমুখত ৰৈ আছে। তাই নোদোকা মেকুৰী পোৱালি এটা লগত আনিছে। 

’ক্ষমা কৰিব এইটো সময়ত অহা বাবে’, তাই ক’লে। 

’হোটেলৰ মালিকে বাইদেউৰ কাৰণে এইটো দি পঠিয়াইছে।‘

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments