বৰষুণত বাৰ্তালাপ

Boroxunor Bartalap_Indukolpo Saikiaইন্দুকল্প শইকীয়া

 

অলসতাৰ বিমগ্নতাত মুগ্ধ মনটো শেতেলীৰ স্বাচ্ছন্দ্যতাত আপ্লুত হৈ আছিল৷ উপলব্ধিবোৰ কিলবিলাই ফুৰিছিল মস্তিষ্কৰ সৰু-বৰ পথ-উপপথবোৰেদি৷ চহৰখনৰ কৃত্ৰিম আভিজাত্যৰ দাম্ভিকতাক উপহাস কৰি দুৰ্ব্বল অংশবোৰত কিছুদিনৰ পৰা জপিয়াই পৰিছিলহি আকাশত ওলমি ফুৰা এদল পৰিভ্ৰমী কলীয়া ডাৱৰ৷

চহৰখন অস্বাভাৱিকভাৱে শান্ত হৈ পৰিছিল৷

সংপৃক্ত এন্ধাৰবোৰ সহজলভ্য হৈ পৰিছিল আৰু সমবেদনাৰে সাৱটি আছিল সৰু-বৰ, ওখ-চাপৰ সকলোবোৰ ডাৱৰমুখী দালান৷ বিজুলীবাতিৰ অনুপস্থিতিসিক্ত এন্ধাৰখিনিৰ মায়াময় বন্ধনত আৱদ্ধ হৈ দুয়োহাতৰ বাউসীৰে শিতান সাজি পৰি আছিলো তেতিয়া চাৰিবেৰৰ মাজত থাকিব পৰা নিস্তব্ধতাখিনিক উপভোগ কৰি৷ সাগৰৰ দাঁতিৰ পৰা বোৱা বতাহজাকত ঘৰৰ কাষৰ নিমজোপাই হালি-জালি যেন প্ৰতীয়মান কৰিব বিচাৰিছিল নিঃশব্দতাৰ হাতোৰাত আৱদ্ধ শব্দৰ জীৱন্ত স্থিতি…৷ সময়ৰ গতিশীলতাক সোৱঁৰাই আছিল কোঠাটোত জ্বলি থকা মমবাতিডালৰ খহি খহি গৈ থকা শৰীৰটোৱে৷

তেনেতে খিড়ীকিত পৰা কেইটামান অতিৰিক্ত মৃদু টোকৰে কল্পবিলাসী উন্মাদনাৰ মুক্তপথৰ পৰা বাস্তৱিকতাত মোক অৱতৰন কৰালে৷ সময়ৰ মাপকঠিৰ আৱশ্যকীয়তাক প্ৰাধান্য নিদি কাঁচৰ খিড়ীকিৰ ফাঁকেৰে সোমাই আহি মোৰ বুকুৰ কোনো এক উদং স্থানত স্পৰ্শ কৰিলে গাভৰু বৰষুণ এজাকৰ দুটিমান চঞ্চল টোপালে৷

আলস্যতাক আওকাণ কৰি খুলি দিলো খিড়ীকিখন৷

বৰষুণজাকে মোলৈ চাই হাঁহিলে আৰু ব্যঙ্গমিশ্ৰিত সুৰেৰে সুধিলে “উপভোগ কৰিছানে অনুতাপ কৰিছা! ”

ব্যংগতাক আওকাণ কৰি প্ৰচুৰ আত্মবিশ্বাসেৰে ক’লো – “নিৰৱতা মোৰ প্ৰথম প্ৰেয়সী”

উত্তৰটোত যেন আনন্দিত নহ’ল বৰষুণজাক৷ আকৌ সুধিলে – “তেনেহ’লে এন্ধাৰখিনিৰ বাবে নিশ্চয় অনুতাপ কৰিছা! ”

মই একেই আত্মবিশ্বাসেৰে ক’লো – “নিৰৱ এন্ধাৰ মোৰ প্ৰাক্তন প্ৰেয়সী৷ “

উত্তৰৰ শেষত ওঁঠজুৰিত জীয়াই ৰাখিলো ধেনুভৰীয়া এটি উজ্জ্বল হাঁহি৷

বৰষুণজাকে যেন তিক্ততাৰ স্বাদহে অনুভৱ কৰিলে৷ ভ্ৰূ কোঁচাই সুধিলে “বহুগামী তুমি? ”

মই সশব্দে হাঁহি ক’লো “নহয়, ব্যক্তিত্ব ভিন্নতাৰ দুৰ্বলতা গ্ৰস্ত উন্মাদ প্ৰেমিক”৷

উত্তৰত বৰষুণ জাকে উচ্চ ব্যঙ্গাত্মক হাঁহিৰে সুধিলে “তেনে তোমাৰ বৰ্ত্তমানৰ প্ৰেয়সী? ”

“যান্ত্ৰিকতা” – মই ক’লো৷

শেষৰ উত্তৰত হয়তো বৰষুণ জাকে মোক কিছু বুজিলে৷ কিছু সময় খিড়ীকিৰ কাষত নৃত্যৰতা বৰষুণজাক ৰৈ ৰৈ মোক সান্ধ্য ভ্ৰমণৰ প্ৰস্তাৱ দিলে৷ দৰাচলতে দিনতো বন্ধ কোঠাৰ নিঃসংগতাখিনিত বুৰি থাকি ময়ো হৈ পৰিছিলো কিছু শ্ৰান্ত৷ প্ৰস্তাৱত আমি দুয়ো হাতত ধৰি ওলাই আহিলো আলিবাটেদি, আবুৰ নোলোৱাকৈ৷

আমি গৈ থকা গলিটোৰ ঘৰ কিছুমানৰ কাঁচৰ খিড়ীকিয়েদি তেতিয়া মমবাতিৰ পোহৰ সৰকি আহিছিল৷ পদুলিবোৰত জুম পাতি পাতি মানুহবোৰ ৰৈ আছিল৷ তাৰে কিছুমানে জুমি জুমি চাইছিল আবুৰহীন মোক আৰু বৰষুণ জাকক৷ একেই সংপৃক্ত আন্ধাৰত বুৰ গৈ আছিল গলিটো৷ নিয়ন লাইটৰ পোহৰ নথকা আন্ধাৰ, খাঁটি আন্ধাৰ৷ মানুহৰ জুমবোৰৰ মাজত কথাই গুণগুণনি তুলিছিল৷ মানুহবোৰে কঢ়িয়াই ফুৰা নাছিল কোনো কৃত্ৰিম আভিজাত্যৰ পৰিচায়ক সংযোগী যন্ত্ৰ অথবা ধাতৱ জৰী৷ মানুহবোৰৰ বুকুত, কথাত যেন আন্তৰিকতা লিপিত খাই আছিল৷ পৰিভ্ৰমী, গোমোঠা ডাৱৰৰ বেত্ৰাঘাতত মানুহবোৰৰ মাজত হয়তো জৈৱিক উত্তেজনা ভাঁহিছিল৷ পিছে একা বেঁকা আলিবাটটোহে পৰি আছিল দুৰ্ব্বল, অলস হৈ পৰিভ্ৰমী ডাৱৰৰে হোৱা সংগমৰ শেষত৷

মোৰ মৌনতাই প্ৰৰোচিত কৰা নিঃশব্দতাক আঘাত কৰি বৰষুণ জাকে সুধিলে – “কি ভাবিছা”?

“চাইছো, জৈৱিক পুনুৰুত্থানক”৷ মই উত্তৰ দিলো৷

বৰষুণজাকে মিচিকিয়ালে আৰু লাহে লাহে মোৰ ডিঙি আৰু দুবাহুৰ উদং খিনিত জোৰকৈ বিন্ধিবলৈ ধৰিলে৷

এইদৰে গৈ গৈ আমি পালোগৈ আন এটি সংলগ্ন বহল আলিবাট৷ আলিবাটটোৰ ওপৰেৰে বৈ আছিল কণ কণ টোপালে ভীৰ কৰা এটি উদভ্ৰান্ত জল সমষ্টি৷ জীৱন পুষ্ট মানুহবোৰে তাৰ লগত যুঁজি আছিল, তাত কক্‌বকাইছিল, খুপি খুপি খোজ দিছিল, ইজনে আনজনৰ বাবে সহগামী হৈছিল৷

মই তীক্ষ্ণ দৃষ্টিৰে বৰষুণজাকক চালো৷ চকুত চকুপৰাত মোৰ চাৱনিৰ অৰ্থত লজ্জিত হৈ বৰষুণজাক কোবাকোবিকৈ ৰাস্তাটোৰ সিটো পাৰলৈ গুছি গ’ল, মোক এৰিথৈ৷

কিছুসময় তাতে সেইদৰেই ৰৈ থাকিলো আন্ধাৰ খিনিক আলিংগণ কৰি৷ ৰৈ ৰৈ বৰষুণজাক উভতি নহা দেখি নিঃশব্দতাৰ অৰণ্যলৈ উভতিব ওলালো৷ অহাৰ আগেয়ে গলিটোৰ সিটো পাৰলৈ চাই মুখতে গুনগুনালো – “বিদায় বৰষুণ, বিদায়”৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments