বৰষুণৰ এটা পদ্য: আদ্ৰী হৰিপ্ৰিয়া

টোপ টোপ টোপাল
পানীপোতাৰ কাষেৰে
কাৰ্শলা বাট !
পিতাইৰ চকুত তিৰবিৰ সেউজীয়া শইচৰ উছৱ
কলিজালৈ বগুৱা বায়
উশাহত কেঁচা মাটিৰ গোন্ধ,
উৰুখা বুকুত আশাৰ ভোগজৰা
আইৰো বুকুত জাকৈয়া সপোন এটা সাঁচে।
 
আম পাতেৰে পানী কাটি
মাকনহঁতৰ চোতালেৰে
সৌখন সৰু নৈত বৰপোনাৰ নাও জেৰেপা !
 
বাৰীৰ ঢাপত
কচুপাত বিৰিঙি
ডঁৰিকনাৰ চকুহেন জাকে জাকে সপোনবোৰ বাগৰে
পোখা মেলি শিপায় বুকুৰ মাটিত জিপ !
 
নাঙলৰ খোজত খোজ থৈ
সেউজময়ীৰ বাঢ়ি আহে ভ্ৰূণ
দুহাত মেলি আওৰায় তাই
বৰষুণৰ এটা পদ্য ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments