বৰষুণৰ কবিতা [মূল মাৰাঠি: সৌমিত্ৰ] (অনুবাদ: ধনজিৎ কলিতা)

(অনুবাদকৰ দুআষাৰ: লাহে লাহে বৰষুণৰ দিনবোৰ আহি আছে। ভাল লাগে বৰষুণ। ভাল লাগে বৰষুণৰ কবিতা। বহুদিন মহাৰাষ্ট্ৰত থকা হেতুকে মাৰাঠি ভাষা শিকি, এই ভাষাৰ উন্নত মানদণ্ডৰ নাটক, চিনেমা, সংগীত, কবিতা আদিৰ সোৱাদ লোৱাৰ যত্‍পৰোনাষ্টি চেষ্টা কৰা হৈছিল। এতিয়াও কৰা হয়। আন আন বহুতো কবিৰ দৰেই ‘বৰষুণ বিশেষ’ বুলি জনাজাত মাৰাঠি কবি ‘সৌমিত্ৰ’ৰ কবিতা বৰ ভাল লাগে। তেওঁৰেই এটি কবিতা অনুবাদ কৰাৰ চেষ্টা কৰা হ’ল। পাঠকৰ ভাল লগা বুলি জানিলে ভবিষ্যতে আৰু চেষ্টা কৰা হ’ব।)

ধাৰাসাৰে বৰষুণ দিছে, খিৰিকি কাষত ঠিয় হৈ চোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
হাত মেলি দিয়া, হাতৰ তলুৱাত অনুভৱ কৰা বৰষুণৰ পানী
মন লাগিলে এবাৰ পি চোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
এচাৰেকণিত উৰি অহা পানীৰ টোপালবোৰ পৰিবলৈ দিয়া মুখত
চকু মুদা, বিলীন হৈ যোৱা
একো ঠাৱৰ কৰিব নোৱাৰিলে বাহিৰলৈ আহাঁ
সাগৰপাৰলৈ আহা, উথলিয়ে থকাৰ কথা ই
পানীত দুভৰি বুৰাই ঠিয় হৈ ৰোৱা, বালি সৰকি যাব ভৰি তলুৱাৰে
চোৱাচোন মোলৈ মনত পৰে নেকি?
তাৰ পিছত খোজকাঢ়িবলৈ আৰম্ভ কৰা, বৰষুণৰ জুইকুৰাত বেজি এটি ভৰাই ভৰাই
গৈ থকা বৰষুণ নোৰোৱালৈ,
বৰষুণ নৰয়; শেষত ঘৰলৈ আহা
কাপোৰজোৰ নসলাবা, চুলিকোচা নুশুকুৱাবা
আকৌ সেই খিৰিকিখনলৈ আহাঁ; এতিয়া অপেক্ষা কৰা তেওঁ অহালৈ
চোৱাচোন মোলৈ মনত পৰে নেকি?
কলিংবেল বাজিব, দুৱাৰ খোলা, তেৱেঁই হ’ব
তেওঁৰ হাতৰ পৰা বেগটো লোৱা, ৰেইনকোট তেওঁ নিজেই সোলোকাব
তেওঁ সুধিব তোমাক তোমাৰ ভিজাৰ কাৰণ, তুমি কোৱা ‘ঘৰ উৰুখিছে’
তাৰ পিছত চাহ কৰা, তুমিও খোৱা
তেওঁ উঠি ‘পংকজ উদাস’ লগাব, তুমি সেয়া বন্ধ কৰা
‘কিশোৰী’ৰ ‘সহেলা ৰে…..’ লগোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
তাৰ পিছত ৰাতি হ’ব, তেওঁ তোমাক আকোৱালি ল’ব
ক’ব ‘মই তোমাক ভাল পাওঁ’, তুমিও তেনেকৈয়ে কোৱা
বতাহৰ সো-সোঁৱনি হ’ব, মেঘৰ গিৰ্গিৰনি হ’ব
তেওঁ সিপিনলৈ বাগৰ সলাব, তেওঁৰ কুচিমুচি থকা শৰীৰৰ পিনে চোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
তাৰ পিচত ডাঙৰকৈ মেলা দুচকুৰে চিলিংখনলৈ চাবলৈ নাপাহৰিবা,
তাৰ পিচত বাহিৰৰ বৰষুণ কেৱল শুনিবলৈ চেষ্টা কৰা
বৰষুণৰ দিনবোৰত অন্ততঃ এদিন হ’লেও
চোৱাচোন চোৱা, মোলৈ মনত পৰে নেকি!!
 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ankur Kumar Das
7 years ago

ভাল লাগিছে।

Anonymous
7 years ago

ভাল লাগিছে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক