বৰষুণৰ ৰাতিটো আৰু সেই ৰঙিয়াল আলহীজন- পৰাগ কুমাৰ বৰ্মন

বহুদিনৰ আগৰ কথা৷ উজনি অসমৰ এখন গাঁও৷ সচৰাচৰ দেখাৰ দৰেই গাঁওখনত নিম্নমধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ বসতি৷ আৰ্থিকভাৱে সুচল নহ’লেও মানুহবোৰৰ মনবোৰ কিন্তু বৌদ্ধিক আৰু সাংস্কৃতিক ভাৱে চহকী৷ যাৰ বাবে সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিভিন্ন আলোচনা চক্ৰ, সভা-সমিতি আদি প্ৰায়ে গাঁওখনত অনুষ্ঠিত হয়৷ আজিৰ দৰে বাট-পথ, যাতায়তৰ সুবিধা তেতিয়া নাছিল৷ গাঁৱৰ সভা-সমিতি সমূহলৈ কোনোবা আলহী- অতিথি নিমন্ত্ৰণ কৰি আনিলে থাকিবলৈ দিবলৈ নাছিল কোনো অতিথিগৃহ৷ তেনে কোনো অতিথিৰ আগমন ঘটিলে গাঁওখনৰ কাৰোবাৰ ঘৰতে ৰাতি থকাৰ সুবিধা কৰি দিয়াটো এটা অলিখিত নিয়ম আছিল৷
আমাৰ কাহিনীৰ নায়কৰ ঘৰতো এদিন গাঁৱৰ সাহিত্য সম্পৰ্কীয় সভালৈ আমন্ত্ৰিত এজন বিশিষ্ট অতিথি ৰখাৰ পাল পৰিল৷ ঘৰত নায়কৰ স’তে মাথোঁ একমাত্ৰ বিধবা মাক৷ পেটৰ ভাতমুঠিৰ চিন্তা বৰকৈ নাথকিলেও কিন্তু ঘৰটোৰ অৱস্থা তথৈবচ৷ আলহীক শুবলৈ দিবলৈ নাই এখন ভাল বিছনা৷ উৰুখা চালেদি আকাশ চাব পাৰি৷
আহাৰ মাহ৷ আগৰ দুদিন নহাকৈ আছিল যদিও সন্ধিয়ালৈ আকাশত চেগা- চোৰোকাকৈ ক’লা মেঘ দেখা গ’ল৷ কোন মুহূৰ্তত কলহৰ কাণে ঢলাদি বৰষুণ আহে তাৰ কোনো নিশ্চয়তা নাই৷ অতএব, অতিথি আপ্যায়নৰ দায়িত্ব লাভ কৰি মাতৃ-পুত্ৰৰ মূৰে কপালে হাত দিয়াৰ অৱস্থা হ’ল৷ কিবাকৈ এসাঁজ ভালকৈ খুউৱাৰ আৰু শোৱাৰ ব্যৱস্থা কৰিব পাৰিলেও ৰাতি যদি কেনেবাকৈ বৰষুণ আহে তেতিয়া কি হ’ব? ঘৰৰ দুৰৱস্থাৰ অজুহাতত আলহী ৰাখিব নোৱাৰিম বুলি কোৱাৰ বাটো বন্ধ৷ গাঁওখনৰ বেছিভাগৰে ঘৰৰ অৱস্থা একেই৷ আত্মসন্মানৰো কথা৷ নিৰূপায় হৈ মাক-পুতেক সাজু হ’ল অতিথি আপ্যায়নৰ বাবে৷ অদৃষ্টক কৰযোৰে প্ৰাৰ্থনা জনালে যাতে সেই ৰাতিটো বৰষুণ নোহোৱাকৈ পাৰ কৰি নিয়ে৷

আবেলি গাঁৱৰ সভাৰ অন্তত যথাসময়ত বিশিষ্ট আতিথিৰ আগমন ঘটিল ঘৰলৈ৷ সহজে সকলোকে আপোন কৰিব পৰা অতিথিৰ উপস্থিতিয়ে ঘৰখন মুখৰ কৰি তুলিলে৷ বতৰেও কোনো অথন্তৰ ঘটোৱাৰ লক্ষণ দেখা নগ’ল৷ গতিকে ৰাতিৰ ভাতসাঁজো আটায়ে আনন্দেৰে গ্ৰহণ কৰিলে৷ কিন্তু বিধিৰ বিপাক! অতিথি বিছনাত উঠাৰ পাছৰ পৰাই আকাশত মেঘৰ গুমগুমনি শুনা গ’ল৷ মাক-পুতেকৰ পেটতে হাত-ভৰি লুকাল৷ দুয়ো দহোকুৰি ঈশ্বৰক খাটিবলৈ ধৰিলে ঘৰখনৰ মান-সন্মান ৰক্ষা কৰি পুৱালৈকে বৰষুণ নিদিবলৈ৷ আনফালে নাক ঘোৰ্- ঘোৰাই অতিথি গভীৰ নিদ্ৰাত৷ সময় যোৱাৰ লগে লগে বিজুলী ঢেৰেকনিৰ প্ৰকোপো বাঢ়িল৷ মাতৃ-পুত্ৰৰ টোপনি হৰিল৷ ঈশ্বৰে কিন্তু তেওঁলোকৰ প্ৰাৰ্থনা নুশুনিলে৷ লাহে- লাহে বৰষুণ আহিল৷ উৰুখা চালিয়েদি বৰষুনৰ টোপাল সোমাই আহিল ভিতৰলৈ৷ বৰষুণৰ মাত্ৰা বঢ়াৰ লগে- লগে ঘৰৰ কোনো অংশই বাকী নাথাকিল পানী পৰিবলৈ৷ দুপৰ নিশা হাতত সাৰে ভৰিত সাৰে আমাৰ কাহিনীৰ নায়ক গ’ল অতিথিৰ অৱস্থা চাবলৈ৷ দেখিলে, কাপোৰ কানি কোঁচাই বিছনাৰ এটা চুকত বিড়ি হুপি বহি আছে বিশিষ্ট অতিথি! লাজত কোনেও কাৰো চকুলৈ নোচোৱাকৈ মাক-পুতেক বহি থাকিল চাকি এটা জ্বলাই৷

কাহিলী পুৱালৈ বৰষুণ কমিল৷ তেনে সময়ত বাহিৰৰ পৰা ভাঁহি আহিল কোৰ্হালৰ শব্দ৷ মাকে অলপ পৰ কাণ উনাই থাকি ক’লে,
বৰপুখুৰীত মাছৰ উজান উঠিছে৷
ক্ষন্তেকতে অতিথিৰ কথা পাহৰি হাতে হাতে খালৈ লৈ দুয়ো দৌৰ মাৰিলে পুখুৰীৰ পাৰলৈ৷ গৈ দেখে বৰপুখুৰীৰ পাৰ দলদোপ- হেন্দোলদোপ৷ ৰাইজ ইতিমধ্যে গোট খাই কিৰীলি পাৰি মাছ ধৰিবলৈ আৰম্ভ কৰিলেই৷ বুঢ়া-মেথা, কেঁচুৱা পাৰত আৰু বাকীবোৰ পানীত৷ মাক-পুতেকক পাই কোনে! পানীত নামি লাগি গ’ল জাকি মাৰি অহা মাছ ধৰি খালৈত ভৰোৱাত৷
লাহে লাহে গাঁৱৰ পথাৰৰ মূৰৰ বাঁহনিডৰাৰ ওপৰেদি বেলিটো উঠি আহিল৷ মাছৰ উজান আহিয়ে আছে, দুগুন উৎসাহেৰে ৰাইজেও ধৰিয়েই আছে৷ পাৰত থকাবোৰে চিঞৰি চিঞৰি পানীত থকাবোৰক উৎসাহ যোগাইছে৷ আমাৰ নায়কৰো কাণত পৰিছেহি, “সেইটো! সেইটো ধৰা! এইফালে, এইফালে! এই কেইটা৷ গ’ল- গ’ল৷ ছেঃ কি কৰি আছাহে! ……৷” নায়কৰ ইফালে কাণসাৰেই নাই৷ হঠাৎ কিবা এটাই তেওঁৰ মনত খেলালে৷ মূৰ তুলি চালে৷ দেখিলে, আনন্দমনে কাষতে মাছ ধৰি থকা মানুহজন আন কোনো নহয়, তেওঁলোকৰ নিশাৰ আলহী, গাঁৱৰ বিশিষ্ট অতিথি গৰাকী৷ ধুতি কোঁচাই পানীত নামি মাছ ধৰিছে আৰু মাছবোৰ পাৰলৈ দলিয়াই দিছে৷ নাতিদূৰৈত মাক৷ চকুত অপাৰ বিস্ময়৷ মাছ ধৰিবলৈ এৰি চাই আছে মানুহজনলৈ৷

প্ৰিয় পাঠক, আপোনাৰ নিশ্চয় জানিবৰ মন গৈছে কোন এই বিশিষ্ট অতিথি৷ কাহিনীৰ নায়কেই বা কোন!

আমাৰ এই কাহিনীৰ নায়কৰ নাম, চৈয়দ আব্দুল মালিক৷ ঠিকনা (তদানীন্তন): নাহৰণি গাওঁ; ডাক: দেৰগাঁও; জিলা: শিৱসাগৰ৷

বিশিষ্ট অতিথিৰ নাম, বিষ্ণুপ্ৰসাদ ৰাভা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক