বৰষুণ আৰু বাছগাড়ী, পুৰুষ বনাম নাৰী (শান্তনু চাংমাই)

বৰষুণ আৰু বাছগাড়ী, পুৰুষ বনাম নাৰী


পুৱাৰে পৰা বৰষুণ দি আছিল- অ’ফিছ যাবলৈকে মুড হোৱা নাছিল।
তথাপি ওলালোঁ, বাছ এখনত উঠিলোঁ, ছীট এটা যেনেতেনে পাই বহিলোঁ। ওচৰতে বহিছে এজনী দেখিবলৈ মোটা-মুটি ধুনীয়া ছোৱালী।  পিন্ধনত সন্দিকৈ কলেজৰ ইউনিফৰ্ম।

চান্দমাৰীৰ পৰা ট্ৰেফিক জাম আৰম্ভ। চান্দমাৰী ক’লনিৰ ৰাস্তাত পানী হোৱাৰ বাবেই এই যানজঁটৰ সৃষ্টি।

বাছখন কাছৰ গতিত গৈ আছে, বিৰক্তি আৰম্ভ হৈছে, কাৰণ অ’ফিছলৈ দেৰিকৈ গৈ পাম। তেনেতে অনুভৱ কৰিলোঁ, ছোৱালীজনীয়ে মাজে মাজে মোৰ ফালে চাই থাকে! ইগন’ৰ কৰি খিৰিকীৰে সিফাললৈ চাওঁ, তাই চাইয়েই আছে… হাতেৰে এক দুইবাৰ স্পৰ্শও কৰে … হাতখন আঁতৰাই দিওঁ। মনতে ভাবিছোঁ- আজিকালিৰ ছোৱালীবোৰ কম নহয় দেই, হেণ্ডচাম ল’ৰা এটা দেখিলে বুলিয়েই এনেকৈ পাব্লিকৰ আগতে নগুৰ নাকতি কৰি চাই মেলি, চুই মেলি যাব লাগে নে?

অস্বস্তিত ভুগি খিৰিকীৰে পানী্কেই চাই আছোঁ- আঁৰ চকুৰে দেখোঁ যে তাই মোলৈকে চাই আছে। এইবাৰ টো বেছিয়েই হৈ গ’ল- তাই লাহেকৈ চিকুটিয়েই দিলে বাউসীতে। বহুত হৈ গ’ল, আৰু নোৱাৰি দেই… এনেকুৱা অসভ্যা ছোৱালী… দুই এষাৰ ঠিক ছে শুনাই দিওঁ বুলি মুখখন মেলিলোঁ: – “কি হা ভন্টি, ঘৰত ককাই-ভাই নাই নেকি হে? এনেকৈ সুপুৰুষ দেখিলেই বাছত জোকাবলৈ আৰম্ভ হৈ যোৱা যে? তোমালোকৰ অতপালিৰ বাবেই আমি পুৰুষমখা ৰাতি ৮ টাতে ঘৰ সোমাবলগীয়া হয়। হাফপেন্ট পিন্ধিও ঘূৰিব নোৱাৰোঁ। প্লিজ, নিজৰ ব্যৱহাৰ পাতি বোৰ ঠিক কৰাচোন!”

মোৰ কাণৰ পৰা হেডফোন ডাল উলিয়াই তাই লাহেকৈ ক’লে: “ঐ বুঢ়া, তোক জোকোৱা নাই, লেডিছ ছীটত বহি থকা কাৰণেহে অথনিৰে পৰা মাতি আছিলোঁ; ত‍ই শুনাই পোৱা নাই কাৰণেহে চিকুটি দিছিলোঁ। উঠ উঠ, আন্টিক বহিবলৈ দে!”

দেখিছে নে? কিমান বাহানা মাৰিব পাৰে ছোৱালীবোৰে?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments