বৰষুণ : চন্দ্ৰমা কলিতা

বৰষুণ

চন্দ্ৰমা কলিতা

সুৰেৰে সজোৱা এটা গান আছিলি
তই বৰষুণ…!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি
তই বৰষুণ…!

পাহাৰখন খহাই দি ৰং বুটলিলি
তই বৰষুণ…!
নদীখনক বাউলী কৰি ধেমালি কৰিলি
তই বৰষুণ…!

পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা
তই উন্মাদ বৰষুণ।
হ’ব জানো পাৰিবি চিৰমধুৰ
তই ডাৱৰৰ কান্দোন…?
বৰষুণ ভালপাওঁ। বৰষুণৰ শব্দ শুনাটো একপ্রকাৰ বিলাসিতা মোৰ বাবে। সন্ধিয়া ঘৰ সোমোৱাৰ পাছত যদি এজাক দোপালপিটা বৰষুণ আহে মনটো আনন্দত নাচি উঠে এদিনৰ বাবে হ’লেও আইপডটো নোহোৱাকৈ সংগীতৰ কোলাত অকণ জিৰণি ল’ব পাৰিম বুলি। বিশেষকৈ দেওবাৰৰ আবেলিবোৰত এজাক বৰষুণ আহিলে এনেই মনটো ভাল লাগে। বৰষুণ দি উঠাৰ পাছত শুদ্ধ বতাহত এপাক ফুৰি কিমানযে ভাল লাগে। যোৱা কিছুদিন ধৰি সমগ্র অসমতে নেৰানেপেৰা বৰষুণ। অফিচলৈ যোৱা সময়তো দিয়ে, অহা সময়তো দিয়ে। মোৰ তথাপিও ভাল লাগে। এদিন চিনাকী ৰিক্সাৱালাজনে ক’লে বৰষুণে বৰ তিতা-কেঁহা লগাইছে বুলি। মই হাঁহি হাঁহিয়ে ক’লো, “গৰমতকৈতো ভালেই অন্ততঃ কষ্টটো পোৱা নাই।“ হাঁহি হাঁহিয়েই ৰিক্সাৰ পৰা নামি ছাতিটো নেমেলাকৈয়ে অফিচলৈ দৌৰ দিলোঁ। পিছফালৰ পৰা কোনোবা সহকর্মী এজনৰ চিঞৰ এটাও শুনিলো ছাতিটো মেলি নোলোৱা কিয় বুলি। অফিচৰ দুৱাৰমুখ পাইহে মনত পৰিল মই কি ক’লোঁ অলপ আগতে ৰিক্সাৱালাজনক। চকুৰ আগত বৰষুণে আধাতকৈও বেছি তিয়াই পেলোৱা তেওঁ পিন্ধা চোলাটো ভাঁহি উঠিল। কোনোবা পাকত মন কৰা বোকা লাগি থকা ভৰি দুটাও মনত পৰিল। বৰষুণৰ মাজেৰে ৰিক্সা চলাওতে কিজানি সেই ভৰি দুটাত বিষো উঠে অথচ মই তিতি থকা পুৱাটোৰ ব্যস্ত চহৰখনৰ মাজত বৰষাকালীন সুন্দৰতা বিচাৰি সেই ৰিক্সাৱালাজনৰ ৰিক্সাখনত বহি আহি ক’ব পাৰিলোঁ, গৰমত বৰষুণ নিদিলেহে কষ্ট হয় ।
মনলৈ আহিব খোজা চিনাকী অস্বস্তিখিনি আদবাটতে ৰখাই কামত মন দিলোঁ। খিৰিকীৰ সিপাৰে দি থকা বৰষুণজাক নেৰাই হ’ল। গোটেইখন কিবা সেমেকা ভাৱ। তাৰ মাজতে লগৰ এজনে খবৰ দিলে ছৈখোৱাঘাটৰফালে বোলে মথাউৰি ভাঙি পানী সোমাইছে। মানুহৰ ঘৰবোৰ পানীত ডুব যাব ধৰিছে। কামৰ মাজতে গাটো জিকাৰ খাই উঠিল। তাৰমানে আকৌ সেই কথাবোৰৰে পুনৰাবৃত্তি। প্রথমে বৰষুণ, তাৰপাছত বানপানীৰ হাহাকাৰ আৰু পানী শুকোৱাৰ পাছত বেমাৰ-আজাৰ, আকাল-অভাৱ….। ঘৰ পাই বাতৰিকাগজখনত চকু ফুৰাই চালোঁ। প্রথম পৃষ্ঠাতে এটা বানত ডুব যোৱা ঘৰৰ ছবি। মুধচলৈকে ডুব যোৱা ঘৰটোৰ কাষেৰে এখন নাৱত সম্ভৱ আশ্রয় বিচাৰি ঢাপলি মেলা এটা পৰিয়াল। একে পৃষ্ঠাতে বৰষুণৰ ফলত ভূমিস্খলনৰ বিভীষিকা মিহলি ছবি আৰু খবৰ। অপৰূপ সৌন্দর্যৰে এখন সুজলা-সুফলা শ্যামল পৃথিৱীৰ বতৰা কঢ়িয়াই ধৰালৈ নমা বৰষুণজাকো যে ইমান ভয়ানক হ’ব পাৰে ভাবিলে কষ্ট হয়। পীড়িতসকলৰ বাবে বিশেষ একো কৰিব নোৱাৰা বৰষুণ ভালপোৱা মনটোৱে লাজ পাই যায়। অসহায় অৱস্থাত পৰিলে প্রায়ে হোৱাৰ দৰে আধা-নাস্তিক মনটোত প্রার্থনা এটাই ক’ব নোৱাৰাকৈয়ে প্রতিধ্বনি তোলে, বৰষুণজাক ইমানতে ৰৈ যোৱা হ’লে….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক