বৰষুণ- তোমাৰ অপেক্ষাত (প্ৰণৱজ্যোতি বৰা)

তুমি কেতিয়া আহিবা বাৰু ?
তুমি জানানে ?
তোমাৰ অভাৱৰ অনুভৱে মোক যে বৰকৈ আমনি কৰিছে,
তোমাৰ অবিহনে যেন সকলো শূন্য ৷
তুমি আহিবা বুলি বাট চাওঁতে চাওঁতে মোৰ দেহাৰ প্ৰায় এফাল
নি:শেষৰ পথত, কিন্তু তুমি ক’ত ??
উজাগৰী নিশা তোমাৰ বাবে ৰওঁতে ৰওঁতে নিৰ্গত হয় শৰীৰৰ নিৰ্লজ্জ ঘাম,
যাক বাৰে বাৰে কপাহী বস্ত্ৰৰে মোহাৰিও শেষ কৰিব নোৱাৰি বা শেষেই নহয় ৷
আৰু কিমান সহ্য কৰিম কোৱা ?
সেই নিৰ্লজ্জ ঘামৰ প্ৰতিটো টোপালতে দেখো মাথো তোমাৰেই ছবি,
বিচাৰো মাথো তোমাৰেই পৰশ ৷
কেতিয়াবা নিজকে প্ৰশ্ন কৰো, কিমান আৰু মৰুভূমিত মৰীচিকা খেদিম ?
কিন্তু তাৰ উত্তৰ মাথো মৌনতা, মুখৰ শব্দবোৰো হৈ পৰে স্তব্ধ ৷
কাৰণ মই এতিয়াও আশাবাদী,
মই জানো তুমি আহিবা,
তুমি কেতিয়াও পাহৰিব নোৱাৰা তোমাৰ প্ৰতিশ্ৰুতি ৷
তুমিতো মোৰ দৰে ঠগ বা প্ৰবঞ্চক হব নোৱাৰা,
তুমিতো মোৰ দৰে কাপুৰুষ নহয় ৷
তোমাৰ প্ৰেম জানো মই কাহানিবা পাহৰিব পাৰিম ?
তোমাৰ লগত কটোৱা সেই প্ৰতিটো ক্ষণ মোৰ বাবে সদায় মধুৰ ৷
 
কেনেকৈ পাহৰো সেই স্মৃতি ?
আইৰ কান মোচোৰা খাইও,
ঘৰৰ চোতালত তোমাৰ সৈতে উমলি থকা সময়বোৰ ।
অংক চাৰৰ চিতিপনিৰ কোব্ খালেও,
স্কুলৰ খেলপথাৰত তোমাৰ সৈতে উমলাৰ সোৱাদ বোৰ ।
কেনেকৈ পাহৰো ?
নিৰ্জন পথাৰত তোমাৰ লগত অকলে কটোৱা সেই দিনবোৰ,
জন শূন্য আলিবাটৰে একেলগে চাইকেলত যাওঁতে তোমাৰ সৈতে হোৱা স্পৰ্শ বোৰ,
নিৰিবিলি পথত তোমাৰ খোজত খোজ মিলাই যোৱা সেই আবেলি বোৰ,
বহাগৰ ৰঙীন ৰাতিৰ বহাগী অনুষ্ঠান চাই
মোৰ লগত ঘৰলৈ ঘুৰি অহা ক্ষণৰ তৃপ্তিবোৰ ।
কেনেকৈনো পাহৰো ?
ঘৰৰ বাৰান্দাত বহি থাকোতে তুমি কৰা তোমাৰ দুষ্ট মৰমবোৰ ।
কিন্তু তুমি আজি ক’ত ? কিয় আজি তুমি মোৰ কাষত নাই ?
তোমাৰ প্ৰতিটো স্পৰ্শৰ কথা জানো স্মৃতিৰ ৰোমন্থন কৰিলে ঘুৰি আহিব ?
ফাপৰে ধৰা শৰীৰক আজি তোমাৰ বৰ প্ৰয়োজন হৈছে তুমি জানানে ?
তুমি নাহিলে মোৰ সন্তানৰ মাত্ কোন হ’ব এবাৰ ভাবি চাইছানে ?
নাই, নাই, তোমাৰ অবিহনে মই একোকে ভাৱিব নোৱাৰো,
তোমাৰ অবিহনে  যে মোৰ জীৱন সঁচাকৈয়ে মিছা ৷
বিজ্ঞান প্ৰযুক্তি বিদ্যা যিমানে উন্নত ন’হওক কিয় !
মই যে সেই একেই দুখীয়া দুৰ্ভগীয়া কৃষক,
যিয়ে আজিও কৰে কেৱল তোমাৰেই অপেক্ষা ৷
আহা বৰষুণ তুমি ধৰালৈ নামি আহা,
মোৰ দৰে কৃষকৰ পথাৰবোৰ শস্য শ্যামলা কৰা ৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments