বৰাক উপত্যকাত মোৰ অভিজ্ঞতা : দিগন্ত যাদৱ শৰ্মা

বৰাক উপত্যকাত মোৰ অভিজ্ঞতা

দিগন্ত যাদৱ শৰ্মা

 

কেইবাবছৰো ধৰি যেতিয়া ঘৰৰ বাহিৰত চাকৰি কৰিবলগীয়া হয়, তেতিয়া জীৱনটোত বহুতো তিতা-মিঠা অভিজ্ঞতাৰ স্মৃতি ৰৈ যায়। পিছত বৰ ভাল লাগে ৰোমন্থন কৰি। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰেৰে আড্ডাও জমি উঠে। নিজৰ বন্ধু-বান্ধব, ল’ৰা-ছোৱালী বোৰৰ লগতো এই ঘটনাবোৰৰ আনন্দ লভিব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিছে যে সময়ে সময়ে এই ‘জমনি’ কথাবোৰ লিখি নাৰাখিলোঁ কিয়, কাৰণ বহুতো কথা পাহৰণিৰ গৰ্ভত সোমাই গ’ল। বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰ জিলাত চাকৰি কৰি থকা বছৰ কেইটাৰ কথা কেতিয়াও পাহৰি যাব নোৱাৰিম। ডঙুৱা জীৱনৰ আমেজেই বেলেগ, জনাই জানে। আমিতো জানোৱেই, আজিৰ তাৰিখত ডঙুৱা হৈ থকাবোৰে পিছত আৰু ভালকৈ জানিব। ৰন্ধা-বঢ়াৰে পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবোৰত কিমান ধৰণৰযে অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষা! ৰাতি এপৰলৈকে ‘ব্ৰীজ’ নহ’লে ‘২৯’। দেওবাৰৰ দিনটোৰ কথাটো ক’বই নালাগে! সময়ৰে নাটনি হৈ যায়, এনে ভাৱ হয়- “এস, ইমান সোনকালে ৰাতি ১ টা বাজিলেনে”, কাৰণ পিছদিনা আকৌ ৬-৭ বজাত উঠি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব নহয়!’

প্রথমে শিলচৰলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে কেইজনমান বঙালী বন্ধুৰ কৃপাত অলপ অচৰপ বঙালী ভাষাটো আয়ত্ত কৰিছিলোঁ। কিন্তু নাজানিছিলোঁ যে কাছাৰ জিলাৰ গাঁও অঞ্চলত যে এই জ্ঞানে খুব বেছি সহায় নকৰিব। প্রথম দিনা শিলচৰত ভৰি থৈ এক বঙালী ভদ্রলোকৰ কৃপাত ৰিক্সা এখনত উঠি গন্তব্যস্থানলৈ ৰাওনা হ’লোঁ ।  

হাতত নক্সা এখন আছিলেই, ভাবিছিলোঁ অসুবিধা নহ’ব চাগে। আগৰে পৰা তাত থকা বন্ধু দুজনে ভাড়া লৈ থকা ঘৰতে মোৰ অস্থায়ীভাৱে থকাৰ ব্যবস্থা হৈছিল। সেইমতেই ৰিক্সা খনত গৈ আছিলোঁ, সেই ভদ্রলোকজনেই ৰিক্সাৱালাজনক মোক ক’লৈ লৈ যাব লাগিব বুজাই দিছিল, গতিকে মোৰ একো ক’ব লগা হোৱা নাছিল। কিন্তু লাগিল নহয় গণ্ডগোলটো, হঠাতে ৰিক্সাৱালাই সুধি দিলে নহয়- “বাবু, কৈ নামাই দিমু, তিমাথাত না চৌমাথাত? তিমাথাটো পাইয়া গেছি”। মই বোলোঁ সর্বনাশ, এইজনে আকৌ কিবা দেখোন মাথাৰ কথাহে কয়! আকৌ তাৰ প্রশ্ন- “বাবু কয়া দিননা, আমি সেইখানেই নামায়া দিমু”। মই মনতে ভাবিলোঁ হ’ব দে, ইয়াতে নামি যোৱাই ভাল হ’ব। বাপ্পেকে খোজকাঢ়ি যোৱাই ভাল। নক্সা মতে ৰাস্তাটোও মিলি যোৱাত সাহসো পালোঁ। টকা দুটা দি নামি গ’লোঁ। সেইদিনত মোৰ আকৌ মোবাইল নামধাৰী যন্ত্রটোও নাছিল। নক্সাখনত ঘৰৰ মালিকৰ দূৰভাষ নম্বৰ এটা হ’লে আছিল। পি চি অ’ এটা দেখি ফোন কৰিলোঁ। ৰাতিপুৱা ৭ বাজিছিল, গতিকে বন্ধু ঘৰতে আছিল আৰু মোক আহি লৈ গ’ল।

১১-১২ মান বজাত শিলচৰৰ হস্পিতাল ৰোদত থকা জিলা অফিচত যাবতীয় কামখিনি কৰি আহিলোঁ। গধূলি বন্ধু দুজনৰ লগত বজাৰলৈ ওলাই গ’লোঁ। আটাইকেইজনে কিবা-কিবি ল’বলৈ গেলামাল মানে ভূচিমালৰ দোকান এখনত সোমালোঁ। বন্ধু দুইজনে ইতিমধ্যে স্থানীয় ভাষাত কথা কোৱাত পার্গত হৈ উঠিছিল। মই সিহতে কেনেকৈনো ভাৱৰ আদান-প্রদান তাকে বুজ ল’বলৈ চেষ্টা চলাই আছিলোঁ। চাউল লাগিব বুলি কোৱাত দোকানীয়ে সুধিলে, “বাবু কই কাথি দিতাম”। অ’ কিলোগ্রাম, কুইন্টলৰ কথাহে শুনি আছিলোঁ, পিছত বুজিলোঁ কাথি মানে দুই কিলোগ্রাম। কণীও কিনিলোঁ এক হালি (চাৰিটা)। এটা বস্তু দেখি বৰ ভাল লাগিল, যিকোনো বস্তু মানে যিবোৰ বান্ধি দিবলগীয়া হয় সেইবোৰ কাগজৰ ঠোঙাত সূতা বা ৰচীৰে বান্ধি দিয়ে। ভাল নিয়ম, ‘পলীথিন’ৰ ঠোঙা বৰ বেছি ব্যৱহাৰ নকৰে।
অ’ কবলৈ পাহৰিছোঁৱেই, মাছৰ বজাৰতো সোমাইছিলোঁ। সৰু মাছ কিনিলোঁ ‘এক ভাগা’। বেপাৰীয়ে এখন বহল পলীথিনত মাছবোৰ বিশেষকৈ সৰু মাছবোৰ একেলগ কৰি থয় কেইবাটাও ভাগত। পলীথিনৰ সলনি কচুপাতো ব্যৱহাৰ হোৱা দেখিছোঁ। আপোনাক যিমানটা ‘ভাগা’ লাগে দৰদাম কৰি ললেই হ’ল।

পিছদিনা ৩০ কিলোমিটাৰ দূৰত্বৰ মোৰ নতুন কৰ্মক্ষেত্ৰখনলৈ যাত্রা কৰিলোঁ। অফিচত আন আন সহকর্মীসকলৰ লগত পৰিচয় পৰ্ব ঘটিল ।
৯ মান বাজিছিল বোধকৰোঁ, লুঙি পিন্ধা মানুহ এজন সোমাই আহিল। ‘স্টাফ ৰুমত’ সোমাই কিবা কথা পাতিলে। তাৰ পিছত মোৰ কোঠাত সোমাই আহি ক’লে, “নতুন নি বা আপনি, ভালা হইছি”। বুজি পালোঁ মোক দেখি তেওঁ ভাল পাইছে, তাতে কেইবাবছৰ ধৰি মোৰ ঠাইত হেনো কোনো নাছিল। আগৰ জন বদলি হৈ যোৱা ৫ বছৰমানেই হৈছিল। কিন্তু এইবাৰহে গণ্ডগোলটো লাগিল। তেওঁৰ সমস্যাটো মোক বর্ণনা কৰিবলৈ ধৰিলে- “চাৰ, আমাৰ নানি… আমাৰ নানি… বয়াৰ একটাৰ দাস্ত’ হইয়া ৰাখ হইয়া গৈছি, কিটা কৰতে লাগবো এখন, লিখিয়া দেন?” মোৰ ইফালে হাহাঁকাৰ অৱস্থা, কি কৰোঁ কি নকৰোঁ একোতো বুজি পোৱা নায়েই।

ইফালে ইজনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰি থাকোঁতে আন এজন সোমাই আহিল নহয়। সহকৰ্মী এজনৰ লগত কথা পাতি চিধাচিধি মোৰ কোঠাত। হাঁহি একোমোৰা মুখত লৈ প্রণাম এটা জনালে। পিছ মূহুৰ্ততে বাক্যবান নিক্ষেপ- “আপনি আচামী না?”
মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ। কি কৰোঁ এতিয়া মই, মোক দেখোন আচামী সজালে। কি বা ‘কেচ’ আছিল মোৰ, মনত নপৰে দেখোন। হওঁতে মই তেনেকুৱা প্রকৃতিৰ নহয়েই, কাৰো গাত হাত-তাতো দি পোৱা নাই।
মোৰে কপাল চাকৰি কৰিবলৈ আহি এতিয়া যি দেখিছোঁ মিছা ‘কেচ’ ত ফচি থানাতহে যাব লাগিব! ভৱিষ্যতৰ কথা ভাবি মূৰ গৰম হৈ গ’ল। যি উৎসাহত ইয়ালৈ চাকৰি কৰিবলৈ আহিছিলোঁ তাত দেখোন চেচাঁপানী পৰিল। তথাপি প্রথমতে মানুহজনে দিয়া প্রণামটোৰ কথা ভাবি সাহস গোটাই ক’লোঁ “মই কোনো আচামী নহয়, চাকৰি কৰিবলৈহে আহিছো আপোনালোকৰ মাজত। কালিহে গুৱাহাটিৰ পৰা আহি পাইছোঁ। ঘৰৰ ডাঙৰ ল’ৰা, কাকো কেতিয়াও কোনো অন্যায় কৰি পোৱা নাই।” যিমান পাৰোঁ নিজকে ভাল বুলি বুজাবলৈ চেষ্টা কৰিলোঁ।
উদ্ধাৰৰ বাবে তেতিয়াও কোনো এজন সহকর্মী নহাত চিঞৰিলোঁ ‘অনিল… অনিল…’। আহিল, তিনিজনেই মোৰ কোঠালৈ সোমাই আহিল। তেওঁলোকেও কিবা এটা বুজিলে, মুখ টিপি হাঁহিলেও অলপ। খং এটা উঠিছিল যদিও আচামী হোৱাৰ পৰা পৰিত্রাণ পাবলৈ তেওঁলোকৰ মুখলৈ আশাৰে বাট চাই ৰলোঁ।
সহকর্মীয়ে বুজালে- ‘নহয় চাৰ তেখেতে আপুনি অসমীয়া নেকিহে সুধিছে, ইয়াতে বহুতে অসমীয়া মানুহক আচামী বুলিয়ে কয়। আচামী মানে চাৰ কোনো গোচৰ থকা মানুহৰ কথা বুজোৱা নাই’।
বুজিলোঁ আৰু সন্তুষ্টিৰ হাঁহি এটা মাৰিলোঁ। এনেকুৱা লাগিল কোনোবাই যেন ইমান সময় বুকুৰ ওপৰত থকা এক কুইন্টল সমান ওজনৰ শিল এটাহে উঠাই লৈ গ’ল।

তেওঁৰো হেনো “কাকনি একটাৰ পোকা লাগছে, পোকা ফেলাইতে নিয়া আইছি, চেলেটা একটু পৰে দামাও একটা আনবো, চকু চাদা পৰছে”। হওঁতে মই এনেকুৱা ধৰণৰে শুনিলোঁ।

আগৰ ‘বয়াৰ’ ৰ সমস্যাই আতৰ হোৱা নাই, এতিয়া আকৌ ‘কাকনি’ ৰ লগত ‘দামা’ ও আহি আছে বোলে। মূৰটোৱে দেখোন একো কামেই নকৰা হ’ল। সকলোঁতকৈ জ্যেষ্ঠ চৌধুৰী বোলাজনক ক’লোঁ- “চৌধুৰী কেইদিনমান আপুনি চকী এখন লৈ মোৰ কাষত বহি থাকিব”।

প্রথম দিনাৰ সমস্যা বোৰ চৌধুৰীৰ সহায়ত অতি সহজে সমাধান কৰিলোঁ।
প্রথমে অহা জনৰ মতা ম’হ এটাৰ পেটচলা ৰোগ হৈ শুকাই ক্ষীণাই গৈছিল, পশু-চিকিৎসালয়খনতে থকা ঔষধ এটা আৰু অইন এটা ব্যৱস্থা পত্রত লিখি বিদায় দিলোঁ।

মোক ‘আচামী’ সজোৱা দ্বিতীয় জনৰ মাইকী ম’হ এজনীৰ ভৰিত ঘা লাগি পোক হৈছিল, চাফ-চিকূণ কৰি মলম আদি লগাই পঠাই দিলোঁ । মই থকালৈকে ‘চকুত চাদা ৰোগ লৈ দামা’ টো আহি নোপোৱাত চৌধুৰীক সোধাত ক’লে যে দামুৰি পোৱালী এটাৰ চকু বগা হৈছে। কি কৰিব লাগিব চৌধুৰীক বুজাই দি সিদিনাৰ বাবে বিদায় ললোঁ।

“হালাৰ হালা বেলো বাজেনা”- এনেয়ে দিন বেয়া তাতে আকৌ পিছপিনৰ পৰা কোনোবা এজনে ককৰ্ষ মাতেৰে ইমান জোৰে ধমকি এটা দিছে যে মোৰ মূছকঁছ যোৱাৰ উপক্ৰম হ’ল। ইফালে লগতো কোনো নাই। ঘূৰি চাই দেখোঁ মানুহ এজনে ‘বাইচাইকেল’ এখন চলাই লৈ আহিছে। কেঁচা মাটিৰ সৰু পথ, একো শব্দও পোৱা নাই। মই বোধকৰোঁ পথ এৰি নিদিয়াত ধমকি দিছে, কিন্তু মোৰ ফালে চাই কৈহে গ’ল- “ভাই খাৰাপ পাবেনা”।
পিছতহে গম পালোঁ মানুহজনে প্ৰকৃততে ‘বাইচাইকেল’ৰ বে’ল টোকহে গালি পাৰিছিল। মোক আগত দেখি বে’লটো বজাব খোজোঁতে নাবাজিল, ইফালে ‘ব্রেক’ও নাছিল ।

পিছলৈ সকলোবোৰ কথা বুজি পোৱা হ’লোঁ, লগতে স্থানীয় ভাষাটো কবলৈও শিকিলোঁ। মই কাম কৰা গাঁও কেইখনৰ মানুহখিনিৰ লগত একেবাৰে মিলি গৈ তেওঁলোকৰ মাজৰে এজন হৈ পৰিলোঁ। ৮ বছৰ আগতে এৰি অহা গাঁও কেইখনৰ কেইজনমানৰ লগত এতিয়াও মধুৰ সম্পর্ক বৰ্তি আছে আৰু থাকিবও।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক