বৰাক উপত্যকাৰ গাঁও (প্রদ্যুৎ জ্যোতি শইকীয়া)

বৰাক উপত্যকাৰ গা

–          প্রদ্যুৎ জ্যোতি শইকীয়া

আমি প্ৰায় সকলো উজনি আৰু নামনি অসমৰ মানুহে বৰাক উপত্যকাৰ অসমীয়া গাঁও কেইখনৰ বিষয়ে নাজানো । ম‍ইও অলপতে ইয়াত কৰ্মসূত্ৰে আহি থাকিবলৈ লোৱাতহে গম পাওঁ । লাহে লাহে এখন দুখনকৈ গাঁও বোৰৰ বিষয়ে গম পাইছোঁ । ইয়াতে গাঁও কেইখনৰ বিষয়ে অলপ জনাব খুজিছোঁ ।

গাঁও সমূহৰ নাম:-

) কৰিমগঞ্জ জিলাত থকা গাঁও সমূহ

১.উত্তৰ বৰগোল, ২.মাজৰ গোল, ৩.দক্ষিণ বৰগোল, ৪.আদৰকোণা, ৫.ইলাম, ৬.বৰতল, ৭.ঘিলাইজান, ৮.আলখাৰগোল

) কাছাৰ জিলাৰ গাঁও সমূহ –

১.গড়ৰ ভিতৰ, ২.জাপিৰ বন, ৩.লেবুৰ বন, ৪.কোনাপাৰা, ৬.কৈয়াজানি, ৭.তাৰাপুৰ, ৮.লাৰসিংপাৰ, ৯.হৰি নগৰ, ১০.দেৱান, ১১.নাৰায়ণপুৰ, ১২.থালিগ্ৰাম, ১৩.লক্ষীচৰা, ১৪.দিঘলী,

) হাইলাকান্দি জিলাৰ গাঁও সমূহ –

১.দ্বাৰকাপুৰ

১. গড়েৰ ভিতৰ(কাছাৰ জিলা)

কাছাৰ জিলাৰ উত্তৰ পশ্চিম দিশত অবস্থিত গড়ৰ ভিতৰ নামৰ অসমীয়া গাওঁখন । গাঁওখনৰ পূবে আছে বিক্ৰমপুৰ চাহ-বাগিছা, পশ্চিমে সাৰাং নদী, উত্তৰত বৰাইল পাহাৰ আৰু দক্ষিণে দিমাছা গাঁও । ৪৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ১০ কি: মি:  নিলগত অবস্থিত গাঁওখন । ৪৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা কালাইন নামৰ ঠাই টুকুৰাৰ পৰা বাঁওফালে সোমাই আহি বিহাৰা নামৰ সৰু উঠি অহা টাউনৰ দৰে এটুকুৰা ঠাই এৰি আহি পোৱা যায় গড়ৰ ভিতৰ নামৰ গাঁওখন । মাটিকালি প্ৰায় ৩ বৰ্গ কি:মি: । ঘৰ হিচাপে ১৫ ঘৰ মানুহ । জনসংখ্যা ৭২ জন । প্ৰধান জীৱিকা খেতি আৰু চৰকাৰী-বেচৰকাৰী চাকৰি । প্ৰায় সকলোৱে শ্ৰীমন্ত শঙ্কৰ সংঘৰ অনুগামী মানুহ । বয়োজ্যেষ্ঠ মানুহ সকলে কোৱা মতে তেওঁলোকৰ মনত নপৰা দিনৰ পৰাই নামঘৰ দেখি আহিছে । তেওঁলোকে ১৯৭২ চনতে পকী কৰে মহাপুৰুষীয়া নামঘৰটি । ভাদ মাহৰ নাম- প্ৰসংগৰ লগতে সকলো ধাৰ্মিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে গড়ৰ ভিতৰ বাসীয়ে । গাঁওখনত জনসংখ্যা কম যদিও গাঁওখন তিনিটি চুবাত বিভক্ত । ক্ৰমে গনিৰ বন, বড়ি গাঁও আৰু নাগাটিলা । বাসিন্দাসকল শঙ্কৰ সংঘৰ অনুগামী হোৱাৰ আগতে কমল গোঁসাই নামৰ আউনীআটী সত্ৰৰ গোঁসাইয়ে শৰণ দিয়াৰ কাৰ্য কৰিছিল গড়ৰ ভিতৰ গাঁৱত । তেওঁ শেষত স্থায়ীকৈ থাকিবলৈও লৈছিল । তাৰ পাছত আউনীআটী সত্ৰৰে অচুত্যানন্দ গোস্বামীয়ে নাম-ধৰ্ম প্ৰচাৰ কৰি একশৰণীয়া দীক্ষাৰে দীক্ষিত কৰি তোলে গড়ৰ ভিতৰ বাসীক । তাৰ পাচত নীলমণি ফুকনৰ সহযোগত সকলো শঙ্কৰ সংঘৰ অনুগামী হয় ।

প্ৰায় ১৫শ শতিকাৰ সময় চোৱাত চিলাৰায়ৰ লগত হোৱা জয়ন্তীয়া ৰজাৰ যুদ্ধৰ সময়ত চিলাৰায়ে গড় বান্ধিছিল কাছাৰ জিলাত ।যুদ্ধ শেষ হোৱাৰ পাছত থাকি গৈছিল কিছু অসমীয়া যোদ্ধা । তাত আছিল কোঁচ আৰু ৰাজবংশী মানুহ । তাৰ ভিতৰত কোঁচ মানুহ সকলে গড়ৰ ভিতৰৰ ফালে পাতিলে এখন অসমীয়া গাঁও । সেইবাবে নাম হ’ল গড়ৰ ভিতৰ । গড়টি এতিয়াও সম্ভ্ৰমতাৰে থিয় দি আছে । প্ৰায় ৫০০ বছৰ ধৰি বসবাস কৰি আহিছে তেওঁলোক । স্বাধীনতা আন্দোলনৰ সময়ত সক্ৰিয় অংশগ্ৰহণ কৰা সকলৰ ভিতৰত এইখন গাঁও আছিল অন্যতম । তাৰ ভিতৰত অন্যতম আছিল কুমাৰ মেধি । তেওঁ বিয়া কৰাইছিল বাংলাদেশৰ চিলেট ৰাজ্যৰ অসমীয়া গাঁও এখনৰ পৰা । স্বাধীনতা আন্দোলনত তেওঁলোকে জ্বলাই দিছিল বিক্ৰমপুৰ চাহ-বাগিছাৰ চাহ ফেক্ট’ৰী । ৰাতিয়েই পলাই গৈছিল ঘোঁৰাত উঠি সকলো চাহাব । স্বাধীনতাৰ পাছৰ সময়লৈকে গাঁওখনত মানুহে ঠাহ খাই আছিল । প্ৰায় ৫০-৬০ঘৰ মানুহ আছিল তেতিয়া । শিক্ষা, যাতায়ত, বৈবাহিক সম্বন্ধ গঢ়াৰ অসুবিধা বা সুৰক্ষাৰ বাবেই হওক, লাহে লাহে মানুহবিলাকে উজনি আৰু মধ্য অসমৰ ফালে প্ৰব্ৰজন আৰম্ভ কৰে । এতিয়াও সেই প্ৰব্ৰজন প্ৰৱণতা বিৰাজমান । সেয়ে মানুহ লাহে লাহে কমি আহিছে । সকলো মানুহে তিনিওটা বিহু পাতি আহিছে । ঢোল-খোল, গায়ন-বায়ন সকলোতে পাৰ্গত গড়ৰ ভিতৰ বাসীয়ে খেতিও বৰ সুন্দৰকৈ কৰে । আতিথিপৰায়ণতাও শলাগিবলগীয়া । মুঠতে সকলো অসমীয়া সংস্কৄতি ধৰি ৰাখিছে গড়ৰ ভিতৰ বাসীয়ে । যদিও জনসংখ্যা মাত্ৰ ৭২ জন ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments