বৰাক ভেলী

(সম্পাদকৰ টোকা – বৰাক ভেলীজনসাধাৰণৰ অসম আৰু অসমীয়াৰ প্ৰতি থকা  ধাৰণাৰ সম্পৰ্কে অ.ক.বৰ মজিয়াত আগবঢ়োৱা মতামতৰ একাংশ…)

বৰ্ণালী শৰ্মা বৰুৱাঃ শিলচৰ অথবা বৰাক ভেলী অসমৰ ভিতৰুৱা অঞ্চল নহয় নেকি? জনাবচোন …

অভিজিত কলিতাঃ এই কথাটোৰ শুদ্ধ উত্তৰ দিবলৈ এজন মানুহে বৰ চেষ্টা কৰিছিল, কিন্তু নিয়তিয়ে নসহিলে। প্ৰশ্নটো উঠিলেই স্বৰ্গীয় পৰাগ কুমাৰ দাসলৈ মনত পৰে।

সুৰজিত নেওগঃ ভৌগলিক ভাৱেহে হয় যেন লাগে। বৰাক ভেলীৰ লোক সকলে নিজকে ত্রিপুৰা বা পশ্চিম বংগৰহে বেছি ওচৰযেন বুলি নিজে ভাৱে বুলি মোৰ ধাৰণা . . সঠিককৈ নাজানো …

দিপুল হালৈঃ হয়।  কিন্তু..

মৃণাল কুমাৰ বৰাঃ এজন ল’ৰাক সোধা হৈছিল, “তোৰ ঘৰ শিলচৰত নে অসমত”? উত্তৰটো আছিল “শিলচৰত”। *সকলোৰে মনৰ ভাৱ তেনে নহয় কিন্তু।

প্ৰদ্যুত জ্যোতি শইকীয়াঃ প্ৰশ্নটো ভালকৈ বুজা নাই।  ভিতৰুৱা শব্দটোৱে কি বুজাইছে?

প্ৰাঞ্জল কলিতাঃ মই এবাৰ বৰাক উপত্যকালৈ কাম এটাত গৈছিলোঁ, তাত লগ পোৱা গাওঁবুঢ়া জনে মোক অসমৰ পৰা অতিথি অহা বুলি গাওঁবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে।

নিতুল বৰাঃ প্ৰাথমিক বিদ্যালয়ত থাকোঁতে আমি ভূগোল পঢ়িছিলোঁ, ভূ-চিত্ৰাৱলীত অচিনাকি ঠাই বিচাৰি উলিওৱাৰ খেল খেলিছিলোঁ, তেতিয়াৰে পৰা ভাৰতৰ যিকোনো ঠাই এখন কত আছে সহজেই কৈ দিব পৰা হলো। সেয়ে আজিও একে উশাহে কওঁ যে শিলচৰ অথবা বৰাকভেলী অসমৰ মান-চিত্ৰৰ ভিতৰতে আছে, গতিকে অসমৰ বাহিৰৰ হৱই নোৱাৰে, মানুহৰ মনত কি ধাৰণা সোমাই আছে সেইটো চৰ্চা কৰিবলৈ নাযাওঁ বাৰু।

দিগন্ত যাদব শৰ্মাঃ ইয়াত কিবা অলপ বতৰা পাই নেকি চাবচোন…(বর্ণালী শর্মা)

** বৰাক উপত্যকাত মোৰ অভিজ্ঞতা ***

http://www.facebook.com/groups/axomiyakothabotora/permalink/406322722753563/
বৰ্ণালী শৰ্মা বৰুৱাঃ সুপ্ৰভাত।  মই আচলতে প্রশ্ন নহয় এটা আলোচনাহে বিচাৰিছিলোঁ, পাইছোঁ। আপোনালোকৰ আলোচনাৰ পৰা দেখিছোঁ যিসকলে বৰাকভেলীলৈ গৈছে তেওঁলোকে বিষয়বস্তু ভালদৰে বুজিছে। বুজি পাইছোঁ মোৰ দৰে আপোনালোকেও কিছু অবাঞ্চিত পৰিস্থিতিৰ মুখামুখি হৈছে। মইয়ো জনো বৰাকভেলী অসমৰ ভৌগলিক সীমাৰ ভিতৰতে। কিন্তু আপোনালোকেও দেখিছে বৰাকভেলীৰ কাৰ্যালয় সমূহতো অসমীয়া ব্যৱহাৰ নহয়,  চাইনবৰ্ড অসমীয়াত দেখা নাযায়। মোৰ খুৰাই সন্মুখীন হোৱা পৰিস্থিতি জনাম আপোনালোকক।

বৰ্ণালী শৰ্মা বৰুৱাঃ প্ৰাঞ্জল কলিতা,আপোনাৰ বাৰু কেনে অনুভৱ হৈছিলে?? মইও গৈছিলো উদাৰবনৰ ওচৰৰ এখন অসমীয়া গাঁৱলৈ আৰু লক্ষীপুৰৰ আনাৰসৰ খেতি চাবলৈ আৰু বিভিন্ন জনজাতি সকলৰ এলেকালৈ। আমোদজনক কথা যে মোক সেই এলেকা বিলাকলৈ লৈ যাওঁতে মুখেৰে মাতিবলৈ দিয়া নাছিলে আৰু কেতিয়াবা মই তাৰ স্থানীয় ছোৱালীৰ চুৰিদাৰ পিন্ধিছিলোঁ। খুৰাৰ সহকৰ্মী বহুতে মোক যাবলৈ মানা কৰিছিলে। কিন্তু মই চাবলৈ জেদ ধৰিছিলোঁ কাৰণে মোক এইদৰে লৈ গৈছিলে। এবাৰ এজন ৰিক্সাৱালাৰ লগত মোৰ কাজিয়া হ’ল আৰু মোক আধা বাটতে নমাই দিলে। কাৰণ মই তেওঁলোকৰ ভাষা নাজানোঁ, তেওঁ হিন্দী অসমীয়া বুজি নাপায়।

প্ৰাঞ্জল কলিতাঃ মই কেবাবাৰো বৰাক উপত্যকালৈ গৈছোঁ (বিশেষকৈ শিলচৰলৈ)।  বৰাকৰ মানুহবোৰ ভাল নে বেয়া সেয়া মই নাজানোঁ।  কিন্তু তেওঁলোকৰ মনত এতিয়াও এটা ভগনীয়া মানসিকতা আছে যেন মোৰ অনুভৱ হয়।  অসমীয়া ভাষা জানিলেও বা বুজিলেও, তেওঁলোকে অসমীয়াত কথা পাতিব নোখোজে আৰু নিজকে বঙালী বুলি পৰিচয় দি বেছি ভাল পায়।  আনহাতে পশ্চিম-বংগৰ বঙালী সকলে যেতিয়া তেওঁলোকক বঙালী বুলি মানি ল’ব নোখোজে, তেতিয়া তেওঁলোকৰ অৱস্থা চাবলগীয়া হয়।
কেইমাহ মানৰ আগতে অসম চৰকাৰৰ উদ্যোগত শিলচৰত এখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল।  সকলোবোৰ বেনাৰ বঙালীতে ছপা হৈছিল যদিও, ’গ্ৰন্থমেলা’ শব্দতো হেনো অসমীয়া শব্দ, বঙালীত হেনো ’গ্ৰন্থেৰ মেলা’ হব লাগিছিল।  পিছ দিনাখন ’সাময়িক প্ৰসংগ’ নামৰ বাতৰি কাকত খনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিলে ’ বৰাকক অসমীয়া-কৰণৰ চেষ্টা’ শীৰ্ষক বাতৰি।  কেইদিনমান আগতে (সঠিক তাৰিখ মনত নাই) ৰাজ্য-চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এখন কৰ্মশালাৰ পুস্তিকা খন ভুলক্ৰমে অসমীয়াত ছপা হোৱা হেতুকে উপস্থিত অংশগ্ৰহণকাৰী সকলে কৰ্মশালাখনত অংশগ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাতৰিও মই পঢ়িছোঁ, আৰু পঢ়িছোঁ এবাৰ ৰেচন কাৰ্ডত অসমীয়াত ছপা হোৱা বাবে বৰাকৰ ছাত্ৰ সংগঠন এটাই ৰেচন কাৰ্ড বোৰ ঘূৰাই দিয়াৰ বাতৰি।
নিজৰ মাতৃভাষাক ভাল পোৱা ভাল কথা, কিন্তু নিজ-ৰাজ্যৰ ৰাজ্যভাষাক অৱজ্ঞা কৰাটো নিশ্চয়কৈ ভাল কথা নহয়।  বৰাকৰ মানুহখিনিয়ে নিজকে অসমীয়া বুলিবও নোখোজে, বঙালী বুলিলেও বঙ্গৰ বঙালীসকলে মানি নলয় আৰু চিলেটি বুলি কলেও বাংলাদেশীৰ ছাপ লগাৰ ভয়ত তেওঁলোকে এক পৰিচয়বিহীন পৰিচয় লৈ ফুৰিছে।  (এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত অনুভৱ মাথো। )

বৰ্ণালী শৰ্মা বৰুৱাঃ প্ৰাঞ্জল কলিতা,দীপাংকৰ দত্ত,আপোনালোকে মোৰ মনৰ কথাখিনিয়ে কৈছে। মইও যিকেইখন অসমীয়া গাৱত গৈছোঁ, তেওঁলোক কছাৰী সকলেই। গ্ৰন্থমেলা খনলৈ মইও গৈছিলোঁ। ’সাময়িক প্ৰসংগ’ নামৰ বাতৰি কাকত খনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিলে ’ বৰাকক অসমীয়া-কৰণৰ চেষ্টা’ শীৰ্ষক বাতৰিটো মই কাটি ৰাখিছোঁ। সঁচা কথা কিছুমান  ক’বলৈ গ’লে আমি হয়তো জগৰীয়া হ’ম কিন্তু তাৰ বাতৰি কাকতে সঁচাক মিছা কৰিও লিখিব পাৰে। আৰু মই দেখিলো তাত কেতিয়াবা যিসকলে উন্নতিৰ(Development) চিন্তা কৰে তেওঁলোক দোষী হয় আৰু সেইজন যদি ব্ৰহ্মপুত্ৰ ভেলীৰ তেওঁৰ শাস্তি বহুত বেছি হয়।

সুশান্ত কৰঃ ভাল লাগিল আলোচনা চায়। মই দেখোন শিলচৰৰ মানুহ। কি’নো ক’ম ভাৱি আছো। আপোনালোকে চিন্তা কৰা চাই ভাল লাগিছে। শিলচৰৰ সদস্য থকা বাংলা গ্ৰুপত এই আলোচনা কপি পেষ্ট কৰোঁ নে? চাওচোন, কোনে কি কয়?

প্ৰাঞ্জল কলিতাঃ সুশান্ত কৰ ডাঙৰীয়া, আপুনি আপোনাৰ অনুভৱ কিছু লিখক।  বিতৰ্ক আমাৰ কাম্য নহয়।  অৱশ্যে বৰাকবাসীৰ পৰা এই আলোচনাৰ পৰ্য্যালোচনা হলে ভাল লাগিব।

বৰ্ণালী শৰ্মা বৰুৱাঃ সুশান্ত কৰ ডাঙৰীয়া,টুৱাৰাম দত্ত ডাঙৰীয়া, মইও প্ৰাঞ্জল কলিতা আৰু দিপাংকৰ দত্তৰ লগত একমত। আপোনাৰ মতামত দাঙি ধৰক। আমি Development বিচাৰো কিন্তু বিতৰ্ক কৰি নহয়, আলোচনাৰ মাধ্যমেৰে।

দেৱব্ৰত গগৈঃ বৰাকলৈ কেইবাবাৰো গৈছোঁ। মই পিছে তালৈ গলে অসমীয়াতে কথা পাতো সকলোৰে লগত। সঁহাৰিও পাও ভাল। এবাৰ এজনে কিবা কথা এটা বঙালীত মোক কৈছিল, মই বঙালী বুজি নাপাওঁ বুলি কোৱাত অসমীয়াতে বুজাই দিছিল। আচল কথাটো হ’ল আমাৰ সকলোৰে মাজত থকা অবিশ্বাসৰ বাতাবৰণটো। এইখিনি নিৰ্মূল কৰিবলৈ আমি সকলোৱে প্ৰতিটো ভাল ভাল সুযোগ ব্যৱহাৰ কৰিব লাগে। উদাহৰণ স্বৰূপে কেইবছৰমানৰ আগতে জি.টিভিৰ গানৰ প্ৰতিযোগিতাৰ অনুষ্ঠানটোত গায়ক দেৱজিত সাহাক যেনেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে আদৰি লৈ সমৰ্থন দিছিল, তেনে ভাল লগা পৰিস্থিতি বৰাক উপত্যকাৰ মানুহে পূৰ্বতে অনুমান কৰিব পৰা নাছিল। সেই ঘটনাটোৱে আমাৰ মাজত থকা ব্যৱধান অলপ হলেও হ্ৰাস কৰিছিল। ( ব্যক্তিগতভাবে জি.টিভিৰ এনেধৰণৰ অনুষ্ঠানবোৰক মই সমৰ্থন নকৰো কিন্তু সেইবাৰ মই দেৱজিতক ভোট দিছিলোঁ আৰু এক ভাললগা বাৰ্তা যেন বৰাক উপত্যকালৈ যায়, তাকে কামনা কৰিছিলোঁ।

প্ৰদ্যুত জ্যোতি শইকীয়াঃ ভাল লাগিছে কথাখিনি।  বৰাকভেলীৰ ৰাইজ আৰু দুই একে মন্তব্য কৰিলে ভাল লাগিব।

বৰ্ণালী শৰ্মা বৰুৱাঃ প্ৰদ্যুত জ্যোতি শইকীয়া, আপোনাৰো মতামত আশা কৰো

প্ৰদ্যুত জ্যোতি শইকীয়াঃ ইয়াত কাম কৰি থকা প্ৰায় আঢ়ৈ বছৰেই হ’ল।  মোৰ বোধেৰে সংক্ষেপতে ক’বলৈ গ’লে মুষ্টিমেয় কেইজনমান লেতেৰা ৰাজনীতিকৰ ব্যক্তিগত লাভালাভৰ বাবে যাতায়ত ব্যৱস্থা ভাল হৈ উঠা নাই আৰু যাতায়ত ব্যৱস্থাই মন্থৰ অগ্ৰগতিৰ বাবে দায়ী।  ৪৪ নং ৰাষ্ট্ৰীয় ঘাই পথটোত কৈ আমাৰ উজনি অসমৰ ঘৰৰ কাষৰ মথাউৰিটো বহুত ভাল।  ভাষাৰ ক্ষেত্ৰত মোৰ বোধেৰে এওঁলোকক দোষ দি লাভ নাই।  কাৰণ শিক্ষাৰ বহুল প্ৰচাৰ নোহোৱাৰ বাবে বহুত ক্ষেত্ৰত পিছুৱাই আছে বৰাক উপত্যকা।  আৰু বহুত কথা আছে  বৰ্ণালী বাইদেউ।

চন্দন ভট্ৰাচাৰ্যঃ বৰাক ভেলীত মোৰ অনুভব এতিয়ালৈকে সিমান আশাপ্ৰদ নহয় বুলিব পাৰি। এই ঠাইখন ভৌগোলিক,সাংস্কৃতিক প্ৰায় সকলো ফালৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীতকৈ ভিন্ন। এনেকৈও ক’ব পাৰি খাচিয়া পাহাৰ,উত্তৰ কাছাৰ পাহাৰে এই ভেলীক এক স্বকীয় সত্তা দিছে যিটো ব্ৰহ্মপুত্ৰ ভেলীৰ লগত নিমিলে।
ভাষাতো  মই অসুবিধা পোৱা নাই। মই অসমীয়াত কওঁ,কোনোবাই বুজিলে বুজিব নুবুজিলে নাই। প্ৰায় বোৰ মানুহে অসমীয়া বুজে‌,অসমীয়া ভাষী সকলক সন্মান দিয়াত কৃপনালি নকৰে। এটা কথা ক’বই লাগিব যে ইয়াৰ মানুহবোৰ সংঘাতটিক বিশ্বাসী। ভাল লাগে। এতিয়া আহোঁ কিছুমান তিক্ততা পূৰ্ণ কথালৈ, এই ভেলীৰ ৰাস্তা ঘাট অতি দুখলগা, national highwayকেইটা কোনো নৱ উদ্ঘাটিত এক পুৰণি সভ্যতাৰ ভগ্নাৱশেষৰ দৰে। প্ৰায়ে ভাবো হয়তো ইয়াৰ মানুহবোৰে এনে দুৰৱস্থাবোৰ তেওঁলোকৰ অৱধাৰিত নিয়তী বুলি মানি লৈছে অথবা তেওঁলোকৰ সহন শক্তি অলৌকিক। বিদ্যুতৰ অশান্তিয়ে প্ৰায়ে মোৰ ধৰ্য টেষ্ট লয়। সাংস্কৃতিক ভাবে ঠাইখনত পূৰ্ব বংগৰ প্ৰভাব দেখিবলৈ পোৱা যায়।

বৰ্ণালী শৰ্মা বৰুৱাঃ দীপাংকৰ দত্ত  বাচৰ কথা নক’ব আৰু মই পূজাত ব্যস্ত আছো যদিও নকৈ নোৱাৰিলোঁ। মোৰ খুৰাৰ প্ৰথমবাৰ বৰাকভেলী যাত্ৰা। ৫বছৰ নিজৰ গাড়ীত চলি থাকি বাচৰ হাল-চাল পাহৰিছে। ভাবিলে প্রথমবাৰ বাচত যাব। ASTC পল্টন বজাৰত ১৪ নম্বৰ কাউন্টাৰ। পূজা বাছৰ টিকট,১নম্বৰ ছিট। যথাসময়ত ISBT পালোগৈ। ছিটত বহিলে,আমি বাহিৰতে আছো। তেনেতে আৱিৰ্ভাৱ হ’ল ১নম্বৰ ছিটৰ আৰু এজন দাবিদাৰ। আমাৰ হাহাকাৰ। ISBT কাউণ্টাৰ গ’লো তাতো কথা কটাকটি। শেষত ১নম্বৰ চিটটো আমাৰ হাতলৈ আহিল। গৈ পালেগৈ দুপৰীয়া ১১.৩০ ত। সাধাৰণতে অফিচ টাইম ১০.০০ বজাত। তেঁওৰ সেইদিনা প্রথমদিন। Join কৰিব লাগে।

সুশান্ত কৰঃ বৰাক উপত্যকা প্রাচীন কামৰূপৰ অধীন আছিল। চিলেটৰ ওচৰত ‘ভগদত্ত ৰজাৰ পাহাৰ’ বুলি এখন ঠাই আছে। তাৰ সাধাৰণ ৰাইজে ভাবে এওঁ মহাভাৰতৰ ভগদত্ত। আৰু তাত তেওঁৰ ঘৰ আছিল। এইবোৰ জনশ্ৰুতিহে। কিন্তু কামৰূপত আছিল। ভাস্কৰ বৰ্মণৰ সময়তো আছিল। ভাস্কৰ বর্মণে তাত প্রথম ব্ৰাহ্মণ আনি বহুৱাইছিল। আন ঠাইতো বহুৱাইছিল।সেই সময়ৰ পৰা সমগ্র অসমতে আর্য আগমণ ঘটে। চিলাৰায়েও কিছুদিনৰ বাবে চিলট কাছাৰ নিজা শাসনৰ অধীনত আনিছিল। কিন্তু চিলট-কাছাৰত বিভিন্ন সময় স্বাধীন ৰজাও আছিল। মানচিত্রও সালসলনি হৈছিল। বিভিন্ন জাতিৰ ৰজাৰ অধীনত বিভিন্ন সময়ত আছিল। যেনে ৮০ বছৰ কাছাৰত ডিমাছা ৰজা সকলে ৰাজত্ব কৰিছিল তাৰ বহু আগৰে পৰা জয়ন্তীয়া ৰজাইও একাংশ শাসন কৰিছিল। সেই জয়ন্তীয়া ৰাজ্যৰ একাংশ এতিয়া মেঘালয়ত একাংশ বাংলাদেশত। তাত জাফলং বুলি এক পাহাৰিয়া ঠাই আছে। হাফলং-ৰ দৰে ধুনীয়া। চিলেটৰ বিভিন্ন অংশ বহু সময় ত্রিপুৰা ৰজা সকলৰ অধীনতো আছিল। এতিয়াও উত্তৰ ত্রিপুৰাৰ মানুহ অধিকাংশ চিলটিহে। কিন্তু সিলেটত আর্যীকৰণৰ কাম শেষৰ পিনে কৰিলে হজৰত শাহজালালে। ই আচৰিত লগা হ’লেও সঁচা। ঝূম খেতি কৰা কিৰাত মোঙ্গলয়েড মানুহ সকলক তেওঁ আৰু তেওঁৰ ৩৬০জন আউলিয়াই স্থায়ী কৃষিকর্মত যেতিয়া লৈ আহিল। তেওঁলোক বঙালী লগতে অধিকাংশ মুছলমান হৈ গ’ল। শাহজালালৰ পাছৰে পৰা দীৰ্ঘদিনৰ বাবে চিলেট দিল্লীৰ চুলতান বংশ, আৰু মুর্শিদাবাদৰ নবাৰৰ অধীনত গুছি গ’ল। ইয়াৰ মানে ই নহয় যে হিন্দু শাসক কোনেও নাছিল। তেতিয়াও স্থানীয় ভাবে হিন্দু শাসক সকলেই শাসন কৰি আছিল। কিন্তু সনদ বা অনুমোদন পাবলগীয়া হৈছিল দিল্লীৰ পৰা। চিলটৰ ভাষা সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিৰ মিল অমিলৰ কাৰণ এইবৰোৰে। বিটিছৰ দিনত ১৮৭৪ত চিলট আকৌ অসমৰ লগত সংযুক্ত হ’ল যদিও তেতিয়ালৈকে সাধাৰণ ৰাইজে অসমৰ লগত পুৰণি সংযোগৰ কথা মনত ৰখা নাই। নিজকে বঙালীৰ লগত এক কৰি পেলাইছিল। অর্থনীতি, ৰাজনীতিৰ ব্যবস্থাও বাংলাৰ লগত মিলে। বাংলা যেতিয়া ব্রিটিশৰ অধীনত যায় ১৭৫৬ত চিলেট তেতিয়াই ব্রিটিছৰ অধীনত গৈছিল। সেয়েহে ব্রিটিছে যেতিয়া তেওঁলোকৰ অফিচবোৰ,চা-বাগানবোৰ চলাবলৈ মানুহ বিচাৰি ফুৰিছিল চিলটিকে সকলো আগতে পাইছিল। পাছৰ সময়ত এইৰোৰে আছিল সংঘাতৰ কাৰণ। কিয়নো অনাচিলটিয়ে যদি ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিছিল তেনে হলে তেওঁৰ বিপক্ষে উকিল নাইবা বিচাৰপতিজন আছিল চিলটি। ১৯৪৭ চনলৈকে অসমৰ ৰাজনীতিত এক ফালে যেনেকৈ অসমীয়াৰ জাতীয়তাবাদৰ উত্থান ঘটিল অইন ফালে চিলটি আধিপত্য অক্ষত ৰখাৰও চেষ্টা এটা চলিছিল। গুৱাহাটি হাইক’র্ট, বিশ্ববিদ্যালয় দাবি জনোৱা হ’লে বহু চিলটিয়ে এইবোৰৰ বিৰোধিতা কৰি চিলেটত লৈ যাব বিচাৰিছিল। আৰু অসমৰ পৰা ওলাই বাংলাদেশত যোৱাৰ ইচ্ছা সদায় মনতে পুহি ৰাখিছিল। সিলেটৰ কংগ্ৰেছ সদায় বাংলা কংগ্রেছৰ তলতে কাম কৰিছিল। অসম প্রদেশ কংগ্রেছত অহাই নাছিল। এই কথাবোৰ চিলটি বর্ণহিন্দুৰ। কিন্তু কেৰোণ লাগিল পাকিস্তান দাবীৰ সময়ত। হঠাতে চিলটি সকলে বিচাৰিল অসমতে থাকিবলৈ, কিন্তু গোপীনাথ বৰদলৈৰ নেতৃত্বত একাংশ অসমীয়া নেতৃত্বই তেতিয়া বিচাৰিলে চিলট সম্পূর্ণ নহ’লেও একাংশ পাকিস্তানত গুছি যাওক। গণভোট হ’ল। চিলট দু টুকুৰা হৈ গ’ল। সেই যে কাজিয়া লাগিল আজি লৈকে আছেই। বৰাক উপত্যকাক বুজিবলৈ হ’লে ইতিহাসৰ এই কথা খিনি বুজি পাব লাগিব। এইবোৰ কাৰণত এতিয়াও তাৰ সাধাৰণ ৰাইজে নিজকে অসমৰ মানুহ বুলি মনতে নাৰাখে। মনতে আগতেও নাৰাখিছিল। কিন্তু চিলট ভাগ হৈ যোৱাত খঙতে আৰু নাৰাখে।

বৰ্ণালী শৰ্মা বৰুৱাঃ সুশান্ত কৰ ডাঙৰীয়া, ধন্যবাদ। ভাল লাগিল। আমি ভাবো যাতায়তৰ অসুবিধাৰ বাবেও এই মানসিক দূৰত্ব বেচি হৈ গৈছে।

মাধুৰীমা ঘৰফলীয়াঃ বহুদিনৰ পৰা মনত খু-দুৱাই থকা কথা এটা এই সুযোগতে জানিব খুজিছোঁ-তিনিবছৰমান আগতে ডিৱাইত মৃণালকান্তী দেৱে প্ৰসংগক্ৰমে নামৰ অনুষ্ঠানটোত এষাৰ কথা কৈছিল- চিলেট জিলা আজিও অসমৰে হৈ থাকিলহেঁতেন, কেৱল গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কৰিবৰ বাবে কংগ্ৰেছৰ চক্ৰান্ত চিলেট জিলা ভাৰতৰ মানচিত্ৰৰ পৰাই বাহিৰ হৈ গল। চিলেটত এজন নেতা আছিল যিজন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ দাবীদাৰ আছিল ! নিজৰ অমনোযোগিতাৰ বাবেই মই কথাখিনি ভালকৈ মনত ৰাখিব নোৱাৰিলোঁ, কিন্তু এই বিষয়ে জানিবলৈ খুব মন আছে।

বৰ্ণালী শৰ্মা বৰুৱাঃ মোৰ খুৰাৰ ২য়বাৰ বৰাকভেলীৰ পৰা ওভতনি যাত্রাত প্রায় ২৭ ঘণ্টা সময় লৈছিলে। ইয়াকে ভাবি গুণি তেওঁ সিদ্ধান্ত ল’লে নিজৰ Altoখন লৈ যাব। ১মবাৰেই মই লগত গৈছোঁ। মেঘালয়ৰ ৰাস্তা। থেকেচাবোৰক বাদ দি বেয়াও লগা নাই। সোনাপুৰ পোৱাৰ আগত কি পাহাৰ পায়, বেছি ওখ। গাড়ীখন যিমানে ওপৰলৈ উঠিছে, সঁচা কৈছোঁ মোৰ অৱস্থা সিমান বেয়া হৈ গৈছে। ডিঙি-মুখ শুকাই যোৱা বুলি মই আগত বুজি নাপাও, সেইদিনা গম পাইছো। খুৰাই কৈ দিলে – তললৈ নাচাবি। মোৰ মুখৰ মাত ওলাবলৈ, নিজক সহজ কৰিবলৈ কিছু সময় লাগিছিলে। তাৰোপৰি মেঘালয় পুলিচৰ উৎপাত- ট্রেফিক জাম। ৰাস্তা বেয়াৰ কথা সকলোয়ে কৈছেই। দুবাৰমান আমাৰ ড্ৰাইভাৰ বাহাৰে মেঘালয় পুলিচৰ ঘোচাৰ সোৱাদ পাই থৈছে।

চন্দন ভট্ৰাচাৰ্যঃ ইয়াত অসমীয়া খবৰ কাগজ, আলোচনী বিচাৰি যোৱাটো পৰ্বতত কাছ কণী বিচৰা লেখিয়া কথা। অসমৰ অন্য ঠাইৰ খবৰ লাভ কৰাৰ একমাত্ৰ উপায় ইন্টাৰনেট আৰু চেটেলাইট চেনেল অন্যথা বিচ্ছিন্ন যোগাযোগ।

বৰ্ণালী শৰ্মা বৰুৱাঃ ইয়াকে ৭+৫ কৰি খুৰাই ভাবিলে এইবাৰ লামডিং হাফলং হৈ যাওঁ। শিলচৰত মহাচৰক। নগাঁৱত লংকা হোজাই চাইনবৰ্ড লগাই থোৱা ফিৰফিৰীয়া ৰাস্তা। ঘৰৰ পৰা ওলাইছোঁ ৬বজাত। লামডিঙৰ আগৰ হাবিখন পাইছোঁ ৯.৩০ বজাত। আমি ভাবিলোঁ…আজি ২বজাত শিলচৰ পাই যামগৈ। শিলচৰ পালোগৈ ৰাতি ১১ বজাত। ভোকে লঘোনে। খুৰাৰ মতে -কপাল ভাল কাৰণে শিলচৰ পালোহি। বাহাৰে কৈছে- Alto গাড়ীখন লক্ষ্মী। বাটত পায় গৈছোঁ কেইবাটাও যুদ্ধবিৰতি উগ্ৰপন্থীৰ শিবিৰ। Arms খোলাকে লৈ ঘুৰি আছে। বনাই থকা ৰাস্তা কোনো Direction নাই। সুধিবলৈও কোনো মানুহ নাই। পাহাৰৰ মাজেদি নহয়, Levelত গৈ আছিলো। মাজতে পাইছোঁ টকলা পাহাৰ। পাহাৰত গছ-বন নায়েই এটা কাউৰী,এটা কুকুৰো বিচাৰি পোৱা নাছিলোঁ। আমি নামবৰ-কাজিৰঙাৰ ওচৰত থাকি কল্পনা কৰিব পৰা নাছিলোঁ অসমতে এনেকুৱা ঠাই আছে ভাব হৈছিলে আমি যেন কোনোবা অচিনাকি দেশত আছো। মিজোৰামলৈ গৈছোঁ, ত্রিপুৰালৈ গৈছোঁ এনেভাৱ হোৱা নাছিলে। সেইদিনটোৰ কথা মনত পৰিলে মোৰ সপোন দেখাৰ দৰে লাগে।এইদৰে বিভিন্ন কাৰণতহে বৰাকভেলী অসমৰ সীমাৰ ভিতৰত নে অ.ক.ব. মজিয়াতে আলোচনা কৰিবলৈ মন গ’ল।

সুশান্ত কৰঃ মাধুৰীমা ঘৰফলীয়া, মৃন্ময় দেৱ, ডাক্তৰ মৃন্ময় দেৱ নেকি? কৰিমগঞ্জৰ? তেওঁ কাৰ কথা কৈছিল মই নাজানো। মোৰ বোধেৰে গোপীনাথ বৰদলৈ নেতা হোৱাত খুব এটা অসুবিধা নাছিল। চিলট দু’টুকুৰা কৰা্ত তেওঁৰ ভূমিকাই সমস্যা জটিল কৰিলে। সিলট সম্পূর্ণ থাকিলে চাগৈ আজি বেলেগ ৰাজ্য হ’লহেঁতেন। আৰু বাংলাদেশৰ পৰা অহা বঙালী সকল তালৈ ঢাপলি মেলিলেহেঁতেন। তেতিয়া আজিৰ দৰে অসমীয়া -বঙালী বিৰোধও নাথাকিলেহেঁতেন চাগৈ। তাত বঙালী আৱেগ ইমানেই তীব্র যে তেওঁলোকে ভাবে ব্রহ্মপুত্র উপত্যকাত থকা আমিবোৰ অসমীয়া হ’লোহে। এই সমস্যা মোৰ ফেচবুকতো হয়। কিছু বন্ধু মোৰ এই কাৰণে গুছি গ’ল যে মই অসমীয়াতো কেতিয়াবাৰ লিখামেলা কৰি পেলাও। অৱশ্যে সকলোৱে নহয়। কিন্তু অধিকাংশই অসমীয়াক সন্দেহৰ চকুৰে চায়। বাংলা আলোচনী বা কিতাপত অসমীয়া শব্দৰ অনুপ্ৰৱেশ বা ‘গ্রন্থমেলা’ নামকৰণৰক লৈ প্রতিক্রিয়া তাত তীব্র হয়। অথচ মই জনাত এইবোৰ কোনো অসমীয়া কৰণৰ ষড়যন্ত্ৰ নহয়। একেখন ৰাজ্যত এইবোৰ ঘটি থাকিব পাৰে। যেনে বহু সময়ত অসমীয়াইও অসমীয়া ভাষাত বাংলা মিশ্ৰণক লৈ প্ৰতিক্ৰিয়া দি থাকে। এইবোৰ একেই।ইফালে হ’লে সিফালেও হ’ব পাৰে। কিন্তু অসমীয়া ভাষা একেবাৰে নকয় নহয়। বহুতে কয় প্রয়োজন হ’লে। কিন্তু সকলোয়ে যে নকয় তাৰ বাস্তৱ কাৰণ আছে। শিকিব কেনেকৈ? তাত অসমীয়ানো কিমান আছে? বজাৰত, স্কুলত, অফিচবোৰত গৈ শুনিলেহে ক’ব। ভাষা মানুহে কামত আহিলেহে শিকে এনে নিশিকে। আপোনালোকে যদি লক্ষিপুৰলৈ যায় দেখিব তাৰ বহুতো মণিপুৰীয়ে বাংলা ক’ব নোৱাৰে কিন্তু বঙালীয়ে মণিপুৰী ক’ব পাৰে। এনে বঙালীৰ এটা গুণ আছে দেই, যত যি ভাষা শুনে শিকি পেলায়। অসমীয়া তাত আৰু বেছিকৈ যাওক। শিকি পেলাব। অসমীয়া বাতৰি কাকত একেবাৰে পোৱা নাযায় নহয়। দেৱদূত চিনেমা হলৰ ওচৰত এ এচ টি চি-ৰ বাছ আস্থানৰ সমীপত এখন বাতৰি কাকতৰ দোকান আছে তাত পোৱা যায়। বাকি তাৰ সংগ্রাম হীনতা, পশ্চাদপদতাৰ সম্পর্কে কালিলৈ কম। মোৰ নিজা অনুভৱ। কথাবোৰ আপনালোকে সঁচাই কৈছে। কিন্তু কাৰণ ভাৱিব লাগিব।

দেবব্ৰত গগৈঃ আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মই হ’লে শিলচৰ চহৰৰ মাজ – মজিয়াৰ দোকানত জুবিনৰ বিহুসুৰীয়া গীত বজাই থোৱা শুনিছিলো। তেতিয়া মাঘবিহুলৈ তিনিদিন বাকী আছিল। মই “অসমীয়া প্ৰতিদিন” আৰু “বিস্ময়” শিলচৰত কিনি পাইছো।

মনজিত নাথঃ আলোচনাটো ভাল লাগিছে।  ইতিহাস, ভাষা, সংস্কৃতি আটাইবোৰে বৰাক উপত্যকাৰ বাবে নতুন ৰাজ্য এখনৰ প্ৰ্য়োজনীয়্তালৈ ইঙ্গিত কৰে।  জাতীয়্তাবাদ নহয়, মই সমস্যা এটাৰ সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছোঁ- আপোনালোকে কি ভাৱে?

বৰ্ণালী শৰ্মা বৰুৱাঃ মনজিত নাথ, কেতিয়াবা এনে হোৱাৰ সম্ভাৱনা আছে নেকি???????

দেবব্ৰত গগৈঃ এনে হোৱাৰ সম্ভাৱনা আছে যদিও বৰাক উপত্যকাৰ গৰিষ্ঠ সংখ্যকে এনে হোৱাটো নিবিচাৰে।

বৰ্ণালী শৰ্মা বৰুৱাঃ সুশান্ত কৰ ডাঙৰীয়া, ভাল লাগিছে। আশা কৰিছোঁ আপুনি আঁত এৰি নিদিব।

চন্দন ভট্ৰাচাৰ্যঃ মোৰ মতে পৃথক ৰাজ্যৰ যুক্তিযুক্ততা একেবাৰে নুই কৰিব নোৱাৰি, কিন্তু আপাততঃ চৰকাৰ নামৰ অভিভাৱকজনৰ কৃপাদৃষ্টি অতি প্ৰয়োজনীয় হৈ পৰিছে এই মুলক’ত। লগতে ইয়াৰ বাসিন্দা সকলো নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ মাত মাতিবৰ হ’ল্ অন্যথা অধিক অধোগতি অৱধাৰিত

দিগন্ত যাদৱ শৰ্মাঃ মোৰ অভিজ্ঞতাৰে কিছু কথা ময়ো যোগ দিওঁ। ১৯৯৫-৯৬ চনত পোন প্রথম বাৰ শিলচৰ গৈছিলোঁ। আজিৰ দৰে ইমান অসমীয়া লোক নাছিল। ইটখোলা, মালুগ্রাম, মিনতি বুক ষ্টল, অসম সাহিত্য সভা শিলচৰ শাখা… এইবোৰ আমাৰ আড্ডাৰ স্থল আছিল। বিশেষকৈ সুশান্ত কৰ মহাশয়ে উল্লেখ কৰা মিনতি বুক ষ্টল আমাৰ বাবে সন্ধিয়াৰ বিশেষ আড্ডাস্থলি আছিল। কিয়নো আমি তাত প্রয়োজন হোৱা প্রায়বোৰ অসমীয়া বাতৰি কাকত, আলোচনী পাইছিলোঁ। মিনতি বুক ষ্টলৰ ‘কাকু’ৱে (স্বত্বাধিকাৰী) কিবা এখন আলোচনী নাপালে অনায়ো দিছিল। ‘কাকু’ এতিয়া ইহসংসাৰত নাই। মোৰ সৈতে ‘জিলা কাৰ্য্যালয়’ৰ প্রায়বোৰে অসমীয়াতে কথা পাতিছিল। প্রথম অৱস্থাত অলপ অসুবিধা হৈছিল যদিও পিছলৈ অনুভব নহৈছিল, আচলতে মই মিলি পৰিছিলোঁ। বহু বছৰ থকাৰ সুবাদতে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ বিভিন্ন ঠাই ঘূৰাৰ সুবিধা পাইছিলোঁ। ব্যক্তিগত ভাবে শিলচৰ খনে সুচল পাইছিলোঁ। কেইবাবছৰো শিলচৰৰ পৰা ৩০ কি.মি. দুৰৈত অৱস্থিত এখন গাঁওত কার্য্যনিবাস কৰিছিলোঁ। তাত এবাৰ এটা অসুবিধাই দেখা দিছিল। স্থানীয় সংগঠন এটাই অসম চৰকাৰৰ তৃ্তীয় আৰু চতুর্থ বর্গত কর্মৰত অসমীয়া লোক সকলক কাছাৰ জিলাৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছিল। তেতিয়া অসমীয়া লোকসকলৰ মাজত কিছু শঙ্কাৰ সৃষ্টি হৈছিল। অবশ্যে এয়া বেছিদিনলৈ নাছিল। সোনকালেই পৰিস্থিতি স্বাভাবিক হৈ গৈছিল। তেওঁলোকৰ মনত হয়তো কোনোবাই এই কথাটো সোমোৱাই দিছিল যে ব্রহ্মপুত্র উপত্যকাৰ লোক আহি আমাৰ ‘চাকৰি’ বোৰ অধিকাৰ কৰি আছে। মোৰ লগতো দুজন মানে এই কথাবোৰ আলোচনা কৰা্ত বুজাই দিছিলোঁ যে বৰাক উপত্যকাৰ বহু বেছি চাকৰিয়াল ব্রহ্মপুত্র উপত্যকাত কর্মৰত হৈ আছে।
গাঁও অঞ্চলত প্রায়খিনিয়ে অসমীয়া ক’ব নোৱাৰে, কিন্তু কলে অলপ অচৰপ অনুমান কৰি ল’ব পাৰে। এই কথাখিনিৰ পটভূমি কিন্তু ১৯৯৫-২০০০ মানৰ হ’ব। আজি বহুত সলনি হৈছে। মোৰ ক’বলৈ মন গৈছে যে মনবোৰ হয়তো আমাৰ বহুতৰে বহল হৈছে। বিভিন্ন কাৰণত যেনে অসম বিশ্ববিদ্যালয়, নিট, বহু ব্যক্তিগত প্রতিষ্ঠানৰ বাবে ব্রহ্মপুত্র উপত্যকাৰ লোক বৰাক উপত্যকাত আগতকৈ বৃ্দ্ধি পাইছে। আজিৰ দিনটোত বহুতে অসমীয়া বুজে/ক’ব পাৰে।
ইমানখিনি কোৱাৰ পিছতো মই এটা কথা কবই লাগিব যে হয়তো তথৈবচ যোগাযোগ, ভিন্ন ভাষা, ভিন্ন সংস্কৃতিৰ বাবে কিছু লোক সংক্রিন্ন ভাবাপন্ন হৈয়ে আছে। এইবোৰতো সকলো সমাজতে থাকে। ক’ৰবাত কম, ক’ৰবাত বেছি।
আজিৰ দিনটোত বৰাক উপত্যকাৰ আটাইতকৈ পুতৌ লগা দিশটোৱেই হৈছে ইয়াৰ যোগাযোগ ব্যৱস্থা। ব্রডগ’জ ৰেলৱে সম্প্ৰসাৰিত নোহোৱালৈকে এই অচলাবস্থা চলি থাকিব। মই ভাবো বৰাক উপত্যকাৰ বেছিভাগ ৰাজনীতিবিদে বেছিখিনি সময়ে গুৱাহাটী অথবা বৰাক উপত্যকাৰ বাহিৰতে কটাই যাৰ বাবে এই উপত্যকাৰ সমস্যাবোৰ সমাধান হোৱাত গুৰুত্ব পোৱা নাই। মনত ভাব হয়, তেওঁলোক বহুতৰে আন্তৰিকতাও নাই।

সুশান্ত কৰঃ মই দিগন্ত যাদৱ শৰ্মাৰ লগত বহুখিনি একমত। ব্রডগ’জ হৈ গ’লে বহুখিনি সমস্যা সমধান হ’ব। আৰু তাৰ মধ্যবিত্তৰ ইচ্ছা থাকিলেও আন্তৰিকতা নাই বোলা কথাষাৰ সঁচা। এই কথাও সঁচা ওপৰত এজন বন্ধূৱে কোৱাৰ দৰে তাৰ অধিকাংশ মানুহে এতিয়াও ভগনীয়াৰ মানসিকতা মনত পুহি ৰাখে। সমস্যা হ’ল তাতো চিলটৰ পৰা যোৱা শতিকাত অহা মানুহে বৌদ্ধিক আৰু ৰাজনৈতিক নেতৃত্ব দিয়ে। তেওঁলোকে বঙ্গৰ লগত বিচ্ছেদ এতিয়াও মানি ল’ব পৰা নাই। সেয়েহে কলিকতা মুখীনতা বাদ দিব নোৱাৰে। ৰাজনৈতিক ভাবে নিজকে দিল্লীমুখী কৰি থয়। চিলট বিভাজনৰ সময়ত অসমীয়া মধ্যবিত্তৰ ভূমিকাৰ কথা কলোহে। লগতে ভাষা আন্দোলনৰ দিনবোৰৰ কথা কাহিনীও নাপাহৰে। এতিয়াও শিলচৰ ষ্টেচনৰ নাম ভাষা শ্বহীদ ষ্টেচন কৰাত আগ্রহ ব্রডগেজৰ দাবীত আন্দোলন কৰাতকৈ বেছি গুৰুত্ব দিয়ে।

সুশান্ত কৰঃ মই বুজি পাও, যোগাযোগ আৰু অসমীয়া মানুহ তাত অহাযোৱা কম. বুলি ব্রহ্মপুত্র উপত্যকাৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক নেতৃত্বৰ চিন্তা আৰু কামত তাৰ সমস্যাই কোন গুৰুতে নাপায়। এতিয়াও অসম বুলিয়ে অসমীয়া ভাষাত ধুবুৰিৰ পৰা শদিয়ালৈকে কোৱা হয়। কোনেও নকয়, শোণিতপুৰৰ পৰা শিলচৰ। একে কাৰণত অসমীয়াই যেনে বাকী ভাৰত সংবাদ মাধ্যম আৰু ৰাজনৈতিক নেতৃত্বৰ প্রতি ক্ষোভ প্রকাশ কৰে তাৰ ৰাইজেও দিচপুৰ আৰু গুৱাহাটীৰ প্রতি ক্ষোভ প্রকাশ কৰে। সন্দেহৰ চকুৰে চায়।

স্থানীয় কংগ্রেছ নেতৃত্বই আকৌ এনে সন্দেহ জীয়াই ৰখাত আগ্রহ দেখুয়ায়। এনে ভাৱ কৰে যেন তেওঁলোক উপায় নেপাই কংগ্রেছত আছে। নহ’লে কংগ্রেছৰ দিছপুৰ নেতৃত্বও উগ্রজাতীয়তাবাদী আৰু বৰাক উপত্যকাৰ ভাল নিবিচাৰে। তেওঁলোক নিজে ত্রাতাৰ দৰে আছে বুলিহে কিবা কিবি আদায় কৰিব পাৰে, সেয়াও হয় দিল্লীয়ে কলেহে। তাত যেতিয়া বিশ্ববিদ্যালয় হ’ল, বুজন পৰিমাণ অসমীয়া বৌদ্ধিক নেতৃত্বইও বিৰোধিতা কৰিছিল-আৰু আমিও তাত কোনো ৰাজ্যিক বিশ্ববিদ্যালয় হ’লেও হ’ব বুলি ক’ব নোৱাৰিলোঁ। তাৰ নেতৃত্বই বুজাই দিলে যে ৰাজ্যিক বিশ্ববিদ্যালয় হ’লে দিছপুৰে বঞ্চনা চলাই যাব। কেন্দ্রীয় হ’লে সেই সমস্যা নাথাকিব গৈ। সন্তোষ মোহনৰ দৰে এজন স্থানীয় নেতাৰ যে তাত ইমান প্রতাপ–সেইবোৰ কাৰণতে। তেওঁ দেখুৱাই ফুৰে দিল্লীৰ লগত তেওঁৰ সম্পৰ্ক কিমান ভাল। তেওঁ তাৰ অলিখিত মুখ্যমন্ত্ৰীৰ দৰে।

মোৰ বোধেৰে এনেবোৰ ৰাজনীতি দিছপুৰৰ লগত বুজাবুজিৰে চলে। দিছপুৰে এইবোৰ নাজানে নহয়। আঁতৰ কৰিবলৈ একো নকৰে। এনেদৰে কৰি গলে স্থানীয় ৰাইজে আঞ্চলিক নেতা সকলৰ প্ৰবঞ্চনা দেখিও নেদেখাৰ ভাও কৰে। যেনে ধৰক ব্রডগজ নোহোৱাৰ মূল কাৰণ বহুতেই কয় ট্রেনচপ’র্ট ল’বি। কিন্তু তাৰ বিৰুদ্ধে কোনেও মাত নামাতে, কিয়নো ট্রেনচপ’র্ট লবিৰ লগত স্থানীয় নেতৃত্বৰ ভাল সম্পৰ্ক তেওঁলোক নিজা বিনিয়োগও আছে। বহুতে সেয়াও কয় যে ডিএইচডিয়ে যে মাজত ৰেইলৱে লাইনত বোম মাৰিছিল তাৰ আঁৰতো আচলতে ট্রেনচপ’ট ল’বি আছে। কিন্তু তাৰ বিৰুদ্ধে কোনো প্রতিবাদ তাত নহ’ল। হ’বৰ হ’লে স্থানীয় নেতৃত্বই বাধা দিলেহেতেন বা তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব ল’গা হ’লহেতেন।

সুশান্ত কৰঃ দিছপুৰৰ বিৰুদ্ধে যদি সিমানেই খং তেনেহ’লে পৃথক ৰাজ্যৰ দাবীত আন্দোলন নহয় কিয়–এই কথা উঠিব পাৰে। তাৰ কাৰণ চিলটি বর্ণহিন্দু নেতৃত্বই নিজৰ আধিপত্য অক্ষুন্ন ৰাখিব বিচাৰে। আৰু পৃথক হ’লে সেই নেতৃত্ব মুছলমান নেতৃত্বৰ হাতত গুছি যাব বুলি ভয় কৰে। এনে দ্বিমুখী ভয়ে তাৰ মধ্যবিত্তক অর্কমণ্য আৰু নিষ্ক্ৰিয় কৰি থৈ দিছে। কিবা দিগদাৰ হ’লে কলিকতালৈ গুছি গ’লেই হ’ল! তেওঁলোকৰ সমস্যাৰ সমাধান। প্রায় সকলো উচ্চবিত্তৰ কলিকতা নাইবা দিল্লীত ঘৰ এখন কিনি থোৱা আছে।

বৰ্ণালী শৰ্মা বৰুৱাঃ আমি বৰাক উপত্যকা আৰু ব্রহ্মপুত্র উপত্যকাৰ অলপ মানসিক দুৰত্ব কমাব নোৱাৰিম নেকি?

দেবব্ৰত গগৈঃ মানসিক দূৰত্ব কমাব পাৰি। দেৱজিত চাহাৰ দৰে সুযোগবোৰ আহিলেই আমি দুয়োপক্ষই তাক ভালদৰে ব্যৱহাৰ কৰিব লাগে।

তাৰে ভিতৰত এটা হ’ল শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মুল কেম্পাছত অসমীয়া বিভাগ স্থাপন কৰিব লাগে। এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কৰ্ত্তৃপক্ষই আগ্ৰহ দেখুৱাব লাগে। অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছতহে অসমীয়া বিভাগ আছে।

অসম সাহিত্য সভাই পাৰিলে শিলচৰ বা বৰাক উপত্যকাত সভাৰ অধিৱেশন পতাৰ আগ্ৰহ দেখুৱাব লাগে।

বৰাক উপত্যকাতো নিশ্চয় কোনো সৰ্বগ্ৰহণযোগ্য স্থানীয় বঙালী বুদ্ধিজীৱী আছে, যিসকলক আমাৰ দৰে অসমীয়াই নাজানো। সেইসকলে এনেধৰণৰ বিশ্বাসৰ বাতাবৰণ অনাত আগভাগ লব লাগে।

শুনিছোঁ, অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শাখা বৰাক উপত্যকাতো স্থাপন কৰিব। নাজানো কিমান দুৰ সত্য। কিন্তু স্থাপন কৰিলে আমাৰ মাজত যে আৰু বিশ্বাস বাঢ়িব সেইটো সত্য।

গৌৰী শংকৰ কলিতাঃ বৰাক উপত্যকাত একাংশ বুদ্ধিজীৱীৰ বাহিৰে কাৰো অসমীয়াৰ প্ৰতি বেয়া ভাৰ নাই। তাৰোপৰি কোনো ইত থাকিলে তাৰ ভাষা নিজেও শিকা দৰকাৰ।

প্ৰণৱ নাথঃ এটি সুন্দৰ আৰু সুস্থ আলোচনাৰ সূত্ৰপাত হৈছে। পলমকৈ হলেও আপোনালোকৰ আলোচনাৰ নিজকে অংশীদাৰ কৰি ল’বলৈ পাই আনন্দিত হৈছোঁ। শিলচৰ সম্পৰ্কীয় বাস্তৱিক অভিজ্ঞতা মোৰ নাই, কিন্তু সংবাদ মাধ্যম আৰু শিলচৰ ফেৰত্ ব্যক্তি সকলৰ বক্তব্যৰ পৰা মনত এই ধাৰণা গাঢ় হৈছিল যে শিলচৰ ভৌগলিক ভাৱে অসমৰ লগত যুক্ত যদিও ই মানসিক ভাৱে অসমৰ পৰা বহু দূৰত …। এই মানসিক ব্যৱধান যদি আমি নোহোৱা কৰিব নোৱাৰো, তেন্তে জোৰ কৰি শিলচৰ খন অসমৰ মেপত অংকন কৰি থাকি কোনো লাভ নাই। অতীতৰ ভুল বুজা-বুজি আঁতৰ কৰি ভাষা-সংস্কৃতিৰ আদান-প্ৰদানেৰে বৰাক উপত্যকাৰ ভাই-ভনী সকলে অসমীয়া মানসিকতাক আঁকোৱালি ল’ব লাগিব আৰু আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিনিয়েও দুৱাৰ মুকলি কৰি ৰাখিব লাগিব। অ.ক.ব.-ৰ দৰে ফেচবুকত “ব্ৰহ্মপুত্ৰ-বৰাক মৈত্ৰী গোট” -এটি গঠন কৰি ভাৱৰ আদান প্ৰদান কৰিলে আমাৰ মাজৰ ভুল বুজাবুজিবোৰ এসময়ত নোহোৱা হব বুলি মোৰ ধাৰণা। এই সম্পৰ্কত আপোনালোকৰ মতামত জানিব পাৰিলে ভাল পাম। ধন্যবাদ।

সুশান্ত কৰঃ অসম বিশ্ববিদ্যালয়ে মই জনাত বহুতো আগতেই অসমীয়া বিভাগ খোলাৰ বাবে আৱেদন জনাই থৈছে। কিন্তু ইউ জি চি-এ নিদিয়ে ভায়েৱল নহ’ব বুলি। ছাত্র নাপাব বুলি ভাৱি। কিন্তু ‘অসমীয়া মানসিকতাক আঁকোৱালি ‘ লোৱাৰ কাম বৰাক উপত্যকাত কোনেও নকৰে। এনে কৰিবলৈ যোৱাৰ বাবেহে বিৰোধ বাঢ়ে। এই গ্রুপতো মই বহু কেইজন তাৰ বঙালীক সদস্য কৰি থৈছোঁ, কিন্তু মোৰ বাহিৰে কাকো সক্রিয় হোৱা নেদেখো। সেয়েহে মোৰ নালাগে ‘বৰাক-ব্রহ্মপুত্র মৈত্রী’ নামৰ কোনো ফেচবুক গ্রুপ সফল হ’ব। বৰাক উপত্যকাৰ মানসিকতা বুজিবৰ হ’লে কোনোবাই ১৯ মে তাৰিখৰ দিনা তাত যাব লাগিব। এনে ব্যক্তিগত স্তৰত যিকোনো অসমীয়াৰ লগতে সকলোৱে ভাল। কোনেও কাজিয়া নিবিচাৰে। কিন্তু সমষ্টিৰ কথা যেতিয়া আহে, কোনেও কাৰো কথা বুজি পোৱা যেন নেলাগ।

সুৰজিত নেওগঃ ইয়াত বহুজনে ভিন ভিন মন্তব্য আগবঢ়ালে… কোনোবাই আন্দাজত (মোৰ দৰে), কোনোবাই নিজ অভিজ্ঞতাৰ ভিত্তিত … বহু কথা জানিলোঁ, বুজিলোঁ … মোৰ মনত বহু বছৰ ধৰি তোলপাৰ লগাই থকা ভাৱ এটা ব্যক্ত কৰিবৰ মন গৈছে …. বৰাক ভেলীখন অসমৰ ভৌগলিক মানচিত্রৰ পৰা কালি ওলাই গলে অসমৰ (যাক আমি মূল ভুখণ্ড বুলি ভাবো বা কওঁ) কেনেধৰণৰ ক্ষতি হ’ব পাৰে বাৰু? যি অঞ্চলৰ ৯৯% লোকে (২২ খন অসমীয়া ভাষি মানুহৰ গাওঁ বাদ দি) নিজ ৰাজ্যভাষাটোক সন্মান নকৰি অৱজ্ঞা কৰে, ৰাজ্যভাষাটো কোৱাটো বা ব্যৱহাৰ কৰাটো ‘অপৰাধ’ হিচাপে গণ্য কৰে, ৰাজ্যখনৰ মূলসুতিৰ দুখ বেদনা শ্বেয়াৰ নকৰে তেনে এটা অঞ্চলক জোৰ জবৰদস্তি কৰি ধৰি ৰখাটোত কাৰ কি লাভ হয়? দেৱজীত সাহাক “ভাৰতকন্ঠ” কৰাত কোন কিমান আৰ্থিক ভাৱে লাভান্বিত হ’ল সেয়া জনাই জানে … ব্র্হ্মপুত্র আৰু বৰাক উপত্যকাৰ মাজৰ যাতায়ত, পৰিবহন ব্যৱস্থাৰ পুতৌজনক অৱস্থা কেৱল এটা ‘হেতু’ …. আচলতে এই দুই অঞ্চলৰ লোকৰ মাজত মানসিক দূৰত্ব বহু বেছি …

প্ৰাঞ্জল কলিতাঃ বৰাক উপত্যকাৰ মানুহে নিজৰ ভাষা-সংস্কৃতিক সন্মান কৰক কিন্তু অসমীয়া ভাষা আৰু জাতি বিৰোধী কামবোৰ বন্ধ কৰা উচিত।  এই ক্ষেত্ৰত চৰকাৰেও সূক্ষ্ম নজৰ ৰখা উচিত।  আপুনি যদি তেওঁলোকৰ ভাষা শ্বহীদ দিৱসৰ দিনা কোনো ভাষণ শুনে, তেতিয়া আপোনাৰ গা পুৰিব।  মোৰ তেনেকুৱা অভিজ্ঞতা আছে।  অৱশ্যে সাধাৰণ মানুহ খিনিয়ে ইয়াৰ বেছি খবৰ গম নাপাই।  বৰাক-বঙ্গ সাহিত্য সভাৰ কাৰ্য্যবোৰো সন্দেহৰ আওতাত নহয়।  তেওঁলোকে এইবাৰ দিল্লীত ভাষা শ্বহীদ দিৱস পাতি অসমীয়া মানুহক উগ্ৰ জাতীয়তাবাদী বুলি পৰিচয় কৰালে।  সাময়িক প্ৰসংগ বাতৰি কাকত খন পঢ়িলে প্ৰায়ে অসমীয়া বিদ্বেষী বাতৰি পঢ়িবলৈ পাব।  ইয়াৰ মাজতো মই বহু মানুহ পাইছো, যিয়ে বিহুতো নাচিবলৈ ভাল পাই, আৰু শংকৰদেৱৰ কথ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Papu
2 years ago

ধন‍্যবাদ আপোনালোকক মোৰ দৰে নতুন প্ৰজন্মক নজনা কথা কিছু জনোৱা বাবে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক