ব’ৰাগী বসন্ত মন ব’ৰাগী- নূপুৰ হাজৰিকা

(লোক কবিতাৰ প্ৰেৰণাৰে)

উস্! শেষ হ’বনে
মাদলৰ চেওত চালি ধৰা ৰাতিটো-
দেওলগা এই সময়?
কুণ্ডলী পকাই ঘূৰিছে মন
সৌৱা ছাঁ-পোহৰত ৰৈ আছে সি-
চকু টিপ নমৰাকৈ ৰৈ আছে
ৰামৰাই বুঢ়াৰ পো
ওৰেৰাতি বাঁহীত ফুক দিয়া ওঁঠজুৰি
ক’লা পৰি আছে তাৰ;

বাঁহী নে মাদলৰ ছেৱে ছেৱে
কুণ্ডলী পকাই ঘূৰে মন
পাহাৰটো কাষ চাপি আহে
মোৰ গাত গা লাগি শিৰীষজোপা
জিকাৰ খাই উঠে৷

দূৰ হৈ যা তয়ো-
কি চলাহী কথাৰে আভুৱা ভাৰিছ
কাষ চাপি নাহিবি
নাটানিবি জুৰীৰ বেণীত ধৰি
হাতত ধৰি নাটানিবি
কঁকালত ধৰি নুঘূৰাবি-
ৰাইজে দূষিব৷
আমাৰ খোজৰ তালে তালে
নৈ ঢাল খাইছে চা
কথাৰ খাজে খাজে
পাৰই ৰুণ দিছে চা!

আনৰ বাৰীৰ ফুল নানিবি
নালাগে মালতী
জুইফুলে শুৱাব মোক,
পলাশৰ ডাল ভাঙি আন৷

তোৰ দুচকুৰ খাৱৈত
খহি পৰিছিল
মাছৰ চকুদুটা মোৰ
যিদিনা হাতীপটিৰ বাটেৰে
আহি আছিলোঁ আমি
ভৰিৰ তলত নাছিল মাটি
তোৰ নিশ্বাসত কঁপি থকা
এখন কপাহী আঁচল
বতাহে কাঢ়ি লৈছিল!

ধূৰ বতাহ
ধূৰ এন্ধাৰ
ধূৰ বাঁহী-
কোনো কাষ চাপি নাহিবি
ব’ৰাগী বসন্ত
মন ব’ৰাগী!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments