বৰা ছাৰৰ পাওনা (প্রদ্যুৎ জ্যোতি শইকীয়া)

প্ৰায় ১৯৯৪ চন মানৰ কথা | ৰোষেস্বৰ বৰা ছাৰ | অংকত বিজ্ঞানৰ স্নাতক হোৱাৰ পাছতেই দুমাহ এ জি পি গাইছিল | তাৰ সুবাদতে মাজে মাজে দৰমহা নোপোৱা অ বি বি শিক্ষকৰ চাকৰিটো পালে টিংখাং এল পি স্কুলত | প্ৰথমে তিনি চাৰি মাহমান অসুবিধা হোৱা নাছিল | কাৰণ ধুনীয়াকৈ দৰমহা পাই আছিল | কিন্তু কেৰোণ লাগিল তাৰ পাছতহে | চৰকাৰে লাহে লাহে দৰমহা দিবলৈ বেয়া পোৱা হ’ল | প্ৰথমে একো নাছিল | কথাটোৱে গাত ধৰিল তেতিয়াহে, যেতিয়া গেলামালৰ দোকানীয়ে ৮ মাহ বাকী দিয়াৰ পাছত দিব নোৱাৰো বুলি খাটাংকৈ ক’লে, এল আই চিৰ মানুহটো ঘৰৰ পৰা চাৰিবাৰ ঘুৰি গ’ল আৰু হ’কাৰে দৈনিক বাতৰিখন বন্ধ কৰিলে | ছেঃ ইফালে ৪ বছৰ পুৰণি প্ৰেম বগীয়েও আমনি কৰি আছে বিয়াৰ বাবে|সাত পাঁচ নুগুনি লৈ আনিলে বগীক ১৮ মাহ দৰমহা নোপোৱা অৱস্থাতে বৰা ছাৰে, তাতে ঘৰৰ ভোট জলকীয়া বিক্ৰি কৰি পোৱা টকাৰে ঘুটুং পানী ধৰিছিল সেইদিনা | যি হ’ল হ’ল | সাঁচতীয়া টকাৰে কাপোৰ কানি দি কেইদিনমান ঘৰ চলালে বৰা ছাৰে | শুনিছে হেনো অহা মাহত দৰমহা হ’ব | হওকতেওঁ শেষত যে দৰমহাটো হ’লগৈ | পিছে বৰা ছাৰৰ কপাল বেয়া দৰমহা নহ’ল | যদি এইটো সময়তে বগীৰ ঘৰৰ মনুহ মিতিৰ হ’বলৈ আহে তেন্তে কথা চেটেপেই হ’ব | মাহৰ শেষত এনেকুৱা হ’লগৈ যে ভঁৰালৰ ধানো শেষ, সাঁচতীয়া টকাও শেষ | বগীক সুখত ৰখাৰ স্বাৰ্থতে বৰা ছাৰে সেই মাৰাত্মক কামটো কৰিম বুলি থিৰাং কৰিলে | ৰিস্ক ল’বই লাগিব | কাৰণ বাৰীৰ শাক-পাচলিও শেষ হ’ল | ইতিমধ্যে সহকৰ্মী গোঁহাইদেৱে কামটো আৰম্ভ কৰিছেই বোলে | পুৰণি চাৰ্ট পেণ্টযোৰ পিন্ধি পিছদিনা পুৱা চাইকেল খন লৈ মাত্ৰ পদূলিৰ পৰা বগীক চিঞৰি কৈ থৈ গ’ল “হেৰা আজি দেৰি হ’ব, সন্ধিয়া হ’ব চাগৈ” | আৰু মাত নামাতি কাষৰৰে গাওঁ ঢেকেৰাপাৰলৈ বুলি চাইকেল দৌৰাই দিলে বৰা ছাৰে | তিনিখন গাওঁ এৰিহে ঢেকেৰাপাৰ পায় | ধৰা খোৱাৰো ভয় নাই | ঢেকেৰাপাৰ পাইয়েই সোমাই দিলে লোহাৰ গেট লগা মানুহ এঘৰত চিঞৰি ক’লে “হাজিৰা মানুহ লাগিব নেকি?” | গৄহস্থ ওলাই আহিল মোনা এখন লৈ | বাৰান্দাৰ চাইকেলখন উলিয়াই গিৰিহঁতনীক কৈ গ’ল “পিছফালৰ দ’ মাটি ডৰা এওঁৰ হতুৱাই কৰাই লোৱা হে, টকা মোৰ চোলাৰ জেপতে আছে, ম‍ই আহিলোঁ, দেৰি হৈছে” | বৰা ছাৰে হাততে স্বৰ্গ ঢুকি পালে | মানে প্ৰথম ঘৰতে যে কাম পালে | গৄহস্থ গুচি গ’ল | গিৰিহঁতনীয়ে মাটি টুকুৰা দেখুৱাই দিলে | দেখি বৰা ছাৰৰ চকু থিয় হ’ল | গোটেই দ’ল ঘাঁহেৰে ভৰি আছে মাটিডৰা | তথাপিও মৰোঁ জীওঁ ভাৱেৰে নামি পৰিল জীৱন যুজঁত বৰা ছাৰ | এঘণ্টা থকাৰ পাছত দুইটা ভৰি খজুৱতিৰে ভৰি পৰিল, মানে ওপচকুৱা | দুইহাতে সমস্ত শক্তি দি খজুৱাইও ৰক্ষা নাই,হায় হায় অংকৰ অনাৰ্চ থকা বৰা ছাৰ ! ১২ টামান বজাত ভাত দিলে | গো গ্ৰাসে গিলিলে ছাৰে, মাজতে বগীলৈ মনত পৰিল যদিও ভোকে পাহৰাই দিলে | খোৱা বোৱা শেষ কৰি আকৌ কামত ধৰিলে | ৫ টা বজাত আজৰি হৈ ভৰি হাত ধুই টকা হাতত লওঁতেহে বুকুখন বিষাই গ’ল ছাৰৰ | ৬০ টকা দি গিৰিহঁতনীয়ে ক’লে “তোমাৰ কাম বৰ ভাল, কালিলৈ আহি কৰি একেবাৰে এশ টকা লৈ যাবা” | বৰা ছাৰে মুখেৰে মাতিব নোৱাৰিলে, কাৰণ নিজেও প্ৰথম চাকৰি পোৱাৰ পাছত হাজিৰা লগাওঁতে ২০ টকা কমকৈ দি পঠাইছিল, পাছদিনা যাতে আহে | টকা ৬০ টা লৈ চাইকেল ফুল স্পীড দিলেও বজাৰ সমাৰ কৰি ঘৰ পাই মানে ৬ বাজিল | চোতালত বাহিৰত চাইকেল এখন দেখি খংটো উঠিছিলেই, কাৰণ বগীৰ স্কুলীয়া প্ৰেমিক নগেনে এবাৰ ঘুটুংপানী খায় আমনি কৰা মনত আছে বৰা ছাৰৰ, তথাপিও ধৈৰ্য্য ধৰিলে | পিছদুৱাৰেদি সোমাওঁ বুলি পিছফালে গৈ মোনাখন বগীক দিওঁতেই ক’লে “মোৰ মহা আহি ৰৈ আছে, যাবগৈ | আহক মুখ হাত ধুই সোনকালে চিনাকী হৈ লওক” | হওক তেওঁ, নগেন নহয় যে ! মুখ হাত মচি বগীৰ মহাকৰ লগত কথা পাতিবলৈ গৈয়েই থৰ লাগিল মহা আৰু বৰা ছাৰ দুয়ো | অথনি গিৰিহতঁনীক দিহা দি অহা জনেই বগীৰ মহাক |
বৰা ছাৰৰ মুৰ ঘুৰাব ধৰিলে যদিও অংকত চোকা বৰা ছাৰৰ চিন্তা হ’ল বাকী থকা ২০ টকা পাওনা পাবনে নাপায় !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments