বৰুৱানীৰ সৌন্দৰ্য্য চৰ্চা আৰু কৃপণ বৰুৱাৰ বিলৈ – (বন্দিতা গগৈ বৰা)

বৰুৱানীৰ সৌন্দৰ্য্য চৰ্চা আৰু কৃপণ বৰুৱাৰ বিলৈ
– বন্দিতা গগৈ বৰা-

অফিচৰ পৰা ঘৰত পঢ়িবলৈ লৈ অনা দেওবাৰে কাগজৰ লগত দিয়া আলোচনী খন বৰুৱাই বৰ মনোযোগ দি এফালৰ পৰা পঢ়ি আছে । পেপাৰ কিনি পঢ়াৰ অভ্যাস তেওঁৰ নাই । পেপাৰ অফিচতে পঢ়ে দৰকাৰ হ’লে, সুবিধা পালে ঘৰলৈ লৈ আনে অফিচৰ পৰাই ! পঢ়াও হয় আৰু কিবাকিবি বান্ধিবলৈয়ো কামত লাগে ! এনেকৈয়ে চলি আছে তেওঁ । গোটেই আলোচনী খন এমূৰৰ পৰা পঢ়ি শেষ কৰি সৌন্দৰ্য্য বিষয়ৰ ৰচনাটিত চকু পেলায়ে টিহটিহাই উঠিল । এওঁলোকৰ কাম নাই নি বাৰু ইমান দামী বস্তুৰে ঘৰত সৌন্দৰ্য্য চৰ্চা কৰিবলৈ উপায় দিছে ! খাবলৈকে দামৰ বাবে মচুৰ দাইল কিনিবলৈ তেওঁৰ মন নাযায় , আকৌ গালত লগাবলৈ মচুৰ দাইল ক’ৰ পৰা গোটাওঁ ? পত্নী আৰু ছোৱালীৰ হাতত পৰিলে এসপ্তাহ আগতে অনা মচুৰ দাইল পোৱা আথানি হয় বুলি তেওঁ লৰালৰিকৈ আলোচনী খন তুলিৰ তলত থৈ অফিচলৈ যাবলৈ সাজু হ’ল । এইখন পেলাই দিবওঁ নোৱাৰি কিবা বান্ধিবলৈ কামত আহে !
অফিচত দুপৰীয়া চাহখোৱাৰ সময়ত লগৰ এজনক নিজৰ খুচুৰা নাই বুলি কুটুৰি কুটুৰি বৰুৱাই লাল চাহ একাপে বিস্কুট দুটা খাইছিল । অফিচ চুটিৰ সময়ত ভোকত পেট কলমলাবলৈ লাগিল । ঘৰত ভালকৈ চাহ একাপ খামগৈ বুলি ঘৰলৈ ৰাওনা হ’ল । বাটতে পাচলি বেপাৰী এজনে বৰ সতেজ পালেং, ধনিয়া আদি লৈ বহি থকা বৰুৱাৰ চকুত পৰিল । পালেং কেইডালমান নিলে পকৰি খাবলৈ পাম বুলি তেওঁ দৰদাম কৰিবলৈ ধৰিলে । “বৰ দাম কৈছে , অলপ কমাওঁক” বুলি পেৰি থকা দেখি পাচলি বেপাৰীজনে গোটেই পাচলি সোপা এনেই লৈ যাওক বুলি কেঙকেঙাই উঠিল ! ওচৰে পাজৰে থকা দুই এজন মানুহে তেওঁলৈ চাই ফিচিঙা ফিচিং কৰি থকা দেখি তেওঁৰ লাজ লাগিল । খঙতে পিয়াজ পাত এমুঠি আৰু ধনিয়া এমুঠিয়ো কিনি পেলালে !
ঘৰলৈ আহি বস্তু কেইপদ টেবুলত থৈ বেচিনত হাত মুখ ধুই ধুই চিঞৰি উঠিল,
“”হেৰা চাহ একাপ দিয়াহি লগতে পালেং আৰু পিয়াজ পাত আনিছো পকোৰা দুটামান ভাজিবা !””
“”পকোৰা ভাজিবলৈ ঘৰত বেচন নাই !””
“”তেতিয়া হ’লে মচুৰ দাইল দুটামান পিহি ভাজাহি !””
“”মচুৰ দাইলো নাই !””
“”কি ?? “”
বেচিনত মুখ ধুই থকাৰ পৰা পত্নীৰ লগত কথা পাতি থকা বৰুৱা এইবাৰ ফো-ফোৱাই বেডৰুমলৈ আহিল কাৰণ পত্নীৰ মাতটো তাৰপৰাই
আহি আছিল !
ওৱা ছোৱালী জনী মুখত কিবা লেপলেপীয়া এসোপা লগাই বিচনাত ওপৰলৈ মূৰ কৰি পৰি আছে আৰু পত্নীয়ো সেই একেসোপা লগাই বেতৰ চকীখনত বহি আছে । তেওলোকে মুখত লগোৱা বস্তু বিধৰ গোন্ধ কোঠাত সোমায়ে বুজিব পাৰিছিল যদিও বৰুৱাই পত্নীৰ ওচৰলৈ গৈ তেওঁৰ গালৰ পৰা এচিকুট লৈ নাকৰ ওচৰলৈ আনি পৰীক্ষা কৰিলে,
“”অ ‘ মই পকৰি ভাজিবলৈ কলে মচুৰ দাইল নাই, তোমালোকৰ গালত লগাবলৈ হ’লে আছে !”””
“”টেমাটোৰ তলিতে দুটামান পৰি আছিল , আজি তুলিৰ তলত কাগজ এখনত লিখা এটা পালোঁ, বোলে মচুৰ দাইল পিহি গালত লগালে মুখৰ ৰং উজ্জ্বল হয় !””
“”আৰু এমাহলৈ ঘৰত মচুৰ দাইলৰ প্ৰবেশ বন্ধ”” বুলি খঙত একোনাই হৈ বৰুৱাই সেই স্থানৰ পৰা প্ৰস্থান কৰিলে !
(খ) পকৰি খাবলৈ নোপোৱাৰ খং আৰু দাম দি কিনা মচুৰ দাইলৰ দুৰ্গতি দেখি উঠি থকা খংটো কমাবলৈ বৰুৱাই টিভিৰ অসমীয়া চেনেল এটা লগালে । তেতিয়া টিভিত ৰূপ চৰ্চাৰ অনুষ্ঠান এটা চলি আছিল । ষ্টুডিঅত বহি থকা সৌন্দৰ্য্য বিশেষজ্ঞ গৰাকীয়ে শীত কালি লবলগীয়া চালৰ যতনৰ বিষয় দিহা দি আছিল আৰু লগতে ঘৰতে লবপৰা কেইটামান , ঘৰতে পোৱা বস্তুৰ কথা কৈ আছিল । বৰুৱাৰ কাণত থলৰকৈ পৰিলহি দুটা শব্দ, “”মৌজোল আৰু কমলা টেঙাৰে “” লব পৰা চালৰ যত্ন । বৰুৱাৰ খঙেই উঠিল কালি তেওঁ বহুত দৰাই দৰাই কমলা টেঙা দুটামান আনিছে আকৌ পাঠকৰ কথামতে শীত কালি মৌএচামুচকৈ খালে শৰীৰ ভালে থাকে বুলি জানি মৌ এবটল আনিছে । এতিয়া এওঁৰ কথা যদি পত্নী আৰু ছোৱালীৰ কাণত পৰে তেন্তে তেওঁৰ এই বস্তু দুপদো পেটলৈ নগৈ আজিৰ মচুৰ দাইলৰ দশাই দশা হব । ধেৎতেৰি , এইবোৰ চেনেল নোচোৱাই ভাল । লৰালৰিকৈ চেনেল সলাই তেওঁ বাবাৰ যোগৰ চেনেলটো লগালে ।টিভিত তেতিয়া যোগ গুৰুজনে পেটটো ভিতৰলৈ ওলোৱা সোমোৱা কৰিবলৈ শিকাই আছিল । বৰুৱাৰ ভাল লাগিল , এৰা এইবোৰহে চাব লাগে, এওঁলোকে খোৱা বস্তু আথানি কৰিবলৈ নিশিকায় । চোফাখনত ভালকৈ বহি তেৱোঁ পেটটো ওলোৱা সোমোৱা কৰিবলৈ লাগিল , খালী পেটটো কৰকৰাই উঠিল , কিন্তু মনটো ভাল লাগিল !
(গ) “”হেৰা হেৰা শুনিছানে ?””
বৰুৱাৰ মাতত বৰুৱানী পাকঘৰৰ পৰা উধাতু খাই দৌৰি আহিল, মানুহ জন মৰ্ণিং ওৱাকলৈ গৈছিলহে উভতি আহিল যে ? কিবা হ’ল । আগফালে বৰুৱা ৰৈ আছে ওচৰত এটা ডাঙৰ নিমডাল পাতসহ ।
“”কি এইবোৰ ?””
“”নিম পাত !””
“”নিমপাত ময়ো বুজিছোঁ ,ক’ত পালে আৰু কিয় বা আনিছে !?””
“”শইকীয়াই কাটি ৰাস্তাত পেলাই দিছিল মই লৈ আহিলোঁ । বুজিছা পানীত উতলাই সেই পানীৰে গা ধুব লাগে । চালৰ কাৰণে ভাল । কালি পাঠকে টিভিত কৈ আছিল ।””
“”সেইবুলি অতসোপা !””
“”আৰে সদায় সদায়নো শইকীয়াই ক’ত ৰাস্তাত পেলাব এনেকৈ । আৰু একেবাৰেই গোটেই সোপা উতলাই থৈ দিবা , গেচৰ খৰছ কমিব আৰু আমাৰ যেতিয়াই দৰকাৰ হয় সেই পানী অলপ লৈ লৈ ধুই থাকিম বুজিছা !””
কৈয়ে বৰুৱাই পাতবোৰ এৰুৱাবলৈ লাগিল ।
বৰুৱানী- বৰুৱাৰ এই সৌন্দৰ্য্য চৰ্চাৰ ৰেহৰূপত দৰক লাগিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments