বৰুৱাৰ সংসাৰ (অনামিকা বৰুৱা)

(এক)

 

: উত্তম মানে কি ?

: ভাল আক’ ।

: অকল ভাল নহয় বহুত ভাল ।

: বাৰু বহুত ভাল, পিছে ?

: এইবোৰ তোমাৰ উত্তমৰ নমুনা!

বেগৰ পৰা উলিয়াই লোৱা শাক-পাচলিখিনিৰ মাজৰ পৰা কটা কটা আলু চাৰিটা অনিৰ্বাণৰ মুখৰ আগত থৈ ক’লে হেমাঞ্জলিয়ে ।

: হেঃ বেয়া আহিল নেকি! মই চাই দিবলৈ কৈছিলোঁৱেই দোকানীটোক ।

: এৰা দোকানীটোক চাই দিবলৈ কৈ তুমি তেওঁৰ মুখলৈ চাই চাই ৰৈ থাকিলা আৰু তেওঁ তোমাক পাই সন্তুষ্টিৰ হাঁহি এটা মাৰি খৰধৰকৈ আলু-পিঁয়াজখিনি দি দিলে ।  দুটা বেঙেনা পোকে খোৱা ।  খুতৰাখিনি ফুলা ।  ফুলকবিকেইটা ইমান ডাঙৰ ডাঙৰ বেজী দিয়া এইকেইটা ।  জাতিলাওটো বুঢ়া ।  বিলাহীকেইটাও আধা কেঁচা ।  কণ বিলাহী নাপালা ? কি যে আৰু তুমি দেই! এতিয়া বজাৰত পাচলি উভৈনদী তথাপি তুমি এই বজাৰ কৰিছা! দুদিনো নাযায় ।

: সেইকাৰণেতো কৈছিলোঁ আজি যেনে তেনে চলাই দিয়া কাইলৈ একেবাৰে অফিচৰ পৰা আহোঁতে একেলগে বজাৰ কৰি আহিম বুলি ।  তুমিহে ক’লা দেওবাৰে ভাল ভাল পাচলি ওলায় বুলি ।

: কৈছিলোঁ ।  সেইবুলি ভাল ভাল পাচলিৰ ঠাইত তুমি এনেকুৱা পাচলি আনিলে মই কি কৰোঁ? ৰাতি তোমাক ঠগিলে বুলি ক’লেও দিনত তুমি জানো নেদেখা? আজি সোতৰ বছৰ পাৰ হৈ গ’ল তোমাৰ সংসাৰ কৰা ।  তথাপি কোনো এটা কথা গাত নালাগিল ।

: এ হ’ব আৰু দিয়া ।  এনেও সদায় বজাৰ কৰিব লাগেই দেখোন ।

: সেই কাৰণে তোমাক আজি বজাৰলৈ পঠিয়াইছিলোঁ ।  অফিচৰ পৰা ওলাই বজাৰ কৰিলে বহুত দেৰি হৈ যায় ।  কিন্তু তোমাক কৈ লাভ নাই ।  চাহ একাপ খাবা নেকি?

: দিলে খাব পাৰোঁ ।  মই অলপ ওলাই যাম ।

: আকৌ ক’লৈ যোৱা?

: তালুকদাৰ দাৰ ঘৰলৈ ।

: কিয় ? একেবাৰে সোমাই নাহিলা কিয় ?

: নাই মানে তেওঁলোকৰ গাড়ীখন আনিব পৰা নাই ।  তাকে মোক লগ ধৰিছে থানালৈ ।  দেৰি কৰিলে তুমি খং কৰিবা বুলি নোসোমালোঁ ।

: তুমি কি কৰিব পাৰিবা ? তুমি এম.ভি.আই নে অ.চি ?

: নহয় অ’ তেওঁৰ কেচ লোৱা অফিচাৰজনক মই চিনি পাওঁ সেয়ে লগ ধৰিছে আৰু কথা পাতিবলৈ ।

: মানিছোঁ তোমাক ।  ৰাইজৰ কাম কৰিবলৈ তুমি সদায় তত্‌পৰ কিন্তু ঘৰখনৰ ফালে চাবলৈ তোমাৰ সময় নাই ।

: তুমি চোৱাই দেখোন ।  মোতকৈ তুমি ভালকৈ চলাব পাৰা ঘৰখন ।  আৰু মইনো কি কৰি দিম!

: তাকেতো তোমাৰ কৰিব লগা একো নায়েই ।  সাক্ষী গোপাল ।  সকলো ঠিকে ঠাকে চলি আছে যেতিয়া মিছাতে কিয় মূৰ ঘমাবলৈ যাবা! শুনা য’লৈ যোৱা যাবা কিন্তু তাৰ আগতে বাবাৰ গিটাৰ ছাৰক এবাৰ লগ কৰি আহিবা আৰু মামনিৰ ড্ৰয়িং স্কুলৰ ফীজটো দি আহিবা ।  ভাত খাবলৈ কিন্তু সময় মতে আহিবা ।  মোৰ কাম আছে ।  তাৰ আগতে কাপোৰ মেলা ৰছীডাল অলপ টানি দিয়া ।  কাপোৰ মেলিবলৈ অসুবিধা হৈছে ।  এগালমান কাপোৰ ধুবলৈ আছে ।

 

(দুই)

 

: বাবা দেউতাক ফোন কৰা ।  ভাত হ’ল মোৰ এতিয়ালৈ দেখাদেখি নাই ।  কৈছিলোঁৱেই সোনকালে আহিবলৈ ।

: দেউতা ক’লৈ গৈছে মা?

: তালুকদাৰ বৰদেউতাহঁতৰ ঘৰলৈ ।

: মা, আজি ছাৰে কৈছে আৰু এমাহমানৰ পাছতেই মোৰ গিটাৰ শিকা সম্পূৰ্ণ হ’ব ।  তাৰপাছত ছাৰে স্থানীয় অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিবলৈ লৈ যাম বুলি কৈছে ।  যাবলৈ দিবা?

: তুমি বজাব পাৰিবা জানো?

: পাৰিমতো ।  ছাৰে কৈছে মোৰ পূৰা কণ্ট্ৰোল আহিছে বুলি ।

: ঠিক আছে সময়ত দেখা যাব ।  এনেও ছাৰ আহিব নহয় ক’বলৈ ।  তুমি দেউতাক ফোন কৰা ।

: দাদা, আজি মই ড্ৰয়িঙত এ-গ্ৰেড্‌ পালো চোৱা ।

: বাঃ বঢ়িয়া ।  তুমিচোন মোতকৈ ধুনীয়া আঁকিছা!

: দাদা, মোক তোমাৰ শ্বেদিং পেঞ্চিলদাল দিবা?

: নিদিওঁ ।  তুমি শ্বাৰ্প কৰি কৰি নষ্ট কৰি পেলোৱা ।  আৰু তোমাক এতিয়াই শ্বেদিং কৰিবলৈ নাই শিকোৱা নহয় ।  পাছত যেতিয়া শিকাব তেতিয়া মায়ে তোমাকো আনি দিব ।

: দিয়ানা প্লিজ ।  কালি তুমি যে আঁকি দিছিলা ছবিখন তাত শ্বেদিং কৰিম ।

: নালাগে ।  তুমি তোমাৰ কালাৰ কৰা ।  মা, দেউতাই আমাক ভাত খাই ল’বলৈ কৈছে ।

ঘড়ীটোলৈ চাই বিৰক্তিবোধ কৰিলে হেমাঞ্জলিয়ে ।  দুই বাজি গ’ল ।  ভাত-পানী খাই বাচন ধুই পাকঘৰ সামৰি আজৰি হয় মানে চাৰিটাই বাজিব দেখোন! তাৰপাছত আকৌ ধুই দিয়া কাপোৰসোপা অনা, জাপি থোৱা, ঘৰ সৰা এইবোৰ কৰি হয় মানে আবেলিয়ে হ’ব ।  আজিৰ দিনটোত আধা লিখি থৈ দিয়া গল্পটো লিখি শেষ কৰিম বুলি ভাবিছিল হেমাঞ্জলিয়ে ।  কিন্তু সময়ে নহ’বগৈ চাগৈ! সপ্তাহটোত এটা মাত্ৰ বন্ধ পায় তাই ।  বাকী দিনকেইটা কেনেকৈ যায় গমেই নাপায় ।  যন্ত্ৰবত্‌ পাৰ হৈ যায় ।  অফিচ, ঘৰ-সংসাৰ, ল’ৰা-ছোৱালী সকলো লেঠা সামৰোঁতে দিনবোৰ-সময়বোৰ গতানুগতিকতাত হেৰায় যায় ।  নিজৰ কথা ভাবিবলৈ এক মুহূৰ্তও আজৰি নাই ।  তথাপি তাৰ মাজতেই হেঁপাহ আছে দেখি লিখা-পঢ়াৰ হাবিয়াসটো ধৰি ৰাখিছে কোনোমতে ।  অনিৰ্বাণেতো মাজে মাজে সেই লৈয়ো তাইক কথা শুনায় ।  পোনপটীয়াকৈ একো নকয় কিন্তু চাহ কাপ বা ভাত দিয়াত পলম হ’লে মুখখন গোমোঠা কৰি বহি থাকে ।  বুজি পায় তাই ।  একো নকয় ।  হেমাঞ্জলিৰ ভাত-আঞ্জা হোৱাৰ পাছতো যেতিয়া অনিৰ্বাণ সময়মতে আহি নাপায় তেতিয়া কিন্তু তাই মুখ ফুলাব নোৱাৰে ।  নহ’লে ঘৰখনৰ পৰিবেশটো নষ্ট হৈ যাব বুলি ভয় কৰে তাই ।  বৰং যিমান পাৰি তাইয়ে সহজ হৈ থাকিবলৈ যত্ন কৰে ।  কেতিয়াবা মনটোৱে বিদ্ৰোহ কৰি উঠে অজানিতে ।  তেতিয়া এনেয়ে বাটলৈ ওলাই গৈ দুখোজমান কাঢ়ি আহে গৈ নহ’লে মামনিৰ লগত ছবি আঁকে নহ’লে বাবাৰ লগত দেশ-দুনীয়াৰ কথাৰ বকলা মেলে ।  ডাঙৰ হৈ আহিছে ল’ৰাটো ।  কথাবোৰ বহুতখিনি জনা হৈছে ।  বুজাও হৈছে ।  তাৰ লগত কথা পাতি খুব ভাল লাগে তাইৰ ।  সিয়ো মাকৰ লগত লগ-সমনীয়াৰ দৰেই কথা পাতে ।  মাকৰ লগত দীঘলীয়াকৈ কথা পাতিবলৈ পালে সুখী হয় বাবা ।  দেউতাকে পঢ় পঢ় বুলি কোৱাৰ বাহিৰে আন একো কথা ক’বই নাজানে ।  অলপতে খং কৰে ।  দেউতাকক সকলো কথা মুকলিকৈ নকয় সি ।  নুবুজে দেউতাকে ।  তাৰ কথাখিনি আধা শুনিয়েই কিবা এষাৰ কৈ দিয়ে ঘপহকৈ ।  নহ’লেবা ভালকৈ কিতাপ কিয় নাই পঢ়া বুলিয়েই খং কৰি উঠে ।  অথচ সিনো কি পঢ়িছে তেওঁ কোনোদিনেই খবৰ নলয় ।  মাত্ৰ হেমাঞ্জলিক কাগজ-কলম লৈ বহা দেখিলেই অকাৰণতে দায়িত্বশীল লোকৰ দৰে আচৰণ কৰে ।  যেন তেওঁ চকু কাণ নিদিলেই ঘৰখনত বেমেজালি ঘটিব ।  নকলেও সকলো বুজে তাই ।  কিন্তু কৰিব কি? কাক ক’ব? কোনে বুজিব? কাৰোবাক ক’লে ওলোটাই তাইকহে ভুল বুজিব চাগৈ! বাহিৰৰ পৰা দেখাত সুখী সংসাৰ এখনৰ গৰাকী তাই ।  এটা সৰু আটোম-টোকাৰী ঘৰ ।  দুটা ধুনীয়া ধুনীয়া ল’ৰা-ছোৱালী ।  পতি-পত্নী দুয়োজনেই চাকৰিয়াল ।  আৰুনো কি লাগে? এই ’কি’টোৰ কোনো সমিধান নাই হেমাঞ্জলিৰ ওচৰত ।  নথকা নহয় আছে কিন্তু তাক অনুধাৱন কৰিবলৈ কাৰো আহৰি নাই ।  ব্যক্তিকেন্দ্ৰিক মানুহৰ ইমান সময় ক’ত আনৰ বেথা কাণ পাতি শুনিব! তাক আশা কৰাটো বহুৱালি মাত্ৰ!

: শুনা, এইমাহত অলপ টান হ’ব চলিবলৈ!

: কিয় ?

: কিয় মানে ? ইহঁতৰ স্কুলৰ কোৱাৰ্টাৰলি ফীজ এইমাহতে দিব লাগিব ।  মোৰ এল.আই.চিৰ প্ৰিমিয়াম দিব লাগিব ।  আৰু বা কি খৰচ ওলায় কোনে জানে!

: এহ্‌ মই আক’ গাড়ীৰ বেটেৰিটো সলাম বুলিহে ভাবি আছিলোঁ ।

: এতিয়াই গাড়ীৰ বেটেৰি কিয় সলাব লাগে? দুবছৰো নাইহোৱা দেখোন লগোৱা ।  সিদিনাটো কিবা বনাই অনা নাছিলা জানো?

: আনিছিলোঁ ।  হ’ব দিয়া দুমাহমান চলিব লাগে ।

: অহামাহত গাড়ীৰ ইঞ্চিউৰেঞ্চৰ ৰিনিউৱেল আছে তোমাৰ মনত আছে নহয়?

: অহা মাহত জানো? মোৰ এচ.বি.আই.ৰ পলিচীখনৰ প্ৰিমিয়াম কেতিয়া দিব লাগিব?

: অহা মাহতেই ।  তাতে বিহুৰ বজাৰো আগতীয়াকৈ কৰিব লাগিব ।

: এ যি কৰা তুমি কৰি থাকিবা ।  এইবোৰত মই মাথা মাৰি থাকিব নোৱাৰোঁ ।

 

(তিনি)

 

ঘড়ীটোলৈ চালে হেমাঞ্জলিয়ে ।  নিশা এঘাৰ বাজি পোন্ধৰ মিনিট গ’ল ।  দিনটোৰ কাম বনৰ শেষত ভাগৰ ভাগৰ লাগিল তাইৰ ।  তথাপি গল্পটো শেষ কৰোঁ বুলি কাগজ কলম লৈ বহিল তাই ।  আগে লিখা পৃষ্ঠাকেইটা উলিয়াই ল’লে ।  কলমটো দাঁতেৰে কামুৰি আগে লিখাখিনিৰ ওপৰে ওপৰে এবাৰ চকু ফুৰাই ল’লে ।  আধা পৃষ্ঠামান লিখিছিলহে অনিৰ্বাণ আহি কাষত বহিলহি ।

: জান্‌টো, ৰাতি হ’ল দেখোন নোশোৱা জানো?

: অলপ দেৰি হ’ব মোৰ ।  তুমি শোৱাগৈ যোৱা ।

: ময়ো ৰওঁ দিয়া ।  ইহঁতকেইটাও শুলে দেখোন ।

: এনেই বহি থাকি কি কৰিবা তুমি?

: অলপ বহোঁ আৰু তোমাৰ লগত ।  কিবা নোকোৱা হুঁ?

অনিৰ্বাণৰ আগবাঢ়ি অহা হাতখন জোৰকৰি আঁতৰাই দি অন্ততঃ এই সময়ত অলপ ৰেহাই দিয়া মোক বুলি কৈ উঠিল হেমাঞ্জলিয়ে ।  এক মুহূৰ্ত হেমাঞ্জলিৰ ৰঙাপৰা মুখলৈ চাই উঠি গুচি গ’ল অনিৰ্বাণ ।  একাগ্ৰতাখিনি ভংগ হৈ গ’ল তাইৰ ।  নামহীন বিৰক্তিয়ে হেঁচা মাৰি ধৰিলে তাইক ।  চকীখনতে মূৰটো আঁউজাই দি চকুদুটা মুদি দিলে তাই ।  অৱৰুদ্ধ খঙত চকুহাল সেমেকি উঠিল ।  কলমটো বন্ধ কৰি থ’লে ।  লিখিবলৈ লোৱা কাগজখিনি সামৰি পেলালে ।  খালি খালি লাগিল তাইৰ মনটো ।  ক্ষন্তেক সময় তেনেকৈয়ে বহি থাকি পঢ়িবলৈ উলিয়াই ল’লে তাইৰ প্ৰিয় উপন্যাস মৃত-বিহংগ ।  যেতিয়াই তেতিয়াই পঢ়ে তাই এইখন ।  কি ভাল পায় তাইহে জানে ।  কিজানি অভয়ে শিলাদেৱীলৈ মনে মনে কঢ়িয়াই লৈ ফুৰা ভালপোৱাখিনিলৈ তাইৰ লোভ লাগে ।  অভয়ৰ কাজিৰঙাৰ মাজত হোৱা অদ্ভুত অভিজ্ঞতাখিনিৰ সোৱাদ লৈ থাকোঁতেই অস্ফুট গেঙনি এটা কাণত পৰা যেন লাগিল হেমাঞ্জলিৰ ।  আকৌ কাণ পাতি শুনিলে ।  হয়, শোৱা কোঠাৰ পৰাই আহিছে ।  দৌৰ মাৰি গ’ল তাই ।  অনিৰ্বাণে বুকুখনত হাতেৰে হেঁচা মাৰি ধৰি বিচনাত বাগৰি আছে ।

: এই কি হ’ল চাওঁ! কিয় এনে কৰিছা?

যোৱা দুদিনমানৰ পৰা পেটৰ ওপৰৰ ফালে বুকুখন অলপ অলপ বিষোৱা বুলি কৈ আছিল অনিৰ্বাণে ।  তাই ডাক্তৰৰ ওচৰলৈ ইমানকৈ যাবলৈ কোৱাৰ পাছতো নগ’ল ।  নিজেই ওস্তাদি মাৰি গেচৰ ঔষধ খাই আছিল ।  এতিয়া ইমান নিশা কি কৰে তাই! অনিৰ্বাণে বিষত ছট্‌ফটাই আছে ।  এক মুহূৰ্ত কিবা এটা ভাবি তাই বাবাক উঠাই দিলে ।  সি বেচেৰাই চকু মোহাৰি মোহাৰি মাকলৈ চালে ।  মাকে কথাটো কোৱাৰ লগে লগেই সি ভনীয়েকৰ ফালে চালে ।

: ভণ্টীকো উঠাই দিম নেকি মা?

: নালাগে বাবা ।  অনিমা বা’ক উঠাই দিয়া ।  মই দেউতাক লৈ যাওঁ ।  গোহাঁই খুৰাক মাতি দিও দেউতাক গাড়ীত তুলি দিয়াত মোক সহায় কৰি দিব ।  তুমি ভয় কৰিবা নেকি বাবা?

: নকৰো মা ।  তুমি দেউতাক সোনকালে লৈ যোৱা ।  মই আছো নহয় ।  ভণ্টীক চাম ।  তুমি চিন্তাই নকৰিবা ।

গ’ল্ডব্লাদাৰত ষ্টোন ।  অপাৰেচন কৰিব লাগিব ।  ষ্টোনটো আহি খাদ্যনলীত লগাত বিষটো ইমান তীব্ৰ হৈছে ।  আৰু দেৰি নকৰিলে হেমাঞ্জলিয়ে ।  ডাক্তৰৰ লগত কথা পাতি লগে লগেই অপাৰেচনৰ সিদ্ধান্ত লৈ পেলালে ।  অনিৰ্বাণক কৈ টকা-পইচা নিবলৈ ঘৰলৈ আহিল হেমাঞ্জলি ।  গাটোত শক্তি নোহোৱা যেন লাগিল তাইৰ ।  নাই কমেও ১০-১৫ হাজাৰ টকা লাগিব ।  কি কৰে এতিয়া তাই! আপোন কাৰোবাৰ ওচৰত মৰি গ’লেও হাত নাপাতে তাই ।  পাচবুকত কোনোদিনেই টকা নাথাকে ।  তাই যি দুই এটকা সাঁচে অনিৰ্বাণে পকেট খালি হ’লেই মনে মনে উলিয়াই পেলায় ।  এনেকৈ লাগ বুলিলে সহায় কৰিব পৰাকৈ অনিৰ্বাণৰ কোনো অন্তৰঙ্গ বন্ধু-বান্ধবো নাই ।  দিনে-ৰাতিয়ে আৰ-তাৰ খবৰ লৈ ঘূৰি ফুৰা মানুহটোৰ সঁচা অৰ্থত কোনো বন্ধু নাই কিন্তু ।  মাজে মাজে অনিৰ্বাণলৈ অবাক হৈ চায় তাই ।  কি ধৰণৰ নিৰ্বিকাৰ মানুহ এজন ।  কেতিয়াও কোনো কথাতে আগ্ৰহ নাই ।  কোনো প্ৰতিবাদো নাই ।  মাত্ৰ কথা পাতিবলৈ পালে লগ এটা পালেই হ’ল আৰু টিভিত নিউজ চাবলৈ পালেই হ’ল ।  বাকী দুনীয়া জহন্নামে যাওক তাত তেওঁৰ ক’বলগীয়া বা আপত্তি কৰিব লগা একো নাই ।  দায়িত্ব পালন কৰিবলৈ, ঘৰখন চলাই নিবলৈ তাইতো আছেই ।  এটাই মাত্ৰ দাবী হেমাঞ্জলিয়ে নিজৰ ধৰণেৰে একো কৰিব নোৱাৰিব ।  খুব ভাবি ভাবি বিদ্যুত দালৈ ফোন কৰিলে তাই ।  সংকোচেৰে কথাখিনি ক’লে ।  তাইক বেছি আৰু একো ক’বলৈ নিদি মই গৈ আছো বুলি ফোন কাটি দিলে বিদ্যুত দাই ।  এই মানুহজন কোনো নহয় তাইৰ ।  কৰ্মসূত্ৰে চিনাকি তাইৰ ।  তেজৰ সম্পৰ্ক নাথাকিলেও কিছুমান সম্পৰ্ক নিচেই আপোন হৈ পৰে ।  বিদ্যুত দাও তাইৰ নিজৰ ককায়েকৰ দৰে ।  তাই গা ধুই বাথৰুমৰ পৰা ওলাই আহে মানে বিদ্যুত দা আহি ঘৰ পালেহি ।

: একো চিন্তা নকৰিবি তই ।  মই আছো নহয় ।  ব’ল সোনকালে ।  কিবা খালি জানো?

তাই গৈ নাৰ্ছিং হোম পায় মানে অপাৰেচনৰ সকলো যা-যোগাৰ হৈ গৈছিল ।  তাই কাউন্টাৰত টকাখিনি জমা দিলে ।  ডাক্তৰে তাইৰ ফালে চাই হাঁহি হাঁহি ক’লে-আপুনি আপোনাৰ হাজবেণ্ডক বৰ ভালপায় ।

ভালপোৱা???? ওঁঠেৰে হাঁহি এটা বিৰিঙি উঠিল হেমাঞ্জলিৰ……

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments