বৰুৱাৰ স্বচ্ছ ভাৰত অভিযান (নীলোৎপল শৰ্মা )

cartoon by Nituparna Rajbongshi.

‘লান্স’ কৰিবলৈ লওঁতেই বৰুৱালৈ শ্ৰীমতীৰ ফোন আহিল । কাঢ়া অৰ্ডাৰ – যিমান পাৰে সিমান সোনকালে ঘৰলৈ যাব লাগে । বৰুৱাই বোলে – এইটো ইম্পছিবল… এনেকে অফিচৰ পৰা আধাতে ঘৰলৈ যাব পাৰি নেকি ! পাৰে যদি ছুটিৰ সময়ত অলপ সোনকালে যাবলৈ চেষ্টা কৰি চাব । ইফালে আকৌ শ্ৰীমতীও নাচোৰবান্দা… “অফিচ চফিচ বুজি নাপাও, মুঠতে ঘৰলৈ এতিয়াই মানে এতিয়াই আহিব লাগে। ইম্পৰটেন্ট কথা আছে” ।

লান্স টাইমৰ প্ৰায় পোন্ধৰ মিনিট সময় দুয়োৰে মাজত অৰিয়াঅৰি চলাৰ অন্তত খুড়াকৰ অৱস্থা সাংঘাটিক বেয়া বুলি ৰেডিমেড আইদিয়াটোৰে বছক সৈমান কৰোৱাই বৰুৱা ঘৰমূৱা হ’ল । এনেই হওতে বৰুৱাৰ ৰাস্তাই ঘাটে লগ পোৱা অলেখ খুড়া আছে; কিন্তু নিজৰ খুড়া নাই কাৰণেই চাগে কিবা ইমাৰ্জেঞ্চিৰ সময়ত বৰুৱাক এই খুড়াৰ বেমাৰটোৱেই ৰক্ষা কৰে ।এয়া কলেজৰ দিনৰ পৰাই চলি আহিছে । নন্- কলেজিয়েট হ’লে খুড়াৰ বেমাৰ বুলি এপ্লিকেচন কৰিয়েই কেইবাবাৰু পৰীক্ষাত বহাৰো নজিৰ আছে বৰুৱাৰ । অৱশ্যে আজি কালি এই খুড়াৰ আইদিয়াটোত সেই পুৰণা ধাৰটো নাই । খুড়াৰ কেছেটখন বজাই বৰ বেছি দিনলৈ যে বৰুৱাই চলিব নোৱাৰিব সেইটোক লৈহে মাজে মাজে বৰুৱাই চিন্তাত পৰে । কিন্তু শ্ৰীমতীয়ে এনেকৈ হঠাৎ মাতি পঠোৱাৰ বাবেহে তেওঁ তাতকৈ বেছি চিন্তাত পৰিছে । “কি বা জগৰ লগালো”, বৰুৱাই মনে মনে অলপ ভয়ও নোখোৱা নহয় । সেয়ে গাড়ীখন চলাই আহি থাকোতেও বৰুৱাই শ্ৰীমতীৰ ফোনটোৰ কথাই ভা‌ৱি আহি আছে –  ফোনটো কৰোতে বাৰু শ্ৰীমতী অলপ ৰাফ্ হৈ আছিল নেকি…ফোনত কথাবোৰ কৈ থাকোতে সেই অজ্ঞাত অথচ গুৰুত্বপূৰ্ণ বিষয়টো কি হ’ব পাৰে তাৰ কিবা ইংগিত দিছিল নেকি ! মুঠতে বৰুৱাই শ্ৰীমতীৰ টেলিফোনিক কথোপকথনটো যিমান পাৰে মনত পেলাবলৈ যত্ন কৰি কৰিয়ে গাড়ী চলাই থাকিল । যিমানেই বৰুৱাই ঘৰৰ ওচৰ চাপি আহি আছে সিমানেই ভয়টোও বেছি হৈ গৈ আছে । শেষত বৰুৱাই নিজে কিবা জগৰ লগাব পাৰে নেকি তাৰো এক তীব্ৰবেগী অনুসন্ধান কৰিবলৈও আৰম্ভ কৰি দিলে । পিছে ক’তা বৰুৱাৰতো তেনেকুৱা একো জগৰ লগোৱা মনত পৰা নাই….

বহুত পৰ ভাবি থকাৰ পাছত বৰুৱাৰ নিজৰ ওপৰতেই খং উঠিল…কিনো দৰকাৰ, ইমানকৈ চিন্তা কৰি থকাৰ ! ঘৰ গৈয়ে দেখোন গম পামেই…পিছে কেতিয়াও আশা নকৰা পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়গৈ বুলিহে !! এনেইটো বৰুৱাৰ যিমান মনত আছে – একো জগৰ লগোৱা নাই; কিন্তু যদি মেমৰি পাৱাৰটোৱে ঠগি দিয়ে…যদি কিবা জগৰ লগায়েই থৈছিল…চেহ…কি যে বিড়ম্বনা…!!! খাটনিয়াৰে ঠিকেই কয়… মাইকী মানুহৰ কথাত দুনিয়া চলা হেঁতেন কেতিয়াবাই ডাইন’চৰৰ দৰে মানৱজাতি ধ্বংস হলহেঁতেন ! ঠিকেই… কিয়নো ইমান ভয় কৰিম হে… যি হয় হ’ব…কিবা জগৰ লগালেও লগাম… কোনে খাতিৰ কৰে…হু কেয়াৰ্চ… খাটনিয়াৰে কোৱাই হয়-“ লাও সদায় পাতৰ তল। এই পত্নী বোলা জীৱ বিধক সদায় দমিনেট কৰি ৰখাই ভাল । নহ’লে চাঞ্চ পালেই কেতিয়া ডিঙিলৈকে জপিয়াব একো ঠিক নাই ।” কম কথাত খাটনিয়াৰে পুৰুষমুক্তি আন্দোলনৰ নামত দেশে-বিদেশ ঘুৰি ফুৰিছে নে… ভালেই কৰিছে । নহ’লে কোন দিনা পুৰুষজাতিটো নিৰ্যাতিত নিপিড়িত হৈ অস্তিত্বৰ সংকটত ভুগিব একো ঠিক নাই । মাজতে খাটনিয়াৰেই কৈছিল – “আমাৰ ইয়াতটো ভালেই; কোনো কোনো দেশত হেনো মহিলাই ডাঙৰ ডাঙৰ সমদল উলিয়াই চৰকাৰৰ ওচৰত দাবী তুলিছে যে সদায় কেঁচুৱা জন্ম দিয়াৰ কষ্ট কেৱল নাৰীয়েই ভোগ কৰি থাকিব কিয় ? সেয়া হেনো নাৰী জাতিৰ ওপৰত যুগ যুগ ধৰি পুৰুষৰ নিৰ্যাতন… যুগে যুগে নাৰী এনে দৰেই প্ৰতাৰিত হৈ আহিছে পুৰুষ জাতিৰ হাতত । সেয়ে চৰকাৰৰ ওচৰত এনে ব্যৱস্থাৰ পৰা নাৰীক মক্তি দিবলৈ দাবী জনাইছে, বহু ধনী ধনী দেশৰ বাঘা বাঘা মহিলা সংগঠনবোৰেও এনে প্ৰতিবাদৰ প্ৰতি হাত উজান দিছে ।”

হয় দেই…কম ভয় লগা কথা হৈছে নে… ভাগ্য ভাল আমাৰ ইয়াত এতিয়ালৈকে এনেকুৱা একো হোৱা নাই । আৰু এনেকুৱা একো ভয় লগা পৰিবেশ নহওঁক বুলিয়ে খাটনিয়াৰহঁতে দিন ৰাত একাকাৰ কৰি পুৰুষজাতিৰ মুক্তিৰ হকে কাম কৰি গৈছে । চিটিবাছৰ মহিলাৰ চিটত পুৰুষ বহিব নোৱাৰে, কিন্তু পুৰুষৰ চিটত মহিলা বহিলে একো নহয়, মহিলাৰ বাবে আলোচনীয়ে বজাৰ ভৰি গৈছে, পিছে পুৰুষৰ বাবে বেলেগে আলোচনী নাই…এনে উদাহৰণ বিচাৰিলে আৰু ওলাব । এয়া পুৰুষৰ ওপৰত মহিলাৰ নিৰ্যাতন নহয়নো কি… ভালেই কৰিছে খাটনিয়াৰে ।

কথাবোৰ ভ‌ৱাৰ লগে লগে বৰুৱাৰ বুকু ডাঠ হৈ গ’ল… মনটো সাহসেৰে ভৰি পৰিল…
বাদ দিয়া হে… কোনে কালৈ কেয়াৰ কৰে… খাটনিয়াৰে কয় নহয়, পত্নীয়ে এনেও সদায় চাঞ্চ পালেই গাড়ীৰ চকাৰ দৰে চেপিবলৈকে বিছাৰে । কিন্তু পতিও যদি চকাৰ তলত পৰি থকা গজালটোৰ দৰে হ’ব নোৱাৰে তেতিয়াই সংসাৰ চেপেটা লাগে ।
গতিকে ডিচিজন ফিস্কড্… কোনো চিন্তা নাই, অফিচ আধাতে এৰি আহিলোৱে যেতিয়া দেখা যাওক কি হয়… গাড়ীৰ চকাৰ দৰে চেপিব খোজিলেও গজালৰ দৰে বিন্ধিবলৈও জানো নহয় বাপ্পেকে ।

বৰুৱা আহি ঘৰ পালেহি । শ্ৰীমতী যে সেইসময়ত ফায়াৰ হৈ আছিল দুৱাৰখন খুলি দিয়া ষ্টাইলতেই বৰুৱাই বুজিলে । প্ৰথম মুডটো দেখি বৰুৱাৰ জীৱ যাও যেন হৈছিলেই… পিছত আগৰ কথাবোৰ মনত পেলাইয়ে আকৌ সাহসী হ’ল । নাই নাই, এটেক্ ইজ দ্যা বেষ্ট ডিফেন্স… গতিকে প্ৰথম ষ্টেপটো বৰুৱাই ল’ব… প্ৰথমৰ পৰাই এটেক্ নিদিলে চাঞ্চ পাই যাব পাৰে । মুখত খঙৰ চাপ এটা আনিবলৈও চেষ্টা কৰিলে বৰুৱাই । মুঠতে চকাৰ তলৰ গজাল হ’ব নোৱাৰিলে যে বৰুৱা আজি চেপেতা লাগিব সেইটো শ্ৰীমতীৰ মুখখন দেখিলেই নিশ্চিত হ’ব পাৰি । তথাপিও সাহস কৰি মাতটো অলপ গলগলিয়া কৰি বৰুৱাই প্ৰথম সুধিলে –

“কোৱাচোন কি হ’ল…কিয় এনেকে মাতি আনিলা মোক…?”

–“আজি কি বাৰ ?”

আৰে… এইটো আকৌ কেনেকুৱা প্ৰশ্ন… বৰুৱা অলপ আচৰিতো হল..।

–“কিয় বা….সোমবাৰ বুলি মই কলেহে গম পাবা নেকি…”

–“তাৰমানে কেইটা দেওবাৰ পাৰ হৈ গল হিচাপ আছেনে…?”

অ… বৰুৱাই এইবাৰহে বুজিলে…কথা তাৰমানে সেইটো….মানে আচল কথাটো হ’ল বৰুৱাৰ ঘৰত চাজা এখনৰ ওপৰত দুটা পুৰণি টিনৰ বাকচ আছে, মানে ট্ৰাংক জাতিয়। তাকেই শ্ৰীমতীয়ে বহুত দিনৰ পৰা কৈ আছে সেইকেইটা নমাই আনি কি আছে উলিয়াই দৰকাৰিবোৰ ৰাখি, অলাগতীয়ালবোৰ পেলাই চাফা কৰি পেলাব লাগে…নহ’লে নিগনিৰ উত্পাত দিনে দিনে বাঢ়িছে । তাকেই অফিচৰ পৰা আন দিনা সময় নাপায় কাৰণেই বৰুৱাইও দেওবাৰে কৰিম বুলি কৈ থয়…পিছে দেওবাৰেও বৰুৱাই সময় মিলাব নোৱাৰা ভালেমান দিনেই হ’ল…। সেইটোতে শ্ৰীমতীৰ খং বহুত দিনৰ পৰাই উঠি আছিল, আজি চাগে ধৈৰ্যৰ বান্ধ চিগি গ’ল । বুজিলে সকলো । ধুৰ.. সেইটো খং দেখুৱাবলৈ সন্ধিয়া ঘৰলৈ ঘুৰি আহোতেও পাৰিলে হয়… এনেকৈ আধাতে অফিচৰ পৰা মাতি আনিব লাগে নেকি…!!

কথাটোত বৰুৱাৰ পিছে অলপ অলপ খঙো উঠিছিল । সেয়ে অলপ কঠোৰ সুৰতে ক’ল –

— “সেইটো কথা ক’বলৈকে তুমি মোক অফিচৰ পৰা মতাই আনিলা… কেনেকে ফাঁকি-ফুকা দি মেনেজ কৰিছো মইহে জানো…এনেকে হ’লে মোৰ চাকৰি যাব কোনোবা দিনা । আৰু কি ইমান সাংঘাটিক কথা হ’লনো এইটো । মই সময় মিলাব পৰা নাই কাৰণেই দেওবাৰবোৰ আহিছে যদিও কামটো কৰিব পৰা নাই । তোমালোক মাইকী মানুহবোৰ কিয় এনেকুৱা হে… তিলটোকে তালটো কৰি কিয় ইমান ভাল পোৱা বাৰু ?”

–“ইস্…দেখিছো নহয়, কি ফালি থাকে । দেওবাৰ অহাৰ লগে লগেই মূৰত কি চাফাই অভিযানৰ পোকে কামোৰে । ভাল এই স্বচ্ছ ভাৰতডাল ওলাল দেই”… শ্ৰীমতীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে ।

–“হওৰা… এজন সু নাগৰিক হিচাপে নিজৰ দেশখন চাফ চিকুনকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ।”

–“নিজৰ ঘৰটো একা…?? সেইটো কোনোবা বেলেগে কৰি দিব নেকি…? পিছে এতিয়া মই সেই পুৰণা কথাবোৰকে শুনাবলৈ মাতি অনা নাই…”

–“তেন্তে…??”

–“এইফালে আহক…” – কথাটো কৈয়ে শ্ৰীমতী বেলেগ এটা কোঠালৈ সোমাই গ’ল..পিছে পিছে বৰুৱাও ।গৈ দেখে সেই বাকচ দুটা থকা কোঠাটোত সেই দুটা নাই । বৰুৱা আচৰিত… “অহ্ বাকচ দুটা কি হ’ল..??”

–“আপুনি ৰাস্তা ঘাটেই চাফা কৰি ফুৰক… মই মদন কাইক মাতি সেইকেইটা নমাই আজি চাফা কৰি পেলালো । কোনোবাই কোৱাৰ লগে লগে ৰাস্তাত ঝাৰু মাৰিবলৈ দৌৰি গ’ল, টিভি কেমাৰাৰ আগত ঝাৰু মাৰি থকাৰ ফটোও উঠিলে, পিছে ইমান দিনৰ পৰা যে নিজৰ মানুহজনীয়ে কিবা এটা কৰিবলৈ কৈ আছিল সেইটো কিন্তু কৰিব নোৱাৰিলে । সেইকাৰণেই মাতি আনি দেখুৱাইছো…চাওক…”

বৰুৱাৰ কিন্তু এইবাৰ সাংঘাটিক খং উঠিল… কেনেকুৱা মূৰ নোহোৱা তিৰোতা অ’ এইজনী… এইটো দেখুৱাবলৈ অফিচৰ পৰা ঘুৰি আহোতেও পাৰিলে হয়… এনেকে আধাতে অফিচৰ পৰা মাতি আনিব লাগে নেকি…
তাতে বৰুৱাই অলপ লাজো পাইছিল চাগে… সেয়ে উঠাতকৈ বেছিকৈ খংটো প্ৰকাশ কৰি মুখেৰে কিবাকিবি ভোৰভোৰাই শ্ৰীমতীক গালি পাৰিলে ঠিকমতে । তাৰ পিছতে উচাৎ মাৰি নিজৰ শুৱা কোঠালিলৈ গুচি গ’ল । খঙতে টাইডাল খুলি বিচনালৈ দলিয়াই দিলে । পিন্ধি থকা হাত ঘড়ীটো খুলি থকেচকৈ টেবুলখনৰ ওপৰত থ’বলৈ লওতে দেখিলে টেবুলৰ ওপৰত এটা ডাঙৰ প্লাষ্টিকৰ বেগ । লৰালৰিকৈ খুলি চাই দেখে কেইখনমান কাগজ, এটা বন্ধ হৈ থকা হাত ঘড়ী, এটা দীঘল চেক্ থকা চকলেট ৰঙৰ চাৰ্ট, দুটা চাবি ৰিং আৰু কেইটামান কলম…। বস্তুবোৰ বৰুৱাৰ চিনাকি….কাগজবোৰো…কাগজ এখন উঠাই ল’লে…তাত লিখা আখৰবোৰো বৰুৱাৰ চিনাকি…“মৰমৰ দেবু দা…..
…তোমাৰ কথা নভ‌ৱাকৈ এক মূহূৰ্তও পাৰ কৰিব নোৱাৰো জানানে……..সেইদিনা কিন্তু তোমাক নীলা ৰঙৰ চাৰ্টটোৰেও খুব হেণ্ডচাম লাগিছিল, মিছা কে কিয় কোৱা তোমাক অকল চকলেট ৰঙৰ চাৰ্টেৰেহে ভাল লাগে বুলি…….সেইদিনা তুমি মোক এৰি যোৱাৰ কথা কিয় কৈছিলা, তুমিতো জানাই তুমি নহ’লে মোৰ জীৱন এন্ধাৰ ……… ….. …………………….মৰমেৰে তোমাৰ আৰু কেৱল তোমাৰ…
নীলাক্ষি ।”বৰুৱাই এইবাৰ আন এখন কাগজ হাতত তুলি লৈ ওপৰে ওপৰে চকু ফুৰালে–
“মৰমৰ দেবু দা……..তুমি কোৱা কথাবোৰ ভুল বুলি মই কোৱা নাই, পিছে আজিৰ দিনত মাহঁতে কোৱা কথাবোৰহেচোন বেছি প্ৰেক্টিকেল যেন লাগে মোৰ……..ঠিকেইটো, কৰ্মই মানুহৰ জীৱন, তেনেস্থলত মোৰ নীলা চকুত তুমি কেনেকৈ জীৱন দেখা পোৱা ভা‌ৱিলেই আচৰিত হওঁ……..কালি মায়ে কথাটো আকৌ উলিয়াইছিল… … … নগাঁৱৰ মানুহঘৰেও………. ……………… ………… ……..ইতি…..বন্দিতা ।”

বৰুৱাই চিঠিখন টেবুলৰ ওপৰত থৈ বস্তুবোৰৰ ওপৰত আকৌ এবাৰ চকু ফুৰালে । আচলতে এইবোৰ কলেজৰ দিনৰে চিঠি আছিল । এইবোৰ যে বৰুৱাই সেই টিনৰ বাকচদুটাৰে কোনোবাটোত ভৰাই থৈছিল একেবাৰে পাহৰি গৈছিল । তাৰমানে শ্ৰীমতীয়ে সকলো কথাই গম পাই গৈছে । এজনীতকৈও যে বেছি সেই কথাওতো তাৰমানে শ্ৰীমতীৰ বুজিবলৈ বাকী নাই । ভাগ্য ভাল সাগৰিকাৰ কথাযে গম নাপালে । অৱশ্যে সেইগৰাকীৰ লগত আকৌ মোবাইলতেই চলিছিল । যি দুগৰাকীৰ মূল্যবান সমলবোৰ শ্ৰীমতীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিলে সেই দুইগৰাকী আছিল প্ৰাক্ মোবাইল যুগৰ । বৰুৱাই লাহে লাহে অনুভৱ কৰিলে অলপ আগলৈকে তৰ্জন গৰ্জন কৰি থকা বৰুৱাৰ খংটো লাহে লাহে পম যোৱা বেলুনৰ দৰে সৰু হৈ আহিছে । বৰুৱাৰ আৰু বুজিবলৈ বাকী নাই কিয় ইমান লৰালৰিকৈ বৰুৱাক অফিচৰ পৰা মতাই অনা হ’ল । বিয়াৰ পাঁচ বছৰৰ পিছতো বৰুৱাক এক্কেবাৰে ৰোমান্টিক মানুহ নহয় বুলি চাঞ্চ পালেই কথা শুনোৱা শ্ৰীমতীয়ে চাগে এইটোও বুজি উঠিছে বৰুৱা যে প্ৰকৃততে তেনেকুৱা একো নহয়…হয়তো এনেকেও বুজিব পাৰে যে শ্ৰীমতীৰ বাহিৰে বৰুৱা আনৰ লগত কিন্তু সাংঘটিক ৰোমান্টিক। হে হৰি কি কৰা যায় এতিয়া…. !! বৰুৱাই যিমানেই কথাবোৰ ভাবিছে সিমানেই টেনছন বাঢ়ি গৈছে । এইবাৰ কেনেকৈ শ্ৰীমতীৰ মুখামুখি হ’ব ভাবিয়ে বৰুৱা কঁপি উঠিল… চেহ্… নিজৰ ঘৰটো, নিজৰ সংসাৰখন চাফা নকৰাকৈ কিয় যে গৈছিল দেশ চাফা কৰিবলৈ… বৰ স্বচ্ছ ভাৰত কৰি ফুৰিছিল নহয়, এতিয়া যি দেখা গৈছে নিজৰ সংসাৰখনেই স্বচ্ছ হৈ যাব নেকি…স্বচ্ছ মানে একেবাৰে উচন নহলেই হ’ল আৰু …
এই খাটনিয়াৰো নাই নহয়, কিবা এটা পৰামৰ্শ ল’বলৈ… লাও পাতৰ তল বোলোতেই এতিয়া শ্ৰীমতীৰ আগত যে বৰুৱাৰ মূৰ তল হ’ব লগা পৰিস্থিতি আহি পৰিছে সেইটো ভাবিয়েই বৰুৱাৰ পেটতে হাত ভৰি লুকাইছে । শ্ৰীমতীয়ে বাৰু কি কি ভাবি পেলাইছে বৰুৱাৰ কথা….
কিনো দৰকাৰ আছিল স্বচ্ছ ভাৰত কৰিবলৈ…দেশ চাফা কৰাৰ আগতে যদি নিজৰ ঘৰখনকে চাফা কৰি ল’লে হয়…কিন্তু বৰষুণ যোৱাৰ পিছত ছাতি বিছাৰি কি লাভ…

ইতিমধ্যেই চাগে শ্ৰীমতীয়ে ৰণচণ্ডী মূৰ্তি ধৰিছেই… দেৱব্ৰত বৰুৱাৰ নামত আহা সেই মৰমৰ “দেবু দা” বোৰ দেখি শ্ৰীমতীয়ে চাগে ইতিমধ্যেই বৰুৱাক প্ৰচণ্ড খুন্দা মাৰি চকাৰ তলত পেলাই চেপিবলৈ সাজু হৈছেই… কিন্তু বৰুৱাই ভালকৈয়ে বুজি উঠিছে যে এই চেপাত খাটনিয়াৰে কোৱাৰ দৰে আৰু বৰুৱা এতিয়া চকাৰ তলৰ গজাল নহয়, কেৱল চকাৰ তলৰ গোৱৰ হে হ’বগৈ…শ্ৰীমতীয়ে চেপিব আৰু বৰুৱা দূৰৈত চিতিকি পৰিব………!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments