বৰোদাৰ নৱৰাত্ৰি (ইৰাণী শইকীয়া)

barodar-navaratri_irani-saikia_sanitized
বহুত দিনৰ পৰা হেঁপাহ আছিল বৰোদাত নৱৰাত্ৰি চোৱাৰ৷ শুনিছিলোঁ নৱৰাত্ৰি বোলে তাত বৰ ভাল হয়৷ অষ্টমীৰ দিনা বৰোদা পালোগৈ। য়ুনাইটেদ ৱে(United way charitable organisation)ৰ দ্বাৰা আয়োজিত “গাৰবা” নাচত অংশ ল’বলৈ৷ অৱশ্যে মই তালৈ দশৰ্ক হিচাপেহে গৈছিলোঁ৷ এসপ্তাহৰ আগতেই অন লাইন ৰেজিষ্ট্ৰচন কৰি পাছ উলিয়াই ললোঁ৷ মোৰ বাবে দশৰ্ক হিচাপে আৰু মোৰ জী, ভতিজীৰ বাবে অংশগ্ৰহণকাৰী হিচাবে পাছ লোৱা হ’ল৷ কুৰিয়াৰ যোগে সময় মতে পাছ আহিও পালেহি৷ ইয়াত সকলো যোগাযোগ অন লাইন দ্বাৰাহে হয়৷ এইখিনিতে এটা কথা কওঁ যে মহিলাৰ বাবে টিকটৰ দাম পুৰুষৰ তুলনাত অতি কম৷ কাৰণটো অবশ্যে ময়ো নাজানিলোঁ৷ আমি নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট দিনা উপস্থিত হ’লোঁ৷ লোকে লোকাৰণ্য৷ নিজকে হেৰাই যোৱা যেন লাগিল৷ জানিব পাৰিলোঁ যে এয়া চল্লিশ হাজাৰ মানুহৰ সমাগম৷ আৰম্ভ হোৱাৰ সময় আছিল ৰাতি ৯ বজা৷ প্ৰতিদিনে বেলেগ বেলেগ ’থীম’ ৰখা হৈছে৷ এখন বিশাল খেলপথাৰ৷ ৰংবিৰঙৰ সাজ সজ্জা৷ ল’ৰাছোৱালী সকলোবোৰ ব্যস্ত৷ কাৰো কাকো চাবলৈ যেন সময় নাই৷ সকলোৱে যেন কেৱল নাচি বাগি আনন্দ কৰিবলৈহে আহিছে৷ নিজ নিজ জাতীয় সাজ পোচাক পৰিহিত অংশগ্ৰহণকাৰী সকলে নিজৰ নিজৰ গ্ৰুপত সকলো থিয় হ’ল৷ আগতেই কৈছোঁ এখন বিশাল খেল পথাৰ য’ত বুঢ়া বুঢ়ী ডেকা গাভৰু সকলোৱে নাচিবলৈ ললে৷ মুহুৰ্ততে যেন আনন্দৰ ঢৌ৷ চাই চাই ভাবিলোঁ আমিও নো কিয় নোৱাৰো আমাৰ বিহুতো এনেকৈ পাতিব৷ কাৰো কাকো চাবলৈযেন সময় নাই৷ ল’ৰাবোৰৰ উৎসাহ দেখি বৰ আচৰিত হ’লোঁ আৰু সকলোৱে যেন কেৱল নাচি বাগি আনন্দ কৰিবলৈহে আহিছে৷ সুন্দৰ পোচাক পিন্ধা ছোৱালী কেইজনীৰ ফালেও চাবলৈ যেন সময় নাই৷ নিজৰ নিজৰ গ্ৰুপত সকলো থিয় হ’ল৷ আগতেই কৈছোঁ এখন বিশাল পথাৰ৷ পথাৰখনৰ আলোক সজ্জা চালে চকু ৰৈ যোৱা৷ চাৰিওফালে বন্তি প্ৰজ্জলিত আকাশ৷ মাজত ডাঙৰ কৈ কেইবাটাও গোলাকৃতি যাতে শৃংখলাবদ্ধভাবে নাচিবলৈ সুবিধা হয়৷ গায়কে গান আৰম্ভ কৰিলে বুঢ়া বুঢ়ী ডেকা গাভৰু সকলোৱে নাচিবলৈ ললে৷ মুহুৰ্ততে যেন আনন্দৰ জোৱাৰ৷ নাাচি নাচি আটায়ে গোটেই খেলপথাৰ খন ঘূৰিলে৷ চালে চাই থাকিবৰ মন যোৱা পৰিবেশ৷ গুজৰাটৰ সংস্কৃতি আজি যেন বৰোদাত এবছৰ মূৰত আকৌ প্ৰাণ পাই উঠিছে৷ নাচি নাচি কোনো যেন ভাগৰা নাই৷ দৰ্শকৰো যেন আমনি লগা নাই৷ কি সুন্দৰ ভাবে নিজৰ নিজৰ ঠাইত সকলোৱে ঘূৰি ঘূৰি নৃত্য প্ৰদশৰ্ন কৰি আছে একেদৰে৷ নাই ঠেলাঠেলি, নাই চিঞৰ বাখৰ, নাই কিৰিলি৷ কেৱল আনন্দ, হাঁহি আৰু ফূৰ্তি৷ প্ৰতি বছৰে এনেদৰেই ন দিনৰ বাবে অনুস্থিত হয়৷ অনুষ্ঠান শেষ হ’ল প্ৰায় আঢ়ৈ বজাত৷ আটাইতকৈ ভাল লগা কথাটো হ’ল যে অনুষ্ঠান সামৰাৰ শেষত ছোৱালীবিলাকে দুচকীয়া চলাই পিছফালে লগৰজনীক উঠাই সকলো ঘৰাঘৰি হ’ল৷ ইখনৰ পিছতে সিখন দুচকীয়া৷ সেইটোয়েও মোক আৰ্কষণ কৰিছিল৷ কাৰো সময় নাই৷ ভাবিলোঁ ইয়াত ইমাননো নিৰাপদনে ৰাতি দুই তিনি বজাতো ছোৱালী অকলে ঘূৰি ফূৰিব পাৰে৷ সচাঁকৈ নিৰাপদ ভাবি ভাল লাগিল৷ সৰুতে তেজপুৰৰ মাজগাৱঁত এনে ধৰণৰ মুকলি বিহু দেখা মনত আছে কিন্তু কম মানুহৰ মাজত৷ ইমান ডাঙৰকৈ পতা বিহুৰ দৰে অনুষ্ঠান মই কেতিয়াও দেখা নাই৷ আচলতে কাৰোবাৰ পৃষ্ঠপোষকতাৰ বাবেহে নিশ্চয় নিজৰ কলা কৃষ্টি ইমান সুন্দৰকৈ বিশাল ভাবে পযৰ্টকৰ আগত ডাঙি ধৰিব পাৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক