বৰ্ণ– দীপা ঠাকুৰীয়া

  • “কটা নিধক ! মোৰ সন্মুখৰপৰা আঁতৰ  হ । তোক দেখিলেই মোৰ যাত্রা নাস্তি হয় । পোকে খোৱা শৰীৰটো লৈ ভুটুংকৈ ওলাৱ” । গোসাঁয়ে মোক গতা মাৰি দিলে । গাত তুলসী পানী ছটিয়াই ঘিউ খোৱা গাভিনীহেন পেটটো দাঙি; ধুতিত পোন্ধ মাৰি ওলাই গ’ল ।

চৰ-ভুকু-গতা-লাঠ মোৰ আপুৰুগীয়া সম্পদ । মোৰ বুকুৰ বৰপেৰাত ইহঁতৰ খোজ নপৰিলে মোৰ দিনটো পাৰ নহয় ।  দীঘলীয়া বাটচ’ৰা যেনিবা চিলনীৰ জীয়েকে ফু মাৰি ভাত খাব পৰা কৰি থৈছে । গোটেই বাৰী পাচলিৰে ময়েই নদন-বদন কৰি ৰাখিছো । সেইবোৰ খালে চুৱা নালাগে । মই এটা দুখ-ভাগৰ থাকিব নোৱৰা  গোনা ম’হহে ! পূজাৰ সামগ্রী মই নিজেই ধুই-পখালি দিব লাগে । অথচ বিগ্রহক সেৱাটো কৰিবলৈ নিদিয়ে । জনা হোৱাৰে পৰা আই-বোপাই কোন আছিল নাজানো । পয়ালগা মোৰ পখৰা শৰীৰটো নদীৰ ঘাটত পৰি থকা পাই গোঁসানী আয়ে লৈ আহিছিল । সেইদিন ধৰি মই বেতনহীন  সাতপুৰুষলৈ বন্ধা  ! কলা-বোবা-অন্ধ  !!  গাওঁখনৰ মানুহখিনিয়েও মোৰ পখৰা শৰীৰটো দেখি ঘিণায় । কণ-কণ ল’ৰা-ছোৱালীহঁতেও মোক দূৰৰ পৰা ‘জহৰা’ ‘জহৰা’ বুলি জোকায় । পখৰা শৰীৰটোৰ লগতে মোৰ গাঠলু চেহেৰা আৰু  মুখৰ আইৰ দাগবোৰ দেখি  কেঁচুৱাবোৰেও আটাহ পাৰি উঠে । মোৰ এই আপচু চেহেৰাটো নিজান দুপৰীয়া বৰপুখুৰীত গা ধোঁওতে দেখিলে মই নিজেও চক খাই উঠো । গোঁসানী আয়ে কলপাতত ভাত সাঁজ দূৰৰপৰা ঢালি দিলেও, মাজে মাজে গোঁসায়ে নেদেখাকৈ মাছ এটুকুৰা বেচিকৈ দিয়ে । পোহনীয়া কুকুৰটোৰ দৰে এই মৰমখিনি মোৰ  দিনটোলৈ সঞ্চিত ধন ।

গাওঁখনৰ আনটো মূৰৰ কেকোঁৰা ভাঁজটোত বৰপুখুৰীটো । ৰমা পেহীৰ বাৰী বোৱাৰীৰ জীয়া দেহৰ তেজ খোৱা পুখুৰী !  কালিকালগা !! মৰাৰ পিচতো বহুজনে তাত পেহীৰ বোৱাৰীক দেখা বুলি কয় । মাজনিশা হাওঁ হাওঁকৈ কান্দি থকাও শুনিছে । প্রাচীন জৰীগছজোপা বোলে পুৰণি প্ৰেতাত্মাৰ বাসস্থান । বুঢ়াডাঙৰীয়াৰ পৰা আৰম্ভ কৰি যখিনী-ভুতুনীলৈ সকলোৰে ঘৰ । দিনতে কোনো মানুহ তালৈ নাযায় । মোৰ আকৌ এই নিজান পুখুৰীটো লগৰী । পুখুৰীটোৰ ওপৰত বগী আবুৰ দাঁতৰ দৰে সোলোক-ঢোলোক বাঁহৰ দলং এখনো আছে । এই অকলশৰীয়া পুখুৰীটো দেখিলে মোৰ মায়া লাগে ।  মোৰ দৰে যেন ঘাটমাউৰা ! মই আকৌ তাতেই  গাটো জোবোৰা মাৰি শান্তি পাওঁ, তাৰ পাৰৰ জৰী গছজোপাৰ ছাঁতে  জিৰাওঁ । কিচিম-কিচিম চৰাইবোৰে তাত মোহ লগাকৈ গীত জুৰি থাকে । হেটলুকা, হাইঠা কেইজনীয়ে কুটকুটকৈ জৰীগছৰ গুটি খাই থাকে । কেতিয়াবা মই নিশা আহিও বহোঁ । জকমককৈ থকা তৰাবোৰ জৰীগছজোপালৈ নামি আহে । ক’তা মইতো তাত কোনোদিনে অন্য একো দেখা নাই । মাথো পুখুৰীটোহে থমথমকৈ বহি কান্দি থাকে ।  ডাউক, কণামুচুৰী কেইটাই বুকুখন খুটিয়াই খুটিয়াই ঘা লগাই পুখুৰীটোক কন্দুৱাই থাকে ।

গোঁসাই ঘৰৰপৰা  পুখুৰীটোলৈ এডৰা বাট । তালৈ  যাওঁতে এখন এৰাবাৰী পাৰ হ’ব লাগে ।  সেইদিনা মই তালৈ যাবলৈ ওলাইছিলো । চাৰিআলিৰ মূৰত থকা যদুহঁতৰ দলটোৱে মোক বেঢ়ি ধৰিলে। কাম-কাজ নথকা ধদুৱা সেইকিটা !

-অই ক’ত যাৱ ?

বৰপুখুৰীৰ গাভৰু চাবলৈ  যাৱ নেকি  ?

নে জৰীজোপাত থকা তোৰ বংশৰ ভায়েৰ কেইটাক!

চাচোন গোঁফে-চোফে ডেকাটো হৈ উঠিছে বুলি মদনে মোৰ বাউসিত চিকুটি দিলে ।

-অই তাক মাকনীবুঢ়ীৰ জীয়েকৰ ওচৰলৈ পঠাই দে । দুকুৰীহে হ’ব মাত্র ! চৰুৰ ছাঁইৰ কাজল সানি, কেৰী চকুযুৰিহে যিটোহে হাঁহি মাৰে – পুৰণি চিনেমাৰ নায়িকা কুমকুম, ললিতা পাৱাৰলৈ মনত পৰি যায়। তোৰ লগত পাভ যোৰা হ’ব বুলি মোৰ পেটলুংটো যদুৱে জোৰৰে টান মাৰি দিলে ।

খঙতে মই একে আজোঁৰমাৰি প্রাণ-প্রণে দৌৰিলো । পিচফালৰপৰা সিহঁতৰ হাঁহিবোৰে মোক নদাই বেজৰ বীৰাকেইটাই দলিওৱা পকা চপৰা যেন লাগিছিল । খঙে-ক্ষোভে ফেঁপাই ফেঁপাই এৰাবাৰীৰ জামুগছজোপাৰ তলত থকা শিলটোতে বহি পৰিলো । খঙটো মোৰ মাকনীবুঢ়ীৰ বুঢ়ী জীয়েক জেউতিৰ ওপৰতো উঠিছিল । মোক দেখিলে তাই থুৱাই দিয়ে । আনহাতে এই ধদুৱাজাকক দেখিলে যি চৰত চৰতকৈ পদূলি সাৰিব । বেটীৰ চাদৰৰ আঁচল তেতিয়া ঘনে পতি খহে ! টোটোৰাপৰা মালদহীয়া বুকুখন দেখুৱাই কেৰীচকুযুৰিৰে যি খিলখিলাই হাঁহিব যেনিবা ভোমোৰাবোৰে পচাফুল চিনিহে নাপায় !

কি সেইটো ? সাউতকৈ মোৰ কাষেৰে পাৰ হৈ গ’ল । মই মূৰটো দাঙি চাই পঠালো । সূর্য্যৰ পোহৰত জিলমিলাই আছে । গোটেই গাটো ক’লা-বগা পখিলাৰ চানেকি । মন্থৰ গতিৰে পদ্মিনী খোজেৰে আগবাঢ়িছে । সাইলাস গোঁসানীৰ নুমলীয়া জী বাসন্তীহে!  মই বহুপৰ চাই থাকিলো । তাই গছজোপাৰ তলৰ উঁইহাফলুত লুকাই পৰিল । ও, তাইৰ চাগে তাতেই ঘৰ । গোঁসানীৰ জী-জনী টাউনৰ হোষ্টেলত থাকি পঢ়িছিল । মাজে সময়ে ঘৰলৈ আহে । তাই মোক সৰুৰেপৰা নিঘিণায় । এবাৰ তাই মোক টাউনৰপৰা বগা মিঠাই এটি কিনি খুৱাইছিল । এনে ৰাজভোগ হেন সোৱাদ জীৱনত প্রথম চাকি চাব পাইছিলো । অন্য কিবা এটা খালেও তাই মনে মনে মোৰ বাবে হাতৰ মুঠিত থৈ দিয়ে । সৰুতে মই কিমানবাৰ মনে মনে সুবলহঁতৰ বাৰীৰপৰা তাইলৈ বগৰী আনি দিছিলো ! বুকুত কাপোৰ ল’ব পৰা তাই গহীন হৈ পৰিল । দিনে দিনে তাই আকাশৰ পৰী হৈ উঠিছিল ।

আজি পুৱাৰপৰা মনটো মোৰ তাতেই । কেতিয়ানো তালৈ যাব পাৰো মনতো উচপিচাই আছিল । পুৱাতেই এৱা গাখীৰ অকণ ঘটিটোত চোৰকৈ থৈ দিছিলো । দুপুৰীয়া এৰাবাৰীৰ জামুগছৰ তল পালো । নিজম পৰি আছে আছে দুপৰীয়াটো ! চাৰিওফালে তৰাগছ আৰু ঝাওবনেৰে ভৰি আছিল । দীঘল দীঘল গছবোৰ যেন এৰাবাৰীৰ একোটা একোটা চন্তৰীহে । যুগ যুগ ধৰি পহৰা দি আছে ফল-ফুলৰ উদ্যানখন। মই লাহেকৈ ঘটিটো শিলটোৰ তলতে থৈ তাই অহালৈ ৰৈ থাকিলো । তাই সঁচাকৈ আহিল যোৱাকালিৰ দৰে মোহনীয় ভঙ্গিৰে। তাই ঘটিৰ গাখীৰখিনি পি খাই থাকোঁতে মই শিলটোৰপৰা নামি তাইৰ ওচৰ পালো । গাখীৰ খাই ফোঁচ ফোঁচকৈ তাই মোৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে । মোৰ দুইভৰি শুঙি শুঙি চালে । নাই তাই মোক ঘিণোৱা নাই । তাই মোৰ বাসন্তীয়েই  । বগৰী খাবলৈ পায়হে যেন নাচিছে । মই লাহেকৈ তাইক চুই দিলো । হিম শীতল অনুভৱ এটাই মোৰ মন জোকাৰি গ’ল ।

ঘৰ সোমাইছোহি । গোঁসানী আয়ে আগভেটী ধৰিলে ।
-মই তোক মানা কৰা স্বত্তেও তই তালৈ কিয় যাৱ ?
-মোৰ ভাল লাগে আই !
-বাৰে বাৰে কৈছো ঠাইখন ভাল নহয় । যশ-পিশাচনীয়ে ধৰিলে তেজ বতিয়াই সিপুৰী পাবিগৈ । সিহঁতে মায়ালগা ৰূপ ধৰিব পাৰে ।
-হ’ব আই ! মোক কোনে কিটো কৰিব ? প্রভুৱে মোক যিটোহে  ৰূপ দিলে !
-যা তোৰ লগত নোৱাৰি আৰু ! পঘা এডাল তোৰ ডিঙিত মেৰাই দিব লাগিব । তেতিয়াহে তই ঘৰতেই থাকিবি ।

আয়ে কোনফালে পোনাইছে ধৰিব পাৰিলো ! মোলৈ কোন ছোৱালী বাৰু আহিব ? মোৰটো মন যায় বুকুখন উদং কৰি কাৰোবাক প্রেম দিবলৈ । এখন ঘৰ পাতিবলৈ । কিন্তু এই চিৰবন্ধাৰ তাত চিৰবান্দী হ’বলৈ কোন আহিব ? মাজে মাজে ভাৱো মোক কোনোবাই ঘিণালে তাই কিয় খং কৰিছিল? মোৰ কষ্ট দেখিলে তাইৰ চকুৰপানী টপটপকৈ কিয় সৰিছিল । তেন্তে বাসন্তীয়ে মোক ভাল পাইছিল নেকি ? হে প্রভু ! এইবোৰ মই কি ভাৱিছো ? মইটো নৰকৰ কীট ! গোঁহালিৰ কাষত পাৰি থোৱা থৈলাখনেই মোৰ বিছনা । তাই মখমলৰ বিচনাত শুই থাকে ! মটৰ গাড়ীত উঠি ঘূৰি ফুৰে । বাওঁনা হৈ চন্দ্ৰলৈ যোৱা ভাৱনাবোৰ কিয় আহিছে বাৰু মোৰ মনলৈ ! তেনেহ’লে মোৰ বাবে সেইনিশাটো দিঠক নে সপোন আছিল ? যদি সপোনেই হয়, মোৰ লগ এৰি নিদিয়ে কিয় ? বোকোচাত বান্ধি লৈ ফুৰা সপোনৰ নিশাটোৱে এনেকৈ কিয় মোক গবা মাৰি ধৰেহি । উঃ কেনেকৈ খেদি খেদি আহি মোৰ মই টোক আজোৰ মাৰি নিয়ে। মোৰ তন-মনৰ লগত হাউ খেলা খেলি থাকে। মই কিয় তাইৰ কথা ভাৱিছো ? তাই  এজনী সাপিনীহে ! মোৰ  ব্রহ্ম  তালুত খোট মাৰি থৈ গ’ল । মোৰ সর্বোচ্চ লুটি নিলে ।  মোৰ বুকু গৰকি তাই পৰৰ চোতাল গচকিছে । ঢোলে-ডগৰে সাতখন গাওঁক ভোজ খুৱাই গোঁসায়ে বিয়া দিছে । কেঁচুৱা এটিৰ মাক হৈছে !

আজি আকাশখন পুৱা বেলাৰপৰা গোমা হৈ আছে । দুদিন মানৰপৰা আমাৰ ঘৰলৈ জেউতিৰ মাক ঘনাই আহিছে । গোঁসানী আইৰ লগত দীঘলীয়া ফুছফুছনি । মানুহজনীক দেখিলে মোৰ গাটো বিছাই ডকাদি দাগে । মহা দগাবাজ বুঢ়ী ! কি আলচ্ কৰিছে ঠিকনা নাই । যাদু-মন্ত্রও জানে । গাওঁৰ মানুহখিনিক তেনেকৈ ভেল্কিবাজী মাৰেও । কতই যে বুঢ়ীৰ ঘৰত সমস্যা সমাধানৰ বাবে নাযায় । অথচ বুঢ়ী জীয়েকজনীক এতিয়ালৈকে দিব পৰা নাই ।

  নাই আজিও দেখোন অজানজৰী এডালে হেঁচোকি হেঁচোকি এৰাবাৰী খনলৈ টানি লৈ গ’ল । বতৰটো গোমা । ভৰ দুপৰীয়া বেলিটো ডাৱৰৰ পোতাশালত বন্দী হৈ থকা যেন লাগিছিল । উশাহ নাপাই হামৰাও কৰি আছে । মই ঘটিটো থৈ বহিছোহি । তাই চাৎকৈ আহি একে উশাহে গাখীৰখিনি পি খালে । ডাৱৰ ফালি বেলিটো তাইৰ গাত জাপ মাৰি পৰিছে । । দহচীয়া মঠফালটোৰ দৰে জিলিকনি । লাহে লাহে তাই মোৰ ভৰি দুখন সুৰ-সুৰাই দিলে । ফুচ-ফুচাই কৈছে , ‘মোক চুই চা ! মোক চুই চা !! লাহে লাহে মোক মেৰাই ধৰিলে। মোৰ বাসন্তীজনী! মাখন কোমল বুকুখন যেন মোৰ বুকুত ! চুটি চুটি নিশাহবোৰ! তাইৰ তিলফুলৰ দৰে নাকটো ঘামি উঠিছে ! ভেটৰকলি দুটি মোৰ বলিষ্ঠ মুঠিত ফুলি ফুলি উঠিছে ! বনৰীয়া মইটো গভীৰ অৰণ্যৰ সুৰুঙাইদি সোমাই পুৰুষ হৈ উঠিছো। কি হৈছে মোৰ! কি হৈছেনো ?

ঘৰলৈ আহি দেখিছিলো ঘৰৰ চোতালত এবোজা বাঁহ পেলাই থোৱা আছে । গোঁসায়ে মোক দেখি আটাহ পাৰি উঠিল !
-ক’ত টলৌ-টলৌকৈ ঘূৰি ফুৰ ? কালি  আৰু দুটামান কামলা আহিব । তহঁতি লাগি-ভাগি বাৰীৰ চুকত ঘৰটো বনাই পেলাবি । ভিতৰত শুবলৈ চাং এখন পাতিবি । তোৰ বিয়ালৈ বাসন্তী আহিব ! কেঁচুৱাটো হোৱাৰ পিচৰেপৰা তাই প্রথম ঘৰলৈ আহিব  !
-মোৰ বিয়া ! কাৰ লগত ?
-মাকনী বুঢ়ীৰ জীয়েকৰ লগত ! 
বাসন্তীৰ কথা শুনি মোৰ মনটো যিমান উচপিচাইছিল, বিয়াৰ কথা শুনি সিমানেই দমি গ’ল । গোঁসাইৰ কথাষাৰে মোক চুৰাটৰ পাতেৰে চটপ-চটপকৈ কোবোৱা যেন লাগিল । কলী ধেমনী বুঢ়ীজনীকনো মোৰ ডিঙিত আঁৰি দিব লাগেনে ? আটাইবোৰ ৰৌ ৰৌ নৰকত পচিব !

   বিয়াৰ দিন যিমানেই আগবাঢ়িছে সিমানেই মনটো চট্ফটাইছে । বলি দিয়া পাঠাটোৰ দৰে বেবাই আছো । মোক পখৰা বুলি থুৱাই দিয়া আধা বুঢ়ীজনীয়ে মোৰ কইনা ! লাহে লাহে মোৰ সেই দুৰকপলীয়া দিনটো উপস্থিত হ’ল । মাহ-হালধি সানি ,সু-সজ্জিত পোছাক পিন্ধাই মোক বিয়াৰ পোতাশাললৈ লৈ যোৱা হ’ল । নতুন নিয়ম অনুসৰি মোক কোনেও মোৰ শেষ ইচ্ছাৰ কথা নুসুধিলে । জেউতিৰ শিৰত সেন্দুৰ দিয়া সময়কণত কোনো ঘাতকে আহি মোক শিৰশ্চেদ কৰা যেন লাগিল ।মোৰ মৃতদেহটো চোঁচৰাই বগৰাই মোৰ কেঁচা তেজেৰে ৰং-তামচা কৰি গোপনীসকলে জাউৰিয়ে জাউৰিয়ে বিয়াগীত জুৰিলে ।

নতুন ঘৰৰ চাংখনতে মোৰ নৱপৰিণীতা  জেউতি ! কপালত দগমগীয়া সেন্দুৰৰ ফোঁটটো ! বিয়াৰ ভাগৰত নাক বজাই বজাই শুইছে । মোৰ টোপনি ধৰা নাই । মই উঠি আহি চোতালখনত পাইচাৰি কৰি আছিলো । বাহিৰত তেতিয়া ফৰিং ফুটা জোনাক ! বাসন্তীৰ শোৱনিকোঠাত পোহৰ ।  তায়ো চাগে উজাগৰে আছে । ক’ত তাই শুব পাৰিব ? তাইৰ বুকুখনত হুলে বিন্ধিবই বিন্ধিব । নাভাৱো বুলিও বাসন্তীৰ বিয়াৰ আগনিশাৰ কথাবোৰে মোক আমনি কৰি থাকিল। মোৰ বোকোচাত উঠি ফুৰা সেইনিশাৰ সপোনটো গা টঙাই উঠিছিল মাত্র । হঠাৎ জেউতিৰ চিঞৰ!
-কি হ’ল তোৰ ? ইমান আটাহ পাৰিছ যে !
-চাচোন কিবা এটাই ভৰিত কামোৰ মাৰি সাউৎকৈ গুচি গৈছে ।

মই টর্চ মাৰি বাহিৰলৈ ওলাই আহিলো । জোনাকৰ পোহৰত ক’লা-বগা গাটো জিলিকি উঠিছে । লাহে লাহে জেউতি নীলা হৈ পৰিল । হৃদপিণ্ড স্তব্ধ । গোটেই ঘৰখনত মুহূর্ততে হুলস্থূল লাগি গ’ল । বাসন্তী ! মোৰ বাসন্তী !! তাইনো কেনেকৈ সহিব সতিনীৰ জ্বালা !

ঘটনাটো ঘটাৰ এটা পষেক হৈছিল । মোৰ এইকেইদিন এৰাবাৰীলৈ যোৱা হোৱা নাই । এদিন নিশা  খচ-মচনিত মই সাৰ পাই উঠিলো । তাই লয়লাস ভঙ্গিৰে চাংখনলৈ বগুৱা বাই আহিছে ।  মই তাইক ভালকৈ দেখিছো । তাইৰ মুখত বিজয়ৰ হাঁহি । ঠেহ-আৱদাৰত মুখখন মোৰ  বুকুখনত গুজি দিছে । মোৰ বাসন্তীজনী!  মই কাষ চপাই সাৱট মাৰি ধৰিলো ।
তাই ফোচ-ফোচকৈ মোক ক’লে, ‘চা! চা!! আমাৰ কেঁচুৱাটো পখৰা নহয়’ !
মই অবাক হৈ লোডোৰ-পোদোৰ জীউধনটোক লুটিয়াই-বগৰাই চালো । নাই কতো  দাগ এটিও নাই । পাহাৰৰ শান্তিৰ জুৰি এটি খিল-খিলকৈ হাঁহি মাৰি মোৰ বুকুৰ মাজেদি পাৰ হৈ গ’ল  । জোনজনী তামোলজোপাৰ পাত চুওঁতেই তাই পাটীৰপৰা নামি গ’ল । আজি বাসন্তী যেন সাক্ষাৎ গোঁসানী আইৰ প্রতিমাজনী !  তাই সাপিনী নহয় !! কেতিয়াও হ’ব নোৱাৰে !!!

সেইদিনা দুপৰীয়া  বৰপুখুৰীৰ পকনীয়াই মোৰ মনৰ কলা-বগা সাপজনীক অটললৈ টানি লৈ যোৱা মই পলক নপৰাকৈ চাই আছিলো । পুখুৰীত মোৰ নিজৰ ছাঁটোলৈ অদ্ভুত মায়া জাগিছিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments