“বৰ্ণ”( দেৱব্ৰত গগৈ )

“ তোমাক অলপ ঠেলিছোঁ দেই” –এম্বেছাদৰখনৰ পাছৰ আসনৰ দুৱাৰখন খুলি গাটোৰ এফাল সোমোৱাই মই ৰৈ দিলো । ৰভাতলীৰ পৰা আহি যেনেতেনে গাড়ীখনৰ ভিতৰত সোমাবলৈ চেষ্টা কৰি থকা পোহৰখিনিৰ কৃপাত গম পালো পাছৰ ছিটত চাৰিজনী বহি আছে । কোন কোন ? ৰছিদৰ মোমায়েকৰ জীয়েকৰ বান্ধৱীকেইজনী ।মোৰ চকু দুটাই ৰাতিপূৱাৰে পৰা চাই থকা গৰাকীকে মই ওপৰৰ কথাখিনি কলো । আচলতে কবলৈ বাধ্য হলো । বাই-ডিফল্ট । তেওঁ যে একেবাৰে কাষত বহি আছিল । ঠেলিছোঁ বুলি কলো যদিও ঠেলিব লগা নহল , কাৰণ কলেজত পঢ়ি থকা চাৰিজনী ছোৱালী আৰু মাত্ৰ ছমাহৰ আগতে জীৱনৰ প্ৰথম চাকৰিটোত যোগদান কৰা ল’ৰা এটাৰ বাবে এম্বেছাদৰৰ পাছৰ ছিটতো বহুত ডাঙৰ হয় বা ডাঙৰ কৰি লব পাৰি । মাথোন এটা মুকলি মনৰ প্ৰয়োজন ।

“বিয়ালৈ তই যদি নাহ, কথা বেয়া নহয় , একেবাৰে বেয়া হব । তোক যতে পাওঁ তাতে মাৰিম” — ফোনত ৰছিদে কথাখিনি কোৱাৰ পাছত তাৰ উইকেট কিপিং কৰা হাত দুখনলৈ মোৰ মনত পৰি গ’ল । মই বিয়ালৈ যোৱাটোকে ঠিক কৰিলো । বিয়া ৰিবুল কেকাৰ, ৰছিদৰ একমাত্ৰ ককায়েক । পিছে ছুটি ? নিজে দি লম ! উজনিৰফালে হোৱাই নোহোৱাই দুটামান অফিচিয়েল ভ্ৰমণসূচী তৈয়াৰ কৰি বছ’ৰ অনুমতি উলিয়াই ললেই হ’ল ।
ৰছিদহঁতৰ বিয়াবোৰ দিনত হয় , যিটো মই পছন্দ কৰো । প্ৰান্তিক আলোচনীত কেইবছৰ মানৰ আগতে দিনত বিয়া পতাৰ সপক্ষে লিখা এটা প্ৰবন্ধ পঢ়িছিলো । সঁচাই , দিনত বিয়া পাতিলে আয়োজন কৰা ঘৰৰ বহু লাভ । পিছে ৰঙীন পানীৰ আড্ডা ভাল পোৱা সকল ঘোৰ বিৰোধী , এই দিনত আয়োজন কৰা বিয়াবোৰৰ । “ কেলেই যে দিনত বিয়া পাতে ! এতিয়া ৰাতি হোৱালৈকে ৰৈ থাক”—প্ৰদীপৰ আপত্তি আৰম্ভ হলেই । বহুদিনৰ মুৰত লগৰ কেইটাক পাইছো , গতিকে সকলোৰে পেটত ৰঙীন পানী এবুলন হ’লেও পৰাটো খাটাং । আমাৰ ভিতৰত সকলোতকৈ প্ৰথম চাকৰি পোৱা প্ৰদীপৰ নতুন গাড়ীখনৰ ডিকিটো ইতিমধ্যে সেইবোৰেৰে ভৰ্তি হৈ আছে , মাথোন ৰাতি হোৱালৈ অপেক্ষা ।

“তই মাইহঁতৰ লগতে যা” – বুলি কৈ ৰিবুল কেকাই মোক ফচাই মাইকী মানুহ যোৱা গাড়ীখনত উঠাই দিলে ।মই আগ ছিটত , পাছৰ ছিটত জামালৰ পেহীয়েক দুজনী আৰু মাক ।মোৰ অৱস্থা চাই লগৰকেইটাই দুৰৈৰ পৰাই হাঁহি হাঁহি ত’ত নোপোৱা হ’ল । মোৰ প্ৰদীপৰ গাড়ীখনৰ ডিকিটোলৈ মনত পৰিল । আচলতে মই নিজেহে ফচিলোঁ । মনতে ভাব হৈছিল , যিহেতু দিনত পতা বিয়া , বৰ বেছি হুলস্থুল নহ’ব , যি হব গধূলিৰ পাছতহে হব , যেতিয়া কইনা উলিয়াই দিব সেইসময়ত আৰু আমিও তেতিয়া ছেগ বুজি প্ৰদীপৰ গাড়ীৰ ডিকিটোৰ বস্তুখিনিক আপোন কৰিম । তেন্তে ইমান সময়ে কি কৰো ? কৰবাতটো ব্যস্ত থাকিব লাগিব ! কিহত থাকো ?

চাকৰ-নাকৰেৰে ভৰি থকা ৰছিদহঁতৰ ঘৰখনত বিয়া বুলিও আমি কৰিবলগীয়া একো কাম নাই । সেইবাবে লগৰবোৰ ৰভাৰ এচুকত আড্ডা মৰাত ব্যস্ত । বিষয়-বস্ত সেই এটাই আৰু একেটাই – “ছোৱালী” ।আমনি লাগি উঠি আহিলো ।

“ দেৱদা, গুৱাহাটীৰ পৰা কেতিয়া আহিলে”? ৰভাতলীত বহি থকা ছয়জনীমান ছোৱালীৰ মাজৰ পৰা প্ৰশ্নটো ভাহি আহিল । সেইজনীয়েই ৰছিদৰ মোমায়েকৰ ছোৱালী , ছায়েমা । বাকী কেইজনী লগৰ । অৱশ্যেই মোক চিনাকী কৰি নিদিলে , মোৰ ভাল বেয়া খবৰ পিছে ল’লে তাই । হঠাত মোৰ চকুটো গুচি গ্’ল বাকী পাঁচগৰাকীৰ মাজৰ এগৰাকীৰ ফালে । পিন্ধনত দামী পাতৰ এজোৰ কাপোৰ , বেছি ছুটিকৈ কটা চুলি আৰু কপালত এটা ফোঁট । ৰংটো ? ৰঙা হয় । তাৰমানে কি ৰছিদহঁতৰ ফালৰ নহয়নেকি ? আন্দাজ এটাহে কৰিলো । কাকনো সুধোঁ ? ছায়েমাক ? হয় পাৰি । পিছে পোনেইটো আৰু আচল কথাটো তাইক সুধিব নোৱাৰি । মোক বহুত সন্মান কৰে , ৰছিদৰ লগৰ বুলি । “ কলেজ কেনে চলিছে”?মই ব্যস্ত হৈ পৰিলো ছায়েমাৰ লগত, লগৰজাক ওলাই গ্’ল ধোৱাঁ উৰোৱাবলৈ । তেনেতেই ৰিবুল কেকাই মোক ক্’লেহি – “তই মাইহঁতৰ লগতে যা”।ছায়েমাৰ লগত মোৰ ব্যস্ততাও শেষ হ্’ল ,একো নজনাকৈ , একো নুসুধাকৈ ।

“নিকাহৰ সময় চাৰে বাৰটা , খৰধৰ কৰ” ।খুৰীটিৰ মানে ৰছিদৰ মাকৰ বোৱাৰী আনিবলৈ উথপ্-থপ । একেবাৰে কইনা ঘৰ পাইহে শান্তি। ৰক্ষা তেও । তেতিয়াই ঠিক কৰিলো , ঘুৰি যাওতে আগতেই প্ৰদীপৰ গাড়ীৰ আগছিটতো লবই লাগিব । কাজীৰ নিকাহ , দ্’ৰা-কইনাৰ কেক কটা , দৰাঘৰীয়াৰ ভাত খোৱা এইবোৰ শেষ হৈ কইনাৰ কন্দা-কটাৰ সময় আহিল । বেলি ইতিমধ্যে পাতত বহিলেই । হঠাত প্ৰদীপ ,দীপক , মণিকণহঁত ব্যস্ত হৈ পৰিল । মানে গাড়ীৰ ডিকি ছাগে খোল খালেই । মইও গাড়ীৰ ফালে খোজ দিওতেই নেকিব কেকা মানে দ্’ৰাৰ তামুলীয়ে মোক মাতিলে – “ দেৱ , অলপ ৰছোন , তই আহোতে খুড়ীতিহঁতৰ গাড়ীত আহিছিলি নহয় ,এতিয়া তাত কইনাৰ পেহীয়েক যাব, তই সেই এম্বেছাদৰখনত যাব লাগিব ,আগছিটত কইনাৰ লগত দিয়া বস্ত অলপ তুলি দিছে , তই বস্তখিনি চমজি লৈ তাতে পাছত বহি যাবি”। মোৰ বিৰক্তি লাগি গ’ল – “তাত আৰু কোন কোন যাব” ? নেকিব কেকাই মোৰফালে নোচোৱাকৈ আঁতৰি যাওতে কৈ গ্’ল –“নাজানো” ।

“ লগত কোন যায় যাব” – এইবুলি মই বেগাই গলো , প্ৰদীপৰ গাড়ীখনৰফালে । ইতিমধ্যে আটাইজাক ৰঙীন হৈ পৰিছেই । “ক্’ত আছিলি তই ? সেইকেইজনীক হবলা চাই আছিলি? – মণিকণে মোৰ গিলাছটোত ঢালি ঢালি সুধিলে । “ধেৎ , নেকিবদাই কাম এটা দিছে। মই তহঁতৰ লগত যাব নোৱাৰিম” । “কি কাম ? সেই কেইজনীৰ লগত যাব লাগে নেকি”?দীপকে গিলাছটো নচুৱাই নচুৱাই সোধোতেই নেকিবকেকাৰ চিঞৰ “ অই, দেৱ নাহ কেলেই ?” গিলাছটোৰ শেষকণ ডিঙিত পেলাই মই ল’ৰ মাৰিলো । “যা সেইখন এম্বেছাদৰ” । মই পিছে অলপ দূৰত থাকিলো , নেকিবকেকাই গোন্ধ পাই যাব পাৰে । মগজুত ক্ৰিয়া নকৰিলেও এগিলাছে মুখত পিছে ভালেই প্ৰভাব পেলায় । নেকিবকেকাৰ পৰা দুৰে দুৰে থাকিয়েই মই এম্বেছাদৰখনৰ কাষ পালোগৈ আৰু পাছছিটৰ দুৱাৰখন খুলিয়েই কলো “তোমাক অলপ ঠেলিছোঁ দেই”।

“তোমালোক ছায়েমাৰ লগৰ নহয় জানো” ? গাড়ীত মোৰ একমাত্ৰ কথাষাৰ । সকলোকে উদ্দ্যেশি । “হয়” – ছুটি উত্তৰটো কাষৰ গৰাকীয়েই দিলে । দৰা কইনাৰ ঘৰ বেছি দুৰত নহয় । সোনকালেই পালোহি । সেয়ে আৰু বেছি কথা পতা নহ’ল । কইনাৰ বস্তবোৰ মই আগছিটৰ পৰা নমোৱাত লাগিলো । ছোৱালীকেইজনীয়েও সহায় কৰিলে ।
“কাইলৈ ৰিছিপচনলৈ আহিবনে দাদা”?– এখন হাতত কইনাৰ বস্ত এটা লৈ মোৰ প্ৰায় সমানে সমানে আহি থকা , গাড়ীত কাষতে বহি অহা গৰাকীয়ে হঠাত সুধিলে ।
“আপুনি আহিব , আমি কথা পাতিম , ভালকৈ চিনাকী হম , ছায়েমাৰ লগৰ হোৱাৰ বাহিৰেও মোৰ আৰু পৰিচয় আছে , মই সেইবোৰ আপোনাক কব লাগিব সেয়ে আমি ৰভাঘৰৰ এচুকত বহি লৈ বহুত কথা পাতিম , প্লিজ আহিব , মইটো আহিমেই ………………”— নাই এনেকৈ পিছে একো নকলে । সেয়ে মইও মাত্ৰ কলো – “আহিম” । কইনাৰ বস্তবোৰ চমজাই মই ঢাপলি মেলিলো , আমাৰ পিছে পিছে আহি বিয়াঘৰৰ পৰা অলপ আঁতৰত ৰখোৱা প্ৰদীপৰ গাড়ীখনৰ ফালে – “আৰে, মোক দে দে”— মণিকণৰ ফালে গিলাচটো আগবঢ়াই দিলো । “হ’ব ইমান খাব নালাগে , ৰিছিপচনৰ দিনা খাবি” – মণিকণে ঢালি ঢালি গহীনকৈ ক’লে । ৰিছিপচনৰ দিনা মই হয়তো নাখাম । মনতে ঠিক কৰিলো ।

নতুন দ’ৰা-কইনাক আগুৰি সকলো ব্যস্ত ।ৰিছিপছনলৈ মানুহও বহুত আহিছে । “তই , নাখাৱ” ? মণিকণে তাৰ বুঢ়া আঙুলিটো নিজৰ মুখৰফালে নি মোক সুধিলে । নাখাওঁ বুলি ভাবিছিলো যেতিয়া নাখাওৱেই । মই না বুলি মূৰ জোকাৰিলো । মোক তাতে এৰি থৈ মণিকণ , প্ৰদীপ , দীপকহঁত ৰভাঘৰৰ বাহিৰৰ আন্ধাৰত সোমাই গ’ল । “দেৱদা , অকলে অকলে কিয় বহি আছে ? ইয়ালৈ আহক কথা পাতো” – পাতৰ সাজযোৰৰ আচঁলখন অনভিজ্ঞ হাতখনেৰে কান্ধৰ ফালে পেলাই পেলাই ছায়েমাই মোক মাতিলে তাহাঁতৰ কাষলৈ । তাহাঁত মানে ছায়েমা আৰু আন দুজনী । সেই কইনাঘৰৰ পৰা মোৰ লগত এম্বেছাদৰৰ পিছৰ ছিটত একেলগে বহি অহা চাৰিজনীৰ মাজৰ দুজনী । হয় , মোৰ কাষতে বহি অহা গৰাকীও আছিল । “ছুটী কেইদিনৰ দেৱদা” ? – ছায়েমাই আৰম্ভ কৰিলে । লগতে চিনাকী কৰি দিলে এইয়া নাজমা আৰু এম্বেছাদৰৰ পাছৰ ছিটত মোৰ কাষতে বহি অহা গৰাকীৰ নাম হৈছে পুৰৱী ।ছায়েমাই পিছে নামটোহে কৈছিল , তাইটো নাজানে মোৰ কাষত কোন বহি আহিছিল ।

“ইয়ে আল্লা , চা’ না মোৰ কাপোৰত এইবোৰ কি লাগি আছে”!– নাজমা বোলা জনীয়ে চিকমিক কৰি থকা নীলা শাৰীখনৰ আচঁলটো মোহাৰি মোহাৰি ক’লে । হয়তো খাই থাকোতে কেনেবাকৈ ভাজিৰ দাগ লাগিল । “বলচোন অলপ চাফা কৰি আহো”—তাই ছায়েমাক লগ ধৰিলে । মোৰ পৰা দুখন চকী এৰি ইখনত পুৰৱী বহি আছে । “তোমাৰ ঘৰ কোনফালে” ? — এইবাৰ ময়ে আৰম্ভ কৰিলো । “ছায়েমাহঁতৰ ঘৰৰ …….” – ইমান ডাঙৰকৈ বাৰু কেলেই ডেকটো বজাব লাগে ? কথাবোৰ একো নুশুনি । এনে এটা ভাবৰ ছাৱনিৰে মই চাউণ্ড বক্সটোলৈ চাই আমাৰ মাজৰ দুয়োখন চকী পাৰ কৰি পুৰৱীৰ কাষৰ চকীখনত বহিলোগৈ । “অ’ ক’ত বুলি কৈছিলা” ? – আকৌ এবাৰ সুধিলো । “ছায়েমাহঁতৰ ঘৰৰ কাষতে”। “ছায়েমাহঁতৰ ঘৰৰ ওচৰত আমাৰ মানুহ আছে জানো” ? “আমাৰ মানুহ মানে”? — পুৰৱীয়ে মোৰ ফালে চালে । মই অলপ খোলাকৈ কবলৈ লৈও ৰৈ গলো । “তোমাৰ নামটো পুৰৱী নহয় জানো” ? – মই আকৌ এবাৰ নিশ্চিত হবলৈ তাইক সুধিলো । “ অ’ পুৰৱী হয় , পুৰৱী বেগম”। “কিন্ত বেগম হৈ তোমাৰ নাম যে পুৰৱী”? “কিনো হ’ল , ছোৱালীৰ নামেইটো ৰাখিছে আব্বাই”- হয়টো ছোৱালীৰ নামেইটো ৰাখিছে । যেনেকৈ সেই যে বিখ্যাত লেখিকা চেনেহী বেগম । মই নিজেই মনত পেলাই ল’লো । “মই পিছে তোমাক বেলেগ বুলিহে ভাবিছিলো দেই” । “বেলেগ মানে কি ? হিন্দু বুলি ভাবিছিল ছাগে , নহয়জানো , বহুতেই ভাবে” – পুৰবীয়ে হাঁহি হাঁহি ক’লে । “ তাতে আকৌ তুমি ৰঙা ফোঁটও লৈ আছা” – মই তাইৰ কঁপালৰ ফালে দেখুৱাই কলো । “অ’ মোৰ এনেকুৱা ৰঙা ফোঁট লৈ খুব ভাল লাগে” – পুৰৱী অলপ আগুৱাই আহিল মোৰফালে , এজনী কলেজীয়া ছোৱালীতকৈ অলপ বেছি পৈণত ভাবেৰে ক’লে – “জানে দাদা, মোৰ ৰঙাফোঁটতো সদায়েই লৈ থাকিবলৈ খুব মন যায়”।
ছাদৰৰ আঁচলটো চাফা কৰি নাজমা আৰু ছায়েমা আমাৰ ওচৰ পাইছিলহি ।মই ৰঙা ফোঁটৰ কথাটো আগবঢ়াই নিবলৈ বিচাৰোতে এইবাৰ পুৰৱীয়ে আগ্ৰহ নেদেখুৱালে আৰু নকইনাৰ বিষয়ে কথা পতাত লাগিল। এনেতে আন্ধাৰৰ মাজৰ পৰা দেৱ দেৱ বুলি চিঞৰ শুনি মই সেইফালে উঠি গলো ।ৰাতিও হৈছিল অলপ । ঘুৰি আহি চাও পুৰৱীহঁত নাই । গলগৈ ছাগে । ছেঃ ,মোৰ তাইক সোধাই নহল । তাইৰ যে ৰঙাফোঁটতো সদায়েই লৈ থাকিবলৈ মন , সদায় মানে কেনেকুৱা ধৰণৰ সদায় ?

 

 

 

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

পঢ়ি ভাল লাগিল ।

9 years ago
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক