বৰ্তনী- সৌগত চৌধুৰী

চহৰৰখনৰ ৰাস্তাত শেষ ৰাতিৰ দোপালপিটা বৰষুণৰ মাজেৰে মণ্টুৱে বাইকখন উৰুৱাই লৈ গৈ আছে৷
ৰাতি বহুত হ’ল গতিকে ৰাস্তাত বেলেগ এখনো গাড়ী নাই৷ টেঙাহঁতৰ মেচত থাক থাক বুলি কোৱাৰ পিছতো এই ৰাতি খন সি ওলাই অহা বাবে নিজকে ধিক্কাৰ দিছে, “ছেঃ! এতিয়া কি ধুনীয়াকৈ কম্বলৰ তলত শুই থাকিলোঁহেতেন৷“

হেলমেটৰ আঁৰেৰে এবাৰ চাওঁতে শাৰী শাৰী বন্ধ দোকানৰ এটা চুকত চকুত পৰে কোনোবাই তাক মাতিছে৷ বাইক খন মাজ ৰাস্তাত জোৰেৰে ব্ৰেক মাৰি ৰখাই তাক মাতি থকা মানুহজনৰ ফালে চালে৷ ক’লা ৰেইনকোট এটাৰে গোটেই মুখমণ্ডলৰ ওপৰলৈকে ঢকা৷ বৰষুণৰ টোপালত বিচ্ছুৰিত বাইকৰ হেডলাইটৰ পোহৰৰ বাদে বাকী চাৰিওদিশে অন্ধকাৰ৷
“অলপ আগলৈ মোক এৰি দিব পাৰিবনে? “
হেলমেটৰ ভিতৰৰ পৰাই মণ্টুৱে পিছফালৰ ছিটলৈ ইংগিত দিলে৷

বাইকত ৰেছ দিলে এইবাৰ মণ্টুৱে৷ হেলমেটৰ ভাইয’ৰত বৰষুণৰ এছাৰেকণি বোৰলৈ যেন ভ্ৰূক্ষেপ নকৰি স্পীদ বঢ়াই গৈ থাকিল৷ ৰাস্তাটো তাৰ চিনাকি, প্ৰতিটো খলা বমা, স্পীদ ব্ৰেকাৰ৷
পিছফালৰ মানুহজনে কিবা কিবি কৈ আছে, স্পীদ কমোৱা কথা৷ সি আওকাণ কৰিলে মানুহজনৰ কথা, এই বৰষুণত যিমান সোনকালে ঘৰ গৈ পাওঁগৈ সিমানেই ভাল বুলি সি ভাবিলে৷

আকৌ সেই দুৰ্গন্ধটো আহিছে, বমি ওলাই আহোঁ যেন কৰে৷ হেলমেট খুলিব মন নকৰিলে মণ্টুৱে৷ ক’ৰ পৰা জানো আহিছে৷
তাৰ ঘৰো ওচৰ পাইছেহি, এই মানুহজন বা কলৈ যাব আৰু! মানুহজনে তিনি আলি এটাৰ মূৰত ৰখাব ক’লে৷ স্পীদত থকা বাবে ব্ৰেক মাৰি ৰখাওঁতে পিছলি যোৱা যেন পালে, কোনোমতে সেই পিছল বাটটোত সি বাইক ৰাখে৷ লগে লগে বাইকৰ ষ্টাৰ্ট বন্ধ! চাৰিওদিশে অন্ধকাৰ৷
মানুহজন নামি গ’ল৷
“বহুত বহুত ধন্যবাদ৷ ছেঃ তোমাৰ নামটোহে সুধিব নহ’ল৷“
“মোৰ নাম মণ্টু“
“ভাল নাম৷ মোৰ এটা ভাইটি আছিল, একে নামেৰে৷ আজি বহু বছৰ আগতে সি বাইক এক্সিডেণ্টত ঢুকালে৷ তুমি এতিয়া যোৱা, ৰাতি বহুত হ’ল৷ আকৌ ধন্যবাদ৷“

বিজুলীৰ ক্ষীণ পোহৰত মানুহজনৰ মুখৰ ফালে চাই সি আচৰিত হয়, এয়া চোন তাৰ নিজৰ ককায়েক! বয়সৰ চাপ পৰিছে তেখেতৰ মুখ মণ্ডলত৷ মানুহজনে তাক তাতে এৰি সৰু এটা গলীয়েদি আগবাঢ়ে৷
সি কিবা কব খোজোতেই দেখে বিপৰীত মুখৰ পৰা তীব্ৰ বেগে তাৰ ফালে আহি আছে এটি তীব্ৰ পোহৰ৷ এইবাৰ সি মানুহজন যোৱাৰ ফালে চাই দেখে সেইফালে কোনো নাই! সি উপায় নাপাই বাইক খনৰ হেণ্ডেল ডালকে খামুচি ধৰে৷ নিমিষতে সেই পোহৰটোৱে তাৰ বাইক খনত খুন্দা মাৰে৷ তাৰ পিছত সি অকল শুনে ধাতৱীয় শব্দ কিছুমান, গধুৰ লোহাৰ ওপৰেদি লোহা চুচৰি যোৱা শব্দ আৰু তাৰ পিছত চৌদিশ অন্ধকাৰ৷ নিজকে সি পায় ভাৰহীন অৱস্থাত৷ আকৌ আহিছে তাৰ নাকত সেই অতি তীব্ৰ দুৰ্গন্ধটো৷ উঃ, এইবাৰ যেন সি উশাহ লবও পৰা নাই!
————-
“মণ্টু, ঐ এলেহুৱা৷ উঠ! কিমান মাতিব লাগে তোক৷ দিনৰ দিনটো শুবি, কাম বন একো নায়েই৷“ – ককায়েকে মাতি থকা শুনে৷ মানে সি সপোনহে দেখিছিল তাৰমানে! কি ভয়ানক সপোন৷
“আজি জন্মদিনৰ দিনটোত এটলিষ্ট মোক এৰি দে ঔ তহঁতে“
“মুখ ধুই ভাত কেইটা খাই ল’চোন, চাহ খোৱা সময় নাই আৰু৷ ককায়েৰৰ আহোতে ৰাতি হ’ব, সোনকালে আজৰি হ’ব লাগে, কেনে অপদাৰ্থ ল’ৰা“ – বৌয়েকে পাকঘৰৰ পৰা চিঞৰে৷
মুখ ধুই ভাত কেইটা খায়েই মণ্টু গৈ পালেগৈ বাইকৰ ওচৰত৷ এইখনক সি খুব ভাল পায়, তাৰ ভাষাত ফ্ৰিদম, বতাহৰ লগত কথা পাতে৷ তাৰ লগৰ টেঙা হঁতৰ মেচত আজি সি পাৰ্টি দিব৷ ষ্টাৰ্ট দিব গৈ ৰিয়েৰ ভিউ খনত দেখে এফালৰ পৰা ক’লা ডাৱৰে আকাশ খন ঘেৰি ধৰিছে৷

ছেঃ! ৰেইনকোট লবলৈ ঘৰত এবাৰ সোমালে বৌৱেক আৰু মাকে আকৌ নানান প্ৰশ্ন সুধিব৷ সেইবোৰ উত্তৰ দি থকাতকৈ ওলাই যোৱাই ভাল বুলি ষ্টাৰ্ট দি ওলাই আহিল মূল ৰাস্তালৈ৷
“ কেনে দুৰ্গন্ধ!“ তাৰ উকালি আহোঁ যেন কৰে৷
“কোনে বাৰু মৰা গৰু বা কুকুৰ এইখিনিত পেলাই থৈ গৈছ! ষ্টুপিড!“
সি ৰেছ দিয়ে, গোন্ধটোৰ পৰা যিমান সোনকালে পাৰে আঁতৰিবলৈ৷ কিন্তু পঁচা মৰাশৰ দৰে দুৰ্গন্ধটোৱে তাক দেখোন লগ এৰা নাই৷ তাৰ মূৰটো ঘূৰাবলৈ ধৰে, লাহে লাহে চকু কেইটাৰে ধোঁৱা ধোঁৱা দেখে৷ মূৰ ঘূৰাইছে নেকি বাৰু তাৰ? নহয়, ৰাস্তাৰ আগলৈ কিবা এটা জ্বলিছে৷
ভয়ংকৰ এক্সিডেণ্ট!
ট্ৰাক এখনৰ লগত বাইকৰ! তেজ, তেল, টুকুৰা টুকুৰ মাংস পিণ্ড কচাই খানা হেন অকল অত তত সিঁচৰতি হৈ আছে৷ সি চাই ৰৈ থাকিব নোৱাৰিলে৷ বমি কৰি জেকেটটোৰ হাতেৰে মুখখন মোহাৰিব খোজোতে চকুত পৰে তাৰ ওচৰত পৰি থকা মাংস পিণ্ডটোৰ ফাটি চিটি তেজে ধোৱা জেকেটটোলৈ, সি আজি পিন্ধি অহা টোৰ দৰে একেই!
বিতৃষ্ণাত বাইক খন ঘূৰোৱাৰ সময়তে মাটিত ভৰি থওঁতেই কিবা এখন ধাতব প্লেট ভৰিত লাগি চুচৰি যোৱা যেন পায়৷ হয় সেইখন নম্বৰ প্লেটেই হয়, কেইবা ঠাইতো বেঁকা হৈছে কিন্তু নম্বৰ কেইটা তথাপিও পঢ়িব পৰা হৈ আছে৷ সি সেই প্লেটৰ টুকুৰাটো উঠাই আনি পঢ়িব চেষ্টা কৰে৷
AS 01 AT… নম্বৰ কেইটা দেখোন চিনাকি চিনাকি লাগিছে৷ হে প্ৰভু! এইখন দেখোন তাৰ বাইকৰ নম্বৰ প্লেট৷ আৰু তাত মৰি পৰি থকাটো দেখোন সি নিজে- এয়া কেনেকৈ সম্ভৱ! সেইসময়তে বাইকৰ ৰিয়েৰ ভিউত কিবা এটা দেখি পিছফাললৈ সি চাই পঠিয়াই৷
তীব্ৰ পোহৰৰ উৎস এটা তাৰ ফালে আগবাঢ়ি আহিছে৷ পোহৰটোৰ চাৰিওফালে ঘূৰি আছে এটি অতি তীব্ৰ বেগী চাকনৈয়া৷ সি তাৰ পৰা পলাব কোনো সময় নাপালে, নিমিষতে সেই পোহৰটোৱে তাক টানি লৈ গ’ল৷
———-
“ঐ তই ইমান ৰাতি যাব নালাগে থ! এনেও ইমান মাল খাই খোজ কাঢ়িবই পৰা নাই তই, বাইক ক’ত চলাবি৷“
টেঙা ওৰফে চেতনৰ মাত৷
“নাই বে, যাওঁ৷ ৰাতিপুৱা এটা ইণ্টাৰভিউ আছে৷ প্ৰাৰ্থনা কৰ যেন চাকৰিটো পাওঁ, নহ’লে দাদাই ঘৰৰ পৰা উলিয়াই দিব বে“- মণ্টুৱে হাঁহি হাঁহি ক’লে৷ অলপ পৰ ৰৈ,
“ঐ! তহঁতৰ ঘৰৰ ওচৰত কিহৰ গোন্ধ ৰে, কিবা মৰিছে নেকি? “
“আমি কেনেকৈ জানো৷ যতীন, তই কিবা গোন্ধ পাইছনে?“ – চেতনে যতীনৰ ফালে চালে, যতীনে শূন্যত কিবা শুঙা যেন কৰিলে, মূৰ জোকাৰি নাই পোৱা বুলি জনালে৷
“মণ্টু ঐ৷ সোনকালে ঘৰলৈ যা, বৰষুণ আৰম্ভ হ’লেই৷ আৰু গা ধুই লবি, মদাহী“৷ সকলোৰে অট্টহাস্যৰ মাজেৰে মণ্টু বাইকখন লৈ ওলাই আহে ৰাস্তালৈ৷ গোন্ধটো আৰু তীব্ৰ হৈ আহিছে৷ সি এক্সিলেটৰডাল আৰু বঢ়াই দিয়ে…
—————-
“হেল্ল’৷ অ, মই এতিয়াহে ওলাব পাৰিলো, তুমি ভাত খালা? যিহে বৰষুণ দিছে অটো পাওঁ নেকি ৰৈ আছো একোৱে পোৱা নাই, অ’, ৰবাচোন, কিবা এখন আহিছে- বাইক মই এতিয়া ফোনটো ৰাখিম-হেৰা, অলপ আগলৈ মোক এৰি দিব পাৰিবনে? “

টুত টুত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments