বৰ্তমানৰ শক্তি-দি পাৱাৰ অʼফ নাও (হিতেন্দ্ৰ কুমাৰ শৰ্মা)

বৰ্তমানৰ শক্তি-দি পাৱাৰ অʼফ নাও (The power of now-A guide to spiritual enlightenment)

দি পাৱাৰ অʼফ নাও-এ গাইড টু স্পিৰিচুৱেল এনলাইটেনমেন্ট- এইখন এখন মানুহৰ অধ্যাত্মিক আৰু মানসিক শক্তিক মাৰ্গদৰ্শন কৰিব পৰা উৎকৃষ্ট পুস্তক। কিতাপখনৰ লেখক একহাৰ্ট টোলে, ISBN no.81-901059-1-4। প্ৰকাশক য়োগী ইম্প্ৰেছনচ, ষোড়শ পুণৰ্মুদ্ৰণ ২০০৪। অলপতে এইখন কিতাপ পঢ়িছিলো যদিও কিছুমান কথা গভীৰভাবে দুই তিনিবাৰ নপঢ়িলে হৃদয়ংগম কৰাটো অলপ জটিল।

একহাৰ্ট টোল জীৱনৰ আদিভাগত এজন অসফল ব্যক্তি আছিল। ২৯ বছৰ বয়সলৈকে তেওঁ আছিল তীব্ৰ দুশ্চিন্তাৰে গ্ৰস্ত। তাৰ পিছতো কেবাবছৰো কোনো কাম নকৰাকৈ যাযাবৰৰ দৰে অতিবাহিত কৰিছিল, কিন্তু ইতিমধ্যে তেওঁৰ মনৰ পৰা অশান্তি আৰু দুশ্চিন্তাই বিদায় লৈছিল।তেওঁৰ নিজৰ জীৱনৰ অনুভব আৰু উপলব্ধিৰ আধাৰতে প্ৰথমখন কিতাপ, ʼদি পাৱাৰ অʼফ নাওʼৰ সৃষ্টি হৈছিল।

এইখন কিতাপৰ মুল কথা হʼল মানুহে অতীত বা ভবিষ্যতত নাথাকি বৰ্ত্তমানটোত জীয়াই থাকিব লাগে। ইয়াত তেওঁ মানসিক (psychological) ঘড়ী এটাৰ কথা কৈছে, যিয়ে মানুহক দুখী আৰু চিন্তাক্লিষ্ট কৰি ৰাখে। সময়ৰ পৰা আমি কোনেও মুক্ত নহয়, কিন্তু সেয়া ঘড়ীৰ সময়হে। মানসিক সময়ৰ পৰা আমি সকলোৱে ইচ্ছা কৰিলে মুক্ত হব পাৰো। এই জটিল কথাটো তেওঁ এটা অতি সুন্দৰ উদাহৰণেৰে বুজাইছে – সময়ৰ ধাৰণাটো মানুহৰ সৃষ্টি। জীৱ জন্তু আদিৰ বাবে সময়ৰ, অতীতৰ, ভবিষ্যতৰ কোনো ধাৰণা নাই। যদি এখন পৃথিৱীত কোনো মানুহ নাথাকে আৰু কেৱল জীৱ জন্তু থাকে আৰু যদি সিহঁতক সোধা যায় সময় কি? সিহঁতে উত্তৰ দিব, ʼএতিয়াʼ অৰ্থাৎ ʼসময় এতিয়াʼ। এতিয়াৰ বা বৰ্ত্তমানৰ বাহিৰে সিহঁতৰ কাৰণে সময়ৰ অন্য কোনো ধাৰণা নাই, সেয়েহে সিহঁত দুশ্চিন্তাত নোভোগে। অতীতত ঘটা যিবিলাক ঘটনাৰ কথা ভাবি আমি দুখ পাওঁ সিবিলাক ʼঅতীতৰ এতিয়াʼত ঘটা ঘটনা। ঘড়ীৰ সময়মতে সেয়া কেতিয়াবাই ঘটিছিল আৰু সেই সময় পাৰ্থিবভাবে এৰি অহা হৈছে কিন্তু মানসিক ঘড়ীৰ বশৱৰ্ত্তী হৈ আমি ʼআজিৰ এতিয়াʼটোক সন্মান নজনাই পুৰণি কথাত দুখী হৈ আছো। ভবিষ্যতে ঘটিবলগা ঘটনাবিলাক ʼভবিষ্যতৰ এতিয়াʼ। সেইবুলি নিজৰ ভবিষ্যতক উলাই কৰিবলৈ কোৱা হোৱা নাই। নিজৰ বৰ্ত্তমানক যথোচিত সন্মান দিলে, ভবিষ্যতৰ সময়বিলাকো আনন্দদায়ক হব। কিন্তু বৰ্ত্তমানত ভবিষ্যতক ঠাই দিলে, সেই আনন্দময় ভবিষ্যত সদায় কল্পনাতেই থাকিব।

তেওঁ আৰু এটা গুৰুত্বপুৰ্ণ কথা কৈছে, সেয়া হʼল ব্যক্তি আৰু ব্যক্তিৰ মন দুটা পৃথক বস্তু। মানুহে নিজৰ মনৰ লগত একাত্ম অনুভব কৰিলেই দুখ অনুভব কৰে। সেয়েহে নিজকে নিজৰ মনৰ পৰা বেলেগ কৰি মনৰ কাৰ্য্য কলাপবোৰ অনুধাৱন কৰিবলৈ কৈছে।মানুহৰ বেছিভাগ দুখ-বেদনাই আচলতে অপ্ৰয়োজনীয় নিজে চপাই লোৱা ধৰণৰ। দুখৰ মায়াজাল বা illusion সৃষ্টি কৰে মানুহৰ মনটোৱে যাক আমি অনুধাৱন নকৰো বা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰো আৰু মানুহজনৰ সমগ্ৰ সত্বাই দুখত নিমজ্জিত হৈ পৰে। যেতিয়াই আমি মনটোক আমাৰ পৰা বেলেগ কৰি দিম, আমি দুখ দুশ্চিন্তাৰ পৰাও মুক্ত হব পাৰিম। তেওঁ কৈছে,আমি নিজকে প্ৰশ্ন কৰা উচিত, আমাৰ ভিতৰত কি চলি আছে ? তেতিয়াহে আমি নিজকে মনটোৰ পৰা পৃথক কৰি চাব পাৰিম। তেওঁ আন এটা উদাহৰণ দিছে, কিছুমান ব্যক্তিয়ে অভিযান, বিপদজনক খেল (যেনে বাঞ্জী জাম্পিং, আইচ স্কিং, পেৰাগ্লাইডিং, ৰেফ্টিং, ট্ৰেকিং, পেৰাচুটিং ইত্যাদি) কৰি কিয় ভাল পায়। ইয়াৰ উত্তৰ সঠিককৈ তেওঁলোকেও দিব নোৱাৰে, মাথো উত্তেজনাৰ বাবে কৰা বুলি কয়। কিন্তু প্ৰকৃততে, ইয়াৰ দ্বাৰা তেওঁলোকে বৰ্ত্তমানৰ মুহুৰ্ত্তটো সম্পুৰ্ণতকৈও বেছিকৈ উপভোগ কৰিব বিচাৰে, কাৰণ মনঃসংযোগ বৰ্ত্তমানৰ মুহুৰ্ত্তটোৰ পৰা সামান্যকৈ বিচলিত হলেও মৃত্যু পৰ্য্যন্ত হব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে কেইটামান মুহুৰ্ত্ত প্ৰকৃতাৰ্থত বৰ্ত্তমানত জীয়াই থাকে, সেই সময়খিনিত মনৰ কোনো অস্তিত্ব নাই, নাই কোনো মানসিক অতীত বা ভবিষ্যতৰ চিন্তা- মাথো বৰ্ত্তমান বা ʼএতিয়াʼৰ মুহুৰ্ত্তটো।

এই কিতাপখনত মুঠ দহটা অধ্যায় আছে।প্ৰত্যেকটো অধ্যায়তে মানুহৰ মানসিক আৰু অধ্যাত্মিক দিশবোৰ অতি সুন্দৰভাবে প্ৰশ্নোত্তৰৰ ঠাচত বুজাবৰ চেষ্টা কৰা হৈছে। কিতাপখনৰ আৰম্ভণিতে বহুতো প্ৰতিষ্ঠিত ব্যক্তিৰ কিতাপখনৰ বাবে প্ৰশংসাবাণীও অন্তৰ্ভুক্ত কৰা হৈছে। কিতাপখন পঢ়িবলৈ অলপ ধৈৰ্য্যৰ দৰকাৰ কিন্তু ইয়াত লিখা প্ৰতিটো বাক্যই অৰ্থপুৰ্ণ আৰু অভিভুত কৰিব পৰা ধৰণৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক