বৰ অসমৰ ঐতিহাসিক জোঁৱাই কেইজন (দীপালি দুৱৰা)

”অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশত
সূৰ্য উঠা দেশ…”

অতীতৰে পৰা অসমৰ গুণানুকীৰ্তন সাহিত্য-সংগীতেৰে হৈ আহিছে । আমি সকলোৱে জানো অসমক অতীজতে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল । এই কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ বিষয়ে পুৰাণ;তন্ত্ৰশাস্ত্ৰ তথা মহাকাব্যতো উল্লেখ আছে । প্ৰাগজ্যোতিষপুৰ প্ৰাচীন যুগৰ জ্যোতিষ চৰ্চাৰ নগৰ হিচাপে প্ৰখ্যাত আছিল । ৰামায়ণত বিশ্বামিত্ৰ মুনিৰ প্রপিতামহ কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্য স্থাপন কৰিছিল বুলি উল্লেখ আছে ।

এতিয়া মূল প্ৰসংগলৈ আহোঁ । আমি সকলোৱে ৰামায়ণ -মহাভাৰতৰ মূল চৰিত্ৰবোৰৰ বিষয়ে অলপ হ’লেও জানো । এই ঐতিহাসিক চৰিত্ৰবোৰৰ কেইটামান বিখ্যাত চৰিত্ৰৰ জীৱনৰ বিশেষ পল জড়িত হৈ আছে আমাৰ অসমৰ সৈতে ।
কৃষ্ণ…মহাভাৰতৰ সৰ্বশ্ৰেষ্ঠ চৰিত্ৰ । মহাভাৰতৰ ঘটনাক পূৰ্ণতা দিয়া অন্যতম চৰিত্ৰ । মহাভাৰতৰ যুগৰ পৰা বৰ্তমানলৈকে কৃষ্ণক সৰ্বশ্ৰেষ্ঠ ৰাজনীতিবিদ বুলি কোৱা হয় । আমি জানো কৃষ্ণই ষোল্লশ গোপীক বলিয়া কৰিছিল । কৃষ্ণৰ বহু পত্নীও আছিল-ৰুক্মিণী,সত্যভামা,সুভদ্ৰা আদি । এই সকলৰ ভিতৰত ৰুক্মিণী আছিল আমাৰ অসমৰ কন্যা ।
প্ৰাচীন কামৰূপৰ পূব দিশত আছিল বিদৰ্ভ নামেৰে এখন ৰাজ্য । এই ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ । তদানীন্তন কালত ভীষ্মক ৰজাই ইয়াত ৰাজত্ব কৰিছিল । সেই ভীষ্মক ৰজাৰ জীয়েকে আছিল ৰুক্মিণী । কৃষ্ণ-ৰুক্মিণীৰ বিবাহৰ কথা সকলোৱে জানে । কি দৰে কথাছবিৰ নায়কৰ দৰে কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল । অতীতৰ সেই কুণ্ডিল নগৰেই আজি শদিয়া নামেৰে জনাজাত ।

দুৰ্যোধন…মহাভাৰতৰ অন্য এক ঐতিহাসিক পুৰুষ । সৰ্ব্বজন বিদিত যে কুৰুক্ষেত্ৰ ৰণত কামৰূপৰ ৰজা ভগদত্তই কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল । কাৰণ জেষ্ঠ কৌৰৱ দুৰ্যোধন আছিল ভগদত্তৰ জোঁৱায়েক । ভগদত্ত ৰজাৰ কন্যা ভানুমতীক বিয়া কৰাইছিল দুৰ্যোধনে । বৰ্তমান গুৱাহাটীৰ সন্দিকৈ কলেজৰ ওচৰত থকা দীঘলীপুখুৰীটো ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়তে খন্দোৱাইছিল ।

ভীম….পাণ্ডৱৰ দ্বিতীয় পুত্ৰ । ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে যাৰ গদাৰ গুণ গায় । ভীমে বিয়া কৰাইছিল ডিমাপুৰৰ ছোৱালী । ডিমাপুৰ..যাক হিড়িম্বাপুৰৰ অপভ্ৰংশ ৰূপ বুলি কোৱা হয় । হিড়িম্বাপুৰ কছাৰী সকলৰ ৰাজ্য আছিল । ই তেতিয়া অসমৰ লগত চামিল আছিল । এই হিড়িম্বাপুৰৰ ৰাক্ষসী কুঁৱৰী হিড়িম্বাৰ পাণি গ্ৰহণ কৰিছিল ভীমে । ভীম-হিড়িম্বাৰ পুত্রই আছিল ঘটোৎকচ । যিয়ে কুৰুক্ষেত্ৰ ৰণত কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল ।

উষা-অনিৰুদ্ধৰ প্রেম কাহিনী কোনে নাজানে । অনিৰুদ্ধ আছিল কৃষ্ণৰ নাতিয়েক আৰু উষা শোণিতপুৰৰ ৰজা বাণৰ কন্যা । তেতিয়াৰ শোণিতপুৰ আজিৰ তেজপুৰ । উষা-অনিৰুদ্ধৰ প্রেম-বিবাহ ৰোমাঞ্চ আৰু সংঘাতেৰে ভৰা আছিল । অগ্নিগড় ভেদ কৰি অনিৰুদ্ধই উষাক বিয়া কৰাবলৈ আহিছিল । এই ক্ষেত্ৰত অনিৰুদ্ধক সহায় কৰিছিল উষাৰ সখীয়েক চিত্ৰলেখাই । খবৰ পাই অনিৰুদ্ধক বন্দী কৰি থৈছিল বাণ ৰজাই । উদ্ধাৰ কৰিবলৈ আহিছিল কৃষ্ণ । তুমুল সংঘাতৰ মাজেৰে এদিন অনিৰুদ্ধই বিয়া কৰাই লৈ গৈছিল উষাক ।

এই সকল ঐতিহাসিক বীৰক আমাৰ জোঁৱাই হিচাপে পাই আমি গৌৰৱান্বিত । আটাইতকৈ গৌৰৱৰ কথা হ’ল শ্রীকৃষ্ণৰ দৰে বীৰ পুৰুষ যাক ভগৱান ৰূপে পূজা কৰা হয়;তেনে পৰম পূজ্য পুৰুষ আমাৰ অসমৰ জোঁৱাই;অসমীয়াৰ বাবে ই সঁচাই গৌৰৱৰ কথা ।

এই খিনিতে আৰু এটা কথা উনুকিয়াই থওঁ যে অন্য এজন ঐতিহাসিক বীৰে আমাৰ কাষৰ ৰাজ্য মণিপুৰৰ ৰাজ-কন্যা চিত্রাংগদাক বিয়া কৰাইছিল । তেওঁৱে হ’ল অৰ্জুন । অৰ্জুন-চিত্রংগদা পুত্রই আছিল বব্ৰুবাহন ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments