বৰ অসম- পৃথ্বীৰাজ পুৰকায়স্থ

ব্যক্তিগত কৰ্মসূত্ৰে দুদিনমান পূৰ্বে গুৱাহাটীলৈ গৈছিলোঁ৷ মোৰ গুৱাহাটীলৈ যাত্ৰাটো যোৰহাট-গুৱাহাটী জনশতাব্দী এক্সপ্ৰেছ ৰেল যোগে আছিল৷ মই যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰিলেয়ো মোৰ সৈতে একে উদ্দেশ্যে যোৱা বিমল চুতীয়া দা মৰিয়নীতহে ট্ৰেইনত উঠিল৷ লামডিঙলৈকে আমি দুয়ো আমাৰ ৰেডিঅ’ সম্পৰ্কীয় বিষয়বস্তুৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক অসমৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতি আদি সকলো সামৰিয়েই আলোচনা কৰিছিলোঁ৷ চুতীয়া দা এজন জ্ঞানী আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা দক্ষ ব্যক্তি৷ ৰেডিঅ’ক বাদ দিলে বাকী বিষয়বস্তুবোৰ সম্পৰ্কে আমাৰ কথোপকথন যিমানেই আগবাঢ়ি গৈছিল আমি দুজনেই বোধকৰোঁ এটা বুজাব নোৱাৰা ধৰণৰ মানসিক চাপেই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ আমি দুজনেই আলোচনাৰ মাজত কিমান বাৰ যে ’বাৰু বাদ দিয়ক, এইবোৰ পাতি লাভ নাই…’ বাক্যশাৰী ব্যৱহাৰ কৰিও আকৌ সেইবোৰ বিষয় সম্পৰ্কেই বাৰে বাৰে আলোচনাত ব্যস্ত হৈ গৈছিলোঁ! তেনেকুৱাতে আমাৰ কম্পাৰ্টমেণ্টত এজন যুৱকে হাতত এটা মাইক, ষ্টেণ্ড, এমপ্লিফায়াৰ, মিউজিক প্লেয়াৰ আদি লৈ প্ৰৱেশ কৰে আৰু ট্ৰেক যন্ত্ৰসঙ্গীতৰ সহযোগত উপস্থিত যাত্ৰী সকলৰ সন্মুখত প্ৰথমে দুই এক হিন্দী চিনেমাৰ গান পৰিৱেশন কৰে৷ যুৱকজনে নিজৰ পৰিচয় ’মাই নেম ইজ কৃষ্ণা এণ্ড আই এম ফ্ৰম ৱেষ্ট বেংগল’ বুলি দিছিল৷ বেচ সুন্দৰ আছিল তেওঁৰ সংগীত পৰিৱেশন৷ আমাৰ কম্পাৰ্টমেণ্টত সিদিনা মোৰ পৰিচিত কেইবাজনো বাংলাভাষী যোৰহাটীয়া উপস্থিত আছিল আৰু কৃষ্ণাৰ গানত মুগ্ধ হৈ এতিয়া তেওঁলোকৰে মাজৰ এগৰাকী মহিলাই কৃষ্ণাক অসমীয়া গান গাব জানিলে দুই এটা গাই শুনাবলৈ অনুৰোধ কৰিলে৷ আৰু সুখৰ বিষয় বেংগলৰ কৃষ্ণাই জুবিনৰ ’মায়া’, ’আছিনায়াং মানে কি….’ আদি কেইবাটাও গান নিজৰ কণ্ঠত নিগৰাই শুনালে, আমাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰিলে৷ কৃষ্ণাৰ গানৰ তালে তালে নাচি উঠিছিল দবাত থকা অসমীয়া, বঙালী, তামিল, বিহাৰী, মাৰোৱাৰী, নগা সকলোৱেই৷ সঁচাকৈয়ে সংগীতে নামানে কোনো ধৰ্ম, ভাষাৰ ভেদাভেদ, আৰু নাই তাৰ কোনো ভৌগোলিক পৰিসীমা৷ এটাৰ পিছত এটা সুন্দৰ গানেৰে ইতিমধ্যে এক সুৰীয়া পৰিবেশ সৃষ্টি কৰা আমাৰ কম্পাৰ্টমেণ্টৰ দুই এজনেৱো কৃষ্ণাৰ গানৰ দ্বাৰা অনুপ্ৰেৰিত হৈ মাইক্ৰফোনত সুৰৰ মূৰ্ছনা তুলিলে৷ তাৰে এজন আছিল গুৱাহাটীৰ কোনোবা চিমেণ্ট প্ৰতিষ্ঠানত কৰ্মৰত ব্যক্তি এজন৷ দেখাত হিন্দী ভাষী যেন লাগিছিল যদিও পিছত গম পোৱা গল তেওঁ বৰুৱা উপাধিৰ খাঁটি অসমীয়া৷ মানুহজনৰ কণ্ঠত কিশোৰ কুমাৰৰ সুন্দৰ গানে সকলো যাত্ৰীকে মুগ্ধ কৰিলে৷ পাব্লিক ডিমাণ্ডত তেওঁৰ গানৰ সংখ্যা একৰ পৰা দুই দুইৰ পৰা তিনিলৈ পাইছিল৷ পিছে মানুহ জনৰ সৈতে হোৱা কথাবাৰ্তাত গম পাইছিলোঁ যে তেওঁ পৰিবাৰৰ প্ৰায় সকলোৱে সংগীত চৰ্চা কৰে আৰু তেওঁলোকৰ পৰিয়ালত কেইবাকৰাকী বাঙালী মহিলা সদস্য আছে যি সকলো তেওঁৰ দৰেই সংগীতপ্ৰেমী৷ এইখিনিতে কৃষ্ণাৰ কথালৈ আকৌ উভতি যাব খুজিছো কিয়নো বৰ্তমান নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সংগীতৰ দ্বাৰা কাৰো কোনো সহায় নোলোৱাকৈ আত্মনিৰ্ভৰশীল হোৱাৰ এক সুন্দৰ উদাহৰণ কৃষ্ণাৰ এই প্ৰচেষ্টা৷ গানৰ অনুষ্ঠান শেষ কৰি ইতিমধ্যে যাত্ৰী সকলৰ অন্তৰত সোমাই পৰা কৃষ্ণাই সকলোৰে পৰা মৰম-আশীৰ্বাদ হিচাপে মাননি লাভ কৰে যিবোৰ যাত্ৰী সকলে স্বতঃস্ফূৰ্ত ভাবে আৰু আনন্দ মনে আগবঢ়াই দিছিল৷ কৃষ্ণায়ে সকলোকে নিজৰ নাম, ঠিকনা, ইমেইল, ইউটিউব, ব্লগ আদিৰ তথ্য থকা একোখন কাৰ্ড হাতত তুলি দিছিল আৰু সকলোকে অনুৰোধ কৰিছিল যিকোনো মাংগলিক অনুষ্ঠানত গান পৰিৱেশন কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ, অনুৰোধ জনাইছিল তেওঁৰ ইউটিউব চেনেল চাবলৈ, লাইক কৰিবলৈ৷ পিছে মোৰ মতে সিদিনা কৃষ্ণাই গান পৰিৱেশন কৰি কেৱল আমাৰ কোম্পাৰ্টমেণ্টৰ পৰাই টকা ১৫০০ মাননি হিচাপে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া যদি ধৰি লওঁ যে তেওঁ সিদিনা জনশতাব্দী ৰেলৰ ৫টা ডবাত সংগীত পৰিবেশন কৰিছিল আৰু গড় হিচাপে প্ৰতিটো ডবাৰ পৰা ১০০০ কৈ টকা মাননি সংগ্ৰহ হ’লেই দেখোন তেওঁৰ এদিনৰ উপাৰ্জন ৫০০০ টকা হয় গৈ! লগতে সুন্দৰ ’চেল্ফ প্ৰমোচন’! নিজকে ’ট্ৰেভেলিঙ চিংগাৰ’ বুলি পৰিচয় দি ভাল পোৱা কৃষ্ণাৰ স্বনিয়োজনৰ বুদ্ধিটো কিন্তু মোৰ খুব ভাল লাগিল৷

যি কি নহওক অনেক মিঠা অভিজ্ঞতা লৈ জনশতাব্দী এক্সপ্ৰেছত মোৰ এতিয়ালৈকে আটাইতকৈ স্মৰণীয় যাত্ৰাৰ অন্ত পেলাই গুৱাহাটীত সময়মতেই গৈ পালোঁ৷

আমাৰ ওভতনি যাত্ৰা আমি বাছেৰে কৰিছিলোঁ৷ ভোগালী বিহুৰ আগৰটো শনিবাৰ, সেয়েহে খানাপাৰাত সিদিনা উজনিলৈ বুলি ঘৰমুৱা হোৱা যাত্ৰীৰ প্ৰচণ্ড ভিৰ আৰু সেই তুলনাত গাড়ীৰ সংখ্যা কম৷ আমি সৌভাগ্যবান আছিলোঁ৷ বোধহয় যে শেষ মুহূৰ্তত (আবেলি চাৰিটা মানত) ট্ৰেভেলাৰ এখনৰ একেবাৰে শেষৰ আসন দুটাৰ বন্দৱস্ত হ’ল৷ অৱশ্যে কিছু অধিক ভাড়াৰ (৪০০ টকা) বিনিময়ত৷ যি কি নহওক বাছখনে খানাপাৰা এৰাৰ কিছু সময়ৰ ভিতৰতে আমাৰ ’বেক ছিটাৰ’ সহযাত্ৰী সকলৰ সৈতে পৰিচয় পৰ্ব আৰম্ভ হ’ল৷ তেওঁলোকৰ এজন আছিল ভাৰতীয় ষ্টেট বেংকৰ এজন কৰ্মচাৰী, গুৱাহাটীস্থ টিছিএছৰ এজন পশ্চিমবঙ্গৰ বঙালী কৰ্মচাৰী আৰু তেখেতৰ সহধৰ্মিনী আৰু ৬ বছৰীয়া পুত্ৰ সন্তান৷ ক’ত যাব, কি কথা আদি সোধামেলাৰে আৰম্ভ হোৱা আমাৰ কথোপকথন কেতিয়া যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, ছাত্ৰ সন্থা ইত্যাদি ইত্যাদি গৈ পালে বোধ কৰোঁ আমি কোনেও বুজি নাপালোঁ৷ লগতে বঙালী পৰিয়ালটোৰ সৈতে সমানে চলিল পশ্চিমবঙ্গৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা৷ বঙালী ভদ্ৰলোকজন অসমৰ সমাজ সংস্কৃতি তথা ৰাজনীতি সম্পৰ্কে যথেষ্ট সচেতন হোৱাৰ বিপৰীতে তেখেতৰ সহধৰ্মিনী যে এগৰাকী সংস্কৃতিৱান আৰু ভোজনৰসিক মহিলা সেইবোৰ তেওঁলোকৰ কথাতে ধৰা পৰিছিল৷ গুৱাহাটীৰ পৰা নগাঁৱলৈকে সেইবোৰেই চলিল যদিয়ো অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিশ্লেষণাত্মক আলোচনাই আমাৰ কথোকথনত অগ্ৰাধিকাৰ লাভ কৰিছিল৷ কিয়নো আমি সকলো উদ্বিগ্ন, চিন্তিত এই বিষয়বোৰ লৈ, আতংকিত যদিহে আমি অসম আন্দোলনৰ সেই দিনবোৰলৈ আকৌ ঘূৰি যাবলগীয়া হয় আৰু যদিহে আকৌ কিছু বছৰৰ বাবে ৰাজ্যখন পিছুৱাই যায়! পিছে নগাঁও এৰাৰ পিছতহে গম পালোঁ যে আমাৰ সহযাত্ৰী বঙালী ভদ্ৰলোকজনৰ পত্নী আমাৰ দেৰগাঁৱৰ ওচৰৰ বনগাঁৱৰ আহোম পৰিয়াল এটাৰ ছোৱালী! বিহুত মাকৰ ঘৰলৈ বুলি সপৰিয়ালে আহিছে৷ কিন্তু তেওঁৰ মুখেৰে আখৈ ফুটাদি ওলাই অহা সাৱলীল বাংলা ভাষা আৰু বংগৰ ৰাজনীতি, সংস্কৃতি, খাদ্যৰ ওপৰত থকা তেওঁ দখলে আমাক তাৰ আগত এবাৰো বুজিবলৈ নিদিলে যে তেওঁ কলিকতাবাসী সেই বাঙালী ভদ্ৰলোকজনৰ অসমীয়া পত্নী! **

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক