বৰ-কৰতি

(সংগ্ৰাহক: নিতুল বৰা)

বৰ-কৰতি

দ্বাদশ খণ্ড:

গু-কৰতি বা বিষ জাৰা মন্ত্ৰ

শ্ৰীকৃষ্ণায় নমঃ

একেশ্বৰে আছোঁ মই আদি নিৰঞ্জন। সৃষিটি নাহি আমাক নকৰে শোভন। এই বুলি গোসাঞিৰ মন ভৈলা। নাভি কমলত ব্ৰহ্মা উপজাইলা।। সৃষ্টি কৰিবাক তিনিকো আদেশিলা। আজ্ঞা পায়া সৃষ্টি তেখনে কৰিলা।। চৈধ্যতাল পৃথিৱীৰ যাৰ যেনে কৰ্ম। তেতিক্ষণে সৃষ্টি কৰিলা নিয়ম।। ব্ৰহ্মায়ে স্ৰজন্ত, বিষ্ণুৱে পালন্ত, ৰুদ্ৰে সংহাৰন্ত। চৈধ্যতাল পৃথিৱীৰ, সৰহৰা কমৰা ব্যাধিগণ দৈত্য, দানৱ, ভূত, প্ৰেত, পিশাচ, যক্ষ, গুলৈগণ, উপাক পাক গাঁঠিগণ, বেদৰ বাহিৰ ক্ষেত্ৰ খেতৰী, একঠাই হুই মাৰে চুৰচণ্ড গাঁঠি মুঠি বান্ধ চাট, বেদৰ বাহিৰ গাঁঠি সৱে একটাই হুই খাই মাৰে মনুষ্যক হাড়ৰ ভিতৰে, নাভিৰ ভিতৰে সৰ্বগাৱে খাই, সন্ন্যাসীৰ বেশ ধৰি আছে মহেশ্বৰ, সেহিবেলা ধন্বন্তৰী গৈলা মহেশৰ টাই, তাঙ্ক দেখি ধ্যান ভঙ্গ ভৈল, বৈদ্য ধন্বন্তৰীক মাতি সুধিবাক গৈলা। মহেশ্বৰে বোলে বৈদ্য ধন্বন্তৰীক, কি কাৰ্য্যে আসিলা আমাৰ ঠাই। বৈদ্য বোলে শুনা মোৰ যি কাৰ্য্য। নৰ মনুষ্যক হিংসা কৰে দেৱে দৈত্যে একেঠাই হুই।। আৰু এক কথা ভৈলা শুনা তাক কওঁ, সৰহৰা মন্দকৰা বেদৰ বাহিৰ চুৰচণ্ড বাণ, কোৰাণ কিতাপৰ গাঁঠি স্ৰজিলা কোন ঠাই।। তাক শুনি মহাদেৱে ব্ৰহ্মাৰ পাশে গৈলা, মহেশক দেখি সুধিবাক লৈলা। মহেশ্বৰে বোলে বেদৰ বাহিৰ গাঁঠি স্ৰজিলা কোন ঠাই, ব্ৰহ্মা বোলে চাৰি বেদ জানো মই। ইহাৰ বাহিৰে গাঁঠি নাজানো মই। আলচিয়া দুয়ো বিষ্ণুৰ পাশে গৈলা ব্ৰহ্মা হৰক দেখি আসন দিয়াইলা। তাত বসি দুয়োজন কহিবাক লৈলা। হে বিষ্ণু ভগৱন্ত জগতৰ অধিকাৰী। চৈধ্যতাল পৃথিৱীৰ সমস্ত আছা জানি। নানা বিধ ব্যাধি বিষ, প্ৰেত-পিশাচ দৈত্য-দানৱ বেদৰ বাহিৰ গাঁঠি যত, ইসবে মনুষ্যক মাৰে নানা মত। বিষ্ণু বোলে দুইকো চাই ইসব গাঁঠিক নাজানোহো মই। আলচিয়া তিনিজন উত্তৰ দিশে গৈলা, লোকালোক এৰাইলা। চক্ৰ মাৰি গৈলা পাচে, জলখান পাইল। বসি আসি পূৰ্ণব্ৰহ্মা অনন্ত শয্যাত। হাজাৰ স্তম্ভ প্ৰকাশে ফটিকৰ উচ্ছ্ৰিত বহল ঘৰ জ্বলে সুৱৰ্ণৰ। ব্যাল্লিশ কোটি চন্দ্ৰতাপ আঁৰি আছে ওপৰত। জিলিমিলি পেচন্দাৰ দেখিতে সুন্দৰ। যেন ৰূপ আছে বেদে অন্তক নাপাই। পাচে কৰযোৰে বহি আছে তিনিজন, দেখি ভগৱন্তে সুধিবাক লৈলা। হে ব্ৰহ্মা, বিষ্ণু,হৰ কি কাৰ্য্যে আসিলা আমাৰ ঠাই। পাছে তিনিজনে কহিবাক লৈলা। হে পিতৃ অধিকাৰী পাতিলা আমাক ৰাখিতে নপাৰে সৃষ্টি সবাকো বিচাৰ এৰি আইলো, পৃথিৱীৰ মনুষ্যক ৰাখিতে নপাৰো। বেদৰ বাহিৰ গাঁঠি স্ৰজিলা কোন ঠাই। বেদৰ বাহিৰ অৰীতিয়া গাঁঠি, উপাক পাক সবে মাৰে খাই। আমাক নকৰে মান, বেদক নুশুনে, স্ৰজিলা বৈদ্য ধন্বন্তৰী নামে মনুষ্যক অথৰ্ব্ব বেদ দিলো তাৰ হাতে। গুৰু সুমৰি সিদ্ধ মন্ত্ৰ গাই। তথাপিতো গাঁঠিৰ ভ্ৰূভঙ্গ নাই। ঈশ্বৰে বোলে শুনিয়ো কাহিনী। তিনিজনে সৃষ্টি কৰিলা যৈসানি চাৰি সন্নাসী আসি মোত মাগি নিল। চাৰি হাজাৰ হৰা, তিনিহাজাৰ কৰমা, পঞ্চ হাজাৰ চুৰ, নিখৰ্ব্ব হাজাৰ শৰ, নৱ কোটি ওৰাণ, ব্যাল্লিশ কোটি গাঁঠি, চল্লিশ কোটি মুঠি, ত্ৰিংশ কোটি চুৰ, বত্ৰিশ কোটি হাজাৰ চণ্ড, সতৰ হাজাৰ বায়ু, এই খানি নিয়া দিল মনুষ্যৰ হাতত ওৰাণ কোৰাণ কিতাপৰ গাঁঠি অসংখ্য, এহি বুলি ঈশ্বৰে নমাতিয়া ৰৈলা, তিনিজনে প্ৰণাম কৰি কহিবাক লৈলা, নযাওঁ সত্যে সত্যে সৃষ্টিত নাহি কাৰ্য্য। বেদৰ বাহিৰ গাঁঠি আমাক কৰে লাজ। হেন শুনি ঈশ্বৰৰ মহা ক্ৰোধ ভৈল, গু-গু-গু বুলি তিনি বেলি ডাক দিলা। তন্ত্ৰ মন্ত্ৰ বেদৰ বাহিৰ গাঁঠি মুঠি আমুকাৰ গাৱৰ সবে গু হুয়া থাক*।। বিষ্ঠা কৰো ভস্ম কৰো গু কৰো গাঁঠিগণ। তিনিকো বুলিলা প্ৰভু বচন। বিশেষ আমাৰ আমোঘ বাক্য খলিত নহয়। সবেও গু হইবে সত্য কৰিলো নিশ্চয়। হেন বাক্য শুনি ৰঙ্গ ভৈলা তিনিজন। গুৰুক প্ৰণামি মন্ত্ৰখানি লৈলা শিখি, ওভোতা কৰতি গু নাম ভৈলা। সমস্তৰে গাঁঠি গু কৰি থৈলা। গুৰুক প্ৰণামি উঠিলা তিনিজন। ভগৱন্তে বোলে হোৱা অজৰ। তিনিজনে আজ্ঞা লৈয়া চলি গৈলা। আঠ দিকে দিগগজৰ ফণা বিচাৰিলা। আসুৰিক গাঁঠি পাইলা যত। সাত পাতালৰ শৰ গু কৰি থৈলা। হৰ বিষ্ণু হৰ নৰ-মনুষ্যৰ গাঁঠি মুঠি ওৰাণ কোৰাণ কিতাপৰ হৰ, কৰমা চুৰ চণ্ড অমুকাৰ গাৱৰ গু হুয়া পৰ।।*।। এহি মন্ত্ৰখান সত্য যুগে গুপ্ত হৈয়া ৰৈলা, দ্বাপৰ যুগত ৰাম অৱতাৰ ভৈলা। এহি মন্ত্ৰখানি উচ্চাৰিল। ৰামৰ আজ্ঞা, লক্ষ্মণৰ আজ্ঞা, সীতা দেৱীৰ আজ্ঞা, বিভীষণৰ আজ্ঞা, হনুমন্তৰ আজ্ঞা, চাৰি সিদ্ধৰ আজ্ঞা, সন্ন্যাসীৰ আজ্ঞা, ব্ৰহ্মাৰ আজ্ঞা, বিষ্ণুৰ আজ্ঞা, মহেশ্বৰ আজ্ঞা, অমুকাৰ আঠ অঙ্গ দশ দিক জুৰি, গাঁঠি মুঠি কাটি গু কৰো। বেদৰ বাহিৰ ব্ৰহ্ম গু কৰতি জাপ্য কৰো নৰ মনুষ্যৰ গাঁঠি। একো বেদ কৰতিয়ে মেলিবে নোৱাৰয় সিসব গাঁঠি কাটি গু কৰি থৈলা সেহিসে কাৰণে গু-কৰতি প্ৰখ্যাত ভৈলা। ৰাম গৈলা বৈকুণ্ঠে কলিযুগ ভৈলা। অসুৰে দেৱে দৈত্যে পীড়া কৰিবাক লৈলা। এহি মন্ত্ৰখানি গুপ্ত হৈয়া ৰৈলা। ঈশ্বৰৰ পাশে গৈলা। তেতিক্ষণে মনুষ্যক অধৰ্মে জুৰিলা। ব্ৰহ্মাৰ স্তুতিত ঈশ্বৰ তুষ্ট ভৈলা। পাচে আসি কৃষ্ণ অৱতাৰ ভৈলা। অসংখ্য অসুৰ সংহৰি পেলাইলা। সবাকো নিৰ্য্যাণ কৰি বৈকুণ্ঠে চলিলা। পুনৰ্বাৰ আসি পাচে অধৰ্মে জুৰিলা। পাচে যোগধাৰী ন্ন্যাসী আছয় তপ কৰি, সেহিবেলা শৰহৰা মন্দকৰা চুৰ চণ্ড গাঁঠি মুঠি ওৰাণ কোৰাণ কিতাপৰ গাঁঠি, উপাক পাক গাঁঠি, ধনুবাণ গুৰু ভকতৰ পাক বেণুৰ চাক চুৰ ইসবে ফুৰে মনুষ্যক মাৰি। যোগবলে ৰামগিৰি গু কৰতি পাই, সকলোকে কাটি কাটি কৰিলা ঠাই। নাৰী চুৰ চণ্ড গাঁঠি কাটি খণ্ড খণ্ড কৈলা। পাচে তিনিজন পৃথিৱীক পাইলা। বৈদ্য ধন্বন্তৰীক মন্ত্ৰ শিৰে তুলি ধৰি ওলটা পালটা গাঁঠি কাটিবাক লৈলা। সাতো পাতালৰ মাটি। নৰহৰি কুমাৰে আনিলে কোৰেৰে মাটি। খচি গুলি দিলে চাকত। কলস ভৈলা ব্ৰহ্মাৰ পাকত। সেই কলসত জাৰিলো পানী। চৌষষ্ঠি গাঁঠি খৰ্ব কোটি ব্যাধি, নিখৰ্ব কোৰ, ত্ৰিশ চুৰ দণ্ড কাটি কৰিলো পানী। হৰ গাঁঠি হৰ, আমুকাৰ কাটিলো গু হুয়া পৰ। নাভিৰ ভিতৰে, হাতৰ ভিতৰে, মগজুৰ ভিতৰে, গৰ্ভৰ ভিতৰে, খাই মাৰে মনুষ্যক, দেখি ৰামগিৰি সন্ন্যাসীৰ মহা ক্ৰোধ ভৈলা। গু-কৰতি মন্ত্ৰেৰে জাৰিবাক লৈলা। হাতচুৰ কাটো, বাটচুৰ কাটো গৰ্ভচুৰ গাঁঠি কাটো, ওভতাচুৰ গাঁঠি কাটো; উপাকচুৰ গাঁঠি কাটো, চাকচুৰ গাঁঠি কাটো, চুলিচুৰ গাঁঠি কাটো, লোমচুৰ গাঁঠি কাটো, খটীচুৰ গাঁঠি কাটো, ববছাৰচৰু গাঁঠি কাটো, দুবৰিচুৰ গাঁঠি কাটো, বিড়িনা পাতৰ চুৰ গাঁঠি কাটো, বাপচৰু গাঁঠি কাটো, তেলচুৰ গাঁঠি কাটো, জলচুৰ গাঁঠি কাটো, থলচুৰ গাঁঠি কাটো, দেশচুৰ গাঁঠি কাটো, শকনিচুৰ গাঁঠি কাটো, ঘৰচুৰ গাঁঠি কাটো, শীলাচুৰ গাঁঠি কাটো, টুটচুৰ গাঁঠি কাটো, দেখাচুৰ গাঁঠি কাটো, নেদেখাচুৰ গাঁঠি কাটো, চেঙ্গাচুৰ গাঁঠি কাটো, চেলেঙ্গীচুৰ গাঁঠি কাটো, অগ্নিচুৰ গাঁঠি কাটো, ওভোতাচুৰ গাঁঠি কাটো, বেদচুৰ গাঁঠি কাটো, মন্ত্ৰচুৰ কাটো, সান্ন্যাসীচুৰ কাটো, সন্ন্যাসীয়ে চকু পকাইলা। তন্ত্ৰ মন্ত্ৰ ঔষধ ব্যাধি, ওৰাণ কোৰাণ কিতাপৰ গাঁঠি মুঠি হৰা কৰমা মন্দকৰা চুৰদণ্ড শৰবাণ গু-কৰতিয়ে কৰিলে খণ্ড খণ্ড। ফিৰিঙ্গিৰ বাণ গাঁঠি কাটো,বঙ্গালৰ বাণ গাঁঠি কাটো, গাৰোৰ বাণ গাঁঠি কাটো, মালেৰি বাণ গাঁঠি কাটো, সোণাৰীৰ বাণ গাঁঠি কাটো, গৰীয়াৰ বাণ গাঁঠি কাটো, আহোমৰ বাণ গাঁঠি কাটো, হাৰীৰ বাণ গাঁঠি কাটো, ভোটৰ বাণ গাঁঠি কাটো, ডফলাৰ বাণ গাঁঠি কাটো, মিৰিৰ বাণ গাঁঠি কাটো, মিচিমিৰ বাণ গাঁঠি কাটো, মোগলৰ বাণ গাঁঠি কাটো, মুলুঙ্গৰ বাণ গাঁঠি কাটো, নগাৰ বাণ গাঁঠি কাটো, নৰাৰ বাণ গাঁঠি কাটো, গাৰোৰ বাণ গাঁঠি কাটো, যুগিৰ বাণ গাঁঠি কাটো. জয়ন্তাৰ বাণ গাঁঠি কাটো,কেওটৰ বাণ গাঁঠি কাটো, কলিতাৰ বাণ গাঁঠি কাটো, কায়স্থৰ বাণ গাঁঠি কাটো, নটৰ বাণ গাঁঠি কাটো, চমাৰৰ বাণ গাঁঠি কাটো, ধোবাৰ বাণ গাঁঠি কাটো,গণকৰ বাণ গাঁঠি কাটো,কমাৰৰ বাণ গাঁঠি কাটো, কুমাৰৰ বাণ গাঁঠি কাটো, বামুণৰ বাণ গাঁঠি কাটো, ক্ষত্ৰিয়ৰ বাণ গাঁঠি কাটো, বৈশ্যৰ বাণ গাঁঠি কাটো, শূদ্ৰৰ বাণ গাঁঠি কাটো, বেদৰ বাহিৰে ওভোতা কৰতি জাপ্য কৰো। আসুৰীয়া অৰীতিয়া গাঁঠি কাটি অমুকাৰ গু কৰো। আওপাক গাঁঠি দিছিলি তই, অমুকাৰ গাৱৰ সোঁও পাকে গু কৰো মই। গৰ্ভশূল, নাভিশূল, কোথশূল, পীতশূল, হৃদিশূল, জ্বৰলেঙ্গ, সোপালেঙ্গ, বায়ুলেঙ্গ, ওঠাৰ জাতি লেঙ্গ ব্যাধি জাৰি গু কৰো। হৰ বিষ হৰ সকলো গাঁঠি মুঠি ভস্ম হুয়া পৰ।।*।। আমুকাৰ গাৱত বিষগণে আছে ধৰি। কাটিলো বিষ খণ্ড খম্ড কৰি। শিৰ শিৰিষা বাত, আসুৰি বাত, একাঙ্গী বাত, পানী মঙ্গলি, ভৈৰবী, চৌৰঙ্গী, কোৱখুতি, ঝকঝকি, বজ্ৰমুখী, নিসাৰী, নিচুকি, ব্ৰহ্মলুকী, সবে ৰোগ জাৰি গু কৰো। নৱভনী, সাতভনী, বাৰভনী কথা কওঁ। হৰ বিষ হৰ। জাৰিলো সমস্তে গাঁটি মুঠি গু হুয়া পৰ। ইসৰ পাতিলে মেলা গু মন্ত্ৰ শুনি ভাগিল মেলা। অৰে অৰে বিষ কৈস লোৱা ঠাই, চৌপন্থা বাটত আছিলি খেড়ি খেলাই। খেড়ি খেলান্তে বিষক পাই, গু মন্ত্ৰে কাটি কৰিল ঠাই। হৰ বিষ হৰ আমুকাৰ গাৱৰ তন্ত্ৰ-মন্ত্ৰ ঔষধ ব্যাধি সবে গু হুয়া পৰা।।*।।

 

 

চক্ৰকৰতি

শ্ৰীকৃষ্ণায় নমঃ

নমো চক্ৰবাণ উতপতি ভৈলা। ত্ৰিদশ কোটি দেৱতাৰ মায়া সংহাৰিবে লৈলা। চৌষষ্টি যোগিনীৰ বিষ, ডাকিনীৰ বিষ খণ্ড খণ্ড কৰিলা। বিষ মন্ত্ৰ বেকত কৰি ভূত-প্ৰেত পিশাচক, দৈত্য-দানৱ কাটি খণ্ড খণ্ড কৰিল।। চক্ৰমাণ মন্ত্ৰ যি পিনে য়াই, আঘেৰ জনা বাটোৱালীৰ বিষ সংহৰি পেলায়।। নমো চক্ৰবাণ গৰ্ভক যাই ব্যাল্লিশ কোটি বিষ ৰোগ ব্যাধি খেদি খেদি খায়। নমো চক্ৰবাণ ধৰিলো ডাটি নৰ-নাৰীৰ ছয় চক্ৰ বিষ ব্যাধি সংহাৰি পেলায়।। নমো চক্ৰমন্ত্ৰ উচ্চাৰণ কৰো। চৌষষ্টি ৰোগ ব্যাধিক সংহাৰণ কৰো। অনাদি অনন্ত পুৰুষে অস্ত্ৰক দিলা। সুদৰ্শন চক্ৰপাট হাতে তুলি লৈলা। চক্ৰক পঢ়ি চক্ৰক নমস্কাৰ কৰি ব্ৰহ্ম মন্ত্ৰ প্ৰহাৰ কৰো।। বং সে হুঙ্কাৰ দ্ৰাবয় মাৰয় শোষয় বিম্বাদ শবদে চক্ৰ ফুৰয়। ছয়ত্ৰিশ কোটি ব্যাধিৰ মিলল প্ৰলয়, অন্তে কাটো অন্তকৰালী মাথা কাটো মাথো বিষালী ছয়চক্ৰ নৰ-নাৰীৰ হৃদয়ৰ বিষ ব্যাধি কাটো ব্ৰহ্মমন্ত্ৰ হানি মাৰো ব্ৰহ্মামন্ত্ৰ বাণ কাটি কৰো ব্যাল্লিশ কোটি ৰোগ নিৰ্যাণ সোহংঙ্কাৰ হুং হুঙ্কাৰ ৰোহঙ্কাৰ। গদা প্ৰহাৰ আঠ অঙ্গ নাৰীৰ বিষ ছয় চক্ৰ ছয় বিষ ব্যাধি কাটি কৰো সংহাৰ। গাৰয় দাৰয় বিদাৰয় শোষয় সবে উচাটয় হৰ হৰ বিষ তৈতে মৰ।।*।। ব্ৰহ্মাৰ তনয় নিধিছি আছিলয়। তেহন্তে নমিল হৰৰ চৰণে নমস্কাৰ কৰি। ধন কুবেৰৰ পাশে যাই চলি।। দুই হানো ঘোৰ ৰূপক ধৰিলা। হৰৰ প্ৰসাদে ধিয়ানতে পাইলা। সেহি বেলা মহাদেৱে স্তুতি কৰি সুদৰ্শন চক্ৰক নমাইলা।। বিম্বাদ শৱদে চক্ৰে দেখিলা। ভূত প্ৰেত পিশাচক খেদি খেদি খাইলা।। সেহি চক্ৰবাণ উচ্চাৰণ কৰো। চৌব্বিশ কোটি ৰোগ ব্যাধি মাৰো পানীকৃত্য কৰি।। কোন কোন ব্যাধিৰ কোন কোন নাউ। চাৰিশ কোটি ৰোগ ব্যাধি যাইব আপুনি পলাই। প্ৰথমতে জ্বৰব্যাধি অতি দৃঢ়তৰ চক্ৰ মন্ত্ৰে কাটি কৰো খণ্ড খণ্ড। চেঙ্গা চেঙ্গেলীয়া মৌবিচনীয়া জাৰো, শূলা গ্ৰহণী শূলকো কাটি চক্ৰবাণ খণ্ড খণ্ড কৰো। জ্বৰখাপৰি, শিলাখাপৰি, পাণ্ডুখাপৰি, খলাখাপৰি, খৰপীড়া, খহনিপীড়া পৰম দাৰুণ চক্ৰমন্ত্ৰে জাৰি কৰো নিৰ্মূল। হৰ হৰ জাৰিলো ৰোগব্যাধি পানীকৃত্য হুই পৰ।।*।। নমো চক্ৰবাণ ধৰিলো ডাটি। পেটকামুৰি, পীতকামুৰি, আন্তকামুৰি, পেলুকামুৰি, ব্যাধি জাৰো।। নমো চক্ৰবাণ ধৰিলোঁ ডাটি হাতীকামুৰি, কুচিয়াকামুৰি, অন্তকামুৰি বাওকামুৰি, পেলুকামুৰি, পেলাইবো কাটি। নমো চক্ৰবাণ ধৰিলো ডাটি। পঘাগুণঠিয়া, পটাপোৱালিয়া, পদুমনলা পেলালো কাটি। হৰ বিষ হৰ ছত্ৰিশ কোটি ব্যাধি ৰোগ জাৰো পানীকৃত্য হুই পৰ।।*।। নমো চক্ৰবাণ উচ্চাৰণ কৰো। সূৰ্য্যশূলা, নাভীশূল, গৰ্ভশূল, উখাহশূল মাৰি সংহাৰণ কৰো।। হৰ বিষ হৰ, চৌষষ্টি বিষ মাৰো পানীকৃত্য হুই পৰ।।*।। পাতালফুটি পৰিল পানী। মাছ কাছ কৰে ভাটি উজনি, গণ্ডুষত কৰি ধৰিলো জল। পানীকৃত্য কৰো বিষৰ বল। কুৰিয়া, ঢেকনিয়া, ঢেকেয়া টুবলীয়া, পেট আভোগ গুণ্ড গুণ্ড পীড়া গৰ্ভত ৰাস চক্ৰ মন্ত্ৰেৰে জাৰো পানীকৃত্য হুই পৰ।।*।। ডালহৰা পানীহৰা বজ্ৰ কটকটি, জিনজিনি, সিৰসিৰি, চটফটি, ধপধপি, পোৰণি, দেৱনি, বিষনি, কোপনি, চক্ৰ মন্ত্ৰে জাৰি কৰিলো পানী, ফুট ব্ৰহ্মবাণ ফুট, সৰ্বাঙ্গৰ বিষ টুটু, হুং হুংঙ্কাৰ চৌচক্ৰ, চৌধাৰ কাটো চক্ৰ বিষ নাই আৰ। ব্ৰহ্মা মহেশ্বৰে দিলেক বাণ। ব্ৰহ্মা অস্ত্ৰে বিষৰ কৰো নিৰ্য্যাণ। উতঙ্গ সোহং সৰ্ববিষ নোহং তঙ্গখাৰ তোসৰং চক্ৰে কাটো সৰ্বাঙ্গৰ বিষ নাই আৰাওঁ বিভঙ্গ পানী জাৰিলো বিষক কৰিলো পানী, ব্ৰহ্মা মহেশ্বৰৰ ডাক বিষ্ণুৰ বাণী চাৰিশ কোটি ব্যাধি জাৰি কৰো নিৰ্য্যাণ। হৰ বিষ হৰ, চৌষষ্টি ৰোগ ব্যাধি পানীকৃত্য হুই পৰ।।*।। আমুকাৰ গাৱত বেদনা কৰস যেৱে মহাদেৱৰ ত্ৰিশূলত পৰি মৰস তেৱে।। ৰোগীৰ গাৱত থাক, শ্ৰীৰাম বাণত পৰি মৰ। যেৱে কৰস মহাদেৱৰ মাথাত কামোৰস। বিষ্ণুৰ দোহাই, ব্ৰহ্মাৰ দোহাই ঈশ্বৰীৰ দোহাই। ৰোগীৰ গাৱত থাকি খাৱস। ভীমৰ গদাত পৰি ভস্ম হোৱস। যেৱে শৰীৰত ৰোগীৰ বেদনা কৰস। পাশুপত্ৰ অস্ত্ৰত পৰি ভস্ম হোৱস।। আঠ অঙ্গ বত্ৰিশ শৰীৰ গৰ্ভৰ চৌচক্ৰৰ নৰ-নাৰী, তেজ, মাংসৰ, অস্থিৰ বিষ ব্যাধি পৰি সুদৰ্শন চক্ৰত পৰি ভস্ম হোৱস। চৌষষ্টি ৰোগ ব্যাধি চণ্ড আমুকাৰ অঙ্গ এৰি নযাৱস যেৱে। অনাদি ঈশ্বৰৰ কৰ্মত পৰি ভস্ম হোৱস তেৱে।। যেৱে ৰোগীৰ শৰীৰত বেদনা কৰস। পদুমনী কন্যাৰ আন্ত কামোৰস। সুদৰ্শন চক্ৰত মৰ।। উৰি গল শগুণী গজি গল পাখী, কোন কোন শগুণীৰ কোন কোন জাতি। ডালত পৰি শগুণীয়ে গুণে মনে মনে। ত্ৰিদশ কোটি দেৱতা কাণ পাতি শুনে। মাৰলুকি বাপেৰ লুকি। ডালত পৰি কুৰুৱা মাৰিলে উকি। চৌকোটি বিষ পৰি বোলে ফাট দিয়া বসুমতী পাতালে লুকাওঁ। কোন কোন বিষৰ কোন কোন জাতি। মই জানো তোৰ জনম জাতি।। গলবেৰা, হেঙ্গাৰা, গলণ্টিকা, বেৱা, বলধা, এৰেন্ধাবাল, পৃণ্ডৰা বাঘমুৱা, শিয়ালগলা, ভাঙ্গোইটা ভাঙ্গোমাটি ভাঙ্গি যাও চৌকোটি বিষৰ গাঁঠি জাৰি পানী কৰো। হৰ বিষ হৰ আমুকাৰ ৰোগ ব্যাধি সমস্তে গু হুয়া পৰ।।*।। এহি বাক্য লৰস যেৱে, মহাদেৱৰ ত্ৰিশূলত পৰি মৰস তেৱে।।*।।

 

বায়ু কৰতি:

গম্যাৰ্থে দিকদৰ্শন, সন্ধানাৰ্থে

 

শ্ৰীকৃষ্ণায় নমঃ

যৈসানী দেৱ দৈত্য সাগৰ মথিলা তিনিশ তেষষ্টি বায়ু উতপতি ভৈলা।। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চৰণে জাৰো। তিনিশ তেষষ্টি বায়ুক পানী কৰো।। হৰ বায়ু হৰ, চৌষষ্টি বায়ু পানী উঠি পৰ।।*।। কোন কোন বায়ুৰ কোন কোন নাউ। তিনিশ তেষষ্টি বায়ুৰ আদি জন্মকথা কওঁ।। প্ৰসূতা বায়ু শুনা কাণ পাতি।। প্ৰসূতী তই য়াবি কোন ঠাই। দহ অঙ্গ বান্ধি তোক কৰিবো এক ঠাই।। জাৰিলো প্ৰসূতা বায়ু, আজি মধ্যাহ্ন বেলা। হৰ বায়ু হৰ, মহাদেৱৰ চৰণে চৌষষ্টি বায়ু পানী কৰি মাৰো।।*।। পোড়া বায়ু, কামোৰ বায়ু, জ্বৰ বায়ু, খামোচা বায়ু, হৰ আন্তকৰালি বায়ু, বগৰা বায়ু, কালিকা বায়ু হৰ, হৰ বায়ু হৰ, আমুকাৰ চৌষষ্টি বায়ু পানী হুই পৰ।।*।। জ্বৰা জাত নাই মৰ্জিয়া পেলাই, গৰ্ভ নাভিসম শৰীৰ পোৰে যেৱে। চৌষষ্টি বায়ুৰ আজি জন্মজাতি কওঁ তোৰ আমুকাৰ হৰ বায়ু হৰ মহাদেৱৰ চৰণে পানী উঠি পৰ।।*।। প্ৰিপাত বায়ু, তোৰ কওঁ জন্মজাতি। ত্ৰিদশ বায়ু শুন কাণ পাতি।। হৃদিশূল বায়ু, নাভিশূল বায়ু তোৰ কওঁ জন্ম জাতি শুনা কাণ পাতি। বিঘালি বা বাকলি বায়ু তোৰ জানো জন্ম জাতি। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ বচনে জাৰিলো চৌষষ্টি বায়ু পানী কৰি কৰি মাৰো।। হৰ বায়ু হৰ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বচনে চৌষষ্টি বায়ু ধৰি ঘাৰ মুচৰি মুচৰি মাৰো।।*।। বায়ু জাৰো বায়ু ফুঙ্কো বায়ু কৰো পানী। কালকূট কুমন্ত্ৰৰ বাণক কাটি খণ্ড খণ্ড কাটো, অবিচাৰ বাণ কাটো, চুৰবাণ কাটো, চন্দ্ৰবাণ কাটো, অৰ্দ্ধবাণ কাটো, ঊৰ্ধ্ববাণ কাটো, কৰণবাণ কাটো, চক্ষু, কৰ্ণ, ওষ্ঠ, জিহ্বা, সম শৰীৰ বাণ কাটো, ৰামৰ আজ্ঞায়ে কাটো, মহাদেৱৰ আজ্ঞায়ে কাটো, ব্ৰহ্মাৰ আজ্ঞায়ে কাটো, বিষ্ণুৰ আজ্ঞায়ে কাটো, সবাকো লঙ্কাৰ কৰিলো পাৰ। তিনিশ তেষষ্টি বাণ কাটো, গুলই মহাৰাজাৰ বায়ু বাণ কাটো, হৰ বিষ হৰ, কালকূট বায়ু জাৰো পানী হৈ পৰ।।*।। ব্ৰহ্মায়ে বেদ উচ্চাৰণ কৰিলো যৈতে বায়ুৰাজা আসি ঐতে ভৈলন্ত সাক্ষাত। ব্ৰহ্মা বিষ্ণু কিমতে জন্মিল।। ব্ৰহ্মা বোলে দেৱী মই নোহো অধিকাৰী। মহেশত সোধা বায়ু মন্ত্ৰক উচ্চাৰি।। আপুনি সুধিবে গৈয়া নম্ৰভাৱ হুই। কিমতে জন্মিল বায়ু মহেশে কহিবে বায়ুৰাজ সমুদায়।। হেন শুনি দেৱী মহাদেৱৰ পাশে গৈলা। কৰযোৰ কৰি দেৱী সুধিবাক লৈলা।। দেৱী বোলে শুনিয়োক মণ্ডমালা ধাৰী। বায়ু মন্ত্ৰক ব্ৰহ্মা আচন্ত উচ্চাৰি।। দেৱীয়ে সোধে মহাদেৱৰ মুখ চাই। বায়ু মন্ত্ৰ উচ্চাৰি পেলাইলন্ত খায়। ধৰ্মপাল বায়ু, বিলাপাল বায়ু, বীণাপাল বায়ুৰ নাও। গুৰুক সুমৰি সাত প্ৰহৰৰ বাট যাওঁ।। বায়ু মাৰি পানীকৃত্য কৰি থওঁ। যেতিক্ষণে বায়ুমন্ত্ৰ কৰিলা উল্লাস।। চৈধ্য ভুৱন কাম্পে, চৈধ্য ভুৱন কম্পি দেৱগণ ভৈলা মহাত্ৰাস।।*।। প্ৰেত, পিশাচ, উট, ভালুক, হস্তী, নাগ, নাগিনী, সিংহিনী, বাঘিনী, বৰাণী, পক্ষী, পিশাচী, ভাগি পলায়। বায়ুমন্ত্ৰ উচ্চাৰিয়া উলসিয়া মন। বায়ুৰাজা মনে বুলিলা বচন।। অনুষ্ঠান কৰিলেসে বুলিলো বচন। অনুষ্ঠান শুনিয়োক পাত্ৰ বৰ।। ব্ৰহ্মাস্ত্ৰ পাশক সবে যায়োক সত্বৰ। সুধিবে বচন ব্ৰহ্মাৰ পাশে গৈলা।। বায়ুগণ দেখি ব্ৰহ্মা সুধিবাক লৈলা। অনুষ্ঠান বচনক বায়ুমন্ত্ৰ পাইলা। খণ্ড খণ্ড কৰি সবে পেলাইলেক খাই। হৰ বায়ু হৰ, জাৰিলো বায়ু খণ্ড খণ্ড হুই পৰ।।*।। আলচিয়া আকাশত গৌৰীৰাজ ভাই। মাৰিলাহা গৌৰী পাচে পথতে লগ পাই। গৌৰী বোলে শুনা মোৰ পঞ্চভাই। সকাল বিষক মনে চিনিবিহি তই।। এহি বুলি পাচে গৌৰী পথে চলি গৈলা। হাজাৰেক বিষক পথতে লাগ পাইলা। বিষ বহ্নি বায়ুসমে পেলাই সেই ঠাই। সকলো বিষক মানে পেলাইলাহা খাই।। ব্ৰহ্মাৰ বচনে সবে বিষক খাইলা। সমস্তে বায়ুক পাচে তহিতে লাগ লৈলা।। তেতিক্ষণে গৈয়া বায়ুক লাগ পাইলা। বায়ু মন্ত্ৰ উচ্চাৰিয়া সবাকে খাইলা।। হৰ বিষ হৰ জাৰিলো বায়ু, পানী উঠি পৰ।।*।। আকাশত দেৱে পাইতুলি লৈলা। বায়ু মন্ত্ৰক সবাত প্ৰচাৰ কৰিলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, নাসিকা, মাৰিলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, মাৰিবে লাগিলা। হাতত তুলিয়া লৈলেক বাণ। সমস্তে বায়ুক পাচে কৰিলা নিৰ্যাণ। থানে থানে দেৱগণ পলাইবাক লৈলা। অৰ্দ্ধ মন্ত্ৰক ব্ৰহ্মা উচ্চাৰণ কৰি থৈলা। বায়ু মন্ত্ৰক মই উচ্চাৰণ কৰো। চৌষষ্টি বায়ু মাৰি পানীকৃত্য কৰো।। মহাদেৱৰ চৰণে পশিয়া শৰণ।। হেন বায়ুমন্ত্ৰ মই কৰো উচ্চাৰণ।। বায়ু বোলে এবে মই কৈলাসক যাওঁ, বায়ু বিষ বহ্নি প্ৰেত, পিশাচ, হৰা মন্দকৰা কুমন্ত্ৰ গাঁঠি চুৰচণ্ড ৰোগ ব্যাধি বিচাৰিয়া চাওঁ। পাচে কৈলাসক লাগি গৈলা। কৈলাস সহিতে পাচে কম্পিবাক লৈলা।। মহাদেৱে দেখে বায়ু ভৈলা উপস্থিতি। আগবাঢ়ি বায়ুমন্ত্ৰ, কৰন্ত কাকূতি।। সেহি সময়তে দেৱী আসি ভৈলা। সকলে বায়ুক দেৱী তহিতে দেখিলা।। অৰ্দ্ধঃবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, কামোৰাবায়ু, শিলাবায়ু, ৰখাবয়ু সঙ্গিনী বায়ুক মই জাৰিবাক লৈলো।। বায়ুক মাৰি অনেক ৰাক্ষসে আছিলেক ৰক্ষা কৰি। বাল্মীকি ৰাখিলা পায় সেই সময়ত।। সীতাৰ গৰ্ভত দুই পুত্ৰ ভৈলা জাত।। বাল্মীকি ৰাখিলা দুইকো মহা যত্ন কৰি। ঋষি শিশুগণ সমে ফুৰে ক্ৰীড়া কৰি।। পঢ়াইলন্ত ঋষি পাচে অনেক শাস্ত্ৰক। উচ্চাৰিল দুইজনে বায়ুৰ মন্ত্ৰক। বিচাৰিয়া চাওঁ, পাচে বায়ু কৈলাসক লাগি গৈলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্বূবায়ু অল্পবায়ু, খণ়্বায়ু, আকাশীবায়ু, পিবতাবায়ু, পাতালী বায়ু, ৰসবায়ু, খণ্ডবায়ু, হামি বায়ু, চৌষষ্টি বায়ুক বায়ু মন্ত্ৰে লাগ পাই। সবাকো ধৰিয়া আনি পেলাইলেক খাই।। বসবাসীৰ বায়ু মাৰিয়া যেবে লৈলো।। হৰ বায়ু যেবে মাৰিবাক লৈলো।। মাৰোহো সবাকো মই আকাশে গই। জাৰিলো বায়ুক ৰাখোতা কেহো নাই। হৰ বায়ু হৰ, আকাশে হৰ, বায়ুমন্ত্ৰে বায়ু জাৰো পানী উঠি পৰ। হৰ হৰ চৌষষ্টি বায়ু হৰ জাৰিলো বায়ু পানী উঠি পৰ।।*।। আকাশত বায়ুমন্ত্ৰ উচ্চাৰিয়া থৈলো। চৌষষ্টি বায়ুক যেবে খেদিয়া গৈলো।। বায়ুমন্ত্ৰে বায়ু পাই মাৰিবাক লৈলা। দেখি ব্ৰ্হ্মাদেৱে বায়ুমন্ত্ৰ নাম থৈলা।। অন্তবায়ু মাৰো, দান্তবায়ু মাৰো, নাভিবায়ু মাৰো, কৰ্ণবায়ু মাৰো, শিৰবায়ু মাৰো, শিহৰা বায়ু মাৰো, চুবায়ু মাৰো, চন্দ্ৰবায়ু মাৰো, খৰবায়ু মাৰো, পিতবায়ু মাৰো, অন্তবায়ু মাৰো, সমস্তবায়ু মাৰো, ধৰ্মপাল বায়ু মাৰো, বিষবহ্নি বায়ু মাৰো, দেববহ্নি বায়ু মাৰো, ব্ৰহ্মাৰ চক্ৰ হানি মই বায়ুক মাৰিবে লৈলো। এতেকতে বায়ুমন্ত্ৰ উচ্চাৰণ কৈলো, হৰ বায়ু হৰ, মোৰ হাতে চৌষষ্টি বায়ু হৰ জাৰিলো বায়ু পানী উঠি পৰ।।*।। দেৱৰাজা আছিলা গৰ্ভত, চৌষষ্টি বায়ু মাৰি কৰিলো নিৰ্যাণ। পাচে বায়ুমন্ত্ৰ দেখি মহাৰঙ্গ ভৈলা। সপত সাগৰ পাৰ শুষিবাক লৈলা।। সকল বায়ুক শুষি নিবাৰণ কৈলা। কামবায়ু,হিয়াবায়ু, শোপাবায়ু, অৰ্দ্ধ-ঊৰ্ধ্ব বায়ু, বাসাবায়ু, ক্ৰিয়াবায়ু, পোড়াবায়ু, উভণ্ডাবায়ু, বসুমতী বায়ু, চৌষষ্টি বায়ু, ধৰ্মৰ আজ্ঞাপালি বায়ু মাৰিবাক লৈলা, চৌষষ্টি বায়ু দূৰ কৰি জাৰিলো, বায়ু পানী উঠি পৰ।।*।। ব্ৰহ্মায়ে আচান্ত কৰি আছিলা। সাতবাৰ সাতক পৰীক্ষা কৰাইলা।। সেহিবেলা ব্ৰহ্মায়ে বায়ুক উচ্চাৰিলা, বায়ুক দেখিয়া ব্ৰহ্মা ৰঙ্গ ভৈলা। আগবাঢ়ি বায়ু ৰাজাক মাতিবাক লৈলা। বায়ু আসি ব্ৰহ্মাৰ আগত মিলিলা।। ব্ৰহ্মা বোলে পালো সেই সময়ত। সবে মাৰিলো নপশোক আমুকাৰ গাত।। উচ্চাৰণ কৰো বায়ুমন্ত্ৰে চালিলেক গাৱ।। বিষবহ্নি বায়ুক মাৰি কৰিলো নিৰ্য্যাণ। লঙ্কাৰি বায়ু, হৰমি বায়ু, চৌষষ্টি বায়ু কৰি আছো বল বায়ুমন্ত্ৰ জাৰি সবে কৰিবো নিৰ্য্যাণ। হৰ বায়ু হৰ জাৰিলো চৌষষ্টি বায়ু পানী উঠি মৰ।।*।। ব্ৰহ্মা বোলে শুনিয়োক যত দেৱগণ। সৃষ্টি কৰিবাক লাগি হুই আছে মন।। এতেকতে ব্ৰহ্মামন্ত্ৰ ৰাজা মনৰঙ্গ ভৈল। সত্বৰে আজ্ঞা কৰি সৃষ্টি কৰিবাক দিল।। ব্ৰহ্মাৰ বচনে সবে শিৰোগত কৰি। সৃষ্টিৰ মধ্যত পাচে গৈলেক লৱৰি।। সৃষ্টিক যে প্ৰসন্ন ভৈলা। প্ৰেত পিশাচগণ স্ৰজিবাক লৈলা।। স্ৰজিলা সমস্তে প্ৰেত পিশাচগণে। বায়ুক যে স্ৰজিলা অনাদি ঈশ্বৰে যেতিক্ষণে।। মনে বায়ু মন্ত্ৰক সুমৰিলা। অনাদি ঈশ্বৰ বায়ু দিলা। ব্ৰহ্মাদেৱে বোলে সবে মোৰ বোল ধৰা। চৌষষ্টি দিনক আদি কৰি সৃষ্টি কৰা।।বহ্নি বায়ু, প্ৰসূতা বায়ু সবেও ভৈলা তেতিক্ষণে। উঠি বায়ু মন্ত্ৰক ধৰিল, অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু পানী উঠি পৰ।।*।। মোৰ হাতে যাক তুলি লৈলা বঙ্কুবায়ুক মাৰিলো লাগ পায়, অৰ্দ্ধক লাগিয়া যাৰ মন্ত্ৰ চলি গৈলা, অৰ্দ্ধৰ বায়ুক সবে মাৰিবাক লৈলা।। মুখ হন্তে হৃদিকম্প সমস্ত গাৱত। মাৰিলো সমস্তে নাই আমুকাৰ গাত।। হৰ বায়ু হৰ, ইবাৰ আমুকাৰ প্ৰাণপিণ্ড ৰক্ষা কৰ।।*।। তুমি থাকা বায়ু শিৰত গাৱত চৰি। মই আহো গুৰুসেৱা কৰি।। হৰ বায়ু হৰ, জাৰিলো বায়ু পানী উঠি পৰ।।*।। ৰামচন্দ্ৰে দেখে হনুমন্ত বদ্ধ গৈলা। দেখি ৰামচন্দ্ৰ অমৃত হাতে পৰশিলা।। ৰামৰ হাতে হনুমন্ত বীৰ উঠিলা।। উঠি হনুমন্তে ৰামৰ চৰণ পৰশিলা। যেতিক্ষণে ৰামদেৱে হাতে পৰশিলা।। স্তুতি নতি কৰি ৰামৰ আগে ৰহিলা। দেখি ৰামদেৱে হনুমানক বৰ দিলা। মোৰ বৰে হোৱা অজৰ অমৰ।। যেতিক্ষণে হনুমন্তক বৰ দিলা। পৃথিৱীক লাগি হনুমন্ত চলি গৈলা।। বিপুল হাতে ধৰিলোহো মই ফুলবাণ। মাৰোহো বায়ুক সবে কৰোহো নিৰ্য্যাণ।। পৃথিৱীৰ মধ্যে আছে বায়ু মন্ত্ৰ বাণ। আগ বাঢ়ি হনুমন্তে বুলিলা বচন।। বায়ুমন্ত্ৰ মাতে হনুমন্তৰ মুখ চায়। বায়ুৰ নিমিত্তে ব্ৰহ্মাদিক পঠাইলন্ত।। যত বায়ু আছে মানে পৃথিৱী মধ্যত। বান্ধি আনি দিয়ো সবো আমাৰ হাতত। হনুমন্তে মাতে বা মন্ত্ৰ মুখ চাই। নাম হনুমন্ত মই বায়ুৰ তনয়।। শুনি বায়ু মনে মহাক্ৰোধে কৈল। মহাবীৰ হনুমন্তক বান্ধি ব্ৰহ্মা নাগপাশে বান্ধিলা হাঙ্কাৰি। পৃথিৱীৰ বায়ু সব থৈলা বন্দী কৰি।। হৰ বায়ু হৰ, মোৰ হাতে হৰ জাৰিলো বায়ু পানী উঠি মৰ।।*।। হনুমন্তে বোলে মন্ত্ৰ শুনিলেক। নাগপাশে মোক বান্ধিলাহা কি কাৰণ।। হেন শুনি বায়ু মন্ত্ৰ মহাক্ৰোধ ভৈলা। আগবাঢ়ি হনুমন্তক মাতিবাক লৈলা।। বায়ুমন্ত্ৰ বোলে শুন বায়ুৰ নন্দন। তোৰ গৰ্ভে আছে বায়ু এতিক্ষণ।। আমাৰ হাতত দিয়োক বাজ কৰি। তোমাৰ আগত মই বুঞ্জো পেট ভৰি। শুনি হনুমন্তৰ যে মহাভয় ভৈলা। তেতিক্ষণে সবে বায়ু বাজ কৰি দিলা।। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, কামোৰাবায়ু, বঙ্কবায়ু, ধোৱাবায়ু, নাসিকাবায়ু, অঙ্কবায়ু, নৃপতিবায়ু, নাভাবায়ু, কূৰ্মবায়ু, কাচোবায়ু, গুল্মবায়ু, পিতবায়ু,নানাবায়ু, নিৰোধবায়ু, মূৰ্চিতবায়ু, শোষকবায়ু, পম্পবায়ু, হনুমন্তীবায়ু, ওলোটাবায়ু, উঠিবায়ু, খামোচাবায়ু, সকোবায়ু, তৈতে কৰি আছে বায়ু, বায়ু মন্ত্ৰ জুৰি আছে কৰোহো বিনাশ।। হৰ বায়ু হৰ জাৰিলো চৌষষ্টি বায়ু পানী উঠি পৰ।।*।। গোসাঞিৰ বচনে বায়ু যে আসিলেক, চৌষষ্টি বায়ুক মাৰি খাই পেলাইলেক।। সকলো বিষক বায়ু মন্ত্ৰে মাৰি থৈলা। অৰ্দ্ধবিষ, ঊৰ্ধ্ববিষ, কামবিষ, ৰাসলাবিষ, জনবিষ, মনবিষ, কবন্ধবিষ, পোৰাবিষ, হৰাকৰা বিষ, মন্দকৰা বিষ, গুৰুৰ আজ্ঞা শিৰত ধৰি, জাৰিবাক লৈলা। চৌষষ্টি বিষক মাৰি পান কৰি থৈলা।। হৰ বিষ, ৰামৰ আজ্ঞায়ে হৰ, বায়ু বিষপানী উঠি মাৰিবাক লৈলা। বায়ু মন্ত্ৰক ডৰে বিষ দূৰক পলাইলা।। হৰিবিষ, খৰবিষ, আন্তবিষ, দান্তবিষ, চণ্ডবিষ, ওৰবিষ, আঙ্কবিষ, জাঙ্কবিষ, শিৰবিষ, কপালবিষ, চক্ষুবিষ, নাসিকাবিষ, কৰ্ণবিষ, মুখবিষ, হৃদিবিষ, গণ্ডবিষ, নাভিবিষ, গুহ্যবিষ, জাঙ্গবিষ, গ্ৰন্থিবিষ, আঁঠুবিষ, গুলফবিষ, পোৰাবিষ, ওলৰাবিষ, হস্তবিষ, পাৱবিষ, চৌষষ্টি বিষ বায়ু মন্ত্ৰে লাগ পাই। সমস্তে বিষ ধৰি পেলাইলেক খায়।। ভয় পাই কম্পিবাক লৈলা সবে বিষ। পলাইলা সমস্তে বিষ গৈলা দশোদিশ।। গুৰুৰ আজ্ঞাক মই শিৰত যে ধৰি কুমন্ত্ৰ বিষগণ মাৰো উচ্চ কৰি।। সমস্তে বিষক ধৰি মাৰিবা যে গৈলা। বায়ু মন্ত্ৰে ব্যাধি সব বিচাৰিবে লৈলা।। যত যত ব্যাধি সবে গাত ধৰি আছে। কালধৰ্ম্ম বায়ুমন্ত্ৰে মাৰিলেক পাচে।। ধৰ্ম্ম আজ্ঞা পালি বায়ু মাৰিবাক লৈলো। পোৰা বায়ু মাৰি বিষ, পানী কৰি থৈলো। হৰ বায়ু হৰ বায়ু মন্ত্ৰে বিষ মাৰে পানী উঠি পৰ।।*।।

 

জল কৰতি

শ্ৰীকৃষ্ণায় নমঃ

দেৱে দৈত্যে আসিয়া সাগৰ মথিলা। লক্ষ্মীৰ হিয়াৰ পৰা কৰতি বাজ ভৈলা। আপুনি হাতে তুলি লক্ষ্মী বহি চাইল। দেৱ দৈত্য অসুৰে দেখিয়া ভৰিলা।। কৰতি চাই পৰম ঈশ্বৰী বচন বলিয়া। হেন দেখি কৰতি প্ৰণাম কৰিলা।। নাগলোকক তেখনে চলিলা।। নাগলোকৰ ব্যাধি ভয়তে কম্পিবাক লৈলা।। জল কৰতি ক্ৰোধ দেখি পলাইবে লাগিলা। পাচে জল কৰতিয়ে কাটি কৰো মুষিমূৰ।। হৰ কৰতি হৰ, জল কৰতিয়ে কাটিলো, পানী হুই পৰ।।*।। পৰম ঈশ্বৰীৰ হিয়াৰ পৰা জল কৰতি বাজ ভৈলা। মনুষ্য কুমন্ত্ৰ কুগাঁঠি বিচাৰিবে লৈলা।। অনন্তৰে আঠ দিশৰ গাঁঠি কাটিলন্ত আঠকো ছিণ্ডিলন্ত। দেখি জল কৰতিয়ে মহাক্ৰোধ ভৈলা। অনন্তৰ থানৰ কুমন্ত্ৰ কুজ্ঞান খাইবাক লৈলা।। মন্দ কৰা তাকো কাটো।। অসুৰীয়া আৰীতিয়া গাঁঠি কাটি নিৰ্য্যাণ কৰো।। সকলো মোৰ জল কৰতিয়ে কুমন্ত্ৰ গাঁঠি কাটিলো, আমুকাৰ গাৱৰ শৰহৰা কমৰাহৰা চৌষষ্টি কুমন্ত্ৰ কুহৰা কুগাঁঠি পানী হুই পৰ।।*।। বেদৰ ভিতৰে বান্ধ পাই, জল কৰতিয়ে পেলাইলে খাই। ইন্দ্ৰ চন্দ্ৰ সূৰ্য্যৰ শৰবাণ পেলাইলে খাই।। সকলো জল কৰতিয়ে পেলাইলে খাই। সূৰ্য্যমণ্ডলৰ দোষ পাই, জল কৰতিয়ে পেলাইলে খাই। অপ্সৰা সকলৰ দোষ পাই, জল কৰতিয়ে পেলাইলে খাই। মঙ্গল বৰিয়া বৰাহী হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। গুৰু বৰিয়া হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। সোমবৰিয়া শুকনা হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। চাৰি দিশৰ উত্তৰৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। পশ্চিম দিশৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। সূৰ্য্য মণ্ডলৰ হৰা শৰহৰা বাণ যত পাই কৰতি মন্ত্ৰে পাই, পেলাইলেক খাই। উত্তৰ দিশৰ পোৰা হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। পূৰ্ব্বৰ হৰা পাই, কৰতি মন্ত্ৰে পেলাইলে খাই। দক্ষিণৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। খণ্ড খণ্ড কৰি পেলাইলে কাটি, পৃথিৱীৰ ভিতৰে যত কুমনত্ৰ কুগাঁঠি আছন্ত, তাকো জল কৰতিয়ে পাই, খেদি খেদি খাই। প্ৰথমে পোৰা হৰা পোৰা বাণ পাই, জল কৰতিয়ে পানী কৰি খাই। তেজসাৰ, জিকিসাৰ জল কৰতিয়ে কৰে বুন্দামাৰ। টেঙা কামৰণী, পিতশূল জল কৰতিয়ে কাটি কৰো বুন্দামাৰ। হিয়া কামৰণী, হেডালি কামোৰণী, জল কৰতিয়ে পেলাইলে খাই। মৌ-বিছনিয়া খলপীৰা, বিন্দুসাৰ, উড ভাউদৰি উদফাই, গ্ৰহণী, জ্বৰ জল কৰতিয়ে কাটি খণ্ড খণ্ড কৰ।। হৰ কৰতি হৰ। আমুকাৰ হৰা কৰ্ম্মা কুকথা কুকৰ্ম্ম মুঠি বান্ধ চাত গাঁঠি কাটিলো, পানীকৃত্য কৰ।।*।। পানী পানী মহা পানী। পানী তুলিলে সীতা গোসাঁনী।। সেই পানী জাৰিলো মই আমুকাৰ গাৱত কুমন্ত্ৰ কাটিলো, পানীকৃত্য হুই পৰ।।*।। গলবেড়া হেঙ্গেৰা পাই, জল কৰতিয়ে কাটি পেলাই।। জল কৰতিয়ে ধৰাল ডাঁটি। আমুকাৰ গাৱৰ মন্দকৰা জল কৰতিয়ে পেলাইলে কাটি।। ক্ষেতৰ ক্ষেতৰীবাণ জল কৰতিয়ে কাটি কৰিলো নিৰ্যাণ। চামোন যক্ষ যক্ষিণী বান, জল কৰতিয়ে মন্ত্ৰে কাটি কৰিলো নিৰ্যাণ। জলৰ বাণ, জল কৰতি বাজ ভৈলা। নৰ-মনুষ্যৰ কুমন্ত্ৰ বিচাৰিবে লৈলা।। ওভোটা চুৰ, পালতা চুৰ গাঁঠি,তাক জল কৰতিয়ে পেলাইলে কাটি। শনিবাৰ শুকনী দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। দেওঁবাৰে ওভতা দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। সোমবাৰে নোহিণী দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। মঙ্গলবাৰে পোৱা দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। বুধবাৰে বেদৰ ভিতৰে দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি।। গুৰুবাৰে বেদৰ ভিতৰে দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে খাই। চাৰি বেদৰ চাৰি হৰা পাই তাক জল কৰতিয়ে পেলাইলে খাই। হৰ কৰতিয়ে হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কাটিলো পানী হুই পৰ।।*।। পৰম ঈশ্বৰী হিয়াৰ পৰা জল কৰতি বাজ ভৈলা। মনুষ্যৰ কুমন্ত্ৰ্ কুহৰা গাঁঠি কাটি বিচাৰিবে লৈলা।। পৃথিৱীৰ ব্যাধি কম্পিবাক লৈলা, তাক জল কৰতি মন্ত্ৰে বিচাৰিবে লৈলা।। চক্ষু শূল চক্ষু বেথা চক্ষু কাটি পাই, তাক জল কৰতি মন্ত্ৰে পেলাইলেক খাই। শিৰ সন্নিপাত পাই, তাক জল কৰতিয়ে পেলাইলে খাই। আন্তমেলো দাম্ভমেলো আৰু মেলো মাথাৰ কেশ। মোহোৰ কাচনিৰে কৰিলে উদাস।। হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কুজ্ঞান বান্ধচাত কাটি পানীকৃত্য কৰো।।*।। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও আলচ কৰিলা। জল কৰতিৰ পাশে তিনিও চলিলা। গন্ধেপুষ্পে ধূপে দীপে সম্ভাৰ আনিলা। জল কৰতিক পূজিবাক লৈলা।। পূজাত সন্তুষ্ট হুই কূৰ্মক ব্যাধি খাইবাক লৈলা।। মন্দকৰ তাকো কাটো, আহুদী কৰা তাকো কাটো, দুবৰি বনত গাঁঠি দিয়া তাকো কাটো, গোন্ধ তেলত দিয়া গাঁঠি তাকো কাটো, মঙ্গলবৰিয়া তেলত দিয়া গাঁঠি কাটো, মাটি তলত দিয়া গাঁঠি কাটো, মাটি তলত পোতা গাঁঠি কাটো, গৰ্ভতে মন্দকৰা গাঁঠি কাটো,হাৰে হাৰে বন্ধা তাকো কাটো, মাংসে মাংসে বন্ধা কাটো, ছালে ছলে বন্ধা তাকো কাটো, পোৰণি হীৰাবাণ গাঁঠি কাটো, শোৰনী হৰা কাটো, মুখে জুই ওলোৱা তাকো হৰা কাটো। হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কুজ্ঞান কাটো, পানী উঠি পৰ।।*।। তাক জল কৰতিয়ে খেদি গৈলা, হেন দেখি কৰতিৰ ক্ৰোধ ভৈলা। ব্ৰহ্মাৰ থানৰপৰা ব্যাধি বিচাৰিবে লৈলা।। শানশৰ খোপাশৰ ডাহনৰ মজাশৰ, ফটনিশৰ, পিতশৰ, চেঙেলীশৰ, মেঙ্গেলীশৰ, তালুশৰ জিহ্বাশৰ, কামোৰণীশৰ, হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুকৰ্ম্ম কাটিলো পানীধাৰ হুই পৰ।।*।। কি কি বাণৰ কি কি নাম। আজি বাণৰ নাম কওঁ।। পোৰণিবাণ, নিদ্ৰাবাণ, বিষবাণ, বায়ুবাণ, জলবাণ, থলবাণ, ভুমুকিবাণ, বৰুণবাণ, ইন্দ্ৰশৰ, চন্

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক