বৰ বৰ চহৰৰ সৰু সৰু কথা ( দিপাংকৰ মল্ল বৰুৱা )

পোলিছ লান্স
—————

পোলেণ্ডৰ পোজনান চহৰ। পোলেণ্ডৰ ব্যৱসায়, বাণিজ্য, শিক্ষা, উদ্যোগ আদিৰ দৃষ্টিৰে এখন অতি গুৰুত্বপূৰ্ণ চহৰ। পুৰণি অট্টালিকা আৰু গীৰ্জাঘৰ সমূহেৰে পৰিপূৰ্ণ এখন ধুনীয়া চহৰ।

২০১২ চনৰ এপ্ৰিল মাহত পোজনানত দুদিন কটোৱাৰ সুবিধা হৈছিল। মোৰ মেনেজমেণ্ট কোৰ্চৰ অংশ হিচাপে পোজনান বিশ্ববিদ্যালয়ৰ অধীনত কেইটামান ক্লাছ কৰিবলগীয়া হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় বিদ্ধস্ত হৈ যোৱা পোলেণ্ড বৰ্তমান ইউৰোপৰ এখন প্ৰধান দেশ। উত্তৰ ইউৰোপত অৱস্থিত হোৱা কাৰণে ইয়াৰ জলবায়ু ঠাণ্ডা।

চহৰখনত কেইবাটাও সুদৃশ্য গীৰ্জাঘৰ আছে। চহৰখনত খোজকাঢ়ি বা চাইকেল চলাই ফুৰিবলৈ সুবিধা আছে। সকলোৱে ট্ৰেফিক নিয়ম মানি চলে। কোনো বাহন নাথাকিলেও ৰাষ্টা পাৰ হ’বলৈ সেউজীয়া লাইট জ্বলালৈ মানুহে বাটৰ কাষত ৰৈ থাকে। পোলেণ্ডৰ ভাষা পোলিছ আৰু মুদ্ৰা জল্টি। ইউৰোপৰ মধ্য ভাগৰ পৰা পোলেণ্ড যেন কিছু সুকীয়া।

পেৰিচৰ পৰা আহিছিল মাডাম জোছিয়ান। তেখেত এগৰাকী ফৰাছী মহিলা। তেখেত ESCP Europe ৰ প্ৰতিনিধি হিচাপে আমাৰ যাত্ৰা আৰু ক্লাছবোৰৰ তদাৰক কৰিছিল। সুদৰ্শনা জোছিয়ান যথেষ্ট কৰ্মোদ্যমী আৰু ৰঙিয়াল মহিলা।

মই ভাৰতৰ পৰা যোৱা আমাৰ দলটোৰ দলপতি বা গ্ৰুপ লিডাৰ আছিলোঁ। সেয়েহে দলটোৰ বিষয়ে যিকোনো কথা জোছিয়েনে মোৰ লগতে পাতিছিল। মোৰ নামটো তেওঁ ‘দিই ফাংখৰ’ বুলি উচ্চাৰণ কৰিছিল।

হোটেলৰ পৰা ক্লাছলৈ যোৱাৰ পথত মই জোছিয়ানক পোলেণ্ডৰ বিষয়ে বহুত কথা সুধিলোঁ। মই আগ্ৰহ পোৱা দেখি জোছিয়ানে ভাল পালে। তেওঁ ফৰাছী মহিলা যদিও পোলেণ্ডৰ বিষয়ে বহু কথা জানে। পোলেণ্ড খ্ৰীষ্টধৰ্মী সকলৰ বাবে এখন পৱিত্ৰ দেশ। এইখন দেশ ইউৰোপৰ আন দেশবোৰতলৈ কিছু পৃথক যেন ভাৱ হৈছিল।

কথাই কথাই জোছিয়ানক পোলিছ খাদ্যৰ বিষয়ে সুধিলোঁ। “পোলিছ খাদ্যৰ জুতি নোলোৱাকৈ মোৰ পোলেণ্ড ভ্ৰমণ অসম্পূৰ্ণ”, জোছিয়ানক ক’লোঁ।

জোছিয়ানে ক’লে, ‘তোমাৰ যদি আপত্তি নাই, আজি মই তোমাক এটা পোলিছ লান্স খুৱাম’।

মোক আৰু পায় কোনে? সেইখন দেশত ভাৰতীয় টকাৰ হিচাপত খাদ্যৰ জুই ছাই দাম। যদি এটা লান্স জোছিয়ানে খুৱায়, মোৰ পইচা কেইটকামান বাচিব।

সেইদিনা দুপৰীয়া জোছিয়ানৰ লগত খোজকাঢ়ি হোটেলৰ অভিমুখে গ’লোঁ।যাওঁতে বাটতে তেওঁ মোক এখন পোলিছ গহনাৰ দোকান দেখুৱালে। শ্ৰীমতীৰ বাবে উপহাৰ ল’বলৈ ক’লে। পিছে বিদেশত অনবৰতে মনৰ মাজত ভাৰতীয় টকাত দাম কিমান হ’ব সেই অংকটো চলি থাকে বাবে কিনিবলৈ সাহস কৰিব নোৱাৰিলোঁ।

হোটেলৰ ৰেষ্টোৰাত জোছিয়ানে দুজনৰ কাৰণে পোলিশ লান্সৰ অৰ্ডাৰ কৰিলে। ৰেষ্টোৰাৰ মেনুখন মেলি চালোঁ যদিও সেইখন বুজাটো মোৰ সাধ্যৰ বাহিৰত আছিল। কোনটো খাদ্য দেখিবলৈ কেনেকুৱা তাৰ ফটো একোখন আছিল যদিও নামবোৰ আছিল আচহুৱা।

জোছিয়ানে পোলেণ্ড আৰু পোলিশ সংস্কৃতিৰ বিষয়ে বহুত কথা ক’লে। মোক আমাৰ ভাৰতীয় সংস্কৃতিৰ কিছুমান কথা আৰু মেনেজমেণ্ট কোৰ্চটোৰ পৰা আমাৰ লাভালাভৰ বিষয়ে প্ৰশ্ন কৰিলে।

খোৱাৰ আগতে এপিটাইজৰ খোৱাটো বিদেশী খাদ্য ব্যৱস্থাৰ এটা নিয়ম। এপিটাইজাৰৰ নামত নেমু পানী, আইচ টিৰ পৰা বিয়েৰলৈকে সকলো চলে। জোছিয়ানে এগিলাচ নেমু পানী আৰু মই আইচ টি ল’লোঁ।

এসময়ত খাদ্য আহিল। ভাপত দিয়া কুকুৰাৰ মঙহ, সেউজীয়া শাকপাতেৰে বনোৱা মাছৰুম, পোলেণ্ডৰ বিশেষ ছছেজ, পোলাওৰ দৰে ভজা ভাত, দুচকল মান ব্ৰেড আদিৰে ভৰপূৰ খাদ্য। পেট ভৰাই খালোঁ। অৱশ্যে সোৱাদৰ পিনৰ পৰা ‘ওৱাও’ বুলি ক’ব পৰা বিধৰ নালাগিল। আমাৰ ভাৰতীয় জিভাক বিদেশী খাদ্যই সন্তুষ্ট কৰাটো সহজ নহয়।

মোতকৈ জোছিয়ানে যথেষ্ট কম খালে। খাই উঠিহে কথাটো মন কৰিলোঁ। মই গো-গ্ৰাসে খোৱা দেখি তেওঁ চাগে’ কি ভাবিছে, কথাটো ভাবি লাজ লাগিল।

পোলিছ খাদ্যৰ আন এটা নিয়ম হ’ল খোৱা শেষ কৰিব লাগে একে শোহাতে এপেগ ভডকা খাই। সেইদৰে খালে খোৱাবস্তু ভালকৈ হজম হয় বুলি পোলেণ্ডৰ লোকসকলে বিশ্বাস কৰে। বিয়েৰেৰৰ কাম কৰা ধুনীয়া ছোৱালী এজনীয়ে একোটা সৰু গিলাচত ভডকা লৈ আহিল। পৰিমান যথেষ্ট কম। পানী দিয়া নাই যেনেই লাগিল।

জোছিয়ানে কেনেকৈ খাব লাগে বুজাই দিলে। তেওঁ নিজে হেনো নাখায়। এলকহল খাবলৈ এৰা তেওঁৰ বহুবছৰ হ’ল। তেওঁৰ ভাগৰ খিনিও মোৰ গিলাচটোতে ঢালি দিলে। মই জোছিয়ানে কোৱা ধৰণে একে শোহাই পানীয় খিনি গিলি দিলোঁ। ডিঙিটো অলপ সময়ৰ কাৰণে পুৰি যোৱা যেন লাগিল।

এগৰাকী ফ্ৰেন্স লেডীৰ লগত কৰা সেই পোলিছ লান্সটো জীৱনৰ এটা অনন্য অভিজ্ঞতা হৈ থাকিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments