বৰ লুইতৰ জিয়ৰী সুঁতি—”কলং” -( নিতুল বৰা)

বৰ লুইতৰ জিয়ৰী সুঁতি—”কলং”

 

-নিতুল বৰা

লুইতৰ বুকুৰ পৰা জন্ম হোৱা প্ৰকৃতিৰ এক অনন্য অৱদান হৈছে কলং। এই কলং নগাঁও জিলাৰ মাজৰে বৈ গৈ চহৰখনৰ এক অপৰূপ সৌন্দৰ্যৰে শুভাৱৰ্দ্ধন কৰিছে। কলিয়াবৰৰ হাতীমৰা নামে ঠাইৰ ওচৰত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উৎপত্তি হৈ জিলাখনৰ মাজেৰে একা-বেঁকাকৈ বৈ আহি শেষত জাগীৰ দুইখুঁটি মুখ নামে ঠাইত কপিলীৰ লগত মিলিত হৈ একেলগে আকৌ ব্ৰহ্মপুত্ৰত পৰিছেগৈ।

এইখন কলঙতেই এসময়ত মাছ মৰিয়া বহু পৰিয়ালে জীৱি‍কা আৰ্জন কৰাৰ উপৰি কলঙৰ বুকুৱেদি চলিছিল কিছু সৰু-সুৰা ব্যৱসায়। নাৱত লৈ আহিছিল মাটিৰ চৰু-ধাৰি আদি আৰু ডাঙৰ ডাঙৰ বাঁহৰ ভুৰ আহি ঘাটে ঘাটে ৰৈ বাঁহৰ ব্যৱসায় কৰিছিল। এটা সময়ত কলঙৰ বুকুত কোনো উন্নত দলং নাছিল বুলিলেও ভুল কৰা নহ’ব, তেনে সময়তেই প্ৰতিটো ঘাটত যাত্ৰী ইপাৰ-সিপাৰ কৰি সুন্দৰ যাতায়ত ব্যৱস্থাৰ গঢ় দিছিল একাংশ নাৱৰীয়াই।

তাৰোপৰি এই কলঙৰ লগত কবি নৱকান্ত বৰুৱা, মহিম বৰাৰ জীৱনৰ বহু স্মৃতিও জড়িত হৈ আছে। কলঙৰ বাকৰিক লৈয়ে এই সকল কবিয়ে বিভিন্ন সময়ত কবিতা, গল্প, প্ৰবন্ধ ৰচনা কৰি সাহিত্যৰ ভঁড়াল চহকী কৰি আহিছে।

অতীজতে কলংখন আজিৰ দৰে নাছিল, এবুকু পানীৰে ভৰা বহল কলংহে আছিল। এই কলঙৰ পাৰৰ নেহৰুবালিতেই নগঁঞা ৰাইজে কলঙৰ পাৰত বহি শোভা উপভোগ কৰিব পৰাকৈ ৫০ ফুটমান আঁতৰে আঁতৰে একোখনকৈ লোহাৰ বেঞ্চ আছিল। বাৰিষা কালত ফেনে-ফুটুকাৰে ভৰা কলঙৰ শোভা আৰু মাজে মাজে ভূমুকি মৰা শিহুৰ জলকেলি চাবলৈ সুন্দৰ সুবিধা আছিল। কিন্তু প্ৰকৃতিৰ পৰিবৰ্তনশীল নিয়মৰ বাবেই হওঁক বা মানুহৰ অমনোযোগিতাৰ বাবেই হওঁক, কলঙৰ অতীজৰ সেই চেহেৰা আজি আৰু দেখিবলৈ নাই। হেৰাই গ’ল কলঙৰ সেই নন্দন প্ৰাকৃতিক দৃশ্য, হেৰাই গ’ল সেই নাৱৰীয়া সকল।

সময় বাগৰৰ লগে লগে ব্ৰহ্মপুত্ৰৰ বুকু বালিৰে চন পৰি আহিবলৈ ধৰিলে। ভৰ-বাৰিষা ফেনে-ফুটুকাৰে বাঢ়নী পানীৰে যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকু ওফন্দি উঠে, তেতিয়া ভয়াবহ ৰূপ লৈ ব্ৰহ্মপুত্ৰৰ পানী ইয়াৰ উপনৈ, সূঁতি সমূহৰ মাজেৰে প্ৰবল বেগেৰে বৈ আহি বানপানীৰ সৃষ্টি কৰিবলৈ ধৰিলে। এই সমস্যাৰ কথা ভাবিয়েই এসময়ত বান-নিয়ন্ত্ৰন বিভাগে কলঙৰ মুখত হাতীমূৰা নামে ঠাইত বিশাল আকাৰৰ বান্ধ মাৰি দিবলৈ বাধ্য হ’ল। তেতিয়াৰে পৰাই কলঙৰ বাঢ়নী পানীয়ে ক্ষয়-ক্ষতি নোহোৱা কৰিলে সঁচা, কিন্তু এই সুন্দৰ কলংখন লাহে লাহে একেবাৰে পানী নোহোৱা হৈ মৃত অৱস্থালৈ গতি কৰিবলৈ ধৰিলে।

সম্প্ৰতি কলঙৰ এক কদর্য ৰূপে কলংপৰীয়া সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। প্ৰশাসনৰ নির্লি‍প্ত ভূমিকাৰ সুবিধা গ্ৰহণ কৰি এচাম মানুহে কলঙৰ পাৰত জাৱৰ-জোথৰ, মৃত জীৱ-জন্তুৰ দেহ বিসৰ্জন, বছৰটোৰ বিভিন্ন সময়ত পূজা-পাতল কৰা দেৱ-দেৱীৰ মূৰ্ত্তি বিসৰ্জন, ধোৱা-ধুৱীয়ে লেতেৰা কাপোৰ ধোৱা, একাংশৰ মল-মূত্ৰ ত্যাগৰ স্থান হিচাপে ব্যৱহাৰ, আন একাংশ কাণ্ডজ্ঞানহীন লোকে ডাষ্টবিন হিচাপে ব্যৱহাৰ আৰু প্ৰশাসনৰ চকুত ধুলি মাৰি বেদখলকাৰীয়ে ক্ৰমে কলঙৰ বুকুলৈকে ঘৰ সাজি বৰ্তমান কলঙৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে।

বৰ্তমান এই মৃতপ্ৰায় কলঙক পুনৰ জীপাল কৰি তুলিবলৈ বিভিন্ন বেচৰকাৰী সন্থা, সচেতন ব্যক্তিয়ে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশানৰ দৃষ্টি আকৰ্ষন কৰিবলৈ চেষ্টা কৰি আহিছে যদিও কাৰ্যক্ষেত্ৰত ই ফুটুকাৰ ফেনত পৰিনত হোৱাহে পৰিলক্ষিত হৈছে। জিলাখনৰ কেইবাজনো মন্ত্ৰী, বিধায়ক, সাংসদ সকলো আজি যেন নিৰৱ দৰ্শক। এনেকৈ সকলোৰে অমনোযোগিতাই ঐতিহ্যৰ চিহ্ন কলঙক এদিন ইতিহাসত যে পৰিনত কৰিব সেয়া নুই কৰিব নোৱাৰি।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক