ভকতৰ সান্নিধ্যত(- বিদুল বৰুৱা)

আমাৰ দেউতা হাবিতলীয়া ঠাইত চাকৰি কৰা কাৰণে কেইবা বছৰো মই গাঁৱৰ ভকতীয়া সমাজখনত ডাঙৰ দীঘল হৈছিলোঁ। সংসাৰৰ গভীৰ দিশসমূহে আমাক তেতিয়া ঢুকি পোৱা নাছিল।দীঘল নৰা, ফুটুকানিৰ মাজে মাজে লুকা-ভাকু খেলি অথবা পথাৰে পথাৰে ধানৰ লেছেৰি বুটলি, চেঁচোৰ খান্দি,সমনীয়াৰ সতে বন ভোজ খাই বৰ আনন্দ অনুভৱ কৰিছিলোঁ।
আমাৰ বৰদেউতা পুৱা গধূলি গুৰু সেৱা কৰা এক শৰণীয়া ভকত আছিল।তেতিয়া গাঁওবোৰত বিজুলি বাতি নাছিল।টিপ – চাকি অথবা লেমৰ পোহৰত ৰাতি- ৰাতি চছমা নোহোৱাকৈ ঘোষা- কীর্তন অথবা নামধর্মীয় আলোচনীখন ডাঙৰ ডাঙৰকৈ পঢ়ি থকা আমি শুনিছিলোঁ।
যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্রসাদ সিটো বিঘ্নিৰ মূণ্ডত ভৰি
দিয়া হৰিগুণ গায়া নাচে। (নামঘোষা -৭ )
(যি অকপটভাৱে হৰিত শৰণ লৈ হৰিক সুহৃদ বা পৰম বন্ধু বুলি ধৰে, সি হৰিৰ কৃপাত সকলো বিপদ সঙ্কটৰ মূৰত ভৰি দি হ’লেও হৰিগুণৰ প্রভাৱতে আনন্দত নৃত্য কৰিব পাৰে। উৎস – নাম- ঘোষামৃত)
ভাদ মাহৰ নিশা ঘোৰ বাৰিষা বতৰতো গাঁৱলীয়া আলিৰ বোকা খচকি-খচকি নামঘৰলৈ বৰদেউতাৰ লগত মই পাছ লৈছিলোঁ। নামঘৰত ভকতসকলৰ বাবে থোৱা কলপাতৰ মিঠাতেল এচলু হাতত সানি চাপৰি বজাই আমি পৰম তৃপ্তি লাভ কৰিছিলোঁ। নামঘৰৰ ভিতৰত হৰিনামৰ কথা, তত্ত্ব কথাবোৰতকৈও বাদ্য শৈলী, নামঘৰৰ ডাঙৰ ডাঙৰ খুটা আৰু চন্দ্রতাপ সংলগ্ন মণিকূটৰ গাম্ভীওর্যইহে আমাৰ শিশুমনক বৰকৈ আকর্ষণ কৰিছিল। নামঘৰৰ সন্মুখত থকা বকুল গছ জোপাত বগাই আমি যিমান উদণ্ডতাৰ পৰিচয় দিছিলো, সেইদৰে বুঢ়া ডাঙৰীয়াৰ অৱস্হিতিৰ সৰল বিশ্বাসে আমি নতশিৰ হৈ শান্ত হৈও পৰিছিলোঁ।জাৰকালি জুহালত অথবা গৰমৰ দিনত চোতালত বহি বৰদেউতাই সংগীসকলৰ সতে বহু সময় ধৰি পতা ধর্মীয় নাইবা নামঘৰ সম্বন্ধীয় কথা বার্তাবোৰ তেওঁলোকৰ মুখলৈ চাই চাই বুজি নাপালেও আমি শুনি আছিলোঁ।আমাৰ মায়েও কীর্তনৰ ঘোষা প্রার্থনা বৰ সুৰ লগাই গাব পাৰিছিল।দেউতাৰ চৰকাৰী আবাস গৃহত বছৰি আয়োজন কৰা ‘নাম কীর্তন ‘ত ভকতসকলক বৰ আদৰেৰে আপ্যায়ন কৰা দেখা পাইছিলোঁ। ভকত সকলৰ বিদায় পৰ্বত কাতৰ মিহলি স্বৰেৰে কৰা প্রার্থনা একান্ত বিস্ময়েৰে মাথো শুনিছিলোঁ।
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰ দুর্লভ অতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহত থাকিয়া দেখিলো তযু চৰণ। (নামঘোষা- ৬৫৬)
(বলি ৰজাই বামনৰূপী ভগৱন্তক কৈছে – হে যদুপতি ৰাম ! তুমি কেনে অনুগ্রহ কৰিলা! দেৱতাই আৰধনা কৰিও যাক দৰ্শন পোৱা টান, তেনে নাৰায়ণৰ চৰণ ঘৰত থাকিয়েই দেখা পালো। উৎস- ঘোষামৃত )
তেতিয়াৰ পৰা ভকতসকলে কীর্তন ভাগৱতৰ সুৰ লগাই গোৱা ঘোষা নামখিনিয়ে আমাক বৰ আকৰ্ষণ কৰিছিল। লাহে লাহে আমিও – ” তুমি চিত্ত বৃত্তি মোৰ/ প্রৱর্তক নাৰায়ণ/ তুমি নাথ মই নাথৱন্ত” বুলি প্রার্থনা কৰিব পৰা হ’লো। স্কুলত পতা তিথি পার্বন আৰু চুবুৰিত পতা জন্মাষ্টমীৰ নামত ভাগ লব পৰা হলোঁ। ধর্মগ্রন্থ সমূহৰ তাত্ত্বিক কথাখিনিয়ে আমাক আকর্ষণ কৰিবলৈ ধৰিলে। লগে লগে, আত্মা-পৰমাত্মা,মায়াময় জগতত জীৱৰ জন্ম মৃত্যুৰ ৰহস্যবাদী দিশটোৰ বিবিধ কৌতুহলে অনবৰত আমাৰ মনক জুমুৰি দি থাকিবলৈ ল’লে। বৈষ্ণৱ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এই ভকত সমাজক লক্ষ্য কৰি মাধৱদেৱে নামঘোষাৰ ৰচনাসমূহ আগ্রহেৰে পঢ়িবলৈ লৈ এক সুকীয়া আমেজ পোৱা হলোঁ।
কর্ণপথে ভকতৰ হিয়াত প্রৱেশি হৰি
দুর্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল যেহেন শৰত কালে
স্বভাৱতে নিৰ্মল কৰয়। (নামঘোষা – ১৫ )
(শৰত কালত পানী নির্ম্মল হোৱাৰ দৰে ভক্তৰ অন্তৰত নামৰূপী ঈশ্বৰ প্রৱেশ হ’লে গোটেই মন পৱিত্র হয়।উৎস- ঘোষামৃত )

সৰুতে দেখা চুলি দীঘল ভকতসকলৰ দাস্য ভক্তি ৰসত বিলীন হৈ চকুৰ পানীৰে জনতাৰ চৰণ চুই সেৱা কৰা দৃশ্যই মোক আজিও অভিভূত কৰি তোলে।নিয়মানুৱর্তি হৈ লোভ মোহ, ক্রোধ, অহংকাৰ বিলীন কৰি হৃদয় ভক্তি ভাৱেৰে পৱিত্র কৰিলেহে হয়তো এনেধৰণৰ আচৰণ সম্ভৱ। সেয়েহে আজিকালি সংসাৰৰ কোনো এক জটিল সময়ত মাধৱদেৱৰ ভাষাৰ ৰসময়ী ভকতি বিচৰা এগৰাকী নিস্পৃহ ভকতৰ সান্নিধ্য লাভৰ বাবে মোৰ মন ব্যাকুল হৈ উঠে। চহৰৰ নামঘৰত সন্ধিয়া ডবা কোবোৱাৰ মুহূর্তত তাহানিৰ আমাৰ গাৱঁৰ ভকতীয়া সমাজখনলৈ আজিও মনত পৰে।
শেষত, বৰদেউতাই ভকত সেৱা কৰা সময়ত উচ্চাৰণ কৰা ঘোষাফাঁকিৰে মোৰ এই লেখা সামৰিব বিচাৰিছোঁ।
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নাম পশি্লো শৰণে
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে।(নামঘোষা – ৭১)
(তোমাৰ নাৰায়ণ নাম অপৰাধ নাশকাৰক। ইয়াকে জানি তোমাৰ নামত শৰণ ললোঁ। মৰণৰ সময়ত তোমাৰ ভিন্ন আনত গতি পাব নোৱাৰে। মোৰ দোষ মার্জ্জনা কৰি হে কৰুণাময় হৰি !তোমাৰ চৰণে মোক ৰাখা। উৎস- ঘোষামৃত)
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments