ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ ( দুলাল বৰুৱা )

ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ

দুলাল বৰুৱা

অসমৰ জনসাধাৰনক এক ঈশ্বৰ মুখী কৰাৰ বাবে মহাপুৰুষ শঙ্কৰদেৱে নৱ-বৈষ্ণৱ ভক্তি আন্দোলনৰ পাতনি মেলিছিল । পোন্ধৰ-ষোল শতিকাত যি ভাগৱতী নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰবাহ অসমৰ বুকুৱেদি প্ৰবাহিত হৈছিল তাৰ মূলতেই আছিল শঙ্কৰদেৱ আৰু ভক্তি ধৰ্মৰ উত্থান । আজিৰ পৰা পাঁচশ বছৰৰো অধিক কাল পূৰ্বে ভক্তি আন্দোলনে সকলোশ্ৰেণীৰ লোককেই আকৰ্ষন কৰিছিল । ভক্তি ধৰ্মৰ মূল-মন্ত্ৰ হ’ল শ্ৰৱন কীৰ্ত্তন । এই ধৰ্মৰ সকলোৱে একে লগে বহি নাম কীৰ্ত্তন কৰি কৃষ্ণ ভগৱানৰ প্ৰতি শ্ৰদ্ধা-ভক্তি সেৱা আগবঢ়াব পাৰে । মহাপুৰুষ শঙ্কৰদেৱৰ সান্নিধ্যত থাকি মাধৱদেৱ , দামোদৰদেৱ, হৰিদেৱ, নাৰয়াণ ঠাকুৰ, গোপালদেৱ, ভট্টদেৱ আদি বহুকেইজন সন্ত-মহন্ত পুৰুষে ভক্তি ধৰ্মৰ জ্যোতি সকলো ঠাইলৈ কঢ়িয়াই নিছিল । তাৰ চিনস্বৰূপে অসমত আজিও পাঁচশখনৰ অধিক সত্ৰানুষ্ঠান আৰু প্ৰতিখন গাৱঁত থকা নামঘৰে হৰিনামৰ ধ্বনিৰে আকাশ মুখৰিত কৰি ভক্তিধৰ্ম পালন কৰি আছে । ঈশ্বৰৰ প্ৰতি অনুৰক্ত ভাবেই হ’ল ভক্তি । ভক্তি ধৰ্মৰ পালনৰ বাবে শ্ৰদ্ধাৰ আৱশ্যক । কায়-বাক্য মনে ঈশ্বৰৰ প্ৰতি একান্ত মনে আনুগত্য প্ৰকাশ কৰিলেই ভক্তি আহি পৰে । মহাপুৰুষ শঙ্কৰদেৱৰ ভক্তি ধৰ্মৰ মূল পুথি চাৰিখন কীৰ্ত্তন আৰু দশম আৰু মাধৱদেৱ প্ৰণীত নামঘোষা আৰু ভক্তি ৰত্নাৱলী । শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰকাশ আৰু প্ৰবৰ্ত্তন কৰা একশৰন ভক্তিধৰ্মৰ মূল কথা হ’ল :

ভক্তিৰ স্থান : যি ক্ষেত্ৰত হৰি কীৰ্ত্তনৰ ধ্বনি অহৰহ বাজি থাকে, তাত ব্ৰহ্মা, হৰি, শিৱ সকলো দেৱতা উপস্থিত থাকে । কীৰ্ত্তনৰ মহিমা অপাৰ । কীৰ্ত্তন বন্দনাৰ পৰা পৰম আনন্দ লাভ কৰে । সেই ঠাইৰ মহিমা অদ্ভুত। যি ঠাইত পৰম ভক্ত সকলে ভগৱানৰ নাম কীৰ্ত্তন কৰে , সেই ঠাইৰ প্ৰতি নমস্কাৰ কৰি মানুহে নিজেই ঈশ্বৰ পৰায়ণ হৈ পৰে ।

গুৰুশিষ্য : ভক্তি লাভ কৰা নানা উপায় আছে । তাৰ প্ৰথমটো হ’ল শৰণ । শ্ৰেষ্ঠ ভাগৱতৰ ভক্তি লাভ কৰিবলৈ হ’লে গুৰুৰ জৰিয়তে শৰণ লব লাগে । সদগুৰু হ’ল সেইজন, যি জন ব্যক্তি পৰম তত্বজ্ঞানী আৰু শব্দ ব্ৰহ্ম আৰু পৰমব্ৰহ্ম সম্পৰ্কে যাৰ যথেষ্ট জ্ঞান আছে । তত্বজ্ঞানী গুৰুৱে শৰণৰ সকলো দিশ বুজাই দিব পাৰে । শিষ্যসকলৰ বাবে গুৰু তিনিজন আদ্যগুৰু পিতা, দ্বিতীয় শিক্ষক যাৰ পৰা বিদ্যা অধ্যয়ন আদি হয় আৰু তৃতীয় গুৰু হ’ল ব্ৰহ্মজ্ঞান দিয়া গুৰু ।

শৰণ : এক শৰণ ধৰ্মত সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল ভগৱন্তৰ ওচৰত শৰণ লব লাগে । শ্ৰুতি, স্মৃতি, বাধা নিষেধ সকলো ত্যাগ কৰি একমাত্ৰ অন্তৰ্যামী দৃষ্টিৰে উপলব্ধি কৰি শৰণ লবলৈ কোৱা হৈছে । ভক্তি সাধনৰ আৰু উত্তম ফল লাভৰ বাবে সদগুৰুৰ আৱশ্যক । শ্ৰেষ্ঠ ভাগৱতৰ ভক্তি লাভ কৰিবলৈ হ’লে গুৰুৰ জৰিয়তে শৰণ ল’ব লাগে ।

সত্‍সঙ্গ : ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল কথা হ’ল নামধৰ্ম । একশৰণৰ বাবে নাম কীৰ্ত্তনেই ঘাই উপায় বুলি কোৱা হৈছে । নামত কীৰ্ত্তন, শ্ৰৱণ, স্মৰন, বন্দন এই চাৰিবিধ ভক্তি একত্ৰিত হৈ আছে । নাম কীৰ্ত্তনৰ ভিতৰেদি বিষ্ণুৰ অপৰূপ আৰু গুণ প্ৰকাশ পায় । এই ভক্তি ধৰ্মৰ আচৰনৰ বাবে সত্‍সঙ্গৰ অতি প্ৰয়োজন । কৃষ্ণভক্ত সকলৰ দৰ্শনো মহাপূণ্যৰ কথা, কৃষ্ণ ভক্তসকলৰ দৰ্শন, আলাপ আদিয়ে জগত পৱিত্ৰ কৰে ।

শ্ৰৱণ কীৰ্ত্তন : অসমীয়া ভাগৱতী বৈষ্ণৱ ধৰ্মত শ্ৰৱণ কীৰ্ত্তন মূল বস্তু । শ্ৰৱণ কীৰ্ত্তনৰ মাজেৰে ভক্তিৰ পূৰ্ণতা প্ৰকাশ পায় । শ্ৰৱণ কীৰ্ত্তনৰ মহত্ত্ব প্ৰকাশৰ বাবে ভাগৱতত ভগৱানৰ চৰিত্ৰৰ কথা উচ্চাৰন কৰা হয় । তাৰ দ্বাৰা মন নিৰ্মল হয় আৰু ভগৱানৰ দৰ্শন লাভ কৰে । কথাৰে ভগৱানৰ গুণ কীৰ্ত্তন , হাতেৰে ভগৱানৰ অৰ্চনা, মনেৰে স্মৰণ, কানেৰে শ্ৰৱন কৰি ভগৱানৰ ৰূপ দৰ্শন লাভ কৰিব পাৰি ।

কীৰ্ত্তন : ভগৱানৰ নাম লোৱাই হ’ল কীৰ্ত্তন । নামৰ ভিতৰতে কীৰ্ত্তন, স্মৰণ, বন্দন, শ্ৰৱণ এই চাৰি বস্তু থাকে আৰু তাৰ মাজেৰে প্ৰকাশ পোৱা অপৰূপ মাধুৰীয়ে ভগৱন্তৰ গুণ প্ৰকাশ কৰে । [১] নাম উচ্চাৰণ [২] স্ততি পাঠ [৩] কথা ব্যাখ্যা [৪] গীতা পাঠৰ মাজেৰে কীৰ্ত্তনৰ পূৰ্ণাংগ ৰূপ প্ৰকাশ পায় ।

শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ নামধৰ্মই আজি আমাৰ সমাজত যথেষ্ঠ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে । এই ভক্তিধৰ্মই দেশে-বিদেশেও প্ৰতিধ্বনিত হৈছে । এই প্ৰবাহে আমাৰ আজিৰ সমাজক এক যোগাত্মক দিশত আগুৱাই য়োৱাত আৰু সমাজত সকলোৰে মাজত প্ৰেমাকুল ভাৱ গঢ়ি তোলাত সহায় কৰিছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments