ভগ্ন – যশোৱন্ত নিপুণ

ভাগৰি পৰিও তুমি যুঁজখন চলাই গৈছিলা,
যদিও পৰাজয়ৰ সকলো চিহ্ন তোমাৰ কপালত অঁকা আছিল,
কাৰণ কোনোবা নিশ্চয় জয়ী হ’বই লাগিব ৷

সহস্ৰ বছৰৰ গছজোপাৰ এখিলা পাত,
তুমিও সপোন দেখিছিলা এটুকুৰা সৰু আকাশৰ,
কিন্তু প্ৰৱল বতাহজাকে হয়তো তেনেকৈয়ে ভবা নাছিল ৷

ডাষ্টবিনৰ এটা কোণত পৰি থকা এটুকুৰা ভগা কাচ,
তোমাৰ দোষ কোনোকালেই নাছিল, কিন্তু গোটেই পথটোত
তোমাক ভাঙি চূৰমাৰ কৰিবলৈকে শিলবোৰ ৰৈ আছিল ৷

আকাশৰ তলত এটি জুপুৰী এটি সৰু সপোন,
কিন্তু আকাশৰ তৰাবোৰেও লিখিব লাগে,
আৰু ধুমুহাজাকৰো নিজৰ এখন আঁচনি থাকে ৷

আৰু সময়ে জানো পাহৰণিৰে ধুই নিয়ে সকলো আঘাত,
বুকুৰ কিছুমান গভীৰ ক্ষত
নিতৌ উদয় হোৱা বেলিটোৰ দৰেই সজীৱ হৈ থাকে চিৰকাল ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক