ভগ্ন হৃদয়ৰ উচুপনি- পূৰৱী দেৱী

“গৃহস্থ আছেনে ঘৰত“
বাহিৰৰ পৰা অহা মাতষাৰ শুনি পাচলি কাটি থকাৰ পৰাই মায়ে মোক চিঞৰি ক’লে—
: পুল’ কোন আহিছে যাচোন ওলাই চাগৈ৷
: অ মা, গৈছো ৰ’বা বুলি জাপি থকা কাপোৰকেইখন বিছনাৰ এচুকত সামৰি আগফালে ওলাই গ’লো৷ পৰ্দাখন আঁতৰাই চাই দেখো যে, এগৰাকী প্ৰায় সত্তৰোৰ্দ্ধৰ মগনীয়া বৃদ্ধা, কান্ধত এটা মোনা আৰু হাতত লাখুটি এডাল লৈ প্ৰখৰ ৰ’দত থিয় হৈ আছে৷ মোক দেখি এমোকোৰা হাঁহিৰে টপৰাই মাত দিলে তেওঁ—-
: ভালে আছনে মা? কিবা এটা বিচাৰি আহিছিলো অ’ মাজনী৷
: উম ভালেই ৰ’ব, ইমান ৰ’দখনত বাহিৰত ৰ’ব নালাগে আইতা, ভিতৰলৈ সোমাই আহক৷ এইবুলি তেওঁক আগফালৰ কোঠাটোলৈ মাতি, বহিবলৈ মুঢ়া এটা আগবঢ়াই দিলো আৰু ফেনৰ চুইছ্ টো অন কৰি দিলো৷ ফেনৰ বতাহ গাত লগাত তেওঁ বৰ সকাহ পালে —
: উফ্ বতাহকণ পাই গাতো জুৰ পৰি গ’ল অ’৷ মুঢ়াটো নালাগে দে মা, এই গেলা গৰমত তলত বহিয়েই ভাল লাগে৷ এইবুলি মুঢ়াটো অলপ আঁতৰাই লাখুটি ডাল চুকটোতে আওজাই থৈ পকাতে লেপেট খাই বহিল৷

মই ভিতৰলৈ গৈ মাক মগনীয়া বুঢ়ী আইতাজনী অহাৰ কথা ক’লো, মাই কিবা এটা দি বিদায় দিব ক’লে৷ মই বটাখনতে চাউল এবটা ল’লো, দুটা আলু আৰু ডাঙৰ পিঁয়াজ এটাও ওপৰতে লৈ মগনীয়া বৃদ্ধা গৰাকীক দিব গ’লো৷ মোক দেখি বৃদ্ধাই মোনাটো মেলি আগবঢ়াই দিলে৷ বুঢ়া আঙুলিৰে চেপা মাৰি এচিকুট মান চাউল ৰাখি গোটেই খিনি বস্তু ভৰাই দিলো৷ আইতা-মাহঁতে এইদৰে দিব কয়, নহ’লে হেনো লক্ষ্মী যায়৷
মোনাটো একাষে থৈ তেওঁ মোক সুধিলে —
: পঢ়ি আছ নে মা?
: উম, পঢ়ি আছো আইতা, এইবাৰ এম.এ. ফাইনেল দিম৷
: ভাল ভাল, পঢ়া-শুনা কৰা ল’ৰা ছোৱালী মই বৰ ভাল পাওঁ৷ পিছে পঢ়ি শুনি ডাঙৰ মানুহ হৈ মা-দেউতাক পাহৰি নাযাবি দে আই৷ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কথাষাৰ কৈছো, বেয়া নাপাবি৷ মোৰ তিনিটাকৈ ল’ৰা থাকিও আজি মই পথৰ ভিক্ষাৰী৷ সৰুটো কোলাত থাকোতেই বাপেক মৰিল৷ বহুত কষ্টেৰে তিনিওটাকে ডাঙৰ কৰিলো, পঢ়াই লিখাই খুঁটি খাব পৰা কৰিলো৷ সৰুকৈ হ’লেও তিনিওটায়ে একো একোটা চাকৰি গোটালে৷ এজনী এজনী ঘৈণীও গোটালে৷ আৰম্ভণিতে ঠিকেই আছিল, পাছলৈ এই বুঢ়ীমাকজনী সিহঁতৰ বাবে এলাগী হ’লোগৈ৷ পেটৰ ভাত মুঠিৰ বাবেও এতিয়া আনৰ আগত হাত পাতিব লগীয়া হৈছে৷ এই হেন দুৰ্কপাল লৈ কোনো যাতে পৃথিৱীত নাহে৷ বুঢ়া দেহত বৰ কষ্ট পাইছো অ’ আই৷ এইবুলি অলপো নোৰোৱাকৈ সকলোখিনিয়ে কৈ গ’ল তেওঁ, শেষত চাদৰৰ আগটোৰে চকুপানীখিনি মচি ল’লে৷ কথাখিনি শুনি মনটো কিবা গধুৰ হৈ পৰিল, ক’ব নোৱাৰাকৈয়ে মোৰ দুচকু ও সেমেকি উঠিল৷ মানুহগৰাকীৰ পুতেক বোৱাৰীয়েক বোৰলৈ ঘৃণা উপজিল, এনেকৈও নিজ মাকক এৰি দিব পাৰে নে, আচৰিত! যি মাকে বুকুৰ অমৃত খুৱাই ডাঙৰ কৰে, সেই মাকৰ বুকুখন ভাঙিবলৈ অলপো কুণ্ঠাবোধ নকৰে দেখোন এচামে৷ এনেকুৱা কুলাংগাৰ সন্তান থকাতকৈ নিঃসন্তান হৈ থকাই ভাল বুলি মনতে ভাবিলো৷ তেওঁক সান্ত্বনা দিবলৈ একো ভাষাই বিচাৰি নাপালো৷ তথাপি ক’লো—
: দুখ নকৰিব আইতা, নিজৰ কু-কৰ্মৰ ফল এদিন পাব তেওঁলোকে৷
: সিহঁতৰ বেয়া হোৱাটো নিবিচাৰো অ’ মাজনী৷ হাজাৰ হ’লেও পেটৰ পো, কুশলে থাকক সিহঁত৷ মাথোঁ বুঢ়ী মাকজনীলৈ সিহঁতৰ অলপ যদি দয়া উপজিল হয়, লগত নি যদি ৰাখিলে হয়, থকা দিনকেইটা নিমখ ভাত খায়ো সুখত পাৰ কৰিলো হয় অ’ আই বুলি কৈ উচুপি উঠিল তেওঁ৷

বৃদ্ধা গৰাকীৰ কথাকেইটাই পুনৰ মোৰ বুকু খন গধুৰ কৰি তুলিলে৷ মুখেৰে একো মাতিব নোৱাৰিলো, মনতে মাথোঁ ভাবিলো, “সঁচাকৈ আইৰ সমান হ’ব কোন“
তেনেতে তেওঁ চকুপানী মচি মচি মোক ক’লে —
: মাজনী অ’ এইবোৰ বাদ দে, বুঢ়া মানুহ, বলকিলে বলকিয়ে থাকো৷ ডিঙি শুকাই গ’লগৈ, যাচোন পানী এটুপি আনগৈ বুলি মিচিকিয়াই হাঁহিলে৷
তেওঁৰ হাঁহিটো দেখি মোৰ মনটো অলপ পাতল লাগিল৷ ময়ো মিচিক কৈ হাঁহি এটা মাৰি “আনোগৈ ৰ’ব“ বুলি ভিতৰলৈ খোজ ল’ব লওঁতেই তেওঁ পুনৰ মাত দিলে—
: পাৰ যদি পানী টোপা অলপ গৰম কৰি আনিবিচোন দেই৷
: হ’ব বাৰু বুলি কৈ দুখোজ দিছোহে এইবাৰ আকৌ তেওঁ মোক মাতিলে —
: ৰবিচোন আই, গৰম পানী যেতিয়া কৰিবিয়ে তাতে দুটিমান চেনি আৰু দুটিমান চাহপাত পেলাই দিবিচোন৷“

এইবাৰ মই হাঁহি দিলো৷ কাৰণ বুঢ়ী আইতা গৰাকীৰ চাহ খোজা কৌশলটোত মই বৰ আমোদ পালো৷ হাঁহি হাঁহিয়ে ক’লো —-
: হ’ব দিয়ক আইতা চাহকে একাপ আনোগৈ৷ এনেও মই আপোনাক চাহ একাপ দিলোৱে হয়৷ এইবুলি কৈ হাঁহিটো মুখত লৈয়ে পাকঘৰ পালোগৈ৷

জাহাজী কল, মিঠাই আৰু বিস্কুটেৰে প্লেটখন সজাই তেওঁলৈ চাহকাপ আগবঢ়াই দিলো৷ বৰ তৃপ্তিৰে খালে তেওঁ৷ দেখি মনটো ভৰি গ’ল মোৰ৷ চাহ খাই উঠি তেওঁ চাদৰৰ আগ এটাৰ গাঁঠিটো খুলি চকলিওৱা তামোল আৰু কুটি লোৱা পান অলপ উলিয়াই মুখত ভৰালে৷ মোনাটো পুনৰ কান্ধত ওলোমাই লৈ লাখুটি ডাল ধৰি মুখত হাঁহি এটা লৈয়ে মোক আশীৰ্বাদ কৰি মোৰ পৰা বিদায় ল’লে৷ মানুহগৰাকীৰ মৰমলগা সৰল মুখখন, কৰুণ চকুদুটা, আৰু ভগ্ন হৃদয়ৰ উচুপনি খিনিয়ে আজিও মোৰ মনটো ব্যাকুল কৰে৷ মনতে প্ৰশ্ন হয়, শুনিবনে বাৰু কেতিয়াবা তেওঁৰ পুত্ৰই মাতৃৰ ভগ্ন হৃদয়ৰ উচুপনি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক