ভগৱানক মই দেখিছোঁ – দ্বীপেন মহন্ত

 

“ভগৱানক মই দেখিছোঁ, তেওঁ ভাৰতৰ হৈ ক্ৰিকেট খেলে”- মেথিউ হেডেন

ইংৰাজী ১৯৮৯ চন৷
স্থানঃ পাকিস্তানৰ শিয়ালকোট চহৰৰ ক্ৰিকেট ষ্টেডিয়াম৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচৰ পঞ্চম তথা অন্তিম দিনৰ খেল৷ কোৱা হয় যে সেই খেলখনৰ বাবে বেগী বলাৰৰ সহায়ক হোৱাকৈ যিধৰণৰ ঘাঁহভৰ্তি ভয়ংকৰ পিটচ তৈয়াৰ কৰা হৈছিল, তেনেকুৱা পিটচ হেনো ক্ৰিকেট ইতিহাসত এতিয়ালৈ দ্বিতীয়খন বনোৱা হোৱা নাই৷ নৱজ্যেৎ সিং সিদ্ধুৰ ভাষাত ক’বলৈ গ’লে, খেলখন আৰম্ভ হোৱাৰ পূৰ্বে হেনো পাকিস্তানৰ অধিনায়ক ইমৰাণ খানে পিটচ কিউৰেটৰ (যাৰ তত্ত্বাবধানত পিটচ তৈয়াৰ কৰা হয়) ব্যক্তিজনক কৈছিল, -“অগৰ তুনে ঘাঁচ কাঁটা, তো মে তেৰা গলা কাঁটুংগা৷”

সেইসময়ত ৱাছিম আক্ৰাম, ইমৰাণ খান আৰু ৱাকাৰ ইউনুচ এই বলাৰত্ৰয়ীৰ দ্বাৰা গঠিত পাকিস্তানৰ ফাষ্ট বলিঙৰ সন্মুখীন হোৱাটো হেনো যুদ্ধক্ষেত্ৰত বৰটোপৰ মুখামুখি হোৱাৰ লেখীয়া কথা আছিল! ৱাচিম আক্ৰামৰ বৈচিত্ৰ্যতাৰে ভৰা প্ৰতিটো বল, ইমৰাণ খানৰ মায়াময় লেট ইনচুইং, ৱাকাৰ ইউনিচৰ ভয়াবহ গতিৰ য়ৰ্কাৰ আৰু বাউন্সাৰবোৰৰ সন্মুখত দিশহাৰা হৈ পৰিছিল সমগ্ৰ বিশ্বৰ বাঘা বাঘা বেটচমেনবোৰ৷ সেই দিনটোত ভাৰতীয় বেটচমেনবোৰৰো একে দশাই হৈছিল৷ এটাৰ পিছত আনটো উইকেট হেৰুৱাই নিশ্চিত পৰাজয় দিশে আগবাঢ়িছিল ভাৰতীয় দল৷ দলৰ ৰাণসংখ্যা আছিল ২২ (বাইশ) ৰাণত ৪ (চাৰি) উইকেটৰ পতন৷ তেনে অৱস্থাত বেটিং কৰিবলৈ খেলপথাৰত প্ৰৱেশ কৰিছিল ক্ৰিকেট বিশ্বত নৱজাতক, ষোল্ল বছৰীয়া এজন ল’ৰাই৷

বিপৰীত দিশৰ ক্ৰীজত থকা আনজন ভাৰতীয় বেটচমেন সিদ্ধুই হেনো ভাবিছিল-“ভাই, য়ে তো গ্যয়া!” তেনেতে ল’ৰাজনলৈ বুলি ৱাকাৰ ইউনিচৰ দ্ৰুতবেগী প্ৰথমটো বল৷ বেট আৰু পেডৰ সুৰুঙাৰে দ্ৰুততাৰে সোমাই গৈ বল প্ৰৱেশ কৰিলে উইকেটকিপাৰৰ গ্লোভচত৷ কথমপি বাচি গ’ল বেটচমেন৷ আৰু তাৰপিছতে যিটো ঘটনা ঘটিল, সেয়া কালক্ৰমত এটা ইতিহাসত পৰিণত হ’ল৷ পৰৱৰ্তী বলটো আছিল এটা ভয়ংকৰ বাউন্সাৰ৷ ৱাকাৰৰ এই ভয়াবহ বলটো গৈ নাকত বেয়াকৈ আঘাত কৰিলে ল’ৰাটোক৷ মুহূৰ্ততে তেজে তুমৰলি হৈ ল’ৰাজন ক্ৰিজত বহি পৰিল৷ পাকিস্তানীসকলৰ উল্লাস৷ ৱাকাৰ ইউনিচৰ চকুত যেন অগ্নিগোলা৷ আনহাতে নাকৰপৰা ধাৰাসাৰে বৈ অহা তেজে তিয়াই পেলালে কণমানি ল’ৰাজনৰ টি-চাৰ্ট৷ ততাতৈয়াকৈ খেলপথাৰত প্ৰৱেশ কৰিলে ভাৰতীয় দলৰ ফিজিঅ’ (চিকিৎসক) আলী ইৰাণী৷ চিকিৎসা চলি আছে অথচ বন্ধ কৰিব পৰা নাই নাকৰপৰা বৈ অহা তেজ৷

সতীৰ্থ খেলুৱৈ সিদ্ধু আৰু ফিজিঅ’ আলী ইৰাণী দুয়োজনেই ল’ৰাজনক খেলৰ পৰা অব্যাহতি লৈ পেভেলিয়নলৈ উভতি যাবলৈ পৰামৰ্শ দিলে৷ কিন্তু সেই মহেন্দ্ৰ ক্ষণত ল’ৰাজনে মাত্ৰ দুটা শব্দ ক’লে, যি দুটা শব্দই ক্ৰিকেট বিশ্বৰ ইতিহাসেই সলাই পেলালে৷ আলী ইৰাণীক উদ্দেশ্যি ল’ৰাজনে ক’লে, -“আলী, মে খেলেগা৷ মে খেলেগা!” হতভম্ব হৈ পৰিল আলী ইৰাণী আৰু নৱজ্যোৎ সিদ্ধু৷ এই পেন্দুকণাটোৱে কি কয়! অথচ স্বভাৱসুলভ শীতলতাৰে ল’ৰাজন নিজৰ বেটিং ক্ৰীজলৈ গ’ল আৰু সেইজন দুৰ্ধষ ৱাকাৰ ইউনিচৰ পৰৱৰ্তী বলটোক এটা দৃষ্টিনন্দন আৰু কাব্যিক অন ড্ৰাইভেৰে মাৰি পঠিয়ালে লং অনৰ বাহিৰলৈ৷ অপূৰ্ব ব্যাকৰণিক বাউণ্ডেৰী৷ ৱাকাৰ ইউনিচৰ চকুৰ পৰা যেন জুইহে ওলাব! কোনেও তেওঁৰ পিনে চাবলৈ সাহস কৰা নাই৷ অথচ সেই ষোল্ল বছৰীয়া ল’ৰাজনে দুখোজ আগুৱাই গৈ ৱাকাৰ ইউনিচৰ চকুত চকু থৈ বুজাই দিছে যে মোৰ নাম “শচীন ৰমেশ টেণ্ডুলকাৰ৷” মোক “গো বেবী, এণ্ড ড্ৰিংক মিল্ক” বুলি ইতিকিং নকৰিবা৷

সেয়াই শচীন টেণ্ডুলকাৰ৷ শচীনে যদি সেইদিনা চিকিৎসকৰ পৰামৰ্শ শুনি খেলৰ পৰা অব্যাহতি ল’লে হয়, তেন্তে হয়তো ক্ৰিকেটৰ ইতিহাস অন্যধৰণে লিখিব লগা হ’লহেতেন! সমালোচকসকলে হয়তো এইধৰণে সমালোচনা কৰিলহেতেন যে ইমান কম বয়সত কোনো শিশুক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলাৰ অনুমতি দিবই নালাগে৷ আৰু তাৰ পৰিপ্ৰেক্ষিতত কোনো শিশুৱেই হয়তো ইমান কম বয়সত জাতীয় দলৰ হৈ ক্ৰিকেট খেলাৰ সপোন দেখাতো চিৰদিনৰ বাবে নিয়মবহিৰ্ভুত হৈ ৰ’লহেতেন৷ উল্লেখযোগ্য যে উক্ত খেলখনত শচীনে ৫৭ ৰাণৰ অপৰাজিত অথচ সংগ্ৰামী ইনিংছ এটা খেলি ভাৰতীয় দলৰ পৰাজয় ৰোধ কৰি খেলখন অমীমাংসীতভাৱে সমাপ্ত কৰিবলৈ সক্ষম হৈছিল৷

তুমি ধন্য শচীন! হয়তো পৰৱৰ্তী সময়ত তোমাৰ সকলোবোৰ ৰেকৰ্ডেই ভংগ হ’ব! কিন্তু বিশ্ব ক্ৰিকেটক তুমি পোনপ্ৰথমে যিটো স্তৰলৈ লৈ গৈছা, সেই গৰিমা তোমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে৷ পাকিস্তানৰ শিয়ালকোটৰ ষ্টেডিয়ামত চিৰদিনলৈ গুঞ্জৰিত হৈ থাকিব তোমাৰ সেই দুটা বিশেষ শব্দ-“মে খেলেগা, মে খেলেগা!”■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক