ভগৱানৰ সন্ধানত…(অনুপমা বৰগোহাঁই)

এজনী চৰায়ে তাইৰ জীৱিত কালত পোক-পতংগ খাই জীয়াই থাকে। কিন্তু  চৰাইজনীৰ মৃত্যুৰ পিছত তাইৰ দেহাটো সেই পোক-পতংগবোৰে খায়। এজোপা গছৰ পৰা হাজাৰ বিজাৰ জুইশলা কাঠী তৈয়াৰ হয়। কিন্তু তেনেকুৱা অকণমানি এডাল জুইশলা কাঠীৰে হাজাৰ জোপা গছ জ্বলাই ধ্বংস কৰিব পাৰি। এই সৰু উদাহৰণ দুটাৰ পৰা আমি এইটো কথা অনুধাৱন কৰিব পাৰোঁ যে সময়ে কোনো এটা অৱস্থা বা পৰিস্থিতিকে স্থায়ী হ’বলৈ নিদিয়ে। আমাৰ সকলোৰে জীৱনৰ গতি-বিধি সময়ৰ স’তেহে সাঙুৰ খাই আছে। সময়ৰ অনিৰুদ্ধ গতিক আমি কোনেও ৰুদ্ধ কৰিব নোৱাৰো বা এৰাই চলিবও নোৱাৰোঁ। আমাৰ বাহ্যিক শৰীৰতেই নহয়; আভ্যন্তৰীণ শৰীৰ তথা মনকো সময়ে প্ৰভাৱিত কৰে। কিন্তু সময়ৰ হাতত সকলো এৰি দি আমি নিষ্কৰ্মা বা নিৰ্বিকাৰ ভাৱে বহি থাকিলেও নহ’ব। কেৱল জড় পদাৰ্থইহে সময়ৰ হাতত সকলো এৰি নিষ্কৰ্মা বা নিৰ্বিকাৰ ভাৱে থাকে। মানৱ জগতৰ কিছু সংখ্যক জীৱৰ বাহিৰে জীৱ জগতৰ কোনোৱেই নিষ্কৰ্মা বা নিৰ্বিকাৰ ভাৱে নাথাকে। ব্যতিক্ৰমী কিছু সংখ্যক মানুহে “ভগৱান” নামৰ অদৃশ্য শক্তিৰ সন্ধানত চিৰাচৰিত জগতখনৰ পৰা নিজকে পৃথক কৰি লয় আৰু এক কাল্পনিক সুখৰ সন্ধানত নিজৰ জীৱনটো জটিল কৰি তোলে। জীৱনৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ বিচৰাসকলে নিজৰ মনৰ অভ্যন্তৰতে সেই “অদৃ্শ্য শক্তি” বা ভগৱানক অনুভৱ কৰে। তেওঁলোকে “সময়” নামৰ ৰহস্যময় গতিশীল প্ৰৱাহৰ লগত সুন্দৰ ভাবে মিলি যাবলৈ জীৱনৰ সাধনা কৰে।

 

গৌতম বুদ্ধই মানুহৰ দুখ, ৰোগ, জৰা, মৃত্যু – আদিৰ কাৰণ সন্ধান কৰিবলৈ নিজৰ পৰিয়াল, ৰাজকাৰেং সকলো এৰি কঠিন বন জংঘলত বহু বছৰ ধৰি চিন্তা-চৰ্চা কৰিছিল। এই সময়ছোৱাত তেওঁ বহু কেইজন আধ্যাত্মিক দাৰ্শনিকৰ পৰা  শিক্ষা লৈছিল। যোগ গুৰুৰ পৰা যোগ শিক্ষাও লৈছিল। জীৱনক বুজিবৰ কাৰণে শৰীৰকো বহু কষ্ট দিছিল। মোৰ দৃষ্টিত এইয়া আছিল সিদ্ধাৰ্থ গৌতমৰ জীৱনক বুজিবৰ কাৰণে কৰা এক কঠোৰ গৱেষণা। কেৱল নিজৰ সুখৰ কাৰণে বা খ্যাতিৰ বাবে তেওঁ সংসাৰ ত্যাগ কৰি তপস্যাত বহা নাছিল। সাম্প্ৰতিক যুগৰ বহু মনীষীয়ে অনুসন্ধিৎসু মনৰ তৃষ্ণা দূৰ কৰাৰ প্ৰচেষ্টাত নাইবা নতুন বস্তু আৱিষ্কাৰ কৰাৰ হাবিয়াসত গৱেষণাত ব্যস্ত হয়। সেই গৱেষণাত সাফল্য লাভ কৰিবলৈ তেওঁলোকে বহুতো ত্যাগ স্বীকাৰ কৰে। গৱেষণাত আশাতীত সাফল্য লাভ কৰক বা নকৰক – তেওঁলোকৰ এই জ্ঞানৰ সাধনাই বহু নতুন কথা জনাৰ সুযোগ দিয়ে আৰু জগতৰ অন্য জীৱলৈও সুফল কঢ়িয়াই আনে। গৌতম বুদ্ধই নিজৰ সেই গৱেষণা বা সাধনাৰ জৰিয়তে এই সত্য আৱিষ্কাৰ কৰিলে যে দুখ, ৰোগ, জৰা, মৃত্যু –  আদি সকলো পৰিস্থিতি সময়ৰ প্ৰৱাহত পৰিচালিত হয়। সময়ৰ এই প্ৰৱাহৰ পৰা আমি কেতিয়াও মুক্ত হ’ব নোৱাৰোঁ। সেয়ে আমি এই সকলো পৰিস্থিতিক সহজ ভাৱে গ্ৰহণ কৰিবলৈ নিজকে মানসিকভাৱে প্ৰস্তত কৰিব লাগিব। গৌতম বুদ্ধই নিজৰ মনক দুৰ্বল কৰা ৰিপুক দমন কৰিবলৈ আৰু মনক সবল  কৰা ৰিপুক শক্তিশালী কৰিবলৈ শিক্ষা দিছিল। তেখেতৰ মতে “ভগৱান”ৰ আঁৰত কোনো অদৃশ্য শক্তিশালী ব্যক্তি নাই। প্ৰতিজন মানুহৰ নিজৰ ভিতৰতে সেই অদৃশ্য শক্তিশালী ব্যক্তিজন লুকাই আছে। মাত্ৰ সেই শক্তিক উপলব্ধি কৰি জাগ্ৰত কৰিবলৈ চেষ্টা কৰিব লাগে। যি সকলে নিজৰ ভিতৰত থকা অপাৰ শক্তিক অনুভৱ কৰি জাগ্ৰত কৰিব পাৰিছে তেওঁলোককে সিদ্ধাৰ্থ গৌতমে “বুদ্ধ” আখ্যা দিছে। সেই হিচাপে সিদ্ধাৰ্থ গৌতম নিজেই এজন প্ৰকৃত “বুদ্ধ”। আমি এই “বুদ্ধ”ৰ আদৰ্শ গ্ৰহণ কৰিবলৈ কিন্তু তেওঁক ভগৱানৰ ৰূপত পূজা কৰাৰ প্ৰয়োজন নাই। গৌতম বুদ্ধই কেতিয়াও তেখেতক পূজা কৰিবলৈ বা তেখেতৰ কাল্পনিক মূৰ্ত্তিৰ আগত মূৰ দোঁৱাবলৈ কোৱা নাছিল। তেওঁ মানুহৰ মন-মগজুত বিৰাজ কৰা অপাৰ শক্তি আৰু মানবীয় ভাল গুণ সমূহক বিকাশ কৰাৰ কথাহে কৈছিল।

 

বহুলোকে ভাবে যে ‘ভগৱান বা ধৰ্মক বিশ্বাস নকৰোঁ’ বুলি ক’লেই বৈজ্ঞানিক আৰু আধুনিক মনৰ বুলি প্ৰমাণিত হয়। তেওঁলোকে আধ্যাত্মিকতা, ভগৱান আৰু ধৰ্ম সকলোকে একাকাৰ কৰি পেলায়। অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকক সম্পূৰ্ণ ৰূপে জগৰীয়া কৰিবও নোৱাৰি। আমি প্ৰায়ে ধৰ্মৰ নামত সৃষ্টি হোৱা ঘৃণা-সন্ত্ৰাস দেখি আহিছোঁ। ভগৱানক লৈ কৰা টনা আঁজোৰা, ধৰ্মৰ তথাকথিত কিছুমান কাণ্ডাৰীয়ে নিজকে “ভগৱান” সজাবলৈ কৰা  অসৎ প্ৰচেষ্টাও প্ৰত্যক্ষ কৰিছোঁ। যাৰ পৰিণামত বহুতো শিক্ষিত ব্যক্তিৰ মনত ধৰ্ম আৰু ভগৱানৰ নাম শুনিলেই বিৰক্তিবোধ হয়। আধ্যাত্মিকতাৰ নামত আজিৰ আধুনিক ধৰ্মগুৰুসকলে কৰা ভণ্ডামি দেখিলে সকলো সুস্থ মগজুৰ মানুহৰ মন লজ্জাবোধ আৰু খঙেৰে ভৰি পৰে। আজি কিছুদিনৰ পূৰ্বে দূৰদৰ্শনত চাইবাবাৰ ভক্ত আৰু শংকৰাচাৰ্য্যৰ ভক্তৰ মাজত তেওঁলোকৰ নিজৰ নিজৰ ধৰ্মবিশ্বাস, ভগৱান বিশ্বাসক কেন্দ্ৰ কৰি হোৱা তৰ্ক যুদ্ধ দেখিছিলোঁ। দুয়ো পক্ষৰ ধৰ্মৰ মুখ্য গুৰু বা পুৰোহিতসকলৰ বাকযুদ্ধ, শৰীৰী ভাষা তথা ভাৱ-ভংগীমা অতি দৃষ্টিকটু আছিল। প্ৰকৃততে প্ৰতিজন ধৰ্ম গুৰুৱেই সমাজক শুদ্ধ দৰ্শনৰ জ্ঞান দিবলৈকে চেষ্টা কৰিছিল। কিন্তু তেওঁলোকৰ কিছুসংখ্যক অন্ধ অনুগামী ভক্তই সেই দৰ্শনক বিকৃত কৰি সমাজলৈ ভেদ-ভাৱৰ লগতে আধ্যাত্মিক বিশৃংখলতা মাতি আনিছে। মহাপুৰুষ শংকৰদেৱে কৈছিল “কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।”  সংসাৰৰ প্ৰতিটো জীৱই যে অপাৰ শক্তিৰ অধিকাৰী – শংকৰদেৱেও সেইকথা কৈ গৈছিল আৰু সেয়ে তেওঁ সকলোকে সন্মান কৰিবলৈ কৈ গৈছিল। কিন্তু আজিকালি বহুতো শংকৰদেৱৰ অনুৰাগীয়ে অন্য ধৰ্মৰ অনুগামীৰ ঘৰত বিপদ-আপদৰ সময়ত মাত এষাৰ দিবলৈ বা তেওঁলোকৰ ঘৰত আয়োজন কৰা সকাম-নিকামতো উপস্থিত নাথাকে। এই সন্দৰ্ভত মই দুটা প্ৰমাণ দিব বিচাৰিম। অসমৰ বিশিষ্ট সাংবাদিক তথা সাহিত্যিক হোমেন বৰগোহাঞি আৰু বিশিষ্ট লেখক ময়ূৰ বৰাৰ দূৰদৰ্শনৰ “কথা-বাৰ্তা” নামৰ অনুষ্ঠানত বৰগোহাঞি ছাৰে তেখেতৰ পিতৃৰ শ্ৰাদ্ধ শংকৰ সংঘৰ মানুহে পৰিত্যাগ কৰাৰ কথা কৈছিল। মোৰ মা-দেউতা শংকৰদেৱে প্ৰচাৰ কৰা এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ একান্ত অনুৰাগী আছিল। কিন্তু মাৰ মৃত্যুৰ পিছত দেউতাই মাৰ শৰীৰটো আমাৰ  প্ৰাচীন আহোমৰ নিয়ম মতে মৈদাম দিয়াৰ বাবে শংকৰ সংঘৰ মানুহে শ্ৰাদ্ধ পাতিবলৈ অস্বীকাৰ কৰিলে। হিন্দু সমাজত প্ৰচলিত এই “শ্ৰাদ্ধ” হ’ল – এনে এক কাৰ্য যি মৃতকৰ আত্মাৰ সদ্গতিৰ লগতে শোক সন্তপ্ত পৰিয়ালৰ মানুহবোৰক শান্তনা দিয়া। এনে ক্ষেত্ৰত ধৰ্মৰ নামত বাদ বিবাদত লিপ্ত হোৱাসকলে শোক সন্তপ্ত পৰিয়ালৰ মানুহবোৰক শান্তনা দিয়া দূৰৈৰ কথা – মানুহৰ আৱেগ-অনুভূতিক আহতহে কৰে। ধৰ্মই বা প্ৰকৃত ধৰ্মগুৰুৱে  আমাক নিজকে সংযত কৰি শান্তি, প্ৰেম আৰু বুজাবুজিৰ মাধ্যমেৰে যিকোনো কথা আলোচনা কৰিবলৈ শিক্ষা দিয়ে। ধৰ্মৰ মুখ্য উদ্দেশ্য “ভালপোৱা আৰু ভাল মানুহ হোৱা”। যদি ধৰ্মৰ নামত আমি আনক বেয়া পাওঁ – ভাল মানুহ হ’বলৈ এৰি কেৱল ‘ধাৰ্মিক’ হ’বলৈ চেষ্টা কৰো, তেতিয়াই সমাজত বিশৃংখলতাৰ সৃষ্টি হয়।

 

‘ধৰ্ম তথা ভগৱানক বিশ্বাস নকৰে, কিন্তু ধৰ্ম তথা ভগৱানক বিশ্বাস কৰা মানুহসকলক ইতিকিং কৰে’ – এনে মানুহকো কিন্তু বৈজ্ঞানিক বা আধুনিক মনৰ বুলি ক’ব নোৱাৰি। প্ৰকৃততে নিজৰ ওপৰত প্ৰচুৰ আত্মবিশ্বাস থকা, নিজৰ বেয়া ৰিপুবোৰক দমন কৰি সৎ গুণবোৰক বিকশিত কৰিব পৰা ব্যক্তিহে আধুনিক আৰু বৈজ্ঞানিক মনোভাবাপন্ন। বেয়া ৰিপু আৰু সৎ ৰিপুৰ পাৰ্থক্য সকলোৱে বুজি পায়। আনক ভাল পোৱা, সহায় কৰা, মৰম কৰা, সামান্য এটি হাঁহি বা মিঠা মাত এষাৰেৰে আনৰ মনক সুখ দিয়া আদি সৎ ৰিপুক বিকশিত কৰাটোৱেই মানুহ আধ্যাত্মিক সাধনা। মানুহে বাহিৰত থকা ভগৱানক বিচাৰি হাবাথুৰি খোৱাতকৈ নিজৰ ভিতৰত গভীৰ নিদ্ৰাত শুৱাই থোৱা “ভগৱান”ক জগাই তুলিবলৈ চেষ্টা কৰিলে জগতখনেই সুন্দৰ হৈ পৰিব। নিজৰ মাজতেই ভগৱানক বিচাৰি চাব জানিলে মন্দিৰ, মছজিদ, গীৰ্জা আদিৰো প্ৰয়োজন নহ’ব আৰু এইবোৰ স্থাপন কৰাৰ নামত পৰস্পৰৰ মাজত মৰা-কটা, ঘৃণা, হিংসা সন্ত্ৰাসৰো সৃষ্টি নহ’ব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক