ভগৱৎ প্ৰেমৰ কাহিনী (শশীমাই শইকীয়া দত্ত)

ভগৱৎ প্ৰেমৰ কাহিনী

শশীমাই শইকীয়া (দত্ত)

মানুহে যেতিয়া অসহনীয় বেদনাত চটফটাই তেতিয়াই ভগৱানক আৰাধনা কৰে৷ তেওঁৰ বাদে মনৰ অব্যক্ত বেদনাক কাকো কব নোৱাৰি৷ আৰু কোনেও সেই বেদনাৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে৷

ধন, ঐশ্বৰ্য, ক্ষমতা,যশ, আত্মীয় স্বজন, পতি-পুত্ৰ, পত্নী কন্যা এই সকলোবোৰ অনিত্য; আৰু মায়া-মোহৰ জৰীৰ বান্ধোন মাথোন৷ ভগৱান শ্ৰীকৃষ্ণই কৈছে- মানুহৰে প্ৰেম অভিলাষী৷ কিন্তু ভগৱানৰ প্ৰেম অন্তৰাত্মাৰ, যাক মাথো ভক্তিৰ দ্বাৰা পাব পাৰি৷ ভগৱানেই ভক্তৰ প্ৰতি দয়াশীল হৈ দুখত দুখী আৰু সুখত সুখী হৈ আনন্দৰ জোৱাৰ তুলিব পাৰে৷ সেয়েহে মানুহক এটা দৰদী মন লাগে৷ আৰু এজন দৰদী বন্ধু লাগে৷ যিজনে বিপদকালত বেদনাৰ বোজা পাতল কৰিব পাৰে৷ সেইজনেই প্ৰকৃত হৃদয়বান মিত্ৰ৷

প্ৰকৃত বন্ধুৰ ওচৰত মন-খুলি কথা কব পাৰিলে, হৃদয় হৈ পৰে আকাশৰ দৰে উন্মুক্ত, উদাৰ আৰু আলোকিত৷ যাৰ হৃদয়ত কোনো গোপনীয়তা নাথাকে৷ তেওঁৰ সৃষ্টি যেন, সূৰুযৰ প্ৰকাশ, মন যেন এপাহি প্ৰস্ফুটিত পদুম৷ তেওঁৰ বাদে মনৰ অব্যক্ত বেদনা কোনেও বুজিব নোৱাৰে, সেইজনেই হ’ল পৰমানন্দ ভগৱান, যিজনে বিপদ কালত ভক্তক উদ্ধাৰ কৰে৷

তেনেজন পৰম পুৰুষ ভগৱানক মানুহে কয়, বহুনাৰীৰ অভিলাষী লম্পট৷ কিন্তু যি মানুহে ভঊগৱানৰ প্ৰকৃত প্ৰেম, উপলব্ধি কৰিব পাৰিছে, তেনেলোকে ভগৱানৰ প্ৰকৃত প্ৰেমৰ সন্ধান পাব পাৰিছে৷ তেওঁলোকেহে অনুভৱ কৰিছে, যে ভগৱানৰ প্ৰেম মানুহৰ প্ৰেমৰ দৰে অভিলাষী নহয়৷ এই প্ৰেম অন্তৰাত্মাৰে গঁথা একোটা ভক্তি প্ৰেমৰ নিদৰ্শন৷ যিজন ভগৱানৰ ভক্ত সেইজন ভগৱানৰ পৰম বন্ধু৷

সেইদৰে ভক্তিপ্ৰাণা নাৰীও ভগৱানৰ অন্তৰাত্মাৰ প্ৰেমিকা৷ সেই প্ৰেম কিন্তু অভিলাষী প্ৰেম নহয়৷ সেই প্ৰেম ভগৱানৰ অন্তৰাত্মাৰ প্ৰেম৷ য’ত নিৰাশ্ৰয়া, উপেক্ষিতা, বিৰহিনী নাৰীসকলৰ উদ্ধাৰকৰ্তা ভগৱানৰ হিত-সাধনৰ এক মহা-নিদৰ্শন বিৰাজমান হৈ আছে ভগৱৎ-প্ৰেমৰ মাদকতাত৷ যাৰ মাজেদি ভগৱানৰ আধ্যাত্মিক ভাৱনাৰ প্ৰতিফলন হয়৷

ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকাত আঠ গৰাকী পত্নী পাটৰাণী হৈ আছিল আৰু এহাজাৰ গৰাকী উপ-পত্নীও আছিল৷ সেই কাৰণে শ্ৰীকৃষ্ণক কোৱা হয়, এক কৃষ্ণ সহস্ৰ গোপী৷

বৃন্দাবনতো ভগৱান কৃষ্ণৰ মোহন-বাঁহীৰ ধ্বনি শুনি গো-কূলৰ গোপিনীও বলিয়া হ পতি-পুত্ৰক এৰি আহিছিল শ্ৰীকৃষ্ণৰ ওচৰলৈ৷ প্ৰত্যেক গোপীৰ ঘৰতে শ্ৰীকৃষ্ণক দেখা পাইছিল গোপী সকলে, যি সকলে গো-কূলকৈ দৌৰি যোৱা নাছিল৷ ইয়াৰ পৰা এইটো বুজা যায় যে, বিষয় জঞ্জালৰ মাজেদিও নাৰীয়ে ভগৱানক লাভ কৰিব পাৰে৷ তেওঁলোকৰ প্ৰাণত জাগি উঠে আধ্যাত্মিক ভাৱনা, যাৰ দ্বাৰা তেওঁলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হয়৷ কিন্তু পুৰুষে নাৰীৰ শাৰিৰীক মায়াৰ বান্ধোনেৰে বান্ধি ৰাখিলেও, আত্মাক বান্ধি ৰাখিব নোৱাৰে৷ নাৰীৰো আত্মা আছে, নাৰীৰো আত্ম-সন্মান আছে, নাৰীৰ শৰীৰেই কেৱল নাৰী নহয়, শৰীৰটো বন্দী কৰিলেও আত্মাক বন্দী কৰিব নোৱাৰে৷ পুৰুষে নাৰীক কামনাৰ চৰিতাৰ্থ কৰি গন্ধকময় নৰকত পতিত কৰিলেও আত্মাৰ পতিত নহয়৷ আত্মাই যদি ভগৱানক মুক্তিৰ বাবে আৰাধনা কৰে, তেন্তে আত্মাই মুক্তিৰ সন্ধান পায়৷ তেতিয়াই আত্মা নিষ্কলংক, বিমুক্ত আৰু পূণ্য শ্লোক হৈ যায়৷ আত্মাৰ লগত আত্মাৰ যি প্ৰেম মিলন তাক পাৰ্থিব দৃষ্টিৰে দেখা নাযায়৷ আত্মাই হে আত্মাক চিনে৷ অনুভৱ আৰু অনুভূতিৰেহে সেই প্ৰেমৰ কলা শিকিব পাৰি৷

সেয়েহে কৃষ্ণৰ আঠ গৰাকী দ্বাৰকাত পাটৰাণী থাকিও এহেজাৰ গৰাকী পত্নী ৰাখিব লগা হৈছিল, আত্মাৰ লগত আত্মাৰ মিলন কৰি শৰীৰ সম্পৰ্ক গৌণ কৰা উদ্দেশ্য, য’ত আছে নাৰীৰ প্ৰতি পুৰুষে কৰা অন্যায়ৰ প্ৰতিবাদ৷ উদাহৰণস্বৰূপে নৰকাসুৰে এহেজাৰ যুৱতীক বলৎকাৰ কৰি তেওঁ ৰাজধানীত বন্দী কৰি থৈছিল৷ নৰকাসুৰক বধ কৰি প্ৰজা সৱৰ মাজত শান্তি স্থাপন প্ৰতিষ্ঠা কৰিলে শ্ৰীকৃষ্ণই৷ তেতিয়া শ্ৰীকৃষ্ণই ৰাজকণ্যা বোৰক বন্ধন মুক্ত কৰি পিতৃ-মাতৃৰ ওচৰলৈ খবৰ পঠালে৷ কিন্তু যি সকল পিতৃ-মাতৃয়ে নিজ কন্যাক এনে দুৰৱস্থা দেখি কন্দাকটা কৰিছিল, সেই সকলে নিজৰ কন্যাসমূহক ঘূৰাই নিবলৈ অস্বীকাৰ কৰিলে৷ বৰং খবৰ পঠালে যে, তেওঁ লোকৰ বাবে আত্মহত্যাই এক মাত্ৰ পথ৷ নৰকাসুৰৰ বন্দী গৃহত ইমান দিন থকাৰ পাছত কোনো ৰাজপুত্ৰ বাদেই ইতৰ জাতৰ পুৰুষেও তেওঁলোকৰ পানি গ্ৰহণ নকৰিব৷ আনহাতে তেওঁলোক পিতৃ ৰাজ্যলৈ উভতি আহিলে ৰাইজৰ অপযশ হব৷ গতিকে আত্মহত্যাৰ বাদে তেওঁলোকৰ আৰু কোনো উপায় নাছিল৷

ৰাম অৱতাৰত ভগৱান ৰামে ৰাজ্যৰ মঙ্গলৰ বাবে সীতাক হেৰুৱাই মৃতপ্ৰায় হৈছিল৷ লঙ্কাপতি ৰাৱণৰ পৰা সীতাক উদ্ধাৰ কৰি আনি পুনৰ বনবাস দিবলগীয়া হৈছিল সীতাক, প্ৰজা সৱে ৰামৰ বিষয়ে কৰা বেয়া মন্তব্য জানিব পাৰি৷ তেতিয়া আলোচনা হৈছিল য়ে ৰাৱণে হৰণ কৰি নিয়া কলঙ্কিনী সীতাক ৰামে যেতিয়া গ্ৰহণ কৰিছিল৷ ৰজা হৈ যেতিয়া তিৰোতা সেৰুৱা হয় তেনে প্ৰভাৱ সমাজতো পৰিব৷ এনেবোৰ কথা ৰামে জানিব পাৰি সীতাক বনবাসলৈ পঠালে৷
অকল শৰীয়া গৰ্ভাৱতী সীতাই বাল্মিকী ঋষিৰ আশ্ৰমত আশ্ৰয় ললে৷ তাতে দুটি যমজ সন্তান জন্ম হ’ল৷
সীতাই বণবাসত থাকিও ৰামৰ চৰণ চিন্তা কৰি থাকিল৷ ৰাম আৰু সীতা অন্তৰাম্তাৰ মিলন আছিল বাবে পুনৰ মিলন হৈছিল৷ পূৰ্ণ কৃষ্ণ অৱতাৰত৷ ভগবানে যেতিয়া ৰাজ কণ্যা সকলক উদ্ধাৰ কৰি পৃথিৱীৰ ৰাজ কুমাৰ সকলক আমন্ত্ৰণ কৰি তেওঁলোকক বিবাহ কৰিবলৈ অনুৰোধ কৰিলে৷ তেতিয়া কোনো ৰাজকুমাৰেই সেই ৰাজকন্যা সকলক বিবাহ কৰিবলৈ ৰাজী নহ’ল৷ তেওঁলোকে ক’লে যে পৰ-পুৰুষৰ ৰাজ্যত আশ্ৰিত হৈ থকা কলঙ্কীণী ৰাজ কুমাৰী সকলক কোনে গ্ৰহণ কৰিব? উপায় নাপায় শ্ৰীকৃষ্ণই ৰাজকন্যা সকলক তেওঁতেই শৰণ ললে ভোজন বস্ত্ৰৰ সকলো সুবিধা গোটেই জীৱন লাভ কৰিব পাৰিব বুলি কলে৷

তেতিয়া সেই ৰাজকন্যা সকলে পুনৰ কৃষ্ণক কবলৈ ধৰিলে, হে প্ৰভু মানুহে কেৱল অন্ন-বস্ত্ৰ লৈ জীয়াই থাকিব নোৱাৰে মানুহক জীয়াই থাকিবৰ বাবে লাগে সামাজিক প্ৰতিষ্ঠা, সন্মান আৰু সকলোৰে সহৃদয়তা আৰু সমৰ্থণ৷ নাৰীৰ প্ৰতি সমাজে কৰা অণ্যায়ৰ প্ৰতিবাদ৷ তেওঁলোকে পুনৰ কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰি তেওঁলোকক গ্ৰহণ কৰি সন্মান বচাবলৈ প্ৰাৰ্থনা কৰিলে৷ তেতিয়া ভগৱান কৃষ্ণই তেওঁলোক পত্নীৰূপে গ্ৰহণ কৰিলে৷ সেই এহেজাৰ ৰাজকন্যাক তেওঁলোকৰ নিষ্কলঙ্কক আত্মাক সন্মান জনায় বিবাহিতা পত্নীকৰিলে, ভগবান কৃষ্ণই তেওঁলোক শাৰীৰিক লালসাত বিয়া কৰোৱা নাই, তেওঁলোক আত্মাৰ প্ৰেমিক৷

যিয়ে ভগৱানৰ এই প্ৰেম উপলব্ধি কৰিব নোৱাৰে তেওঁলোকে ভগৱান কৃষ্ণক কয় লম্পট আৰু বহুনাৰী অভিলাষী সেই দৰে কুজী মদনিকা আৰু তুলসীও আছিল ভগৱান কৃষ্ণৰ আধ্যাত্মিক প্ৰেমিকা৷

বদ্ধ জীৱই যেতিয়া বাৰে বাৰে জড় জাগ্ৰতিক সুখ উপভোগ কৰিব বিচাৰে তেতিয়া কেৱল একেটা প্ৰেমৰহে পুনৰাবৃত্তি হৈ থাকে৷ মানুহে যেতিয়া বুজি পায় যে পাৰ্থিব প্ৰেমৰ কোনো নতুনত্ব নাই তেতিয়া প্ৰেমৰ প্ৰতি বিৰাগ জন্মে আৰু কৃষ্ণ ভাৱনাৰ প্ৰতি অগ্ৰসৰ হয় আৰু জীৱন সাৰ্থক কৰে ভগৱৎ প্ৰেমৰ মাজেদি৷ ভগবানৰ এই প্ৰেম বোৱতি নদীৰ দৰে বৈ আছে চিৰদিনে৷ উদাহৰণ স্বৰূপে ভক্তপ্ৰাণ প্ৰহলাদ আৰু ধ্ৰুৱ ভক্তি প্ৰেমৰ আদৰ্শ, ভক্ত প্ৰাণ অক্ৰুৰ আৰু উদ্ধৱৰ ভক্তি প্ৰেমৰ নিদৰ্শণ চন্দ্ৰ সূৰ্য থকা লৈকে পৃথিৱীত থাকিব৷ মানুহে প্ৰাৰ্থিব সকলো মায়া-মোহ ত্যাগ কৰি ভগৱানৰ আত্মাক চুবৰ বাবে চেষ্টা কৰিলে জীৱনৰ বিৰহ বেদনা, জ্বালা-যন্ত্ৰণাৰ পৰা মুক্তি পাব পাৰে৷ ভগৱানৰ আৰু মানুহৰ আত্মাৰ মিলন হলে জ্বালাৰ স্থান মাযাকে৷ সেয়েহে কৃষ্ণই অজুৰ্নক কৈছিল তেঁৱেই মানুহৰ শেষ আশ্ৰয় স্থল বুলি আৰু সকলো সংশয় ত্যাগ কৰি তেওঁকেই অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল৷

ভগৱান শ্ৰীকৃষ্ণৰ এই অংগীকাৰ আমাৰ সকলোৱেই প্ৰতি৷ কুৰুক্ষেত্ৰৰ অজুৰ্নৰ দৰে আমাৰ জীৱন যুদ্ধৰ প্ৰতি ক্ষণতে অনেক ভয় আৰু সংকাৰে ভৰি থাকে৷ সেয়েহে কৃষ্ণ ভগৱানৰ আশ্বাস বাণী আমাৰ সকলোৰে বাবে কাৰণ আমি সকলো তেওঁৰে সৃষ্টি আৰু তেওঁতেই লয় হ’ম৷ যেনেকৈ পানীৰ শেষ আশ্ৰয় স্থল সাগৰ ঠিক্ তেনেকৈ আমাৰ পাৰ্থিব দেহাৰো শেষ আশ্ৰয় স্থল ভগৱান কৃষ্ণ৷ শাস্ত্ৰৰ মতে য’তে প্ৰেম ত’তে ভগৱান৷ ভক্তই যেতিয়া ভগৱানক পাবৰ বাবে নিজৰ জীৱন উচ্ছৰ্গা কৰে তেতিয়াই ভগৱানক পোৱাৰ অধিকাৰ লাভ কৰে৷ ভগৱানে পাৰ্থিব প্ৰেম লীলায়ে দেখুৱাছে ভগৱৎ প্ৰেমৰ মহিমা৷

বৃষ্টিকণাপূৰ্ণ আকাশৰ মেঘ ৰাশিৰ পৰা সাগৰ সৃষ্টি হৈছিল নে? সাগৰৰ পৰা জলভৰা ডাৱৰৰ সৃষ্টি হৈছিল? গুটিৰ পৰা গছ হৈছিল নে? গছৰ পৰা গুটি হৈছিল? চৰাইৰ পৰা কণী হৈছিল নে? কণীৰ পৰা চৰাই হৈছিল? কোনটো আগত? এনেধৰণৰ প্ৰশ্নবোৰে আমাক চিন্তা সাগৰত হাবুডুবু নুখুৱাইনে? এনে ধৰণৰ চিন্তা আৰু বচনেৰে ঢুকি নোপোৱা উত্তৰৰ সমাধানতে ঈশ্বৰৰ চৰণত আশ্ৰয় লবলৈ বাধ্য কৰায় আৰু মনে বিচাৰে ভগৱৎ প্ৰেম কৰুণাৰ আকুন্ঠ আহবান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments