‘ভঙা টিং- লোহা-প্লাষ্টিক ব–ট-ল……..’ (ইন্দুকল্প শইকীয়া)

সময় পুৱা আনুমানিক ১০-৩০ মান হ’ব। হঠাৎ ভাহি আহিল মাজে মাজে শুনা সেই চিনাকি চিঞৰটো _ “ভঙা টিং- লোহা-প্লাষ্টিক ব–ট-ল”। সাধাৰণতেই এই চিঞৰটোৰ মগজুত প্ৰতিক্ৰিয়া ঠিক এনেকুৱা ধৰণৰ হয় _ “ থাওকতে মনটোৱে ঘৰৰ চুক-কোণ বিচাৰি চায় আহে কোনোবা খিনিত কিবা বেচিব পৰা আছে নেকি”। সৌভাগ্য বা দুৰ্ভাগ্য ক্ৰমে আজিৰ এই চিঞৰটোৰ মগজুৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আমাৰ ঘৰৰ গৃহস্থই বিচাৰি পালে কিছু পুৰণি পেপাৰ। গতিকে সেই “ভঙা টিং- লোহা-প্লাষ্টিক ব–ট-ল”ৰ চিঞৰৰ গৰাকীক মাতি অনা হ’ল। চিঞৰৰ গৰাকীৰ বয়স একেবাৰে সৰু। দুজন সৰু ল’ৰা,পৰোৱা চাৰিআলিৰ ফালৰ। পঢ়া-শুনা কৰা হ’লে ক্লাচ নাইন-টেন মানত হে হ’লহেঁতেন কিজানি (সুধিছিলোঁ বোলো স্কুল নাযাৱ কিয় ? বোলে বাপ নাই, মা ঘৰত, গতিকে আমি কাম কৰো)। কিন্তু আচৰিত মানিলোঁ সিহঁতৰ বাকপটুতাত। তবধ মানিলোঁ দুইজনৰে দৰ-দাম কৰাৰ পণ্ডিতালি দেখি। চাকৰিৰ খাতিৰত আমাকো “নিগ’চিয়েচন স্কিল”ৰ বাবে যি ব্যৱহাৰিক শিক্ষা দিয়া হৈছিল তাৰ যেন আখৰে আখৰে পালন কৰিছে। যেনে লাহে লাহে দাম বঢ়োৱা বা কমোৱা ইত্যাদি।

প্ৰথমে ১০ টকা কৈ হে কিনে প্ৰতি কে.জি. পেপাৰ। আমি নিদিওঁ বুলি কোৱাত গুচি গ’ল গৈ। অলপ সময় পাছত আকৌ জপনাৰ সিপাৰৰ পৰা চিঞৰিছে গৈ “দাদা ১১ টকা দিবি কি”। আমিও নাচোৰবান্দা। ১২ টকাত হে দিম। তাৰ পাছত ১১.৫০ লৈ আহিল। শেষত বোলে পেপাৰ ১২ “টাকা”ত দিম কিন্তু লোহা ২৫ “টাকা” নহ’ব, ২০ টকা। আমি বোলো “নহ’ব”। গ’লগৈ আকৌ। অলপ পিছত আকৌ আহিল। বোলে হ’ব দিয়ক, আপোনালোকে কোৱাৰ দৰেই দিম , লোহা ২৫ টকা আৰু পুৰণা পেপাৰ ১২ টকা। আমিও একদম ৰণত জিকা ৰণুৱাৰ দৰে গৈ পেপাৰ-লোহা য’ত যি আছে সকলো বিলাক উলিয়াই আনিলোঁগৈ।

ইমান খিনি লৈকে আচলতে সিহঁতে খেল খেলাই নাচিল আৰু আমি ভাবিলোঁ যে আমি বিজয়ী হৈ গ’লোঁ। এতিয়া সিহঁতে লাহে লাহে পেপাৰৰ মাজৰ পৰা সম্ভাৰ বা তেনেকুৱা পৰিপূৰিকা বিলাক আঁতৰাই মাত্ৰ পেপাৰ খিনি জুখিবলৈ ধৰিলে। এক পাল্লাত তিনি কে.জি. কৈ। দুই পাল্লা জুখিলে। মোৰ সন্দেহ হ’ল। সেই ল’ৰাটোৱে দুই বাৰেই যিমান পেপাৰ দিয়ে সঠিকভাৱে পাল্লাৰ কাটা থিয়, মানে সঠিক জোখত দিয়ে। কোনো হেৰ-ফেৰ নাই। ই কেনেকৈ সম্ভৱ !! যিমান অভিজ্ঞ নহ’লেও অলপটো হেৰ-ফেৰ হ’বই। তাক ক’লোঁ আমি পাল্লা পৰীক্ষণ কৰিম। তৎক্ষণাৎ সম্পূৰ্ণ আত্ম বিশ্বাসেৰে দেখুৱালে। আমিও চালো, ঠিকেইটো আছে। গতিকে জুখিব দিলোঁ। মুঠতে পেপাৰ ১৩ কে.জি. ওলাল।

এইবাৰ আহিল লোহা জোখাৰ পাল। লোহা যিহেতু অলপ বেচি আছিল গতিকে সিহঁতে সোনকালে হ’বলৈ ইটা এটা “দগা” হিচাপে ব্যৱহাৰ কৰি ৫ কেজি যাতে একেবাৰতে জুখিব পাৰি তাৰ ব্যৱস্থা কৰিলে। আকৌ সন্দেহ হ’ল। ইমান ডাঙৰ এটুকুৰা ইটা দুই কেজিহে হ’ল নে !! ই কথাই কথা নহয় সন্দেহ হৈছেই যেতিয়া দূৰ কৰিব লাগিল। নিজৰ ঘৰৰ পাল্লাখন আনি সেই একেই দুইটা এক কেজিৰ “দগা” এফালে দি আকৌ ইটাটুকুৰা জুখিলোঁ। এই চকু কপালৰো ওপৰ পালেগৈ। ইটাৰ ফালে থকা পাল্লাখন গৈ “ধাম”কৈ মাটিত লাগি গ’ল যিটো সিহঁতৰ পাল্লাত জোখোঁতে সঠিক দুই কেজি আছিল !!!

এইবাৰ সিহঁতক চুই কিলাবলৈ হে বাকী। আকৌ প্ৰথমৰ পৰা জোখালোঁ পেপাৰ। এইবাৰ তেৰ কে.জি.ৰ পেপাৰ ১৮.৫ কে.জি. ওলাল। তবধ মানিলোঁ সেই অকণমানি ল’ৰা দুটাই তেতিয়াও যি আত্মবিশ্বাসেৰে নিজৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে কথা কৈ আছিল !! বেলেগৰ ঘৰত, সিহঁততকৈ বয়সত বহুগুণে ডাঙৰ চাৰি-পাঁচজন মানুহক মূৰ্খ সজাই গুচি গৈছিলেই। কিবাকৈ মূৰ্খ নাসাজিলোঁ।

আপোন মনে কৈ থাকিলোঁ “ বোলো তহঁতে যে এদিন অসমখন বেচি খাবি, সেয়া ধূৰুপ”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক