ভঙা পতাৰ খেলঃ ধ্ৰুবজ্যোতি ৰাজ দাস

ৰুলীৰ গাতে গা লাগি বহা মানুহ মানুহ লগা আনুমানিক ত্ৰিশ বছৰীয়া ল’ৰাটোৰ গাৰ পৰা মাছৰ গোন্ধৰ লগতে এটা পোৰা পোৰা গোন্ধ আহি আছে। তাই ধৰিব পৰা নাই গোন্ধটো কিহৰ হ’ব পাৰে। মলিয়ন কাপোৰ কানি পিন্ধা সেই মানুহটোৰ কোচত বহি টোপনিয়াই আহিছে আনুমানিক তিনিবছৰ মানৰ ল’ৰা এটা। তাৰ গাৰ কাপোৰ-কানিবোৰ কিন্তু পৰিষ্কাৰ।

নেৰা নেপেৰাকৈ বাঢ়ি থকা তেলৰ দামৰ প্ৰতিবাদকল্পে ৰুলীয়ে আজি স্কুটিখন নিনি মেজিকত উঠি নিজে শিক্ষকতা কৰা স্কুললৈ গৈছিল আৰু এতিয়া উভতিও আহিছে মেজিকতে। এতিয়া সেইটোৰ গাৰ পৰা অহা গোন্ধটোৰ বাবে নিজৰ ওপৰতে খং উঠিছে তাইৰ।

অলপ দূৰ অহাৰ পাছতে সৰু ল’ৰাটোৱে সাৰ পাই “মা মা” লগালে। মানুহটোৱে মাত লগালে, “তোৰ মাৰ নাহে আৰু, আজিৰ পৰা তই মোৰ লগতে থাকিব লাগিব।”

ৰুলীৰ প্ৰথমতে দুখ লাগিল, বেচেৰাটোৰ মাকটো চাগে মৰিল। তাই পোনাটোৰ পিনে চাই চাই এপাকত মানুহটোক সুধিয়েই পেলালে, “ই কি হয় তোমাৰ? আৰু মা মা কৰি আছে যে মাকজনী ক’ত?”

সি অঁকৰাৰ দৰে অলপ পৰ ৰুলীলৈ চাই ৰ’ল, তাৰ পাছত লাহেকৈ ক’লে, “মাকজনীয়ে তাক লৈ মোক এৰি গুচি গৈছিল। মই গৈ তাক লৈ আহিলোঁ‌। ই মোৰ ল’ৰা, মোৰ লগত থাকিব। তাই যি কৰে কৰক।”

ৰুলী আচৰিত হ’ল, “আও, ইমান সহজনে ঐ কথাবোৰ?” তাই ভাবিলেহে, মুখেৰে কিন্তু একো নকলে। অলপ পৰ ৰৈ তাই পুনৰ সুধিলে, “গুচি গৈছিল মানে ক’লৈ গুচি গৈছিল? আৰু ল’ৰাটোক যে এনেকৈ লৈ আহিলা তাই থাকিব কেনেকৈ আৰু ইয়েই বা থাকিব কেনেকৈ মাকটো লগত নোহোৱাকৈ?”

ৰুলীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সি অলপ লৰচৰ কৰি বহি ল’লে। তাৰ ঢিলা মলিয়ন পেণ্টটোৰ পকেটৰ পৰা এটা চিপ্চৰ পেকেট উলিয়াই ল’ৰাটোৰ হাতত দিলে। পেকেটটো পাই ল’ৰাটো অলপ শান্ত হ’ল আৰু সেই সুযোগতে বাপেকটোৱে কথা ক’বলৈ ধৰিলে। তাৰ কথাৰ পৰা ৰুলীয়ে থূল মূলকৈ যি বুজিলে সেয়া………

প্ৰেমত পৰি থকা ছোৱালীজনী আজি পাঁচবছৰমান আগতে সি পলুৱাই আনি ঘৰ সুমুৱালে। লাহি পাহি লচ্-পচী, হাঁহিলে হাঁহিয়েই থাকিব খোজা ছোৱালীজনী তাক পাই বৰ সুখী হ’ল। গোটেই ঘৰখনকে তাই নিজৰ কৰি ল’লে। পুৱাতেই সি কিবা অলপ খাই ওলাই যায়। বজাৰত মাছৰ ব্যবসায় কৰে সি। তাকৰীয়া উপাৰ্জন তাৰ, হ’লেও সেইটোক লৈ ছোৱালীজনীয়ে কোনোদিনেই আপত্তি কৰা নাই। বিয়াৰ দুবছৰ ভৰোঁ‌তেই এই ল’ৰাটো আহিছিল তাইৰ কোলালৈ। সকলো ঠিকেই আছিল। পিছে একেখন ঘৰতে থকা তাৰ বৌৱেকজনীয়ে সি বজাৰৰ পৰা আহি পালেই কথা লগাব ধৰিলে তাক। তাৰ ঘৈণীয়েকজনীয়ে হেনো ওচৰৰ ডেকা ল’ৰাবোৰৰ লগত কথা পাতি থাকে, হাঁহি থাকে। সি প্ৰথমে একো কোৱা নাছিল যদিও পিছত তাইক সোধাত সেইবোৰ মিছা বুলি কৈছিল তাই। কিন্তু বৌৱেকজনীয়ে সি ঘৰ আহি সোমালেই একেবোৰ কথাকে কৈ কৈ কাণ ঘোলা কৰি পেলায়। আজি দুদিনমান আগতে সি খঙতে তাইক দুচাটমান দিলে। আৰু তায়ো খং কৰি টালি-টোপোলা আৰু ল’ৰা পোৱালীটো লৈ মাকৰ ঘৰলৈ গুচি গ’ল।

“আজি হবলা তুমি তাইক আনিবলৈ গৈছিলা?” ৰুলীৰ প্ৰশ্নটো শুনি সি দাং খাই উঠিল। ক’লে, “নাযাওঁ আনিবলৈ, নিজে গৈছে নিজে আহিব মন গ’লে। ল’ৰাটো মোৰ যে, সেয়ে তাক লৈ আনিলোঁ‌।”

“ইয়াকো বজাৰলৈ নিবানে তোমাৰ লগতে বেপাৰ কৰিবলৈ?”
“নিনিওঁ, বৌহঁত আছে নহয়, ৰাখিব সিহঁতে।”

“যদি নাৰাখে তেতিয়া তুমি নিজৰ কাম বন এৰি তাকে ৰখি থাকিবা নেকি ঘৰতে?”

ৰুলীৰ প্ৰশ্নটোৱে তাক চিন্তাত পেলালে। সি কিবা ক’বলৈ বুলি মুখ মেলোঁতেই তাৰ ফোনটো বাজি উঠিল। সি হেলো বুলি ক’বলৈহে পালে ফোনটো কাটি গ’ল। ৰুলীয়ে সোধাত সি ক’লে সেয়া তাৰ শাহুৱেকৰ ফোন। তাই তাক শাহুৱেকলৈ ফোন লগাবলৈ ক’লে। পিছে তাৰ ফোনটোত হেনো পইচাই নাই। ৰুলীয়ে নিজৰ ফোনটো আগুৱাই দি ক’লে, “লোৱা এইটোৰ পৰাই ফোন লগোৱা আৰু কোৱা ছোৱালীজনীক যাতে মাকেই থৈ যায়হি আহি।” সি বোলে, “বাইদেউ আপুনিয়েই কৈ দিয়ক নহ’লে। ইমান আহল বহলকৈ ফোনত মই কথা ক’ব নাজানো।” তাৰ কথাত ৰুলীৰ হাঁহিয়েই উঠিব নে খঙেই উঠিব এতিয়া। তাই ক’লে, “হেৰৌ মই ফোন কৰিলে মোৰ মাতটো শুনি শাহুৱেৰাই ভাবিব কি? বোলে এইক থৈ সি আন এজনী চপালেই একেদিনাই। হোঁ, লোৱা আৰু কথা কোৱা।” তাৰ পৰা নম্বৰটো লৈ ডায়েল কৰি ৰিং হোৱাত ফোনটো তাই তাৰ হাতত তুলি দিলে।

ৰুলীৰ ফোনটো লৈ সি শাহুৱেকক ৰুলীয়ে শিকাই দিয়াৰ দৰেই ঘৈণীয়েকক পঠাই দিবলৈ ক’লে আৰু সি নিজে মেজিকৰ ষ্টেণ্ডতে তাইৰ বাবে ৰৈ থাকিব বুলিও ক’লে। তাৰ হাতৰ পৰা ফোনটো লৈ ৰুলীয়েও মানুহগৰাকীৰ লগত কথা পাতিলে। তাই ক’লে যে আগলৈ আৰু সি ঘৈণীয়েকক মাৰ ধৰ নকৰে।

গাড়ীৰ পৰা নামি ৰুলীয়ে তাক ক’লে, “ইয়াৰ পাছত যদি ছোৱালীজনীক মাৰধৰ কৰা গম পাওঁ, তোকে বৌৱেৰকে নি জেলত ভৰাম। ফোন নম্বৰটো মোৰ লগত থাকিলেই যেতিয়া খবৰ লৈ থাকিম মই।” অলপ ৰৈ তাই তাক আকৌ সুধিলে, “ঐ শুন, তোৰ গাৰ পৰা যে পোৰা পোৰা গোন্ধ এটা আহি আছে অথনিৰে পৰা, সেইটো কিহৰ গোন্ধনো?” সি বোলে, “ই বাইদেউ ৰাতিপুৱাতে হেৰিৰ প্ৰসাদ এচিলিম টানি দিওঁ নহয়, দিনটোলৈ একো নাখালেও চলিব পাৰোঁ। টনটনিয়া হৈ থাকে দেহাটো দিনটোলৈ।”

ৰুলীয়ে প্ৰথমে বুজি পোৱা নাছিল। পাছত বুজি পাই হাতৰ ছাটিটোৰেই তাক মাৰিবলৈ খেদি গ’ল আৰু সি দিলে ভিৰাই লৰ। কিছু দূৰত গৈ সি দুয়োখন হাতেৰে কাণত ধৰি দুবাৰ উঠা-বহা কৰি ক’লে, “আজিৰ পৰা নাখাওঁ আৰু দেই বাইদেউ।”

তাইৰ চাদৰৰ আঁচলত ধৰি ঠিয় দি থকা ল’ৰাটোক বাপেকৰ ফালে আগুৱাই দি অলপ তললৈ কৰি মূৰটো সোঁৱে বাঁৱে জোকাৰি ৰুলীয়ে ঘৰলৈ বাট ল’লে। মুখেৰে বৈ গ’ল এটা পাতল হাঁহি, প্ৰাপ্তিৰ হাঁহি। ভাঙিব ধৰা ঘৰ এখন জোৰা লগাই পোৱা আনন্দৰ হাঁহি।

হঠাতে গাৰ কাষতে মাত এটা শুনি ৰুলী উচপ খাই উঠিল, ” বাইদেউ আপোনাৰ ঘৰটো কোনখিনিত? মই মাছ লৈ আহিম আপোনাৰ ঘৰলৈ।”

তাই কৃত্ৰিম খং দেখুৱাই ক’লে, “নালাগে তোৰ মাছ মোক। তই ছোৱালীজনীক ভালদৰে ৰাখিবি।” পিছে মোলান পৰা তাৰ মুখখন দেখি ক’লে, “সৌ ৰেল গেটখন পাৰ হৈ কাৰোবাক সুধিবি ৰুলী বাইদেউৰ ঘৰ বুলি, দেখুৱাই দিব যাহ।”

“ইমান সহজনে ইহঁতৰ বাবে ভঙা পতাৰ এই খেলখন!” ভাবি ভাবি ৰুলী ঘৰ সোমাল।
……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক