ভঙা বিস্কুটৰ সোৱাদ আৰু মোৰ শৈশৱ- বিজয় এ. চাংমা

শৈশৱৰ স্মৃতি মনলৈ আহিলে অনুভৱ হয় যেন এই একেখন পৃথিৱী, একেখন সমাজেই একালত কি মধুৰ আছিল, কি মনোমোহা আছিল! ভাবিলেই মনলৈ আহে ল’ৰালিৰ লগৰীয়াবোৰৰ কথা৷

ক’ত বা আছে সিহঁত? অনিল, অশোক, ভাষ্কৰ, তপন, বাবুল, ধ্ৰুপদ, গৌতম, পবিত্ৰ, নিতুলহঁত৷

আমি যেন একদম হেৰাই গ’লো, বৰ বেয়াকৈয়ে! অজয়, লক্ষ্মী, ৰবিন আৰু আৰু পবিনৰ সৈতে অলপতে ফেচবুকৰ দ্বাৰাই সংযোগ স্থাপন হ’ল৷ মাজে মাজে কথা বতৰা চলে৷ কিন্তু লগ পোৱাৰ সৌভাগ্য এতিয়ালৈকে হোৱা নাই৷

আৰু ছোৱালীকেইজনী? এতিয়ালৈকে মালা, কবিতা, ৰানু, আম্ৰপালী, ৰীতা, অৰ্পণা, ইৰানী, আৰু জুনুৰ লগতহে সংযোগ স্থাপন হৈছে৷ বাকীবোৰৰ খবৰেই নাই৷

অৰ্পণা দুগৰাকী আছিল৷ উপাধিও একে৷ সেয়ে মাজে- সময়ে মোৰ বৰ খেলিমেলি হৈছিল৷ এজনীৰ লগত মোৰ বন্ধুবৰ্গই প্ৰায়ে মোক জোকাইছিল৷ কিন্তু কিছুমানে আকৌ আনজনী বুলিহে ভাবিছিল৷ অৱশ্যে এজনীক মোৰো ভাল নলগা নহয়! কিন্তু শৈশৱৰ নিষ্পাপ অকৰ্ষণৰ বাদে তাত কোনো কালিমা নাছিল৷ আনজনী মোৰ ভণ্টিৰ দৰে আছিল৷ বৰ মৰমলগা৷ মৰমতে মই তাইক ‘আইতা’ বুলি মাতিছিলো৷ তাইৰ স্বভাৱ বৰ উৎপতীয়া আছিল৷ এদিন স্কুল ছুটী হোৱাৰ পাছত দেখিলো, এগাল ল’ৰা- ছোৱালী এঠাইত জুম খাই ওপৰলৈ চাই হৈ- চৈ লগাই আছে৷ ওচৰলৈ গৈ দেখিলো, অৰ্পণা তামোল গছৰ ওপৰত! তাইক তামোল গছৰ ওপৰত দেখি মোৰ চকু কপালত উঠিল৷ মই কিবা এটা চিঞৰিলো, কি চিঞৰিলো ঠিক মোৰো মনত নাই৷ মোৰ চিঞৰ শুনি তাই চুঁচৰি নামি আহিল৷ চুঁচৰি তললৈ আহোতে হোৱা ৰঙা দাগ মাগুৰ বৰণীয়া হৈ তাইৰ ভৰিত আজিও শৈশৱৰ মধুৰ স্মৃতিৰ সাক্ষীস্বৰূপ হৈ আছে৷

মোৰ নিজৰ ভণ্টি নাছিল বাবে নিজতকৈ বয়সত সৰু ছোৱলী ভাল লাগিলেই ভণ্টি বুলি ভাবি লৈছিলো, অৱশ্যে এজনী দুজনীৰ বাহিৰে
! তাৰে এজনীৰ নাম জুনু অছিল যি খুব সুন্দৰ বিহু নাচিছিল৷

জুনুহঁতৰ ঘৰৰ লগত আমাৰ ঘৰৰ সম্পৰ্ক বৰ ভাল আছিল৷ আমাৰ দুয়োঘৰৰে বিস্কুটৰ বেকাৰী আছিল৷ গতিকে প্ৰায়ে আমাৰ দুয়োৰে মা- দেউতাহতে ব্যৱসায় সম্পৰ্কীয় মতামত, খা-খবৰ আদান প্ৰদান কৰিছিল৷

তেওঁলোকৰ বেকাৰীখন আমাতকৈ বহুত বছৰৰ আগতে স্থাপন কৰা৷ বৰ্মন বেকাৰী বুলিলেই আজিও বৰ জনপ্ৰিয়৷ তেওঁলোকৰ বেকাৰীৰ লগতেই সন্মুখৰপিনে আছিল এখন চাহ আৰু মিঠাইৰ দোকান৷ চাৰিওপিনে আইনা লগোৱা আলমাৰীটোৰ ভিতৰত থকা গজা, খুৰ্মা, লৱংগ, নিমকি, খাজা, সন্দেস, বৰ্ফি, লালমোহন আৰু ৰসগোল্লা কেইটা মনত পৰিলে আজিও জিভাৰ পানী ওলায়৷

মিঠাইৰ আলমাৰীটো বাটৰ ফালে সকলোৱে দেখাকৈ মুখ কৰি ৰাখিছিল৷ আৰু ভিতৰফালে শাৰী শাৰীকৈ দৰ্জা নথকা আঠটমান আলমাৰীত আছিল বিস্কুটৰ পেকেটবোৰ৷ বিভিন্ন ধৰণৰ বিস্কুট৷ তাৰে ভিতৰত মোৰ প্ৰিয় আছিল তাৰ্ফি বিস্কুট৷ মিঠাই আৰু বিস্কুটৰ আলমাৰীৰ মাজৰ ঠাইখিনিত আছিল শাৰী শাৰীকৈ বাৰখন মান কাঠৰ টেবুল৷ প্ৰত্যেকখন টেবুলত আছিল চাৰিখনকৈ কাঠৰ চকী৷ সোঁপিনে আছিল এখন দীঘলীয়া বিছনা সদৃশ গাদী ৷ গাদীত জুনুৰ দেউতাক বহিছিল৷ মই শ্ৰদ্ধাৰে তেওঁক ‘খুৰা’ বুলি মাতিছিলো৷ তেওঁৰ নাম আৰু মোৰ নাম একে হোৱা বাবে তেওঁ মোক ‘মিতা’ বুলি মাতিছিল৷ মোক বৰ মৰম কৰিছিল৷

স্কুলৰপৰা ঘূৰি অহা সময়ত মই প্ৰায়ে সেই চাহ- মিঠাইৰ দোকানখনত সোমাইছিলো৷ টেবুল এখনৰ ওপৰত কিতাপৰ জোলোঙাখন ৰাখি, বাহিৰত থকা দমকলটোলৈ গৈ পানী খেলিছিলো৷ কিয়বা দমকলটোৱে মোক বৰ আকৰ্ষণ কৰিছিল! দমকলটোৰ হেন্দেলডাল মোতকৈ ওখত থকা বাবে মই সহজে ঢুকি পোৱা নাছিলো৷ কিবাকৈ জঁপিয়াই হেন্দেলডালত ওলমি দিছিলো যাতে দমকলৰ মুখেৰে পানী নিগৰে৷ পানী নিগৰা শেষ হোৱাৰ আগতে ফটকৈ জঁপিয়াই নামি মুখ- হাত ধুইছিলো৷ এতিয়া ভাবি চালে নিজকে কিবা বান্দৰ যেন লাগে! জেপৰপৰা ৰুমাল এখন উলিয়াই মুখখন মচি দোকানৰ ভিতৰলৈ গৈ গাখীৰপানী এগিলাচ খাইছিলো৷ জুনুৰ দেউতাকে মোক মৰমতে অলপ বেছি গাখীৰ দিবলৈ বেহেৰা ল’ৰা হৰেশ্বৰক নিৰ্দেশ দিছিল৷ প্ৰায়েই জুনুৰ দেউতাকে মোৰপৰা গাখীৰপানীৰ দাম লোৱা নাছিল৷ গাখীৰপানীৰ দাম নল’লে, সেই পইচাখিনিৰে লজেঞ্চ নাইবা ভঙা বিস্কুট কিনিছিলো৷ তেতিয়াৰ দিনত ৰঙা, নীলা, হালধীয়া আঁক- বাক থকা ঘূৰণীয়া দেখাত সৰু সৰু মাৰ্বলৰ দৰে লজেঞ্চ পাইছিলো৷ দহ পইচাত সাতটামান পাইছিলো৷ বৰ তৃপ্তিৰে আমি চুহি চুহি লজেঞ্চ খাইছিলো৷ আজিকালি তেনেকুৱা লজেঞ্চ দেখা নাপাও৷

কেতিয়াবা ভঙা বিস্কুট কিনিছিলো৷ ভঙা বিস্কুট মানে আগদিনা বাকী ৰৈ যোৱা পাওৰুটী বা ‘বান’ (Bun) জাতীয় নৰম বিস্কুটবোৰ, ডোখৰ- ডোখৰ টুকুৰা কৰি কৰকৰীয়া হোৱাকৈ আকৌ ভাতীত সেকি বিক্ৰী কৰিছিল৷ বৰ সোৱাদ লগা আছিল৷ মই বৰ ভাল পাইছিলো৷ সেই কৰকৰীয়া ভঙা বিস্কুটখিনি চোবাই খাঁওতে হোৱা শব্দৰ বাবে নে পাওৰুটি আৰু বানৰ সোৱাদ বিস্কুটত পোৱা বাবে, আজিলৈকে বুজি নাপালো৷

পঞ্চাশ পইচাত খোলা হাতৰ দুমুঠি হাঙুৰি ভৰপূৰ ভঙা বিস্কুট আৰু পঁচিশ পইচাত এমুঠি৷ জুনুৰ দেউতাকে কিন্তু মোক প্ৰত্যেকবাৰেই মৰমতে অলপ বেচিকৈ দিছিল৷ ধৰণী আৰু গৌতম যিদিনাখন দোকানৰ গাদীত বহিছিল, সিহঁতে মোক ভঙা বিস্কুট জোখতকৈ অধিক দিয়া নাছিল৷ গতিকে যিদিনাখন জুনুৰ দেউতাক গাদীত নাথাকে, মই কেৱল গাখীৰপানীহে খাইছিলো, ভঙা বিস্কুট কিনা নাছিলো৷

জুনুহঁতৰ ঘৰৰ সন্মুখত প্ৰকাণ্ড নাৰিকল গছ কেইজোপামান আছিল৷ এতিয়াও আছে৷ তেওঁলোকৰ খৰিৰো ব্যৱসায় আছিল৷ নাৰিকলগছ কেইজোপাৰ তলত খৰিবোৰ দ’ম কৰি থোৱা আছিল৷ খৰিবোৰ সুশৃংখল কৈ সজোৱা থাকে৷ ঘৰৰ পাছফালে তামোলৰ বাগান৷ ঘৰৰ চোতালত ঢাৰি পাৰি তামোলক চুপাৰি বনাবলৈ ৰ’দত শুকাই থয়৷ বাটৰপৰা ঘৰলৈ সোমালে বিস্কুটৰ ভাতী পাৰ হৈ ভিতৰলৈ সোমাই যাব লাগে৷ বিস্কুট ভাতী পাৰ হ’লেই চোতালখন৷ বাটৰপৰা ঘৰলৈ সোমাই যোৱা পথটোত প্ৰায়ে জুনুৰ ভনীয়েক দুজনীয়ে খেলি থাকে৷ বগা ‘চেমিজ’ এটা পিন্ধি মিঠা হাঁহি মাৰি চুচুক- চামাককৈ ঘূৰি ফুৰে৷ আৰু সেই ঠাইডোখৰতেই নাকত লাগে আমোলমোলাই থকা ময়দা আৰু কিণ্ব (Yeast) মিশ্ৰণৰ এটা সুগন্ধ৷

মই কেতিয়াবা তেওঁলোকৰ ঘৰলৈ যাব লগা হৈছিল৷ কাৰণ বহাগ বিহুত মুকলি বিহু প্ৰতিযোগিতাত আমি ভাগ লৈছিলো৷ বিহু নাচ অনুশীলন কৰিবৰ বাবে আমি কেতিয়াবা জুনুহঁতৰ ঘৰত গোট খাইছিলো৷
অসমৰ বহুত ঠাইত ঘূৰি- ফুৰি আমি বিহু মাৰিছিলো৷ আমাৰ দলৰ জুনু আৰু পুতুলীয়ে কেইবাবাৰো ‘বিহু কুঁৱৰী’ৰ বঁটা পাইছিল৷ ময়ো এবাৰ ‘বিহু কোঁৱৰ’ৰ নিচুকনি বঁটা পাইছিলো!

বহাগৰ ভৰ দুপৰীয়া বিহু নাচোঁতে জুনু, পুতুলী আৰু নিজৰাহঁতৰ গাল দুখনি বৰ বেচিকৈ ৰঙা হৈ পৰিছিল৷ নাচনী কেইজনীৰ অপৰূপ সৌন্দৰ্য দেখি বৰ আপ্লুত হৈ পৰিছিলো৷ এবাৰ তেনেকৈ মন্ত্ৰমুগ্ধ হোৱাৰ দৰে ৰ’ লাগি চাই থকা কাৰণে জুনুৱে মোক হাতত ধৰি জোকাৰি দিছিল৷ মই চক্ খাই সম্বিৎ ঘূৰাই পাইছিলো৷ লাজো লাগিছিল৷ বোধহয় তেনে মুহূৰ্ততেই শৈশৱৰ প্ৰিয় বান্ধবীৰ প্ৰথম স্পৰ্শৰ স্মৃতি চিৰকালৰ বাবে হৃদয়ৰ গভীৰ কোণত ৰৈ যায়!

কেইমাহমানৰ পাছতে অতি কম বয়সতেই জুনুৰ বিয়া হৈ গ’ল, অভিযন্তা এজনৰ সৈতে৷ সংযোগবশতঃ স্ৱামীৰ নামো মোৰ নামৰ স’তে একে৷ সুন্দৰ- সুঠাম ভদ্ৰ মানুহজন৷ প্ৰথমবাৰ লগ পাওঁতেই মানুহজনক বৰ ভাল লাগিছিল৷

আজি ত্ৰিশ বছৰৰ মূৰত তেওঁলোকক পুনৰ লগ পাইছো৷ বুজাব নোৱাৰা অনুভূতি৷ সকলোৱে আৱেগিক হৈ পৰিছো৷ আটাইৰে চকু চলচলীয়া৷ শৈশৱৰ স্মৃতিবোৰ বোলছবিৰ দৰে মানস পটত জিলিকি উঠিছে৷

বিয়াৰ পাছতো পঢ়া শুনা কৰি জুনু ডাক্তৰ হ’ল৷ ছোৱালী এজনী আৰু লৰা এজন৷ সুখী পৰিয়াল৷

জুনু আৰু তাইৰ স্ৱামীক লগ পাই এনে লাগিল যেন কিছুমান মানুহক বয়সে স্পৰ্শ কৰিব নোৱাৰে, সময় যেন তেওঁলোক দুয়োৰে বাবে স্তব্ধ হৈ গৈছে৷

অনুভৱ হ’ল কিছুমান সম্পদ অমূল্য৷ ময়দা আৰু কিণ্ব (Yeast) মিশ্ৰণৰ গোন্ধত, কমলা মামাৰ ঘৰত বনোৱা চুঙাপিঠা, দৈ আৰু চুৰাত, খালাসিং দাৰ ‘অন্লা অমাবেদত'(বড়ো ভাষাত পিঠাগুড়ি আৰু বাঁহগাজৰ লগত ৰন্ধা গাহৰিৰ মাংস)ত, ভঙা বিস্কুটৰ কৰকৰীয়া সোৱাদত মই আজিও মোৰ শৈশৱ বিচাৰি পাঁও৷

কিছুমান অনুভৱ শব্দৰে বুজাব নোৱাৰি, কেৱল মনত উপলব্ধিহে কৰিব পাৰি; আৰু এনে সুমধুৰ উপলব্ধিবোৰ কোনো যন্ত্ৰৰে জুখিব নোৱাৰি, পৃথিৱীৰ সমস্ত টকা- পইচাৰেও কিনিব নোৱাৰি৷ কেৱল মনত সাঁচিহে থ’ব পাৰি৷ শৈশৱৰ লগত জড়িত এনে সুমধুৰ স্মৃতিবোৰ হৃদয়ৰ গভীৰত চিৰকালৰ বাবে ৰৈ যায়৷

তেওঁলোকৰ ঘৰৰপৰা বিদায় লৈ অহা মুহূৰ্তত মোক হাতত ধৰি জুনুৱে ক’লে “ইমান বছৰৰ মূৰত তোমাক লগ পাই আজি সঁচাকৈয়ে ভাল লাগিল৷ তুমি মোৰ কাৰণে সেই শৈশৱৰ একেলগে বিহু নচা বিজু হৈয়েই থাকিবা দেই৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক