ভট্টাচাৰ্যৰ টেনশ্যন (অপূৰ্ব কলিতা)

ভট্টাচাৰ্যৰ টেনশ্যন


অপূৰ্ব কলিতা

খেজুৰৰ গছৰ পৰা চিঙি অনা কলা কুকুৰটোৰ পৰা দুই চাহ চামুচ বানবাতিটোত ঢালি তাতে দুই টুকুৰ বৰফ দি গেছত অলপ সময় উতলাই লৈ মিষ্টাৰ ভট্টাচাৰ্যই ঠাণ্ডা হৈ যোৱা জিৰাফৰ ঠেং টুকুৰাও অলপ জুইত সেকি ললে। ভট্টাচাৰ্য মানে আমাৰ দিগন্ট ভট্টাচাৰ্য! আজি মিচেছ ভট্ট নাই ঘৰত, সদৌ মুম্বাই ভিত্তিত পতা পান্জা প্ৰতিযোগিতাত ১৮ কেজি শাখাত ভাগ লবলৈ গৈছে। মানুহজন এইকেইদিন বৰ টেনশ্যনত আছে। এনেই অফিচত ফেচবুক কৰি ধৰা পৰি ১৪ বছৰৰ বনবাস খাতি আহিছে তাতে আকৌ এইবাৰ সাহিত্য.অৰ্গ ৰ সম্পাদক পাতিছে। অফিচত এই কথা খিনি কৈ ছুটি বিচৰাত আকৌ এমাহৰ বাবে শাস্তি হিচাপে আফ্ৰিকাৰ পবিতৰা জংঘলত বদলি কৰিলে দাতা এনত্ৰি অপাৰেটৰ হিছাপে। মুঠতে মানুহটোৰ টেনশ্যনেই টেনশ্যন। “আহ……”-একে উশাহতে কলা কুকুৰৰ মেতেলখিনি গিলি জিৰাফৰ ঠেংখন চোবাই চোবাই শেষ কৰি পেলালে। এটা এঘন্টীয়া উগাৰ মাৰি আকৌ দুই চামুচ কলা কুকুৰৰ ৰস বানবাতিটোত ভৰাই মানুহজনে মুখেৰে ভোৰভোৰাই আছে “চাল্লা য়ে ভি কয়ি জীনা হে জিচকে জীৱন মে চিৰ্ফ পীনা হে …….মুঝে উঠা লে ৰে বাবা ….মুঝকো ভি টো লিফ্ট কৰাদে ……”। হাতত বাতিটো লৈ মানুহজনে হেলনীয়া চকীখনত আওজি পুৰনা দিনলৈ উভতি গ‘ল। …………………………….কি দিন আছিল সেইবোৰ? সকলোবোৰ কলা-বগা। টি.ভি.টোও কলা বগা, জেঠীৰ বৃষ্ঠাখিনিও কলা-বগা, নিজৰ দাঁত, মাহ-কড়াই আনকি জেব্ৰাবোৰ ও কলা বগা আছিল। তেতিয়া বোধহয় খুবসম্ভৱ তৃতীয় শ্ৰেণীত পঢ়ি আছিল। তেতিয়াই আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা লিখি উলিয়াইছিল তেখেতে আৰু স্কুলৰ শিক্ষক সকলৰ উপৰিও সাহিত্য চফাৰ পৰা প্ৰশংসা পাইছিল। অকল কবিতা বুলিয়েই নহয় আন আন দিশটো তেখেতৰ প্ৰতিভা সমগ্ৰ ভাৰতবৰ্ষত জিলিকি উঠিছিল। প্ৰবাদ অনুসৰি এবাৰ ভৰ বাৰিষাত কচু পাত এখিলাত জমা হোৱা কোবাল সোতত সাঁতুৰি পাৰ হৈ ঘৰৰ চোতালত এটা প্ৰকাণ্ড এনোফিলিচ মহৰ লগত তৈয়া মৈয়া ৰণ লাগি তেজে তুমৰলি হৈ ঘৰ পাইছিল। আৰু বহুতো কাণ্ড আছিল কিন্তু সেইবোৰৰ কোনো ভিডিঅ’ ৰেকৰ্ডিং নথকা বাবে কোনেও বিশ্বাস নকৰে। তেখেতৰ এই সুনামবোৰ কিছুমানে সহ্য কৰিব পৰা নাছিল। এবাৰ বাটত অপুৰ্ব বুলি বদমাচ এজনে তাৰ লগৰীয়া য়ুনিকোড বন্ধু কেইজনমানৰ লগ হৈ তেখেতৰ কপালত লিখি দিছিল “মই এজন সম্পাদক”। হাজাৰটা অপাৰেচন কৰিও তেখেতৰ কপালৰ সেই লিখন সলাব নোৱাৰিলে। কাঠপেন্সিলৰ আখৰ মোচা ৰবৰ এডোখোৰ লৈ চেষ্টা কৰাত “সম” আখৰটো নোহোৱা হ‘ল কিন্তু হৈ পৰিল “মই এজন পাদক”। সেই তেতিয়াৰ পৰাই যি টেনশ্যন আৰম্ভ হ‘ল আজি ১৫৬ বয়সটো মুক্ত নহল। এইবুলি বাতিটোৰ পৰা এক ঘোত খাই ললে আৰু টেবুলখনৰ ইফালে সিফালে চালে, নাই নাস্টা একোয়েই নাই। হঠাৎ তেখেত বহাৰ পৰা উঠি স্ক্ৰু দ্ৰাইভাৰ এটা লৈ পেটত থকা স্ক্ৰু কেইটা খুলি লিভাৰটো উলিয়াই ললে আৰু প্লাস্টিকৰ থোঙা এটা তাতে ৰছীৰে গাঠি মাৰি থৈ দিলে। আকৌ স্ক্ৰু কেইটা মাৰি লিভাৰটো ফ্ৰীজত থৈ দিলে। অ.ক.ব নামৰ ফেচবুকৰ উপ-কোম্পানী এটাত থকা ডাক্তৰবোৰে তেখেতক হেনো কৈছিল ড্ৰীংকচ কৰিলে লিভাৰ বেয়া হয় আৰু এই প্ৰতিকাৰটো দিছিল। পাকঘৰৰ পৰা সিজাই থৈ দিয়া ছাগলীৰ কণী কেইটামান নিমখ লগাই লগাই পাগুলি আকৌ বহি পৰিল চকীখনত মিষ্টাৰ ভট্ট ……….য়ুনিভাৰচিটিৰ দিনবোৰ যে কি ৰঙীন আছিল! ৰঙীন টি.ভি., ৰঙীন চশমা, জাহানাৰাক দেখিলেই বাজি উঠা গানটোৰ তালে তালে নচা নৰ্তক-নৰ্তকী কেইজনীৰ কাপোৰবোৰো ৰঙীন আছিল। য়ুনিভাৰচিতিত সকলোৱে ধূনীয়া ধুনীয়া ৰঙীন কাপোৰ পিন্ধি আহিছিল। কিন্তু তেখেতক দেখিলেই সকলোৱে পেটত ধৰি ধৰি হাঁহি মাৰি মাৰি জপিয়াইছিল। জপিয়াবইতো, য়ুনিভাৰচিতিত পঢ়া মানে ডাঙৰ হোৱা বয়সতো, মনেৰেও। সেই বয়সটো দিগন্ট ভট্টই খাকী হাফপেন্ট, কলা বাটাৰ জোতা, বগা চাৰ্টত ইলাচতিক ফিটাৰ ৰঙা টাই, গ’লত পানীৰ ফ্লাক্স আৰু হাতত এলুমিনিয়ামৰ কিতাপ – বহী ৰখা বাকচটো লৈ গৈছিল। ও আৰু এটা ৰৈ গ‘ল … নজৰৰ কলা ফোঁটটো কপালৰ একাষত। এবাৰ টিনা নামৰ ধুনীয়া ছোৱালী এজনীক প্ৰেমপত্ৰ এখনো দিছিল এনেকৈ “মৰমৰ টিনা বাইদেউ, মই আপোনাক ভাল পাওঁ”। টিনায়ো ৰিপ্লাই দিছিল ” মৰমৰ দিগু, দিগ দিগ দিব পৰা হ’লা যে ভাল পালো, আৰু অকণমান ডাঙৰ হলে ভাল পাম দেই”। সেই দুখতেই তেখেতে লিখি উলিয়াইছিল সম্পুৰ্ণ তিনি বাল্টিং চকুপানীৰ চিঁয়াহিৰে “দিগুদাস” খন। সেইখন উপন্যাসৰ আধাৰত কেইবাখনো চিনেমাও বনোৱা হৈছিল আৰু এতিয়াও বনাই থকা হৈছে। কিন্তু শৰৎ চন্দ্ৰ বুলি মানুহজনে সেইখন ৭টা লজেনৰ বিনিময়ত তেখেতৰ পৰা কিনি লৈছিল সেই সময়ত সেয়ে দিগন্ট ভট্টৰ নাম নাহিল কাহানিওঁ। টেনশ্যনেই টেনশ্যন …………!
” ধুই লাইফটোৱেই গোটেই টেনশ্যনত গ‘ল। অ’ মোৰ আপোনাৰ দেশ অ মোৰ চিকুনি দেশ ……….” ডাঙৰ ডাঙৰকৈ চিঞৰি গান আৰম্ভ কৰি দিলে এইবাৰ দিগন্ট ভট্টই। অ মোৰ আপোনাৰ… পৰা গৈ জনগনমন’ত লাগে আৰু কেতিয়াবা শীলা কি জাৱানী‘ত ধৰে গানটোৱে। আৰু মাজে মাজে ভাবুক হৈ চিঞৰে ” টেনশ্যন ….টেনশ্যন …”।
…..কিলিলিং কিং কিলিলিং কিং কিলিলিং কিং কিলিলিং কিং ………পেন্টৰ পকেটত থকা লেণ্ডলাইন ফোনটোৰ শব্দত টোপটি ভাঙিল তেখেতৰ। ফোনটো উঠালে …….’হেল্ল মই নাগালেণ্ড লটাৰীৰ পৰা কৈছিলো। আপোনাৰ DB5678798 নং লটাৰীৰ টিকটটোত আপুনি প্ৰথম পুৰস্কাৰ পাইছে। প্ৰথম পুৰস্কাৰ হিচাপে আপুনি অসম সাহিত্য সভাৰ সভাপতিৰ আসন পাইছে এইবাৰ পেৰিচ অধিবেশনৰ বাবে। কংগ্ৰেচুলেচন ছাৰ। আমাৰ অফিচত আহি আপুনি ১০ লাখ টকা প্ৰচেচিং ফীজ হিচাপে দি এই পুৰস্কাৰটো গ্ৰহন কৰক।

……………………হঠাৎ কাণৰ কাষলৈকে হাঁহি মাৰি দিগন্ট ভট্টই তাণ্ডৱ নৃত্য দিবলৈ ধৰিলে আৰু হুৰুম্বা হুৰুম্বা কৈ চিঞৰিবলৈ ধৰিলে। অৱশেষত তেখেতৰ টেনশ্যন দূৰ হ‘ল আৰু কপালৰ লিখন সলনি হ‘ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments