ভণ্টিৰ ঘৰত ’এদিন-দুৰ্দিন’ : নন্দিতা খাখলাৰী

ভণ্টি: – মা, তুমি যে এতিয়াও ইমান আউটডেটেদ হৈ আছা নহয়৷ কিমান কলোঁ ফেচবুকত একাউণ্ট এটা খোলা বুলি৷ নোখোলা কিয়?
ভণ্টিৰ মাক: – মই সেইবোৰ বুজি চুজি নাপাওঁ৷
ভণ্টি: – বুজাই দিম নহয়৷ সত্তৰ-আশী বছৰীয়া মানুহৰো ফেচবুকত একাউণ্ট আছে৷ তুমি কিয় নোৱাৰিবা?
ভণ্টিৰ মাক: – (খঙেৰে) হৈছে, হৈছে৷ মোৰ সেইবোৰ কৰি থাকিলে হ’ব নেকি? তহঁতক ভাত কোনে ৰান্ধি খুৱাব?
ভণ্টি: – আমাৰ লগৰ চবৰে মাক-দেউতাকবোৰ ফেচবুকত আছে৷ তেওঁলোকে ভাত নাখায় নেকি?
ভণ্টিৰ মাক: – সেইবোৰ মানুহৰ ল’ৰা-ছোৱালী তহঁতৰ নিচিনা নহয়, ৰ্দিনৰ দিনটো লেপটপ খুলি বহি থকা৷ পঢা-শুনা নাই, কাম-বন নাই৷ মইহে জানো ঘৰ কেনেকে চলাইছো৷ বান্দীৰ কপাল লৈ আহিছোঁ আৰু কি কৰিম? বাপেৰৰতো ধাণ্ডাই নাই, লাইটৰ বিল দিবলৈ কৈ আছোঁ দুমাহৰ পৰা, নাই! কোনে শুনে মোৰ কথা? ? ? ..গেছ শেষ হ’বলৈ………মিস্ত্ৰী কেইটাক……………চছাইটিৰ সেই……………………………………., , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷
ভণ্টি: – উফফফ……মা, শুনাচোন শুনা৷ ফেচবুকত একাউণ্ট খোলাৰ আটাইতকৈ ডাঙৰ লাভটো কি কোৱাচোন?
ভাণ্টিৰ মাক: – কি?
ভণ্টি: – (ৰহস্যময় হাঁহি মাৰি বিজ্ঞৰ দৰে অলপ গপচত ) ফেচবুকত তুমি গালি দিব পাৰা৷ যি ইচ্ছা তাকেই ক’ব পাৰা৷ এই যে তোমাৰ ইমান খং উঠি থাকে, আমি কোনেও তোমাৰ কথা নুশুনো, এই যে আমাৰ দ্বাৰা শোষিত, নিষ্পেষিত হৈ তোমাৰ বান্দীৰ জীৱন…. কিমান সহ্য কৰিবা আৰু মনে মনে? সময় আহি গৈছে এতিয়া…. এইবোৰ সমস্ত সমস্যা আৰু খং তুমি উজাৰিব পৰা ফেচবুকত৷
ভণ্টিৰ মাক: – (আচৰিত হৈ) কি? কোনে শুনিব এইবোৰ কথা? মোক পাগল বুলি নাভাবিব মানুহে?
ভণ্টি: – কি যে কোৱা, কোনে শুনিব? তেতিয়া আমি কিয় চৱেই শুনিব৷ কেৱল শুনিবইনে? তাৰ ওপৰত ভাবিব, লিখিব, তৰ্ক কৰিব, বিতৰ্ক কৰিব…..আৰু কেতিয়াবাতো আনকি তোমাৰ ভাগ্য ভাল হ’লে বাতৰি কাকত, টিভিতো ওলাব৷ পাগল বাদ দিয়া, কি ঠিক তুমি কিজানি চেলিব্ৰিটিয়ে হৈ যোৱা! Just imagine! নিউজ লাইভত তুমি বহি আছা, হালৈ খুডী দেখোন হিংসাত মৰিয়েই যাব!
ভণ্টিৰ মাক: – (হালৈনীৰ হিংসাত জ্বলি যোৱা মুখখন কল্পনা কৰি চকু দুটা উজলি উঠে) হয় নেকি? কোনেও একো নকয়তো পিছত গালি দিলে?
ভণ্টি: – কাৰ ইমান দম আছে তোমাক কিবা ক’ব? যিমান ইচ্ছা সিমান গালি দিয়া৷ কিবা ক’লে আৰু গালি দিয়া৷ যিমানে বেছি দিয়া, সিমানে সোণকালে চেলিব্ৰিটি হ’ব পাৰিবা৷
ভণ্টিৰ মাক: – (অলপ ভাবি) দে তেনেহ’লে, খুলি দে৷ কিন্তুু অচিনাকি মানুহক গালি দিবলৈ বেয়া লাগিব নহয়!
ভণ্টি: – তেন্তে?
ভণ্টিৰ মাক: – তহঁত তিনিওটাই আছ’ নে নাই ফেচবুকত?
ভণ্টি: – (সেপ ঢুকি লাহেকৈ) আছোঁ……..
ভণ্টিৰ মাক: – অ’৷ এটা কাম কৰ৷
ভণ্টি: – (ভয়ে ভয়ে) কি?
ভণ্টিৰ মাক: – বাপেৰৰো একাউণ্ট এটা খুলি এড কৰি দে৷
……………………………………………………………………….

আইতা: তই আৰু কিমান পঢ়?
ভণ্টি: (হাঁহি মাৰি হাতত লোৱা কিতাপখন জপাই) কিয়, কি হ’ল?
আইতা: চাকৰি কেতিয়া কৰিবি?
ভণ্টি: পঢ়া শেষ হ’লে৷
আইতা: (চকুত অলপ সন্দেহ) এম, এ পাছ কৰিলি নে নাই?
ভণ্টি: এম, এৰ পিছত আৰু বহুত কিবা কিবি পাছ কৰিলোঁ৷
আইতা: (নাতিনীৰ কষ্ট দেখি সৰুকৈ হুমুনিয়াহ কাঢ়ি) ইমান পঢ়ি আছ’, কি হ’বি তাৰ পাছত? ডাক্তৰ নে ইঞ্জিনিয়াৰ?
ভণ্টি: (মুখ টিপি হাঁহি ৰখাই) তুমি কি হ’লে ভাল পাবা?
আইতা: (বিষাই থকা আঁঠুটো মোহাৰি মোহাৰি) এহহহ্.. মোৰনো কি? তথাপি ডাক্তৰ হ’লেই ভাল আছিল৷ বংশত এটাও নাই৷ মোৰো আঁঠুৰ বিষ৷ ইঞ্জিনিয়াৰবিলাক বদমাছেই নেকি? ধৰণীৰ জীয়েকজনীৰ লগত দহ বছৰ খেলা কৰি এটাই বেলেগক বিয়া পাতিলে৷ আৰু সেই পংকজৰ ভায়েকটোও একেই৷
ভণ্টি: হয় নেকি?
আইতা: ঠিকেই আছে দে, পঢ ভালকৈ৷ ডাক্তৰেই হ’৷ তইও মাহীয়েৰৰ দৰে অসমীয়াতে এম, এ পাছ কৰিলিনে?
ভণ্টি: নহয়, ৰাজনীতি বিজ্ঞানত৷ আঁঠুৰ বিষৰ ডাক্তৰ হ’বলৈ সহজ সেইটোৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments