ভদ্ৰদাৰ লাইচেঞ্চ- বিদ্যুত বিকাশ দত্ত

পহিলা মাঘৰ কথা৷ বন্ধুবৰ অখিল ডেকাই ফোন কৰিলে-“হেৰি, শিৱৰাম চিৰিঙক মনত আছেনে?”
“চিৱৰাম? কি কয় আপুনি? কিয় নাথাকিব? “মই একে আষাৰে ক’লো৷ শিৱৰামক মই চিৱৰাম বুলিছিলো৷ অসমীয়া নামবাচক আৰু সংখ্যাবাচক শব্দৰ ক্ষেত্ৰত ‘শ’ৰ পৰিৱৰ্তে ‘চ’ বুলি উচ্চাৰণ কৰা হয়৷ যেনে শিৱৰাম=চিৱৰাম, বিশ=বিছ আদি৷
এই কথা কেইটা মোক চিবৰামেই শিকাইছিল৷ গতিকে চিৰিংকৈ তালৈ মনত পৰিল৷
চিৱৰাম অতি চোকা ল’ৰা আছিল৷ মোৰ ৰোল নম্বৰ শেষৰ ফালৰ পৰা পঞ্চম থাকোতে তাৰ ৰোল নম্বৰ আছিল প্ৰথমৰ ফালৰ পৰা তিনি৷ ফলত এই গেধা বহি থাকোতেই চিৱৰামে মেধাৰ জোৰত চাকৰি পালে৷ পোনে পোনে সহকাৰী এম ভি আই পৰ্যায়ৰ চাকৰি৷
সেই চিৱৰামৰ কথাকে ডেকাই সুধিছে৷ মনটো ভৰি গ’ল৷ মই দুগুণ উৎসাহেৰে সুধিলো, -“কি হ’ল চিৱৰামৰ?”
মোৰ উৎকণ্ঠাত যতি পেলাই ডেকাই ক’লে-“নাই আপুনি ভৱাৰ দৰে তাৰ একো হোৱা নাই৷ সি বোলে এতিয়া আপোনাৰ চহৰ খনতে থাকে৷ কিবা এটা ব্যক্তিগত সমস্যাত পৰিছে৷ আপোনাৰ নম্বৰটো বিচাৰিছিল৷ দি দিম নেকি?”
“আৰে ডেকা, কি সোধে আপুনি! দি দিয়ক৷”
ডেকাৰ ফোনটো কাটোতেই ভদ্ৰদা ওলালহি৷ “ববা কি কৰিছ?”
“কিনো কৰিব ভদ্ৰদা? বিহুৰ বতৰ৷ এনেয়ে..”
“এনেয়ে নহয়৷ তোৰ কিবা এটা বিপদ হৈছে৷ ক চোন৷ এই ভদ্ৰ থাকোতে তোৰ কি বিপদ হৈছে!”
ইস কাটাপ্পা ওলাইছে তেওঁ৷ জগতৰ বিপদ বাৰণৰ দ্বায়িত্ব তেওঁক দি ভগবান যেন ছুটী কটাবলৈ ফৰেইন টুৰত গৈছে৷ কথা ক’বলৈ আহে৷ কালি উৰুকাৰ বজাৰখন মই নিজৰ ধনেৰে কৰি নবৌৰ হাতত দি আহিব লগা হৈছে, তেওঁ আকৌ আহে মোৰ সমস্যা সমাধান কৰিবলৈ!
তেনেতে অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল৷ মোৰ অনুমান সঁচা কৰি চিৱৰামে ফোন কৰিলে৷ কুশল বাৰ্তা লোৱাৰ পিছতে ক’লে “বুজিছ বৰ বিপদ এটাত পৰিছো৷ এইবাৰ প্ৰমোচন হ’ব লাগিছিল৷ ষ্টাফৰ এজনে কি গেজু কৰি ওপৰৱালাক পতালে নাজানো, মোৰ ফাইলটো প্ৰমোচন এপ্ৰভ হৈ নাহিল।”
“এনেকুৱা মানুহ সব ষ্টাফতে থাকে বুজিছ৷ কি কৰিবি আৰু” মই সান্তনাৰ সুৰত ক’লো৷
“তয়ো তেনেকৈ কৱনে বাৰু! তইটো জানই মোৰ একাডেমিক কেৰিয়াৰৰ কথা৷ তদুপৰি সিজন ভুৱা ইণ্টাৰভিউ দি চাকৰি পোৱা বুলি পেপাৰত কেইবাবাৰো ওলাইছে৷ কিন্তু কি হ’ব, তেওঁলোকৰ কেডাৰৰ উত্তৰ বহীবোৰ ইতিমধ্যে বিধিগত ভাৱে নষ্ট কৰি পেলোৱা হৈছে৷”
“ ইস্ ৰাম, তেনেকুৱা মানুহে আনৰ প্ৰমোচনত হাত নিদি কোনে দিব আৰু? ইমান ডাঙৰ চাকৰি কিনিব পৰা লোক, হাত চাগে বৰ দীঘল ন?” মই ক’লো৷
চিবৰামে হুমুনিয়াহ কাঢ়ি ক’লে “তোৰ কোনোবা চিনাকি আছেনে এই বিপদৰ পৰা মোক ৰক্ষা কৰিব পৰা?”
মোৰ হাঁহি উঠিল৷ না মই নাম কৰা গুণ্ডা, না মিনিষ্টাৰ৷ মই বাৰু তাক কেনেকৈ সহায় কৰো! গতিকে পোনে পোনে তাক ক’লো “নোৱাৰিম ভাই৷ মোৰ তেনেকুৱা কোনো চিনাকি নাই৷”
“নহয় অ’৷ মই জনাত তোৰ সাংঘাতিক মানুহৰ লগত হাত আছে৷ সকলো কাম তোৰ এষাৰ কথাত সমাধা কৰি দিব পাৰে বোলে৷ চা ভাই মই বিয়া বাৰু নকৰালো৷ প্ৰমোচনৰ প্ৰতি মোৰ কোনো হাবিয়াস নাই৷ উপাৰ্জনৰ ৯০ শতাংশ ধন গৰীৱ ল’ৰাছোৱালীক দান কৰো৷ ইফালে সিজনে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ বনাইছে৷ বিনা ঘোচত তোৰ সতে এষাৰ কথাও নাপাতে৷ বুজিছ, এই প্ৰমোচনৰ ইচ্যুটোৱে মোৰ সন্মানত আঘাত দিছে৷ আনকি মই পৰিবহণ মন্ত্ৰীলৈ চিঠিও লিখিছো৷”
এতিয়া অফিচৰ পিয়ন ল’ৰাটোৱেও তীৰ্যক হাঁহি এটা মাৰি সোধে-“ছাৰ, আপোনালোকৰ কোনজন বাৰু আমাৰ চেকেণ্ড বছ হ’ব? তাৰ হঁহিটো অৰ্থ হ’ল-আপুনি গঙ্গাত স্নান কৰি আহিলেও শৰ্মা ছাৰক চেৰাই আমাৰ বছ হ’ব নোৱাৰে৷”
চিৱৰামৰ এইষাৰ কথাই মোৰ মনত বহি ল’লে৷ দুখ লাগিল, চিৱৰামৰ ঠাইত মই হোৱা হ’লেও অল্টাৰনেটিভ কিবা এটা ভাবিলো হেতেন৷ তথাপি তাক ক’লো -“তোৰ দুখৰ কথাখিনিয়ে মোকো দুখ দিছে৷ কিন্তু কি কৰিবি! তোকযে মই সহায় কৰিবলৈ অপাৰগ৷”
“তোক মই উপায় এটা দিব পাৰো৷ তইযে ফেইচবুকত লিখি থাক কোনোবা এজন ভদ্ৰদাৰ কথা, তেওঁতো বৰ চতুৰ মানুহ৷ তেওঁকে এবাৰ কৈ চাচোন৷”
“ভদ্ৰদা! “মোৰ মুখত সেই শিয়াল সদৃশ অথচ মোতকৈ বহু জ্যেষ্ঠ মানুহটোৰ নাম ওলাই গ’ল যি মোৰ কাষতে বহি আছে৷”
“নিজৰ নামটো শুনি মোৰ কাষতে বহি থকা ভদ্ৰদাই জঁপিয়াই ওচৰ চাপি আহিল৷ মই আঙুলিৰে ভদ্ৰদাক চুপ থাকিবলৈ ইঙ্গিত দিলো আৰু ক’লো -“নাই নাই ভদ্ৰদাই এইটো কাম কৰি দিব নোৱাৰিব৷ নেভাৰ৷”
ভদ্ৰদাই ইঙ্গিতেৰে সুধি আছে মোক-“কি হৈছে? “মই ক’বলৈ সুবিধা পোৱা নাই৷ একেলগে ফোন আৰু ভদ্ৰদাক কেনেকৈ চম্ভালো! তেনেতে নভৱা ঘটনাটো ঘটি গ’ল৷ মোৰ হাতৰ পৰা ভদ্ৰদাই ফোনটো কাঢ়ি নি ক’লে-“ময়ে ভদ্ৰ কাকতি৷ কওক কি সহায় কৰিব লাগে৷ আপোনাৰ ঠিকনাটো কওক…ইত্যাদি ইত্যাদি৷”
খঙে মোৰ চুলিৰ আগ পাইছিলগৈ৷ ভদ্ৰতাৰ খাটিৰত আৰু বছেৰেকৰ বিহু বুলি ফোনটো দলিয়াই নিদিলেও তেওঁৰ হাতৰ পৰা নিশব্দে কাঢ়ি আনি ঘোপাকৈ ভদ্ৰদালৈ চালো৷ মোৰ খঙ বুজিব পাৰি ভদ্ৰদাই তলমুৰ কৰিলে৷ মই ভদ্ৰদাক চিবৰামৰ কথাখিনি চমুকৈ কৈ সুধিলো “পাৰিব এইটো প্ৰবলেম চ’ল্ভ কৰিব?”
কিছুপৰ কিবা এটা ভাৱি ভদ্ৰদাই ক’লে-“হানড্ৰেড পাৰচেণ্ট পাৰিম৷”
“কেনেকৈ?”
“অকৰা পাইছ? তই আগতেই ফেইচ বুকনে কি সেইদালত লিখি দিবলে! চাই থাক, বিহুৰ বন্ধ খোলক৷ মই কি দেখুৱাই আছো৷”
(২)
বিহুৰ বন্ধ খুলিলে৷ মাজতে গৈ মই চিৱৰামক লগ কৰিলো৷ সি ক’লে “সিদিনা তোৰ ভদ্ৰদা আহিছিল৷ মোৰ পৰা টকা ৫০০০ লৈ গ’ল৷ যাঁওতে কৈ গৈছে, “অহা শুকুৰ বাৰে আপুনি গা বেয়াৰ ভাও ধৰি অফিচত একো কাম নকৰিব৷ পাৰিলে শুই থাকিব৷ মোক দেখিলে কেৱল চিনি নোপোৱাৰ ভাও জুৰিব৷ কোনো ফাইলত চহী নকৰিব৷”
“আৰু”
“আৰু শনিবাৰে ২২ এপ্ৰিল৷ সেইদিনা আপোনাক আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীক বছে মতা কথা আছে বুলি ভিতৰুৱাকৈ খবৰ পাইছো৷ তেওঁ আপোনাৰ দুচমন শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগৰ কথা সুধিলে বিচাৰিলে পোনেই মোলৈ দেখুৱাই দিব৷ যদি নিবিচাৰে মই নিজেই যাম৷ মনত ৰাখিব, কাকো নক’ব মোৰ কথা৷”

চিবৰামৰ হয়তো সন্দেহ হৈছিল ভদ্ৰদাৰ ওপৰত৷ কিন্তু মোৰ ষষ্ঠ ইন্দ্ৰিয়ই ক’লে “নাই ভদ্ৰদাই নিশ্চয় কিবা এটা কৰি আছে৷ গতিকে মই সিদ্ধান্ত ল’লো শুকুৰবাৰে ময়ো যাম ভদ্ৰদাৰ কাৰবাৰ কি চাবলৈ৷”
শুকুৰবাৰে জিলা পৰিবহণ বিষয়াৰ অফিচত বৰ ভীৰ৷ কাৰণ সেইদিনা ড্ৰাইভিঙৰ ইণ্টাৰভিউ হয়৷
অফিচৰ সন্মুখতে বহল পথাৰখন৷ তাতে চিবৰামৰ প্ৰতিদ্বন্দ্বী এম ভি আই জনে চালকৰ লাইচেঞ্চ বিচৰাসকলৰ পৰীক্ষা লৈছে৷ পৰীক্ষা মানে কি আৰু কিবাকিবি সুধি গৈছে আৰু ফাইলত চহী কৰিছে৷ কাষতে বহি থকাজনে আনে নেদেখাকৈ ফাইলৰ ভিতৰত আগতেই সুমুৱাই ৰখা ৫০০ টকীয়া নোট একোখন ছাৰলৈ আগ বঢ়াই দিছে৷
দূৰত এজনে ভ্ৰাইভিঙৰ পৰীক্ষা লৈ আছে৷
তেনেতে চকুত পৰিল শাৰীটোৰ শেষত ভদ্ৰদা আৰু গাত এড়ী চাদৰ লৈ অহা মানুহ এটা৷ শেষৰ ফাইলটো লৈ এম ভি আইৰ কাষত বহা মানুহটোৰ চকু ডাঙৰ হৈ গ’ল৷ একেলগে চাৰিখন পাঁচশ টকাৰ নোট!
কাষত বহি থকা মানুহটোৱে এম ভি আইক কাণে-কাণে কিবা এটা কোৱাৰ লগে-লগে এড়ী চাদৰ লৈ থকা মানুহটোক এম ভি আইয়ে সুধিলে, “অই ধুৰন্ধৰ, কিহৰ দুই নম্বৰী কৰি দিব লাগে ক৷ পইচা দিছ মানিছো৷ চাবি কিন্তু, ফচিলে তয়ো মৰিবি মোৰো বজাৰ শেষ৷”
ভদ্ৰদাই ক’লে “এহ চাৰে যে কি কয়৷ আচলতে ইয়াৰ গাত জ্বৰ আছে৷ সেয়ে আপোনাক আজি ই গাড়ী চলাই দেখুৱাব নোৱাৰে৷ আপোনাক পইছাটোকে বেছিকৈ দিছো৷ তাতো যদি নহয়, ঘৰলৈ যাবলৈ টকা দুশ আছে৷ তাকো দিঁও লওক৷ মুঠতে ইয়াক লাইচেঞ্চখন লাগে৷ লাইচেঞ্চ নহ’লে কোনেও কাম নিদিয়ে৷ কাম নাপালে ইয়াৰ পোৱালি কেইটা নাখাই মৰিব৷”
ভদ্ৰদাৰ কথাষাৰ শেষ হ’ল কি নহ’ল মানুহটোৱে চিঞৰি চিঞৰি কান্দিব ধৰিলে৷ ইমান বেসুৰা কান্দোন মই শুনা নাছিলো৷ এনে লাগিল যেন দুচলা ফটা বাঁহ পৰস্পৰে যুঁজাই কিবা বাদ্যহে বজোৱা হৈছে৷ তেনেতে দেখিলো মানুহটো ভৰিৰ উদং পতাত ভদ্ৰদাৰ জোতাৰ গোৰোহাৰ চুলটো সমগ্ৰ শৰীৰৰ ভৰ সহ বহি আছে৷ এম ভি আই চাহাবে ব্ৰজ নিনাদেৰে মানুহটোক ধমকি এটা সোধাই “চুপ” বুলি কোৱাৰ লগে-লগে মানুহটো চুপ হৈ গ’ল৷ এইবাৰ ভদ্ৰদাই গোপন বস্ত্ৰৰ মাজত ৰখা “চুইচ বেঙ্ক”ৰ পৰা এশটকা দুখন এম ভি আই চাহাবলৈ আগবঢ়াই দিলে৷ লগে লগে এম ভি আই চাহাবে মানুহটোক প্ৰচণ্ড ঠেলামুৰি এটা মাৰি আগবঢ়াই দি ক’লে “যা, তোৰ কাম হৈ গ’ল৷ আবেলি ৩ বজাত মোৰ অফিচৰ মুখত ৰৈ থাকিবি৷ লাইচেঞ্চ পাই যাবি৷”
( ৩)
ভদ্ৰদাই কি কৰিব লৈছে একো নুবুজিলো৷ ৰাতি ভদ্ৰদাই মিছড কল এটা দিলে৷ মই ফোন লগালো৷ তেওঁ মাত্ৰ এটাই উত্তৰ দিলে “চিনেমা চাৱ যদি কালিলৈ ডি টি অফিচলৈ আহিবি৷” তাৰ পিছত তেওঁৰ ফোনৰ চুইচ অফ হৈ গ’ল৷ বহুবাৰ চেষ্টা কৰিও মই তেওঁক কণ্টেক্ট কৰিব নোৱাৰিলো৷
পিছদিনা ডি টি অফিচত মানুহ কম৷ আচলতে শুকুৰ বাৰৰ ড্ৰাইভিঙ ইণ্টাৰভিউতহে মানুহ বেছি হয়৷ মই গৈ অফিচতে পাইচাৰী কৰি থাকিলো৷ তেনেতে ডি টি অ চাহাব সোমাই আহিল৷ অফিচৰ সকলো মানুহকে তেওঁ মুকলি ঠাইখিনিতে খাৰা কৰি ক’লে-“চাওক, আমাৰ চিনিয়ৰ এম ভি আই পষ্টটোলৈ প্ৰমোচনৰ বাবে আজি বহুদিন শিৱৰাম চিৰিং আৰু তিলক শৰ্মাৰ মাজত প্ৰতিযোগিতা চলি আছে৷ এই কমপ্লেইন ইতিমধ্যে পৰিবহণ মন্ত্ৰীৰ ওচৰো পাইছেগৈ৷ যোৱা সপ্তাহতে মোলৈ এখন মন্ত্ৰীৰ পৰা চিঠি আহিছে৷ যোগ্যতা আৰু সততাৰ ভিত্তিত ময়ে তেওঁলোকৰ এজনক বাছি দিব লাগে৷ এতিয়া কওকচোন কাক বাছো মই?”
এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কোনো প্ৰস্তুত নাছিল৷ আচলতে মনে মনে দুৰ্নীতিৰ বাহক শৰ্মাকহে ষ্টাফৰ মানুহবোৰে ভাল পাইছিল৷ কাৰণ শৰ্মাৰ অধীনত থাকিলে দৰমহাৰ ধনৰ দৰকাৰেই নহয়৷ কিন্তু চিৱৰামৰ সততাৰ ওচৰত আকৌ শৰ্মা নিস্প্ৰভ হৈ যায়৷ তদুপৰি কোনজন নতুন বচ হ’ব তাৰ উমান নাপায় সকলোৱে মৌন ব্ৰত ধাৰণ কৰিছিল৷
মানুহবোৰৰ নিৰুত্তৰ আৰু স্বাৰ্থপৰ ৰূপ দেখি ডি টি অ’ৰ খঙ উঠিল৷ তেওঁ ক’লে, “আপোনালোকৰ মতে এওঁলোকৰ মাজত সৎ কোন?”
কাৰো একো মাত শুনা নগ’ল৷
তেনেতে শেষৰ ফালৰ পৰা আগদিনা এৰি কাপোৰ লোৱা মানুহটোসহ ভদ্ৰদা ওলাই আহিল৷ তেওঁ চিঞৰি ক’লে “ছাৰ এই দুজনৰ মাজত সৎ হ’ল শিৱৰাম চিৰিং আৰু অসৎ হ’ল শৰ্মা ছাৰ৷”
ভদ্ৰদাক দেখি ডি টি অ’ চাহাবৰ আৰু খঙ উঠিল৷ তেওঁ ক’লে, “তই কোন আমাৰ ষ্টাফৰ কথাত সোমাবলৈ!”
“মই ৰাইজৰ এজন ছাৰ৷ আমিহে জানো এই মানুহজন কিমান দুৰ্নীতিপৰায়ণ, কিমান ঘোচখোৰ৷ কালি এখেতে ধনৰ বিনিময়ত এওঁক এখন লাইচেঞ্চ দিছে৷”
“চুপ৷ তই প্ৰমাণ দিব পাৰিবি? তোৰ হাতত ঘোচ লোৱাৰ ভিডিঅ’ আছে?”
“নাই ছাৰ৷”
“তেন্তে তই কি যুক্তিত তই এখেতক দুৰ্নীতি পৰায়ণ বুলিছ?”
ভদ্ৰদাই লগত লৈ যোৱা মানুহটোৰ গাৰ পৰা এৰী কাপোৰখন আঁতৰাই ক’লে-“এই মানুহ জনলৈ চাওক৷ এখেত আমাৰ দিব্যাঙ্গ নাট্য স্কুলখনৰ শিক্ষক৷ শৰ্মাই ১৬ চকাৰ গাড়ীৰ হেভী লাইচেন্স দিয়া এই লোকজনৰ বাঁও হাতখনেই নাই৷”
সঁচাকৈ মানুহজনৰ বাঁও হাতখন নাছিল৷
(লিখনিটোত বাল্যকালতে পঢ়া এটি ধেমেলীয়া গল্পৰ আংশিক প্ৰভাৱ পৰিছে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক