ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এজাক জোনাকীৰ জিলমিল’ (মৃণালজ্যোতি গোস্বামী)

আধুনিক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ পথাৰলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এগৰাকী স্বনামধন্য অসমীয়া হ’ল ভবেন্দ্ৰনাথ শইকীয়া৷ চুটিগল্প, উপন্যাস, নাটক, শিশুসাহিত্য, চিনেমা, আত্মজীৱনীকে ধৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলোবোৰ দিশেই তেওঁ অমূল্য চিন্তা-ভাবনাৰে সমৃদ্ধ কৰি গৈছে৷ প্ৰথম অৱস্থাত তেওঁ অপেচাদাৰী মঞ্চৰ বাবে নাটক ৰচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৮১ চনৰ পৰা মাথোঁ অসমৰ ভ্ৰাম্যমাণ মঞ্চৰ বাবে নাটক ৰচনা কৰিবলৈ ধৰে। ইয়াৰ পূৰ্বে তেওঁ অনাতাঁৰ কেন্দ্ৰৰ বাবেও কেইবাখনো নাটক লিখিছিল৷

ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা নাটকসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখন হ’ল- এজাক জোনাকীৰ জিলমিল, ৰামধেনু, অন্ধকূপ, বন্দীশাল, অম্ৰপালী, মণিকূট, নীলকণ্ঠ, বিষকুম্ভ, অমৃত, জন্মভূমি, দীনবন্ধু, প্ৰতিবিম্ব, গধূলি, গহ্বৰ, মহাৰণ্য, বৃন্দাবন, স্বৰ্গৰ দুৱাৰ, পৰমানন্দ, সমুদ্ৰ মন্থন, পাণ্ডুলিপি, স্বণৰ্জয়ন্তী, ৰম্যভূমি, বণৰ্মালা, শতাব্দী, শুভ সংবাদ, অৰণ্যৰ গধূলি আদি৷ ষাঠিৰ দশকতে নাটক ৰচনাত হাত দিয়া এইগৰাকী নাট্যকাৰৰ এখন উল্লেখযোগ্য নাটক হ’ল—‘এজাক জোনাকীৰ জিলমিল’৷ ১৯৯৯ চনত প্ৰকাশিত ‘এজাক জোনাকীৰ জিলমিল’ (জাৰ্ণেল এম্পৰিয়াম, নলবাৰী) নামৰ নাট্য সংকলনখনত পোন প্ৰথমবাৰৰ বাবে এই নাটকখন সংকলিত হৈছে৷ এই সংকলনখনত সন্নিবিষ্ট হোৱা আন নাটককেইখন হ’ল- পুতলা-নাচ, তীৰ্থ, বাওনা আৰু অৱৰোধ৷ গোটেইকেইখন নাটক ১৯৬১ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত ৰচিত৷ ইয়াৰে এজাক জোনাকীৰ জিলমিল নাটকখন তিনিটা আংকৰ আৰু বাকী কেইখন একাংকিকা৷ নাট্যকাৰৰ ভাষাৰে- ‘পুতলা-নাচ, তীৰ্থ, বাওনা আদি একাংক নাটক আৰু এজাক জোনাকীৰ জিলমিল তিনিটা দৃশ্যৰ নাটককেইখনখন মোৰ সেইসময়ৰ ৰচনাৰ নমুনা আছিল৷’ (উদ্ধৃতঃ গোস্বামী, ২০০৩, পৃ. ১৮)। মন কৰিবলগীয়া যে অসমীয়া নাটক পৰিৱেশনৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সময়ছোৱা আছিল মূলতঃ একাংকিকা আৰু তিনিৰ পৰা পাঁচ অংকৰ নাটকৰ সময়৷ সেইবাবেও হয়তো ভবেন্দ্ৰনাথ শইকীয়াই সময়ৰ দাবী মানি তেনে নাটক ৰচনা কৰিছিল৷ বিষয়টোত পোনা মহন্তই এইদৰে কৈছিল—‘এয়া ভবেন্দ্ৰনাথ শইকীয়াৰ ‘বৈজ্ঞানিক মন, সময় সচেতনতা আৰু বিষয়বস্তুৰ ওপৰত অভিনিৱেশৰ (কনচেনট্ৰেশ্বন) প্ৰকাশ যেন লাগে’ (মহন্ত, ২০০৩, পৃ. ৪৪)৷’ ভবেন্দ্ৰনাথ শইকীয়া আছিল বৈজ্ঞানিক দৃষ্টিভংগী তথা মনৰ গৰাকী, তেওঁ সকলো কথা বিজ্ঞানসন্মতভাৱে বিচাৰ-বিশ্লেষণ কৰাৰ লগতে সময় সচেতনতাত অতি গুৰুত্ব দিছিল৷ সেইবাবেই তেখেতৰ নাটকটো এই বৈশিষ্ট্যটো ৰক্ষিত হৈছে বুলি নাট্য সমালোচক পোনা মহন্তই ধাৰণা কৰিছে বুলি ক’ব পাৰি৷ এই নাটকখন পৰৱৰ্তী সময়ত জগদীশ পাটগিৰীৰ সম্পাদনাৰে অসম সাহিত্য সভাই প্ৰকাশ কৰা আধুনিক অসমীয়া নাট্য সম্ভাৰ (২০০৫) গ্ৰন্থখনটো সন্নিবিষ্ট হৈছে৷

সাধাৰণভাৱে নাটকত দেখা পোৱা কোনো ধৰণৰ দৃশ্য বিভাজন এই নাটকখনত পৰিলক্ষিত নহয়৷ নাটকখনৰ কাহিনীভাগ তিনিটা অংকত বিভাজন কৰা হৈছে৷ অৱশ্যে নাটকখনত গতানুগতিক ধৰণে ‘অংক’ শব্দটো উল্লেখ কৰি নাট্যমুহূৰ্তৰ বিভাজন কৰা হোৱা নাই৷ নাট্যকাৰে প্ৰতিটো নাট্যমুহূৰ্তৰ পাছত এটি দীঘলীয়া টোকাৰে নাট্যক্ষণৰ সময় পৰিৱতৰ্নৰ কথা উল্লেখ কৰিছে৷ তাৰ আধাৰতেই নাটকখনত তিনিটা অংক আছে বুলি মত পোষণ কৰা হয়৷ নাটকখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে এখন ছোৱালী মহাবিদ্যালৰ এটা শ্ৰেণীকোঠাৰ ভিতৰত৷
নাটকখনৰ প্ৰথম নাট্য ক্ষণত দেখা যায় যে ছোৱালী মহাবিদ্যালয়খনৰ চকীদাৰ আৰু তেখেতৰ পৰিবাৰে পুৱতি নিশা মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠা এটা ঠিক কৰি থাকে৷ তেওঁলোকৰ কথোপকথনৰ পৰা গম পোৱা যায়-কেইজনমান ব্যক্তি আহি তাত উপস্থিত হৈ দিনটোৰ বাবে থাকিবৰ বাবে কোঠা এটা বিচাৰিছে৷ অৱশ্যে সেইদিনা কলেজ বন্ধ। সেয়ে চকিদাৰেও একো আপত্তি কৰা নাছিল৷ কিছু সময়ৰ পাছতে সেই তিনিওজন অচিনাকী আলহী আহি সেই কোঠাটোত প্ৰবেশ কৰে৷ প্ৰাৰম্ভিক কথা-বতৰাৰ মাজতে চকীদাৰ-চকীদাৰনীয়ে তেওঁলোকৰ বিজুলী নামৰ ছোৱালী এজনী থকাৰ কথাও সেই ব্যক্তি তিনিজন ক্ৰমে- ভাস্কৰ, মৃণাল আৰু মনোহৰক জনায়৷ অলপ পাছতে বিজুলীয়ে হাতত জ্বলি থকা লেম্প এটা লৈ কোঠাটোত প্ৰৱেশ কৰে৷ বিজুলী সেইখন কলেজৰে চতুৰ্থ বৰ্ষত অধ্যয়নৰত৷ চকীদাৰ-চকীদাৰনী তথা বিজুলীৰ সৈতে তেওঁলোকৰ কথোপকথনত প্ৰকাশ পায় যে সেই ব্যক্তিকেইজন যুদ্ধৰ পৰা উভতি অহা সৈনিক৷ চকীদাৰৰ পৰিয়ালটোৱে তেওঁলোক দ্বিতীয় বিশ্বযুদ্ধৰ পৰা ঘৰলৈ ঘূৰি অহা সৈনিক বুলি ভাবি লয়৷ সেই অচিনাকী ব্যক্তিকেইজনে চকীদাৰৰ পৰিয়ালটোক কলেজখনৰ ওলোৱা-সোমোৱা বাট কেনি, কলেজৰ প্ৰাংগণত কোন কোন থাকে, বন্ধৰ দিনত কলেজখনলৈ কোনোবা আহে নেকি আদিৰ খবৰ লয় আৰু বিজুলীৰ সৈতেও বিভিন্ন কথা-বতৰা পাতে৷ তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাৰ মাজতে বিজুলীয়ে তেওঁলোকক – ‘যুদ্ধৰ কটা-কটি, মৰা-মৰি, চিঞৰ-বাখৰৰ বাহিৰেও এখন মৰম কৰিব পৰা শান্ত পৃথিৱী আছে’ (শইকীয়া, ২০০৫, পৃ. ১৩৯) বুলি কৈ তেওঁলোকৰ মনত এখন নতুন পৃথিৱীৰ বীজ ৰোপণ কৰে৷ তাৰ পাছতে সকলোৱে একাপকৈ চাহ খায় আৰু ব্যক্তি তিনিজনে দুপৰীয়াৰ আহাৰৰ বাবে কিবা এবিধ যোগাৰ কৰিবলৈ কিছু ধন চকীদাৰক দিয়ে৷ ক্ষন্তেক আগেয়ে ওলাই যোৱা বিজুলীয়ে আহি বাপেকে ধন লোৱা দেখি অলপ ইতস্ততঃবোধ কৰে আৰু তেতিয়ালৈ সম্পূৰ্ণৰূপে পোহৰ হোৱাত বিজুলীয়ে লেম্পটো নুমুৱাই দিয়ে৷ এনেদৰেই নাটকখনৰ প্ৰথম নাট্য মুহূৰ্তটোৰ সামৰণি পৰিছে৷

দ্বিতীয় নাট্যক্ষণৰ বৰ্ণিত সময়ছোৱা হ’ল দুপৰীয়া৷ বিজুলীয়ে খৰাহি এটাত বিভিন্ন ধৰণৰ ফল-মূল লৈ কোঠাটোত উপস্থিত হোৱাৰ পৰাই সেই নাট্যক্ষণৰ আৰম্ভ হৈছে৷ সেই সময়তে তাই ভাস্কৰহঁতে বাপেকক ফল-মূল আনিবলৈ দিয়া টকাখিনিও ঘূৰাই দিয়ে৷ তাই ফল-মূলখিনি তেওঁলোকক খাবলৈ কৈ পানী আনিবলৈ উভতি যায়৷ বিজুলী ওলাই যোৱাৰ পাছতে ভাস্কৰে মনোহৰ আৰু মৃণালক ফাইল উলিয়াই কাম কৰিবলৈ নিৰ্দেশ দি কয়—‘পৰহিলৈ আমি যিকণ সময় পাম তাৰ প্ৰত্যেকটো মুহূৰ্ত কামত লগাব লাগিব৷ তাৰ লগত অন্তত বিশটা ৰাইফল আৰু পাঁচটা ৰিভলভাৰৰ প্ৰশ্ন জড়িত হৈ আছে৷’ (শইকীয়া, ২০০৫, পৃ. ১৪২) এনেতে বিজুলীয়ে পানী লৈ পুনৰ সোমাই আহি তেওঁলোকে আহাৰ গ্ৰহণ নকৰা দেখি নিজ হাতে সকলোকে পৰিৱেশন কৰে। বিজুলীৰ আচৰণত সকলো অভিভূত হৈ পৰে৷ তাই পুনৰ কটাৰী এখন আনিবলৈ ওলাই যায়৷ ভাস্কৰে তেখেতৰ সংগী দুজনক কাম কৰিবলৈ কৈ বিজুলীয়ে অহিব নোৱাৰাকৈ দুৱাৰখন বন্ধ কৰি দিব বিচাৰে৷ মনোহৰ আৰু মৃণালে কাম কৰিবলৈ মন নকৰে৷ বিজুলী কটাৰীখন লৈ সোমাই আহি চাহ আনিবলৈ পুনৰ ওলাই যায়৷ যোৱাৰ আগতে তাই গাত লৈ থকা স্কাৰ্ফখনে কাম কৰাত আমনি কৰিছে বুলি থৈ যায়৷ বিজুলীয়ে সকলোকে অন্তৰিকতাৰে, চেনেহেৰে আদৰ-সাদৰ কৰা কামটো ভাস্কৰে বৰ ভাল পোৱা নাছিল৷ মনোহৰে বিজুলীয়ে থৈ যোৱা স্কাৰ্ফখন গাত মেৰিয়াই লৈ তেওঁ এৰি থৈ যোৱা তেখেতৰ একমাত্ৰ ছোৱালীজনীৰ কথা কৈ থাকে৷ ভাস্কৰে মনোহৰক সেইবাবে গালি পাৰি তেখেতৰ ছোৱালীজনী মৰিল বুলি কয়৷ এনেদৰে ভাস্কৰৰ সৈতে কথা পাতি থাকোতেই বিজুলী পুনৰ সোমাই আহে৷ মনোহৰে তাইৰ আগতো তেখেতৰ ছোৱালীজনীৰ কথা কয়৷ এই কথোপকথনতে প্ৰকাশ পায় যে মনোহৰৰ কন্যাজনী মৰা নাই আৰু তাই সেইখন কলেজতে বিজুলীৰ সৈতে পঢ়ি আছে৷ উল্লেখযোগ্য যে তাই মনোহৰহঁতে বতৰ্মান থকা কোঠাটোতে ক্লাছ কৰে৷ এনে সময়তে চকীদাৰো কোঠাটোত প্ৰৱেশ কৰে৷ মনোহৰে নিজৰ কন্যাজনীক লগ ধৰিবলৈ মন কৰাৰ কথাটো লৈয়েই ভাস্কৰৰ সৈতে  মনোমালিন্য আৰম্ভ হয় আৰু প্ৰকাশ পায় যে তেওঁলোক দ্বিতীয় মহাযুদ্ধৰ পৰা উভতি অহা সৈনিক নহয়৷ প্ৰকৃততে দেশ স্বাধীন কৰিবলৈ সশস্ত্ৰ সংগ্ৰাম কৰা গোটৰ সদস্যহে৷ মনোহৰৰ জীয়েক বতৰ্মান তাইৰ মোমায়েক ডি এছ পি অৰবিন্দ দাসৰ ঘৰত থাকে৷ এই কথা শুনি ভাস্কৰে মনোহৰক ঠাট্টা কৰে যে- ‘ অৰবিন্দ দাসক কৈ আহিবি, ছোৱালী কলেজৰ সৰু কোঠালি এটাত ভাস্কৰ আৰু মৃণাল আছে৷ কৈ আহিবি গোটেই দেশজুৰি সিহঁতৰ এনেকুৱা এটা দল আছে৷’ (শইকীয়া, ২০০৫, পৃ. ১৪৮) বিজুলীয়ে তাইৰ মনৰ পোহৰেৰ ভাস্কৰৰ মনতো পোহৰৰ বিলাবলৈ যত্ন কৰে, তাইৰ বাপেকেও ভাস্কৰক এইবোৰ পথ এৰি এক সুস্থ জীৱন কটাবলৈ আহ্বান কৰে৷ কিন্তু ভাস্কৰে সকলো কথা অগ্ৰাহ্য কৰি নিজৰ মতত অটল হৈ থাকে৷ উল্লেখযোগ্য যে এই সময়খিনিতে ভাস্কৰেও যে সংসাৰ কৰিছিল, তেখেতৰো যে এটা সন্তান আছে সেই কথা জনায়৷ ভাস্কৰৰ কথা শুনি সকলো আচৰিত হৈ পৰে, কাৰণ ভাস্কৰে কোনো দিন এই বিষয়ে কাকো কোৱা নাছিল৷ এইবোৰ কথাৰ বাবে বিজুলী আৰু বাপেকে তেওঁৰ সংসাৰলৈ ঘূৰি আহিবলৈ আহ্বান কৰে৷ কিন্তু তেওঁ নিজৰ মতত অচল৷ তেতিয়া মনোহৰে তেখেতৰ কন্যাজনীক এবাৰ চোৱাৰ হেঁপাহৰ বাবে ভাস্কৰক বুজাবলৈ যত্ন কৰিও মান্তি কৰিব নোৱাৰি ভাগি পৰি কান্দি উঠে৷ বিজুলীয়ে তেওঁলৈ সহায়ৰ হাত আগবঢ়াই ওচৰ চাপি আহে৷ এনেদৰে নাটকীয় সংঘাতে শীৰ্ষত অৱস্থান কৰোঁতেই নাটকখনৰ দ্বিতীয় নাট্যক্ষণৰ সামৰণি পৰিছে৷

নাটকখনৰ তৃতীয় নাট্যক্ষণৰ সময় হ’ল আবেলিৰ পৰা গধূলিলৈকে৷ নাট্যক্ষণটোৰ আৰম্ভণিতে গম পোৱা যায় যে কলেজ চৌহদত থকা খেলপথাৰখনত সৰু সৰু ল’ৰা-ছোৱালীবোৰে খেলি আছে৷ ভাস্কৰে এই সকলোবোৰ দেখি অতিষ্ঠ হৈ মৃণালক কামখিনি শেষ কৰিবলৈ নিৰ্দেশ দিয়ে৷ মৃণালে সেয়া কৰিবলৈ মান্তি নহয়৷ বোধহয় মৃণালো বিজুলীৰ মনৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিছে৷ মৃণালেও এনে কৰা দেখি ভাস্কৰে বিজুলীক সেই কোঠাটোৰ পৰা ওলাই যাবলৈ কয়, কিন্তু মৃণালে সেই কাৰ্যত বাধা প্ৰদান কৰে৷ মৃণালেও এনে কৰাত ভাস্কৰ খঙতে কৈ উঠে যে—‘তোমাৰ ৰূপ আছে, যৌৱন আছে, মৰম আছে, সেয়ে তোমাৰ এটা অপূৰ্ব শক্তিও আছে৷ কিন্তু সেই শক্তিৰ জালেৰে আমাক মেৰিয়াই ধৰাৰ তোমাৰ কোনো অধিকাৰ নাই৷ তুমি মনত ৰাখিবা বিজুলী, আমি দুদিনীয়া বস্তুৰ ব্যৱসায় কৰিবলৈ গোটেই জীৱন উছৰ্গা কৰি ওলাই অহা নাই৷’ (শইকীয়া, ২০০৫, পৃ. ১৫১) বিজুলীয়ে ভাস্কৰৰ কথাখিনিত আহত হয় আৰু তাইৰ যৌৱনক অপমান কৰিছে বুলি ব্যক্ত কৰে৷ ভাস্কৰে অৱশ্যে তাইৰ যৌৱনক অপমান কৰা নাই বুলি কয়৷ তাই তাৰ পাছত ওলাই যাবলৈ উদ্যত হয়, এনেতে কম্বলৰ তলত সোমাই উচুপি থকাৰ পৰা ওলাই আহি মনোহৰে তেখেতৰ কন্যাজনীৰ কথা কৈ দুখ কৰে৷ বিজুলীয়ে মৃণালকো যাওঁ বুলি কৈ ওলাই যাব বিচাৰে৷ মৃণালে তাইক বাধা প্ৰদান কৰে৷ মৃণালে তেতিয়া সি আৰু ভাস্কৰৰ লগত নগৈ নতুনকৈ জীৱন আৰম্ভ কৰিব বিচাৰে বুলি ব্যক্ত কৰে৷ সেই কথা শুনি ভাস্কৰৰ লগত পুনৰ মৃণালৰ তৰ্ক আৰম্ভ হয় আৰু শেষত এটা চৰ মাৰে৷ তথাপিতো মৃণাল মান্তি নহয়৷ মনোহৰেও পুনৰ সংসাৰলৈ উভতি যাবলৈ বিচাৰে৷ কথাৰে মান্তি কৰিব নোৱাৰি ভাস্কৰে ৰিভলভাৰ উলিয়াই দুয়োকে মাৰিবলৈ উদ্যত হয়৷ সেই সময়তে চকীদাৰ-চকীদাৰনীয়ে প্ৰৱেশ কৰি জনায় যে মনোহৰৰ জীয়েক আহি তেওঁলোকৰ ঘৰত উপস্থিত হৈছেহি, লগত পিছে মোমায়েকো আহিছে৷ এই কথা শুনি ভাস্কৰে তেওঁলোকক ধৰাই দিবৰ বাবে চকীদাৰে পুলিচক খবৰ দিছে বুলি ভাবি  গুলীয়াবলৈ উদ্যত ৰিভলভাৰ টোঁৱায়৷ চকীদাৰে সেয়া কৰা নাই বুলি জনায়৷ ভাস্কৰ বলীয়াৰ দৰে হৈ পৰে, বিজুলীয়ে বাপেক-মাকক কোঠাটোৰ পৰা উলিয়াই পঠিয়ায়৷ মনোহৰে সকলো কথা অনুধাৱন কৰি মৃণাল আৰু ভাস্কৰৰ সৈতে তাৰ পৰা আঁতৰি যাবলৈ উদ্যত হয়৷ যাবৰ পৰত ভাস্কৰে ইমান পৰে লুকুৱাই ৰখা মৰম আকলুৱা হৃদয়খনৰ বতৰা বিজুলীক দি ওলাই যায়৷ বিজুলীয়ে তেওঁলোক ওলাই যোৱাৰ ফালে চাই থাকি বেঞ্চ এখনত বহি পৰে৷ কিছু সময়ৰ পাছত হাতত লেম্প এটা লৈ তাইৰ মাক সোমাই আহে৷ কোঠাটোত কাকো নেদেখি তেওঁলোক গ’ল নেকি সেই বিষয়ে জানিব বিচাৰে। তাই গ’ল বুলি জনায়৷ তাৰ পাছত মাকে ‘যি হ’ল, হ’ল’ বুলি কোঠাটো ক্লাছ কৰিবৰ বাবে ঠিক কৰিবলৈ বিচাৰে৷ বিজুলীয়ে তাই ঠিক কৰিব বুলি মাকক পঠিয়াই দিয়ে আৰু লাহে লাহে কোঠাটোৰ ব্লেক বৰ্ডখন মচিবলৈ ধৰে৷ লাহে লাহে পোহৰ কমি আহে আৰু শেষত কেৱল লেম্পটো লি থাকে৷ এনেদৰেই নাটকখনৰ যৱনিকা পৰে৷

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments