ভাইটি – চৈয়দ আহমেদ ছাহ

অৱশিষ্ট দূৱৰিডৰাত চেৰী ব্লজম্ সানি ডেকা হৈ থকাৰ নিষ্ফল প্ৰয়াস কৰা প্ৰতিজন পুৰষৰ মনত ত্ৰাস আৰু ঘৃণাৰ সঞ্চাৰ কৰা অপশব্দটো হল খুৰা৷ তেওঁলোকে এই সম্বন্ধটোক অভিধানৰ পৰাই পুলিয়ে পোখাই নিশ্চিহ্ন কৰি পেলোৱাৰ পক্ষপাতি৷ যাৰ মুখত পোন প্ৰথম বাৰৰ এই ‘অবাইচ’ মাতটো শুনা যায় তেনে শিষ্টাচাৰ নজনা ডেকা লৰাৰ নিতম্ব প্ৰদেশত এটা প্ৰচণ্ড ‘খুৰাঘাত’ কৰাৰ তীব্ৰ বাসনা মুহূৰ্তৰ বাবে জাগি উঠিলেও অতি সোনকালে এই সত্যৰ মুখামুখি হোৱা যায় যে চিৰযুগমীয়া ‘দাদা’ হৈ থকাৰ বিৰল সন্মান আজিলৈকে মাত্ৰ এজনকহে দিয়া হৈছে৷

কিন্ত চিৰ যুগমীয়া ‘ভাইটি’ আছে; অৰ্থাৎ, যাৰ নাম সৰুতেই ভাইটি ৰখা হৈছে তেওঁ আজীৱন ভাইটি৷ যেনে, “নব্বৈ বছৰ বয়সতো অমুকৰ ভাইটি মোমাইদেৱেক তজবজীয়া ডেকা৷ ”

এই ভাইটি মাথোঁন এটা নাম নহয়, ই অসমীয়া কৃষ্টি-সংস্কৃতি, সভ্যতা-পৰম্পৰাৰ ‌এক অৱিচ্ছেদ্য অঙ্গ (তাৰ মানেনো কি বৰকৈ মোক নুসুধিব, আনৰ মুখত শুনি ভাল লাগে কাৰণে নিজে এবাৰ কৈ চালো আৰু)৷ কিন্তু বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ দৰে ভাইটিও আজি এক বিৰল প্ৰজাতি ৰূপে চিহ্নিত হৈছে আৰু সময় থাকোতেই উচিত ব্যৱস্থা নললে অসমৰ বুকুৰ পৰা ভাইটি চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব আৰু সমাজ বিদ্যাৰ পাঠ্যপুথিৰ এটি তথ্য হৈ ৰব (যিটো লিখিলে পৰীক্ষাৰ্থীয়ে মাত্ৰ এক নম্বৰহে পাব)৷ কোন এই ‘ভাইটি’ বা কি এই ‘ভাইটি’৷

একালৰ বৃহৎ অসমীয়া পৰিয়াল একোটাৰ কনিষ্ঠতম পুত্ৰ সন্তানটিৰ নামেই হল ভাইটি৷ সাধাৰণতে এনেকুৱা পৰিয়ালৰ ল’ৰা ছোৱালীৰ সংখ্যা আছিল গড়ে ১০ বা ১১৷ তাৰে এটা জন্মতে ঢুকাইছিল, এটা তিনি বছৰ মান বয়সত টাইফয়ড, টিবি, বসন্ত বা হাইজাত ঢুকাইছিল; আকৌ কেতিয়াবা বলীয়া কুকুৰে কামুৰি বা পানীত পৰি ঢুকাইছিল৷ এনদৰে মৰি-হাজি সাতোটি মান ৰৈছিল গৈ৷ কেতিয়াবা আকৌ প্ৰসবৰ সময়ত প্ৰথম পত্নীৰ মৃত্যু ঘটিলে এমা-ডিমা ল’ৰা ছোৱালী কেইটা চাবলৈ সিহঁতৰ মাহীয়েক এজনীকে দেউতাকে বিয়া কৰাই আনিছিল৷ গতিকে তেওঁৰ ফালৰ পৰাও বেলেগ চেহেৰাৰ আৰু দুটিমান যোগ হৈছিল৷ এইবোৰ কথা আজি আচহুৱা যেন লাগিলেও সেই সময়ত বৰ সাধাৰণ আছিল৷

এতিয়া আহোঁ আমাৰ কাহিনীৰ নায়ক ‘ভাইটি’ৰ কথা৷ প্ৰথম অৱস্থাতে ভাইটিৰ নাম ভাইটি নহৈছিল৷ তিনি বছৰ মান ‘মইনা’ বা ‘মাইনা’ হৈ থকাৰ পিচত যেতিয়া এইটো নিশ্চিত হৈছিল যে ঘৰলৈ আৰু এটা কেঁচুৱা অহাৰ সম্ভাবনা নাই তেতিয়া মইনাই পদোন্নতি লাভ কৰি ভাইটি হৈছিল৷ কেতিয়াবা আকৌ হিচাপত ভুল হৈছিল৷ ঘৰত আকৌ কেঁচুৱাৰ কান্দোন শুনা গৈছিল; নতুন আলহী ছোৱালী হলে তাইৰ নাম পূৰ্বে নিৰ্ধাৰিত হৈ থকাৰ দৰে ভণ্টি হৈছিল৷ এই বিষয়ে কেতিয়াও কোনো মহলৰ পৰা প্ৰশ্নৰ অৱতাৰণা হোৱা নাছিল৷

কিন্তু যদিহে অনিমন্ত্ৰিত অতিথিজনা কন্যা সন্তান নহৈ পুত্ৰ সন্তানহে হৈছিল তেতিয়া নাম লৈ কিছুদিন খেলি মেলি হৈ থকাৰ মুৰকত এটা সমাধান বিচাৰি পোৱা গৈছিল৷ আগৰজনা হৈছিল ডাঙৰভাইটি আৰু এতিয়াৰ জনা সৰুভাইটি৷
(গুচি নাযাব, কাহানী মেঁ টুইষ্ট হেঁ)৷

এতিয়ালৈকে কাক কাক পালোঁ?

— ডাঙৰভাইটি, ভণ্টি, সৰুভাইটি৷

যি সময়ত আমি পৰিয়ালটো (বা খৰিয়ালটো) সম্পূৰ্ণ হল বুলি ভাবি নেইম কাষ্টিং শেষ কৰিছো ঠিক তেনেতে ঘটিল নহয় অথন্তৰ৷ মাতৃৰ ৪৫ বছৰ বয়সত দেৰ কেজি ওজনৰ চাৰ প্ৰাইজ গিফট্৷ এতিয়া কত মৰ মৰ৷

(“ মানুহটোৰ লাজ চৰম নাই নেকি? মানুহজনীৰ দেহাটিত তেজ অকণমান নাই…”— নেপথ্যৰ সংলাপ)

যি হ’ল হ’ল৷ এতিয়া সেই বিলাক ভাবি লাভ নাই৷ বাপুকণে এণ্ট্ৰি মাৰিলেই৷ এতিয়া নামৰ সমস্যাটিহে সমাধান কৰোঁ আহক৷ আচলতে ই কোনো সমস্যাই নহয়৷ চিৰ চেনেহী মোৰ ভাষা জননী থাকোতে কিহৰ সমস্যা৷ হেমকোষ উলিয়াওক৷ ক আখৰটো চাওক৷ ‘ক’ ৰ পিচত ‘ণ’৷ অতি ক্ষুদ্ৰ৷ অৰ্থাৎ কণভাইটি৷

এই খিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল৷ ২য় মহাযুদ্ধৰ আগলৈকে ভাইটি আছিল পোণা৷ সৰুপোণা, কণপোণা৷

এতিয়ালৈকে কাক কাক পালোঁ?

ডাঙৰভাইটি, ভণ্টি, সৰুভাইটি, কণভাইটি (বা সৰুপোণা, কণপোণা)৷

আমি ইমান খেলিমেলিলৈ নগৈ আমাৰ এই ঐতিহাসিক দলিলখনৰ পঢ়ুৱৈ সকলৰ সুবিধাৰ্থে ‌কনিষ্ঠ পুত্ৰটিকে ভাইটি বুলি সম্বোধন কৰিম৷

আমাৰ ভাইটি আন সকলোৰে দৰে বহুত সৰুতে জন্ম গ্ৰহণ কৰিছিল যদিও জন্মতে তাৰ ওজন তুলনামূলক ভাবে যথেষ্ট কম আছিল৷ পুষ্টিহীনতাত ভোগা মাকৰ শৰীৰত গৰ্ভৰ সন্তানটিক দিবলৈ একোৱেই নাছিল৷ তাৰ জন্মই আছিল এক চমৎকাৰ৷ গতিকে তাৰ জীৱন কাহিনীও কিছু ব্যতিক্ৰমী হোৱা উচিত৷
( অতি কষ্টেৰে এইখিনি টাইপ কৰিছো৷ ) …..
মিকিমাউচ, তীখৰ, ভাইটি আচলতে সমাৰ্থক শব্দ৷
এক মাত্ৰ মাকৰ কথা বাদ দি ২, ৩ বছৰ বয়সলৈকে ভাইটিৰ উপস্থিতিক লৈ ঘৰখনৰ কোনো সদস্য সচেতন নহৈছিল৷ কি খাইছে কি বৈছে কি পন্ধিছে৷ আছে আৰু৷ গতিকে সৰুৰে পৰা ভাইটি আত্ম নিৰ্ভৰ হয় আৰু বহুতো কথা কম বয়সতে শিকি পেলায়৷ তাৰ ভিতৰত শিকিব নলগীয়া কথাও বহুত থাকে৷
আমাৰ গবেষণাৰ তথ্যৰ ভিত্তিত ‘ভাইটি’ সকলৰ কেইটামান সাধাৰণ বৈশিষ্ট্য আমি লক্ষ কৰিছো যিটো হয়তো সকলোৰে ক্ষেত্ৰত নাখাটিব পাৰে৷

১) ভাইটি বুদ্ধিত চোকা কিন্তু পঢ়া শুনাত মজলীয়া বা একেবাৰে বেয়া৷ পঢ়া শুনা কৰিবলৈ ভাইটিৰ হাতত সময় নাই; কিন্তু ৰিজাল্টৰ দিনা ধমক দিয়াৰ বাহিৰে ককায়েক সকলৰ কোনো এজনেও সময় উলিয়াই তাক অংক ইংৰাজী শিকাই দিয়াৰ দ্বায়িত্ব নলয়৷ কোনোবা এজনে এদিন পঢ়াই উঠি “নেওঁতাখনকে নজনা গাধাটোক কোনে পঢ়াই” বুলি উচাত মাৰি গৈ নিজৰ কৰ্তব্য সামৰে৷ ভাত নোখোৱাকৈ শুবলৈ যোৱা সৰু পুতেকক মাকে মুৰে গায়ে হাত ফুৰাই নিজ হাতেৰে ভাত কেইটা খুৱাই দি লগতে শুৱায়৷ পিচদিনাই ভাইটি বেক ইন ফৰ্ম৷

২) চুবুৰীটোত বা সৰু চহৰখনত ভাইটি এজন মিনি চেলিব্ৰিটি৷ ভাইটিয়ে চিনি নোপোৱা মানুহ নাই আৰু ভাইটিক নিচিনা মানুহ নাই৷ হাতৰ তলুৱাৰ দৰে ভাইটিয়ে চহৰখন চিনি পায়৷

৩) মানুহে মাতক বা নামাতক চুবুৰীৰ সকলো বিয়াতে এসপ্তাহৰ কাৰণে ভাইটি ব্যস্ত৷ ভাইটিৰ বিনামূলীয়া উপদেশ লওঁতা অৱশ্যে কোনো নাই৷ সেইয়া লৈ তাৰ ভ্ৰূক্ষেপ নাই৷

৪) পঢ়া শুনাৰ বাহিৰে সকলো বিদ্যাতে ভাইটি পাৰ্গত বুলি জনাজাত৷ খেলা ধূলা, থিয়েটাৰ, গান বাজনা, স্কুল কলেজৰ নিৰ্বাচন…৷ আচলতে ভাইটি একোতেই এক্সপাৰ্ট নহয়৷ গান গোৱা মানে সমবেত সংগীত, নাটক মানে প্ৰম্পটাৰ, ক্ৰিকেট মানে প্ৰেকটিচৰ সময়ত বিভিন্ন ধৰণে সহায় কৰা, সাহিত্য মানে আলোচনী সম্পাদকক সহায় কৰা; কিন্তু ভাইটি সকলো ক্ষেত্ৰতে দৃশ্যমান৷ চহৰখনত কিবা এটা হ’ব আৰু ভাইটি নাথাকিব অসম্ভব৷
জনপ্ৰিয় গজল গায়কজন আহিল কোনোবা কোম্পানীৰ দ্বাৰা আয়োজিত হাই প্ৰফাইল অনুষ্ঠান এটালৈ৷ ভলণ্টিয়েৰৰ বেজটো নাপায় ভাইটি ক্ষুণ্ণ৷ কোনো কথা নাই৷ ভি আই পি গেটৰ মুখত ৰৈ থাকিল৷ ভান এখনৰ পৰা সহযোগী শিল্পী সকল নমাৰ লগে লগে নিজেই আগবাঢ়ি গৈ বাকচ এটা ডাঙি ললে (বোধহয় ভিতৰত হাৰমনিয়াম আছিল)৷ কোনোবাই কিবা তলকিব পৰাৰ আগতেই ভাইটি ভিতৰত৷

৫) “ভাইটিদা” আকৌ ছোৱালীৰ মাজত বেছি জনপ্ৰিয়৷ বহুতে চিঠি লিখে৷ কিন্তু পেনপেনীয়া প্ৰেম কৰিবলৈ তাৰ হাতত সময় নাই৷

৬) কাপোৰ কানি লৈ সচেতন নহয়৷ চুলি নফণিয়াই৷ যাৰে তাৰে কাপোৰ ধাৰ কৰি পিন্ধে৷ যাৰে তাৰে চাইকেল চলাই ফুৰে৷

৭)ভাইটিয়ে মানুহক হহুঁৱাই মাৰে৷

৮) ভাইটিয়ে নলগা জেঙাত লাগি ফুৰে৷ ধৰক বেক কৰোতে কাৰোবাৰ গাড়ীয়ে কাৰোবাৰ চাইকেলখন পেলালে, ভাইটিৰ কাৰণে ই এটা মেজৰ ইচ্যু৷ নিজে আগবাঢ়ি গৈ গাড়ীৰ চালকক ‘জান সে মাৰ দেনে কি ধমকি’৷ পিচত যেতিয়া গম পালে যে গাড়ীৰ চালকজন অলপতে মূল সূঁতিলে উভতি আহিছে তেতিয়া নিমজ ওলোটা খৰ৷

৯) ভাইটিক প্ৰায়ে হস্পিটেল কবৰস্থান শ্মশানত লগ পোৱা যায়৷

১০) সৰু সৰু মানুহবিলাকে ভাইটিক খুব ভাল পায়৷ পাণ দোকানী, ৰিক্সা চালক, ধোবা, নাপিতৰ সি বিপদৰ বন্ধু৷ বেমাৰীক হাস্পতাললৈ লৈ যোৱা, থানাৰ লগত মিট মাট কৰোৱা, ছান্দা পাৰ্টিক চম্ভালা ইত্যাদি এশ এবুৰি সমস্যা ভাইটিয়ে সমাধান কৰিব পাৰে৷

১১) ভাইটিয়ে প্ৰয়োজন সাপেক্ষে মাৰপিটো কৰে; কিন্তু নিজে সন্মুখলৈ অহাৰ মূৰ্খালি নকৰে৷ শান্তি কায়েম কৰাতহে আগ ভাগ লয়৷
কেইবাবাৰো চেষ্টা কৰি ভাইটি স্নাতক হব নোৱাৰি পঢ়া শুনা বাদ দিয়ে৷ কব নোৱাৰাকৈ ভাইটিৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হয়৷ সৰু সুৰা ঠিকা ঠুকলি; কিন্তু বিশেষ আগবাঢ়িব নোৱাৰিলে৷ কিবা এটা কথাত একাণপতীয়াকৈ লাগি থকা ভাইটিৰ স্বভাব বিৰুদ্ধ৷ তাতে চহৰৰ প্ৰায় সকলো আড্ডাৰে ভাইটি আজীৱন সন্মানীয় সদস্য৷ চেমনীয়াৰ পৰা প্ৰৌঢ় সকলো ভাইটিৰ বন্ধু৷
দিন যায়৷ মাহ যায়৷ বছৰ যায়৷ দশক যায়৷
ভাইটিও লাহে লাহে অপ্ৰাসঙ্গিক হৈ পৰে৷ নতুন নতুন ভাইটি আহি পুৰণি ভাইটিক স্থানচ্যুত কৰে৷
ভাইটিৰ ককায়েকহঁত এজন এজন কৈ প্ৰতিস্থিত হয়৷ ডক্তৰ, অভিযন্তা, হাকিম, অধ্যাপক হয়৷ সকলোৰে বিয়া হৈ যায়৷ ভাইটিৰ কিবা এটা গতি লাগিব বুলি অপেক্ষা কৰি ৰোৱা ছোৱালী জনীৰো বিয়া হৈ যায়৷ একেখন বিদ্যালয়তে কাম কৰা এজন সহকৰ্মী শিক্ষকৰ লগত৷ পৈতৃক ভেটিটোৰ পৰা সকলো এটি এটি কৈ আঁতৰি একেখন চহৰতে বা দিল্লী বাংগালোৰত ফ্লেট লয়৷
কিন্তুৰ ভাইটিৰ দ্বায়িত্ব নকমে৷ বাঢ়ে৷ বৃদ্ধ পিতৃ মাতৃৰ কণাৰ লাখুটি হয় ভাইটি৷ এদিন সি মাকক জোকাই কয়.. মই পঢ়া শুনাত বেয়া হোৱাত কিমান ভাল হল চা৷ তহঁতক নহ’লে কোনে চালে হেঁতেন৷ মাকৰ বুকুৰ পৰা এটা দীঘল হুমুনিয়াহহে ওলায়৷
ভাইটিৰ দ্বায়িত্ব বহুত৷ বাৰী ঘৰ চাফ চিকুণ কৰি ৰখা৷ খাজানা, মিউনিউচিপালিটিৰ টেক্স, বিজুলীৰ বিল, এন আৰ চি, ভোটাৰ লিষ্ট আৰু কত কি৷ তদুপৰি ককায়েক বৌৱেক হঁতৰ পাৰ্চনেল কাম৷ কাম কৰা বাই এজনী বিচাৰি মোম্বাইলৈ পঠিওৱা৷ গাঁৱৰ মাটিখিনিৰ বাবে বহুদিনৰ পৰা খুৰাকহঁতৰ লগত কেচটো যে চলি আছে তাৰ তাৰিখ কেতিয়া পৰিছে উকীলৰ ওচৰত মাজে মাজে খবৰলৈ থকা৷
ভাইটিৰ আটাইতকৈ ডাঙৰ দ্বায়িত্ব হল পক্ষাঘাটত আক্ৰান্ত দেউতাকৰ শৌচ প্ৰসাব কৰোৱা৷ কাপোৰ কানি ধুই মেলি চাফ চিকুণ কৈ ৰখা৷
এদিন দেউতাক শুই থকা অৱস্থাৰ পৰা সাৰ নাপালে৷ কেইদিন মানৰ কাৰণে ঘৰখন মানুহেৰে ভৰি পৰিল৷ আমেৰিকাত থকা ডাক্তৰ পুতেক আহিব নোৱাৰিলে৷ শোক বাৰ্তা পঠালে৷ লগতে কিছু টকা৷
দহদিনৰ ভিতৰতে শোকৰ পৰিবেশটো লাহে লাহে উৎসবমূখৰ হৈ পৰিল৷ ইটো ৰুমৰ হাঁহি খিকিন্দালি বিলাক আওকাণ কৰি সেই সময়ত ভাইটিয়ে মাকক চামুচেৰে কিবা খুৱাই আছিল৷
দুদিন পিচত সকলো যাবগৈ৷
ভাইটিক মাজৰ কোঠালৈ চমন কৰা হল৷ মাজু বায়েকে আৰম্ভ কৰিলে —-
মাক ভালকৈ চোৱা চিতা কৰিবি৷ দেউতাৰ ক্ষেত্ৰত তই অলপ অসাবধান আছিলি নেকি!
কিবা এটা কব খুজি শোকে খুন্দা মাৰি ধৰাত কথা বিলাক তাৰ ডিঙিৰ পৰা নোলাল৷
মায়ে ফেমিলি পেন্সন পাব৷ শৰ্মা খুৰাক লগ ধৰিবি৷ সব কৰি দিম বুলি কৈছে৷ তোৰ ঠিকা ঠুকলিতো আছেই৷ বজাৰৰ ঘৰটোৰ ভাৰাৰ টকা কেইটা তয়েই ৰাখিবি৷ বৰদা আৰু মাজুদাই মাৰ কাৰণে পইচা পঠিয়ায়ে থাকিব৷
ঘৰটো ৰিপিয়াৰিঙ কৰিবলৈও যে বছৰি টকা কেইটা পঠিয়াই কি কৰ? অলপ মানুহ থকাদি থাকিবি চোন৷
সি কব খুজিও নকলে যে সেই কেইটা টকা দেউতাকৰ ডাক্তৰৰ ফী আৰু লেব্ টেষ্টত গল৷
এতিয়া … এই ঘৰটোৰ কথা৷ মা থকালৈকে আমি একো নকৰো৷ (তাৰমানে সিহঁতে সকলো ঠিক কৰিয়েই ৰাখিছে)
এতিয়ালৈকে মনে মনে বহি থকা ডাঙৰ জনাই মাত লগালে—
এই বিলাক কথা পিচে পৰেও হব বাৰু৷ আচল কথালৈ আহোঁ৷ তোৰ বিয়াখনকে পাতি পেলা৷ ছোৱালী আমি চাইছো৷
মাজু বৌৱেকে জোকালে – তুমিও দেখিছা তাইক৷ আমাৰ ৰেবা আকৌ৷
বৌৱেকৰ ভাগিনিয়েকক সি দেখিছে৷ ৩৫ বছৰীয়া শকত মুখ চোকা৷ তাৰ বাবে ৰৈ ৰৈ হতাশ হৈ বিয়া হৈ যোৱা মিঠা বৰণীয়া মৃদুভাষী লাহী ছোৱালীজনীৰ কথা সি এবাৰ ভাবিলে৷
(এইখিনিতে আপুনি হয়তো কাহিনীটো তলত দিয়া ধৰণে আগ বঢ়াটো বিচাৰিব)
সকলোৱে শুনাকে ভাইটিয়ে স্পষ্টকৈ কব
মোৰ বিয়া ঠিক হৈ আছে৷
সকলো শিল পৰা কপৌৰ দৰে থিতাতে থৰ লাগি ৰব৷
ক’ত?
কেতিয়া?
কাক?
শ্বিলঙৰ৷ ডাইভৰ্চি৷ আগৰ ফালৰ এজনী ছোৱালী আছে৷ চৰকাৰী চাকৰি কৰে৷ বহুত সম্পত্তি আছে৷ মোৰ কোনো চিন্তা নাই৷
মাজু দাদাকে চিঞৰ মাৰি কব—
তোৰ মগজুৰ ঠিক আছে তো৷ আত্ম সন্মান বুলি কিবা আছে নে নাই৷ আৰু মাক কোনে চাব?
মোৰ মগজু ঠিক আছে আৰু তহঁততকৈ বেছি সজাগ হৈ আছে৷ তহঁতে মোৰ আত্ম সন্মানৰ কথা কেতিয়াৰ পৰা চিন্তা কৰিব পৰা হলি৷ মই কাক বিয়া কৰো নকৰোঁ মোৰ কথা৷
ঘৰটো বিকি দে৷ বজাৰৰ ঘৰটোও বিকি দে৷ মোৰ অংশটো পালেই হ’ল৷
মাক ময়েই ৰাখিম৷
(কিন্তু আপোনাক জনাই থওঁ যে এইয়া যিহেতু টি ভি চিৰিয়েল নাছিল আমাৰ কাহিনীতো কোনো টুইষ্ট নাছিল৷ আচল কাহিনী তলত দিয়া ধৰণেহে আগুৱাইছিল)
কি ভাবিলি?
তহঁতে যি ভাল দেখ৷ ভাইটিৰ মাতটো কথমপি ওলাব৷
So everybody lived happily ever after…
কিন্তু ভাইটি নামৰ পোষ্টতো আজি কালি খালি হৈ আছে ঘৰে ঘৰে৷ ভাইটি নামটো হয়তো আছে বহুতৰে৷
কিন্তু সেই বৃহৎ পৰিয়ালো নাই, ভাইটি নামৰ ট্ৰেজিক চৰিত্ৰটোও নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক