‘ভাইভা-ভ’চি’ত নকল আৰু চাহ অনা ফ্লাস্ক : ছাত্ৰাবাসৰ এডোখৰ (১৭) :: দিগন্ত যাদৱ শৰ্মা

: ইমান আৰু সুবিধা ল’ব নাপায় দেই? শৈলেন হোজা ল’ৰা বুলিহে!
: ধেৎ! নহ’লে মই কি কৰিম।
: পুৰা ১৫ নম্বৰ আছে ‘এচ্চাইনমেন্ট’খনত। মোৰ নিমিলিবই! ইফালে লিখিত পৰীক্ষা আৰু ‘ভাইভা-ভ’চি’ত কিমান নম্বৰ পাম জনা আছে। চাৰে শৈলেনৰ লগত ‘পাৰ্টনাৰ’ কৰি দিলে বুলিহে! নহ’লে নিতৌ সন্ধিয়া পুথিভঁৰাললৈ গৈ আড্ডাটো বাদ দিলেহে হ’ব!

ৰাৰিছদাৰ পঢ়া-শুনাত ৰাপ নাই। ধনীৰ দুলাল। বপেকে জোৰ কৰি নামভৰ্তি কৰি দি ‘ছাত্ৰাবাস’ত থৈ গৈছিলহি। একেটা ষাণ্মাসিকতে দুবছৰ পঢ়িলে। পৰীক্ষাৰ মাত্ৰ এদিন আগতে পঢ়িলে উত্তীৰ্ণ হ’ব পাৰে নেকি? সেয়ে পিছুৱাই গৈ শৈলেনহঁতৰ লগত লগ লাগিলগৈ। শ্ৰেণীকোঠাত একো নিলিখে। পৰীক্ষাৰ আগৰ দিনা অইনৰ ‘নোটবুক’ টনাটনি কৰি ‘ফটোকপি’ কৰি লয়। ‘ভাইভা-ভ’চি’তো যে নকল মাৰে জীৱনত প্ৰথম ৰাৰিছদাৰ মুখতে শুনিছিলোঁ। দ্বিতীয় ষান্মাসিকৰ জীৱৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাতহে জমিছিল। পৰীক্ষাগাৰত এজন এজনকৈ সোমাব দিছিল। তাত জীৱৰসায়ন বিজ্ঞানৰ প্ৰয়োগশালাত ব্যৱহৃত হোৱা সঁজুলি সমূহ এপদ এপদকৈ থৈ দিয়া আছিল। এতিয়া পৰীক্ষাৰ্থীজনে সেইবোৰ ক্ৰম অনুসাৰে চিনাক্তকৰণ কৰি লিখি যাব লাগে। সঁজুলি সমূহ কোনো দিনে ভালকৈ চুই নোপোৱা ৰাৰিছদাৰ পাল পৰিল। হাতত কাগজখন লৈ কোনটো কি বুলি লিখিব একো তলানলা পোৱা নাছিল। কাৰোবাক সুধিবলৈ অথবা নকল কৰিবলৈকেও সুবিধা নাই। দুগৰাকীকৈ চাৰে পহৰা দি আছে। কোনোমতে মুঠ দহটাৰ চাৰিটামান লিখি থৈ আহিল। ছাত্ৰাবাসত আহি অইনক যেতিয়া সুধিলে-
: পৰীক্ষাত চাৰ বাইদেউৰ বাবে ‘কেন্টিন’ৰ পৰা চাহ অনা ফ্লাস্কটোনো কিয় থৈ দিছিল? সেইটোও আৰু পৰীক্ষাত দিব লাগেনে?
ৰাৰিছদাৰ কথা শুনি সকলোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। এজনে ক’লে-
: ধেৎ! ৰাৰিছদা, সেইটো ‘কনিকেল ফ্লাস্ক্’। আপুনিযে এটা মানুহ দিয়ক!
অৱশ্যে বেচেৰা ৰাৰিছদাৰো দোষ নাই। সকলো দোষ সেই বকুল কাইটিৰহে! চাৰ-বাইদেউৰ কাৰণে যদি সি ‘কেন্টিন’ৰ পৰা সেইটোত চাহ নানিলেহেঁতেন তেন্তে আজি সি হাঁহিয়াতৰ পাত্ৰ হ’ব নালাগিলহেঁতেন। ৰাৰিছদাহঁতে শ্ৰেণীকোঠাৰ পৰাই দেখি থাকে আবেলি তিনিমান বজাত প্ৰায়ে বকুল কাইটিয়ে সেইটোত চাহ আনে। পৰীক্ষাত ‘ফেইল’ কৰিব পাৰি, কিন্তু অইনৰ চকুত হাঁহিয়াতৰ পাত্ৰ হ’ব _এই কথাটো ৰাৰিছদাৰ মুঠেই সহ্য নহয়। বকুল কাইটি জীৱৰসায়ন বিজ্ঞান বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এই ৰাৰিছদায়ে ‘ভাইভা-ভ’চি’ত নকল মাৰে। আৰু এই কাৰ্যত বোলে তেওঁ সফলো হৈছে। যদিও একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ বহু সময় লয়। তলমুৱা হৈ ‘মাইক্ৰ’-মিনি’ বহীখনৰ পৰা বিচাৰি লওঁতে সময় লাগে। এবাৰ কোনোমতেহে ধৰা নপৰাকৈ থাকিল। সোধা প্ৰশ্নটোৰ উত্তৰ বিচাৰি আছে। নাই! ক’ত পাব আচলখন ছাত্ৰাবাসৰ কোঠাতে এৰি থৈ আহিল। লগত থকাখন কাইলৈৰ বাবেহে। ভাবিলে চাইকেলখন আছেই। লৰালৰিকৈ গৈ যদি আচল বহীখন ছাত্ৰাবাসৰ পৰা আনিব পৰা যায়! শেষত মুখৰ পৰা ওলাই গ’ল-
: চাৰ ২০ মিনিট পিছত ‘ভাইভা-ভ’চি’ দিলে হ’বনে?
চাৰো অবাক। ‘ভাইভা-ভ’চি’ দিবলৈ আহি কোনো ছাত্ৰৰে এনে অনুৰোধ আজিলৈকে শুনা নাই। চাৰে সুধিলে।
: তোমাৰ সমস্যাটো কি? গা বেয়া নেকি। দেখাততো ঠিকেই আছা।
: নহয় চাৰ মানে আচলখন এৰি থৈ আহিলোঁ… হয় চাৰ… মানে তলপেটটো হঠাতে বেয়া লাগি গ’ল।
চাৰেও অদ্ভুত চাৱনিৰে ৰাৰিছদাৰ ফালে কিছু সময় চাই থাকি সংলগ্ন বাথৰুমটোতে যাবলৈ নিৰ্দেশ দিলে। ৰাৰিছদায়ো সেমেনাসেমেনি কৰি বাথৰুমটোতে এনেয়ে কিছু সময় কটাই আকৌ ‘ভাইভা-ভ’চি’ দিবলৈ চাৰৰ সন্মুখত বহি পৰিল। কোৱা বাহুল্য সেইবাৰ তেওঁ এটাও উত্তৰ দিবলৈ সক্ষম হোৱা নাছিল।

‘এচ্চাইনমেন্ট’খনৰ কথালৈ আহোঁ। পৰজীৱী বিজ্ঞান বিভাগৰ ডঃ শইকীয়া চাৰে একোটা ‘গ্ৰুপ’ত দুজন দুজনকৈ দি ‘এচ্চাইনমেন্ট’ৰ কাম দিছে। সময় চাৰিদিন। মুঠ নম্বৰ ১৫। তাৰ লগত ৫ নম্বৰ যোগ হ’ব ‘ভাইভা’ৰ বাবে। ৰাৰিছদাৰ মাথা গৰম হৈ যায়। সকলোতে ‘ভাইভা’। আকৌ বোলে অহা বছৰৰ পৰা ‘চেমিনাৰো’ দিব লাগিব। পঢ়া-শুনা বাদ দি দেউতাকৰ কাপোৰৰ দোকানখনেই চোৱা-চিতা কৰি থকা ভাল!
যিয়েই নহওক ৰাৰিছদাৰো ভাগ্য ভাল আছিল শৈলেনৰ দৰে নিষ্ঠাবান আৰু চোকাবুদ্ধিৰ লগৰীয়া এজন পোৱাটো। শৈলেনে প্ৰথম দুদিন ‘লাইব্ৰেৰী’লৈ যাবলৈ লগ ধৰিছিল। কিয়নো ‘এচ্চাইনমেন্ট’খনৰ বাবে গ্ৰন্থাগাৰ অৰ্থাৎ ‘লাইব্ৰেৰী’লৈ আহিবই লাগিব। প্ৰসঙ্গ পুথিসমূহ তাতহে পোৱা যায়। নাই ৰাৰিছদাই পাত্তাই নিদিলে। ভাগ্য ভাল! ‘এচ্চাইনমেন্ট’খন চাৰক অৰ্পণ কৰিবলৈ আহোঁতে চকুত পৰিল। চাওঁ চাওঁ কৈ ৰাৰিছদাই দৌৰি আহিল। টান মাৰি ‘এচ্চাইনমেন্ট’খন হাতত লৈ চালে। মুখখন উজ্বলি উঠিল। ইমান ধুনীয়া গোট গোট আখৰ। ছবিবোৰো সুন্দৰ হৈছে। শৈলেনে নিশ্চয় এই তিনিদিন ৰাতি এপৰলৈকে কাম কৰিছে। কিন্তু… হঠাৎ ৰাৰিছদাৰ মুখখন ম্লান হৈ পৰিল। ‘এচ্চাইনমেন্ট’ৰ তলত অকল লিখা আছে “submitted by Sailen Sarma.” ক’ত ৰাৰিছদাৰ দেখোন নামেই নাই!
: অই শৈলেন মোৰ নাম নাই কিয়। ময়ো আছিলোঁ তোৰ লগতে।
: আপুনিতো মোৰ লগত একোৱে নকৰিলে। মই তিনিদিন ‘লাইব্ৰেৰী’লৈ গৈ গৈ কষ্ট কৰি লিখি উলিয়াইছোঁ। আপোনাৰ নাম কিয় দিম?
ৰাৰিছদাই বিপদৰ গোন্ধ পালে। নিৰ্ঘাত এইবাৰ ১৫ যোগ ৫ মুঠ ২০ নম্বৰ বিয়োগ হ’ব। কি কৰা যায়। হঠাৎ বুদ্ধি এটা খেলালে। শৈলেনক কলে-
: ঠিক আছে তেন্তে! তই এইখন চাৰক দি আহ। ময়ো পিছে পিছে গৈ চাৰক ক’বলগাখিনি কৈ আহিম।
: আপুনি কি ক’ব চাৰক?
: সেই যে ‘লাইব্ৰেৰী’লৈ অকল মইহে গৈছিলোঁ। তইতো এদিনো যোৱা নাছিলি। ময়ে কষ্ট কৰি কৰি লিখি উলিয়ালোঁ। মোৰ হাতৰ আখৰ বেয়া বাবে তই মাত্ৰ সেইখন ‘কপি’ কৰিহে উলিয়ালি। সেইখিনি কলেই চাৰে বুজিব। নহয় জানো?
: সেইবোৰ সব মিছা কথা। সকলোৱে জানে। আপুনি কিয় তেনেকৈ ক’ব? আপুনি কৰা বুলিতো একো প্ৰমাণ নাই।
: ‘লাইব্ৰেৰী’ৰ পঞ্জীয়ন বহীত এই তিনিদিন কাৰ নাম লিখা আছে? মোৰ নাম। চাই আহিবি মোৰ চহীটো। তোৰ চহীটো নাই। গতিকে ‘লাইব্ৰেৰী’ত কোন গৈছে চাৰে পঞ্জীয়ণ বহী নিৰীক্ষণ কৰিলেই জানি যাব যে মইহে এই তিনিদিন ‘লাইব্ৰেৰী’লৈ গৈ আছোঁ।
শৈলেনে ৰাৰিছদাৰ কথাত বান্ধ খাই গ’ল। সি জনা নাছিল ‘লাইব্ৰেৰী’ত যে পঞ্জীয়ণ বহীত চহী কৰা ব্যৱস্থা এটা আছে। হয়তো, সি এদিনো চহী কৰা নাই। সি মনে মনে থাকিল। বুজিলে ৰাতি ৰাতি টোপনি ক্ষতি কৰি অকলে অকলে কৰা ‘এচ্চাইনমেন্ট’খনৰ ভাগ ৰাৰিছদাকো দিব লাগিব। কাষতে থকা মেজখনলৈ গ’ল। ‘এচ্চাইনমেন্ট’খন মেলি লৈ “submitted by Sailen Sarma”ৰ পিছত লিখিলে “… & R K Rarish.”
শৈলেন শৰ্মাই জনাই নাছিল সেই তিনিদিন আবেলি আবেলি চাইকেলখন চলাই আহি আৰ. কে. ৰাৰিছে ‘লাইব্ৰেৰী’ত সোমাই পঞ্জীয়ণ বহীত চহী এটা মাৰি ওলাই আহে। আহোঁতে শৈলেনক কেৰাহিকৈ চায় আহে আৰু এটা সন্তুষ্টিৰ হাঁহি মাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক