ভাইৰাছ – পৰশমণি কাশ্যপ

আকাশত বৰঢোল বাজিছে
উদ্বাউল হৈ পৰিছো মই,
হাতবাউলি তোমাকো মাতিছো
তুমিও কাণ উনাই শুনিছা

মই পোৱা বেয়া গোন্ধটো তোমাকো শুঙিবলৈ দিছো
তুমিও শুঙি আগবঢ়াই দিছা আনলৈ৷

বতাহ বলিছে,
চপৰা-চপৰে খহিছে কলা মেঘবোৰ
ধৰিবলৈ দৌৰিছো মই

কোলাহল এটা ভাহি আহিছে
মই তোমাক মাতিছো
তুমি আৰু এজনক মাতিছা
আমি গোট খাইছো
সমানে ভগাই লৈছো৷

মোৰ হাঁহি উঠিছে
তুমিও হাঁহিছা
উল্লাসত একেলগে ফাটি পৰিছো
ক্ষোভত ভাঙি পৰিছো
এয়াই নিয়ম…

কিন্তু বেজাৰে যেতিয়া মোক হেঁচা মাৰি ধৰে,
মই কান্দো কোনেও গম নোপোৱাকৈ৷

মোৰ মনৰ খবৰ তুমি নোপোৱা
ময়ো নাৰাখো…
তোমাৰ খবৰ ৰাখিবলৈ মই
কিম্বা মোৰ খবৰ ৰাখিবলৈ
তুমি দায়বদ্ধ নহয়৷

মাতাল ৰাতিটো আহে,
বন্ধ কোঠাৰ ভিতৰত
আদিম বাসনাই সাৰপায়৷

এই যে মৈথুনৰ নিয়মবোৰৰ দৰে
নিষিদ্ধ বতাহো নিষিদ্ধ৷

ক্ৰমশ:
সংক্ৰমিত হৈ পৰিছো নজনাকৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments