ভাওঁনা (ৰাজীৱ ৰঞ্জন)


“হেৰি শুনিছেনে। চাওঁ এইফালে আহকচোন।” ৰহিমলাই গিৰীয়েক নঙলা মুখ পাওঁতেই চিঞৰ লগালে। “এইজনীৰ পৰা যে ৰক্ষা নাই দেই। পাছফালৰ পৰা নামাতিলে এই শান্তিনাপায়।” ভোৰভোৰাই গিৰিয়েক ৰামেশ্বৰ উভটি আহিল। “কি হ’লনো?”

ৰামেশ্বৰ আৰু ৰহিমলাৰ দুবছৰীয়া সংসাৰ। টকা পইচা নাই যদিও সংসাৰ ঠিকেই চলি আছে। টকানো আহিব ক’ৰপৰা? খেতিৰ মাটি যি খিনি আছিল যোৱাটো বছৰেই ব্ৰহ্মপুত্ৰই নিলে। এতিয়া তাৰ মাটিৰ ওপৰেদিয়েই নাঁৱত উঠি কৃষ্ণ গুৱালে গাখীৰ দিবলৈ আহে জাৰণি চাপৰিৰ পৰা। আৰু পঢ়া-শুনা বুলিবলৈ ৰামেশ্বৰে তৃতীয় শ্ৰেণীতেই ফলি কিতাপ সামৰিলে। তাৰ পাছৰ পৰাই খেতি বাতি, হাল, গৰু, নাঙল যুৱলিৰেই ৰামেশ্বৰ ব্যস্ত হৈ পৰিছিল। আৰু তাৰ মনোৰঞ্জনৰ আহিলা আছিল মাথোদুটা: গাঁৱৰ নামঘৰত পতা বছেৰেকীয়া ভাওঁনাখন আৰু পাঁচজনীয়া তাৰ নাগাৰা নামৰপাৰ্টীটো। তাৰ ভাওঁনাত মৰা চেও চাইয়েই কেইজনীয়ে তাক ইংগিত দিছিল লগৰ সকলোৱেই জানে। ইংগিত পালে কি হ’ব, তালৈ ছোৱালী দিবলৈ কোনোৱেই মনেই নকৰিলে। চাওঁতে চাওঁতে গাঁৱত তাক ইংগিত দিব পৰা বয়সৰ ছোৱালীৰ সংখ্যাটো কমি আহিল আৰু কমিল তাৰ লগৰে বৰলাৰ সংখ্যাও। বয়স দুকুৰি চোওঁ চোওঁ হওঁতেহে সি মন কৰিলে কথা বিষম। নাগাৰা পাৰ্টীৰ লীলাকান্ত, নৱহঁতৰ ল’ৰা-ছোৱালীও যে বাপেকহঁতৰ লগত অহা হৈছিল সেই কথাটো ৰামেশ্বৰৰ মূৰে কিয়নো ঢুকি নাপালে সেই কথা সি কেতিয়াও বুজি নাপালে। অথচ সিহঁতৰ ল’ৰা-ছোৱালীকেইটাই বাপেকহঁতক এৰি তাৰহে চাইকেলত উঠি নাগাৰা নাম গাবলৈ যায়। অৱশ্যে নাগাৰা নামেই তাক উদ্ধাৰো কৰিছিল। সেইটোৰ কাৰণেই নাগাৰাযোৰ সি কাহানিও নেৰে। আজিও অঞ্চলটোৰ প্ৰতিখন গাঁৱতে সিহঁতৰ নাম পাৰ্টীৰ নাম আছে।

ৰহিমলাক প্ৰথমে দেখিছিল লীলাকান্তই। তাৰ ঘৈণীয়েকৰ ভনীয়েকক বিয়া দিয়া গাঁৱৰ ছোৱালী। হাতে কামে ভাল। দেখাটো একেবাৰে পেলাই দিব লগীয়া নহয়। আমাৰ ৰামেশ্বৰো দেখাই শুনাই পাহুৱাল ডেকা। লীলাকান্তই সিহঁতৰ নাম-পাৰ্টীৰ বাকী তিনিওটাৰ লগত কথাটো আলোচনা কৰি ৰামেশ্বৰক ক’লে। “দেখাই শুনাই মিলিব। তই কাইলৈ ওলাবি। আমি গোটেই কেইটা যাম।”

যেনেকথা তেনে কাম।পাছদিনা পুৱাই পাঁচখন চাইকেলত উঠি নাম-পাৰ্টী গ’ল ছোৱালী চাবলৈ। ছোৱালীৰ বুঢ়া দেউতাকে কথা বতৰা পাতিলে। সুধিলে “ল’ৰাই কি কৰে?” আজিযাওঁ, কালি যাওঁ কৰি থকা মাটিখিনিত খেতি কৰোঁ বুলি ৰামেশ্বৰে ক’বলৈ নাপাওঁতেই নৱই ক’লে: “চিন্তা নকৰিব। ল’ৰাৰ স্বভাব চৰিত্ৰ ভাল। নিজৰ মাটিতখেতি কৰে। আৰু গাঁৱৰ নাগাৰা নাম-পাৰ্টীৰ প্ৰেচিডেণ্ট।” বুঢ়াই কিহৰ প্ৰেচিডেণ্ট বুজি সঁচাকৈ পালে নাই ৰামেশ্বৰে আজিলৈকে নাজানিলে। কিন্তু এসপ্তাহ পাছত লীলাকান্তক মতাই নি বুঢ়াই বিয়াৰ দিন বাৰ উলিয়াবলৈ ক’লে। সি বিশ্বাস কৰে যে সেইদিনা নৱৰ মুখত ফুটা প্ৰেচিডেণ্ট শব্দটোৰ জোৰতে কুৰি বছৰীয়া ৰহিমলা তাৰ ঘৈণীয়েক হৈ আহিল।

“এই ফুঁট গধুলিখননো কোনকোনাই আপুনি ক’লৈ যাবলৈ ওলাইছে??” ৰহিমলাই অলপ ডাঙৰকৈয়ে সুধিলে তাক। অৱশ্যে ক’লৈ যাবলৈ ওলাইছে সেইটো তাইয়ো ভালকৈ জানে। এদল পোৱালীয়ে ঠেলাগাড়ী এখনত বেটাৰী এটা লৈ মাইক এটা বান্ধি ‘এলাউন্স’ কৰি যাওঁতেই তাই গম পাইছিল সন্ধিয়াকৈ নামঘৰত ভাওঁনা মুকলি কৰিব আৰু ‘পাৰ্ট’ ভগাব। “কিয়? নামঘৰলৈ যাব নালাগে নেকি? আজি ভাওঁনা মুকলি কৰিব নহয়?” ৰামেশ্বৰে বঁটাটোৰ পৰা তামোল এখন মুখত ভৰাই চাধা পাত অকনমান চিঙি লৈ ক’লে। “যাওঁক, কিন্তু আপুনি কোনো পাৰ্ট নল’ব।ভাওঁনাৰ ড্ৰেছযোৰত দিব পৰাকৈ হাতত পইচাই নাই দেখোন”। অৱশ্যে তাইয়ো জানে সেইটো কেতিয়াও নহয়, ৰামেশ্বৰে ভাও নল’লে ভাওঁনাই নহয়। কিন্তু ৰজাৰ ড্ৰেছযোৰৰ ভাৰাবৰ বেছি। নাই কমেও ৬০০ টকা লয় দুদিনৰ ভাড়া। “আৰু ল’লেও সৰু ভাও এটা ল’ব।ডাঙৰ ভাও নল’ব কিন্তু কৈ দিছো”। ৰহিমলাই কথা শেষ কৰি পাকঘৰলৈ খোজ দিলে।

“হ’ব। তুমি চিন্তা কৰিব নালাগে। মই মেনেজ কৰিম ড্ৰেছ ভাৰাৰ টকা কেইটা।ৰাইজৰ কথানো কেনেকৈ পেলাওঁ কোৱাচোন। তাতে ইখন গাঁৱৰো দুজন ভাৱৰীয়া লৈছে।গাঁৱৰ সন্মানৰ কথা আছে”। ৰাতি ভাতৰ পাতত বহি ৰামেশ্বৰে ৰহিমলাক বুজালে।সকলোৱে হেঁচা মাৰি ধৰি ৰজাৰ ভাওটো তাকেই দিলে। সিয়ো না ক’ব নোৱাৰিলে। সেইটোভাও টান। নতুন ল’ৰাকেইটাই নোৱাৰিব। মুঠ তিনি সপ্তাহ আখৰা আৰু তাৰ পাছত বছেৰেকীয়া নামগোৱাৰ পাছ দিনাৰ পৰা দুদিনীয়াকৈ ভাওঁনা।

নাম গোৱাৰ আগৰ দিনাই ৰহিমলাৰ বায়েক আহি ওলালহি তিনিবছৰীয়া জীয়েকক লগতলৈ। গাঁৱৰ বেছিভাগৰ ঘৰতেই আলহী। ৰামেশ্বৰ, লীলাকান্ত, নৱহঁতে যথেষ্ট কষ্ট কৰিছে।ভাওঁনা ভাল হ’ব লাগে, এটাই কথা।

যথাসময়ত ভাওঁনাৰ সন্ধিয়া আহি পালেহি। নামঘৰ লোকাৰণ্য। চাৰিওকাষৰ গাঁৱৰ ৰাইজ বহিবলৈ নামঘৰৰ কাষত তামোলৰ খুটাৰে গেলেৰী বনোৱা হৈছে।

কৃষ্ণৰ প্ৰৱেশৰ পাছতে ‘ৰামেশ্বৰ ৰজা’ৰ প্ৰৱেশ। ড্ৰেছে মেকআপে একদম ৰজাযেনেই লাগিছে। নালাগিবনো কিয়, ৮০০ টকাত ভাৰা অনা নতুন ড্ৰেছ। মানুহৰ মাজত বহি ৰহিমলাই অকনমান ফুলি যোৱা অনুভৱ নকৰা নহয়। গোটেই ৰাতি আৰু পাছদিনাও ৰজাৰ ভাওত তাইৰ মানুহটো। সি কোৱামতে মেইন ভাও তাৰেই আৰু বচনো আটাইতকৈ সৰহ। বায়েকেও তাইক চিকুট এটা দিছে ইতিমধ্যে। এটা এটাকৈ ভাৱৰীয়াৰ প্ৰৱেশ কৰা শেষহ’ল। সূত্ৰই আৰম্ভ কৰিলে ভাওঁনাৰ আঁত ধৰাৰ। সূত্ৰধাৰীয়ে কিনো কয় তাই বুজি নাপায়। মাথো এটাই বুজি পালে যে কাৰোবাক নিৰ্বাসন দিছে ৰাজ্যৰ পৰা আৰু এতিয়া বনবাসৰ আৰম্ভণি দেখাব। আৰে ই কি, তাইৰ চাদৰ এখনকে ‘আঙচৰ’ নিচিনাকৈ পিন্ধিখালী গাৰে নামঘৰৰ মাটিত বাগৰি বাগৰি বিনাই বিনাই দেখোন ৰামেশ্বৰেই সোমাই আহিছে। “আৰে শুনিয়োক সভাসদ, মোহোৰ বচন……..” সেইয়েই যি আৰম্ভণি, গোটেই ৰাতিটো ৰামেশ্বৰ বনবাসতেই থাকিল। ৮০০ টকীয়া ভাড়াৰ ৰজাৰ ড্ৰেছযোৰ পিন্ধিলে মাথো প্ৰৱেশ কঁৰোতেই। ৰহিমলাৰ গালদুখন কিয় জানো গৰম হৈ অহাৰ নিচিনা লাগিল।মুখখন ৰঙাও পৰিছিল চাগৈ।ঘৰলৈ পুৱতি নিশা উভটি গৈ পায় তাই ভাবিলে বাহি চোতাল সাৰি মেলি কামখিনি শেষ কৰিহে শুব। ইফালে ভাওঁনা সামৰি ৰামেশ্বৰ অহালৈও বহু দেৰি। চোতালখন সাৰিবলৈ আৰম্ভ কৰোতেই তাইৰ খং টোও বাঢ়িবলৈ ধৰিলে। টকা৮০০ তাই কিমান কষ্ট কৰি গোটাইছিল। ৫০০ টকা তাইৰ হাতত আছিল, তাঁত বৈ গোটোৱা টকা।৩০০ টকা তাই ওচৰৰে নিৰ্মল দোকানীৰ পৰা ধাৰলৈ আনিছে। ভাবোতে ভাবোতে কিনোহ’ল তাই গমকে নাপালে। দূৰৈৰ পৰাই ৰামেশ্বৰক দেখি হাতৰ বাঢ়নীডাল তাই গম নোপোৱাকৈ ডাং খাই গ’ল।

“মই কোৱা নাছিলোনে, ৰজাৰ ভাও নল’বলৈ? মোৰকথা কেতিয়াবা শুনি পাইছেনে? মোৰ চাদৰখনেই যদি পিন্ধিব আছিলে ৮০০ টকা দিৰজাৰ ড্ৰেছনো কিয় ভাড়াত আনিছিলে? এবাৰ যি মাটিত বাগৰি কান্দিব আৰম্ভ কৰিলে, গোটেই ৰাতিটো খালী বিনাইয়ে থাকিল। কিহৰ নো ৰজা সেইদাল!!………..”

আচল ভাওঁনাখন এইবাৰহে আৰম্ভ হ’ল। ৰহিমলাৰ এইটো ‘পাৰ্ট’ ৰামেশ্বৰে কেতিয়াও দেখাই নাছিল। ইফালে আজি ৰাতিটোও সি বনবাসতে থাকিব লাগিব। ভাওঁনা ভগাৰ আধাঘণ্টামান আগতেহে সি ৰাজপাট ঘূৰাই পাব। আজি তাৰ ভাওৰ কথা সকলোৱেই কৈছে ভাল হৈছে বুলি। হাতত থকা ড্ৰেছৰ মোনাটোলৈ এবাৰ আৰু খঙত ৰঙা হৈ পৰা মুখেৰে তেতিয়াও বকি থকা ৰহিমলাৰ হাতৰ বাঢ়নীডাললৈ এবাৰ চাই ৰামেশ্বৰে কি বুলি ক’ব ভাবি নাপালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক