ভাওনাত প্ৰথম অভিনয়ৰ সেই চিকুট আৰু থেকেচনি: কৌশিক বৰা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

ভাওনাত প্ৰথম অভিনয়ৰ সেই চিকুট আৰু থেকেচনি

কৌশিক বৰা

তেতিয়া খুব বেছি মোৰ বয়স ছয়৷ ঘৰখনত ভাওনাৰ পৰিৱেশ থকা সত্বেও কিয় নাজানো, মনত ভাওনালৈ যথেষ্ট ভয় পুহিয়েই ডাঙৰ হৈছিলোঁ। তেতিয়া ঘৰৰ প্ৰায় ওচৰতে থকা শংকৰ-মাধৱৰ মিলনস্থান ৰূপে বিখ্যাত ধুৱাহাট বেলগুৰি সত্ৰত প্ৰায়েই ভাওনা অনুষ্ঠিত হৈ থাকে। মোৰ নিজৰ স্পষ্টকৈ মনত নাই যদিও মায়ে কোৱা শুনোঁ, ভাওনাবোৰত কোনোবাই অলপ তৰ্জন-গৰ্জন কৰি সংলাপ মাতিলেই মই চিঞঁৰি চিঞঁৰি কান্দিছিলো হেনো। তৎসত্বেও মা-হঁতে মোক ভাওনালৈ লৈ গৈছিল।

এবাৰ আমাৰ মাকোৱাৰী গাঁও আৰু ওচৰৰ কেইখনমান গাঁওৰ গোটচেৰেক ভাৱৰীয়া লগ হৈ ফুলনি থান-ত ‘অজামিল উপাখ্যান’ ভাওনাখন কৰাৰ মন মেলিলে। তেনেধৰণৰ আলোচনাবোৰ প্ৰায়েই দুই-চাৰিজনে মিলি আমাৰ ঘৰতে কৰে বাবে মই মনে মনে শুনি থাকোঁ। তেনেতে ওচৰৰ খুড়া এজনে মোক আলোচনাৰ কোঠালৈ মাতি আনিলে। মইও নিৰ্ভয়ে গ’লো। কিন্তু খন্তেক সময়ৰ পাছতে মোৰ অৱস্থা তথৈবচ হৈ পৰিল, যেতিয়া ভাওনা বুলিলেই পেটতে হাত ভৰি লুকোৱা মোক সেই ভাওনাখনত এটি ব্ৰাহ্মণৰ পুতেকৰ ভাও দিবলৈ জোৰ কৰিলে। মই সৰু হৈ থকা বাবে অভিনয়ৰ সেই প্ৰস্তাৱ মোৰ বাবে হৈ পৰিছিল এক প্ৰকাৰৰ আদেশস্বৰূপ আৰু সেইয়ে মই ভয়ত পেপুৱা লাগিছিলোঁ। অৱশেষত মোৰ সকলো ভয়-লাজ জলাঞ্জলী দি নিৰ্দিষ্ট দিনা ভাও দিম বুলি সাজু হ’লো। ভাওনাখনৰ সেই দৃশ্যাংশটি আছিল এনেধৰনৰ- এজন ব্ৰাহ্মণ তেওঁৰ পুতেক আৰু আন এজন ব্ৰাহ্মণৰ সৈতে পথেদি গৈ থাকে আৰু যাত্ৰাপথতে অজামিল নামৰ এজন দস্যুৱে ব্ৰাহ্মণৰ পুতেকক উঠাই লৈ যায়। মোৰ যিমান দূৰলৈকে মনত আছে, মোৰ মাত্ৰ এফাঁকি বচন আছিল। মই বচনফাকি কোৱাৰ মূৰ্হুততে ব্ৰাহ্মণ লোৱা ভাৱৰীয়াজনে মোক লাহেকৈ চিকুটি দিয়াৰ কথা। সেই মতে নিৰ্দিষ্ট সময়ত মই বচনফাকি কোৱাৰ মূৰ্হুততে মোৰ গাত এনে এটি চিকুট পৰিল যে মোৰ মুখেদি কি ওলাল, ঠিকনা নাই। ইফালে তাৰ ঠিক পিছ মূৰ্হুততে অজামিলে মোক বোকোচাত দাঙি ভাওনা গৃহৰ বাহিৰলৈ লৈ যাব লাগে। সেইমতে অজামিলে মোক দাঙি লৈ গৈ আছে। কিন্তু অজামিল লোৱা দাদাজনে লৰালৰিতে নে কিবা খঙতে নাজানো, মোক বোকোছাৰ পৰা নমাই পূৰ্ণশক্তিৰে মাটিত নমাই থ’লে। আগমূৰ্হুতৰ চিকুট-টোৰ বিষ মাৰ যোৱাই নাই, এক মিনিট নহওতেই আকৌ সেই থেকেচনিটোৱে মোক ত্ৰিভূবন দেখুৱাই দিলে।

সময়ৰ গতিত অভিনয়ৰ বিভিন্ন ঘটনাবোৰ পাহৰি যোৱা হয়। তাৰ মাজতে আমাৰ মনত থাকি যায় সেই প্ৰথম অভিজ্ঞতাৰ ৰূপালী ৰংবোৰৰ কথা। কিন্তু মোৰ জীৱনৰ সেই চিকুট আৰু থেকেচনি দুটিয়ে ৰূপালী ৰংবোৰ সদায়ে সোণোৱালী কৰি ৰাখিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments