ভাওনা আৰু তাৰ পাৰ্শ্বক্ৰিয়া ( ভাস্কৰজ্যোতিবৰুৱা )

…………………………………………

টেলিভিচনৰ পৰ্দাত বায়নৰ মুখত যোৰহটীয়া ভীমৰ গদাৰ প্ৰহাৰ দেখি মনত পৰিল, অহ্ এয়াইতো ভাওনাৰো সময়! এনে দিনবোৰতেইতো নামঘৰে নামঘৰে নাট মেলে৷ গধূলিৰ শেষত নিজান চুবুৰীবোৰলৈ ভাহি আহে আখৰাৰ খোলৰ শব্দ…..

চিন্তাৰ উৎপত্তিকেন্দ্ৰ আৰু গতি দেখি আপোনাৰ খ্ং উঠাটো স্বাভাবিক৷ মুখ মণ্ডলত আঠটা চিলাই পৰা বায়নক দেখিও এওঁ বপুৰাই বাৰু সেই ঘটনাক টানি ইমান তৰল আৰম্ভণি এটা কৰিব লাগেনে? কিন্তু কি কৰিম কওক, এই তৰলমতিক কি ঘটনাই কি মনত পেলাই দিয়ে একো ঠিক নাই৷ পিচৰ বাক্যকেইটাৰে সমতা আনিবলৈ চেষ্টা কৰিছিলো, কিন্তু সামগ্ৰিকভাবে খাপচৰা হ’ব বুলি নিশ্চিত হৈ আধাতে এৰি দিলো৷ কাৰণ মূৰৰ পৰা ককাললৈকে শূন্য ডিগ্ৰী আৰু তাৰ তলৰখিনি ৫০ ডিগ্ৰী চেলছিয়াচত ৰাখি গড় হিচাপত উষ্ণতা ২৫ ডিগ্ৰী কৰিলেও সেয়া আৰামদায়ক বুলিব নোৱৰি৷

মাৰো খং উঠিছিল মোৰ কিছুমান প্ৰশ্নত৷ ধৰক, ভাওনা বিষয়ক কথা ওলাইছে৷ ডাঙৰসকলে পাতি আছে কোনে কি পাৰ্ট লব ধৰণৰ কথাবোৰ৷ কৃষ্ণ কোন হ’ব? যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুন কোন কোন হ’ব? যোৱাবাৰ কোন কি হৈছিল? কাক কিমান ভাল লাগিছিল, ইত্যাদি ইত্যাদি৷ ডাঙৰৰ আলোচনাৰ মাজতে মই পেতকৈ মাত লগাইছিলো-
:এইবাৰ দূত কোন হ’ব?
: তয়ো যে আৰু! ! ! ইমান পাতল কিয় অ’ তই? পিঠিত ঢকা এটা মাৰি মায়ে কয়৷
পাতল? মই জানিবলৈহে সুধিছো কিবা! কিমান ভাল লাগে! ! ইমান গহীন বীৰ মহাৰাজ বিলাকৰ সন্মুখতো নিৰ্ভয়ে লাখুটি এডাল লৈ “ধিনচিকি ধিনচিকি কে” নাচি নাচি দূত আহে আৰু ধেমেলীয়াকৈ কথাবোৰ কয়! মই বৰ জমনি পাওঁ৷ ৰজাৰোতো খং নুঠে৷

ৰাতি পুৱাই দিওঁ ভাওনা চাই৷ কেতিয়াব অৱশ্যে মাৰ কোলাত মূৰ থৈ এঘুমটি মাৰি নোলোৱা নহয়৷ মাজে মাজে দহ পইচা, চাৰি অনাৰ বুট ভজা খাই লওঁ৷ পুৱতি নিশা শেৱালিৰ তলেৰে ঘৰলৈ উভতো৷ পাচদিনা দেৰিলৈকে শুই থাকো৷ সাৰ পাই নিজে একোজন মহাবীৰলৈ সলনি হওঁ৷ আগৰাতি লেপেটা কাঢ়ি বহি থকাৰ কাৰণে ভৰি দুখন কুটকুটাই থাকে৷ তথাপি আবেলি খেলিবলৈ সমনীয়াবোৰ লগ হওঁ৷

আমি ভাওনা-ভাওনা খেলো৷ ভায়ে আমাৰ লগৰ সকলোতকৈ “ভালকে” ভাওনাৰ চেও দিব জানে৷ সি আখৰাও চাই যে, সেই কাৰণে৷ আমি ভুল কৰিলে সি শিকাই দিয়ে৷ অন্যতম অস্ত্ৰ হিচাপে তৰোৱালো থাকে আমাৰ কঁকালত, মানে শুকান জেওৰা এটুকুৰা৷ পেণ্টৰ বেল্ট ভৰোৱা জেগাত ভৰাই লওঁ৷ যুদ্ধৰ সময়ত “ফাৰোককেনে” উলিয়াই লওঁ৷

এবাৰ ভায়ে চকুৰ পচাৰতে তৰোৱাল উলিয়াবলৈ যাওঁতে গাঁঠি মাৰি থোৱা পেণ্ট খহি ভূমি স্পৰ্শ কৰিছিলগৈ৷ আমাৰ হাঁহি নুঠে৷ প্ৰথম দেখিছোনে কিবা? এহ্ এইডাল বুলি সাউতকৈ পেণ্টটো তুলি “টাইটচে” গাঁঠিটো আকৌ মাৰি আমাক নিৰ্দেশ দিয়ে-

: অই তঁহতে মোৰ পিছে পিছে লাইন ধৰি আহি থাক, আমি প্ৰবেশ কৰিম৷ এই বুলি সি মুখেৰে খোল আৰু তালৰ মিশ্ৰত শব্দ উলিয়াই ৰাজকীয় ভংগীত আগ বাঢ়ে- “ ধিনচিকি নিকজিন জিন, থেই থেই ধিনচিকি নিকজিন জিন………………………..”৷ আমি তাৰ পিচে পিচে শাৰী পাতি চেও দি আগবাঢ়ো৷ দীপৰ ভায়েক বাবা তেনেই সৰু৷ সি চেও মিলাব নোৱাৰে, এনেই টিলিক টিলিক জপিয়াই আটাইতকৈ পাচত সি গৈ থাকে৷

ভাৰা ঘৰটোলৈ নতুনকৈ আহিছো৷ আগৰটোত বিজুলী সংযোগ নাছিল বাবে ওচৰৰে এই ঘৰটোলৈ আমি আহিলো৷ মোৰ পঢ়া টেবুলখন একেবাৰে ৱালত লাগি আছে৷ তাৰ পাচতে শাৰীকৈ বিছনাখন৷ বিছনা আৰু টেবুলখনৰ মাজতে মোৰ চকীখন কোনোমতে সোমায়৷ অস্থায়ীভাবে পঢ়া লাইটটো বিছনাৰ আঠুৱা ষ্টেণ্ডতে দীঘল তাঁৰ এদালেৰে আনি ওলমাই দিছে দেউতাই৷ অফিচৰ পৰা আহি দেউতা বিছনাতে জিৰাই আছে৷ মই পঢ়া টেবুলত৷ কিন্তু হ’লে কি হ’ব, মন ভাওনা ভাওনা৷ হঠাৎ মোৰ স্কেলপাত সলনি হ’ল এখন তীক্ষ্ণ তৰোৱাললৈ৷ মোৰ দেহ মন উজ্জীৱিত হৈ উঠিল এজন বীৰ যুদ্ধাৰ দৰে৷ তথাপি মই সচেতন যে দেউতা শুই আছে৷ কিন্তু তেওঁৰ নাকৰ ঘৰঘৰণিয়ে মোক “গ্ৰীন চিগনেল” দি আছে যুদ্ধক্ষেত্ৰত প্ৰবেশ কৰিবলৈ৷ মুখৰ ভিতৰতে যিমান পাৰি সৰুকৈ খোল-তাল বজাই মই তৰোৱাল সঞ্চালনাত লাগিলো৷ ৱালৰ পৰা ওলাই অহা শত্ৰুওতো কম শক্তিশালী নহয়, সমানে সমানে যুজিছে৷ সৰ্বশক্তিৰে জপিয়াই পৰাৰ স্বাৰ্থত তৰোৱালখন মূৰৰ ওপৰতে এপাক ঘূৰাই যুজিবলৈ যাওঁতে হঠাৎ কোঠাটো আন্ধাৰে আগুৰি ধৰাতহে ঘূৰি আহিলো দিঠকলৈ৷
: কি হ’ল, কি হ’ল, বাবা তই ঠিকে আছনে? দেউতাই খকমকাই সাৰ পাই সুধিছে৷
তৰোৱালখন মানে স্কেলপাত লাহেকৈ টেবুলত থৈ মই মাত লগালো – “ওঁ”৷ কি হ’ল অ’ বুলি মা পাকঘৰৰ পৰা উধাতু খাই আহিল৷
: নাইহে, বাল্বটো ব্ৰাষ্ট হ’ল৷ মোৰ মুখতো আইনাৰ চিটিকনি অলপ পৰিলে৷ ই ঠিকেই আছে৷ দেউতাৰ উত্তৰ৷
কৃষ্ণ! ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments