ভাওনা – মনোজ কুমাৰ মহন্ত

স্নেপশ্ব

মৰিয়া গাঁৱৰ ভাওনা আছিল সেইখন৷ নামটো মনত নাই৷ এটা সময়ত প্ৰতি বছৰে মৰিয়া গাঁওখনত অংকীয়া ভাষাৰ ভাওনা এখন অনুষ্ঠিত কৰা নিয়ম আছিল৷ ভাওনা স্থলীত ৰাইজৰ বিপুল উপস্থিতিত পূৰাদমে ভাওনা চলি আছে৷ ভাৱৰীয়াতকৈ যেন ভাৱৰীয়াৰ অঙহী-বঙহীৰ উৎসাহ বেছি৷ ভাৱৰীয়াৰ আশে-পাশে দৰ্শকৰ ৰূপত পৰিয়ালৰ লোকৰ ভীৰ৷ ভাওনাত ৰাম-ৰাৱনৰ যুদ্ধৰ সময়ত দেখা গ’ল ৰাম নিৰুদ্দেশ৷ গ্ৰীণৰুমতো দেখা-সাক্ষাৎ নাই৷ বায়নে খোলত চেওঁ দি ৰাম অহালৈ বাট চাই আছে৷ ৰামৰ প্ৰৱেশ নহয় হে নহয় ! দৰ্শকৰ সন্মুখত ৰৈ গায়ন-বায়নৰ মতি গতি লক্ষ্য কৰি থকা ভাৱৰীয়া ৰামৰ বাপেকে ঘটনাৰ তট ধৰিব পাৰি তৎক্ষণাত ৰামক বিচাৰি ওলাল৷ বিচাৰি পালেগৈ ওচৰৰে এঘৰত পাতি লোৱা সুৰাপান শালাত৷ ভাওৰ বিৰতিত আন ভাৱৰীয়াৰ দৰে ৰামেও লোকেল মদিৰা পান কৰিবলৈ আহি ঢলি পৰি ৰৈছিল৷ তাৰ পৰাই বাপেকে একে আঁজোৰে পুতেকক ভাওনা স্থলীলৈ আনি ৰাৱনৰ আগত থিয় কৰালেহি৷ কিন্তু লোকেল সুৰাৰ ৰাগীৰ প্ৰভাৱত বেহুচ প্ৰায় ভাৱৰীয়া শ্ৰীৰামচন্দ্ৰ প্ৰভু৷ পাহৰি পেলালে নিজৰ অৱস্থিতি তথা ভাওনা আৰু বচনৰ কথা৷ হঠাৎ সন্মুখত মুখা পিন্ধা দহমুৰীয়া ৰাৱনক দেখা পায় চুৰ্তি হেৰাল বপুৰাৰ৷ ভেবাচেকা খাই স্থান কাল পাহৰি ওচৰতে থিয় হৈ থকা স্বয়ং দেউতাকক উদ্দেশ্যি চিঞৰত গগণ ফালিলে৷ -“পিতাই পিতাই দেখহ! লংকাৰ ৰাক্ষস ৰা-ৱনে সে-দি সে-দি, মোক সা-বলৈ আহিছে৷ মোক সা-বলৈ আহিছে ঐ” আৰু ভিৰাই লৰ দিব উদ্যত হ’ল৷ ঘটনাৰ আকস্মিকতাত অধিক কিংকৰ্তব্য বিমোৰত পৰিল ৰামৰ দেউতাক৷ মহাবীৰ ৰামৰ বাপেক হোৱাৰ গৌৰৱ মাটিত এই মিহলি হওঁ হওঁ৷ উপায় নাপাই দেউতাকে পুতেকক ভৰসা দিয়াৰ চেষ্টাৰে সমানে চিঞৰিলে৷ “আহে পুতাই, ই না-সাই না-সাই৷ ইটো এটা বাঁহৰ কা-ঠি মুসা হে … …বাঁহৰ কা-ঠি মুসা হে৷” (সেইখন গাঁৱত খ ৰ উচ্চাৰণ স বুলিহে কৰে৷ আৰু ’-’ চিহ্নৰে তাৰ আগৰ বৰ্ণৰ উচ্চাৰণ কিছু দিঘলকৈ হোৱা বুজাব বিচৰা হৈছে৷) নকলেওঁ হ’ব যে ভাওনাত আহি পৰা নতুন ক্লাইমেক্সে দৰ্শকক ভাল ৰস দিলে৷

স্নেপশ্বট-২

সাধাৰণতে ভাওনাত চৰিত্ৰসমূহে প্ৰথমতে এবাৰ ভুমুকি মাৰি চৰিত্ৰ অনুযায়ী নৃত্য আৰু গীত কৰি প্ৰস্থান কৰে৷ প্ৰস্থান কৰাৰ সময়ত ভাৱৰীয়াই ভাওনা স্থানৰ পূবফালে স্থাপন কৰা থাপনাত সেৱা কৰি পিছুৱাই আহে৷ এয়া নিয়ম৷ সেই সময়ত বায়নে খোলত গিৰগিৰনি দি ভাৱৰীয়াৰ প্ৰস্থানৰ লয় তুলি দিয়ে৷ অন্যকথাত খোলৰ গিৰগিৰনি গায়ন-বায়নৰ ভাৱৰীয়াৰ প্ৰতি প্ৰস্থানৰ এক ইংগিত৷ ভাওত ভুল কৰা সকলৰ বাবে এক সকাহো বুলিব পাৰি৷ আমাৰ গায়ন-বায়নৰ সাংকেতিক ভাষাত ইয়াক শি-শিয়নি মৰা বোলে! ভীমৰ ভাওত আছিল গাঁৱৰ উৎসাহী পাহুৱাল এক যুৱক৷ গায়ে-গাঁৰিয়ে ভীম হেন চেহেৰাৰ যুৱকৰ ৰমক জমক সাজৰে বায়নৰ খোলৰ চাপৰত ভাওনাত যেতিয়া প্ৰৱেশ ঘটিল, ৰাইজে হাত চাপৰিৰে আদৰণি জনালে৷ জাউৰি জাউৰি হাত চাপৰিৰ শব্দত ভীমৰ গাঁ উঠিল৷ দেখি গাঁ উঠিল বায়নৰো৷ ৰাইজৰ সঁহাৰিত শিহৰিত বায়নৰ উত্তাল খোলৰ চেওঁত উদ্দাম নৃত্য চলিল অত্যুৎসাহী ভীমৰ৷ বায়নৰ খোলৰ চাপৰত তেতিয়া ৰভা কপিছে৷ ভীমৰ ভাওত সকলো মচগুল হৈ থকাৰ সময়তে আমাৰ গায়নৰ হঠাৎ চকু গ’ল থাপনালৈ৷ ভীমে ইতিমধ্যে থাপনাৰ লক্ষণ ৰেখা পাৰ হৈ তীব্ৰ চন্দৰে ভাও দিয়াত মগ্ন৷ ইফালে নাচৰ তাণ্ডৱত টিলিকত থাপনা উফৰি পৰোঁ পৰোঁ! অৱস্থা দেখি চুলিৰ আগে জীউ যোৱা গায়নে একে কোবে বায়নৰ কাণত মুখ থৈ চিঞৰ ধৰিলে -“বোলো বায়ন সৰ্বনাশ! শীঘ্ৰে শি-শিয়নি মাৰা, শি-শিয়নি মাৰা৷ থোলোকে থেপেনা গু কৰিব এতিয়া৷” গায়নৰ চিঞৰত যেনিবা বায়নৰ গাত হুচ অহাত কেনেবাকৈ থাপনা ৰক্ষা পৰিছিল|  (বহুবছৰৰ আগতে শুনা কাহিনী)৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments