ভাওৰীয়াৰ লটি-ঘটি (নিতুল বৰা)

ভাওৰীয়াৰ লটি-ঘটি


নিতুল বৰা

কেইবছৰ মানৰ আগৰ কথা, নামঘৰৰ প্ৰতিষ্ঠা দিবসৰ দিন চমু চাপি আহিল, ৰাইজে প্ৰতিষ্ঠা দিৱস ভালদৰেই পাতিবলৈ আয়োজন কৰিলে, লগতে এখন ভাওনাও কৰিব ৰাতিলৈ, কথা মতেই কাম আগবাঢ়িল, প্ৰায় ১৫ দিনৰ আগৰ পৰাই নাট বিচাৰি আনি আখৰাৰ বাবে ভাওবোৰ ভগাই দিলে, সেইদিনা নাটকৰ মিটিংত অমুকাও উপস্থিত আছো। নাটখনৰ নাম পাহৰিছো। এফালৰ পৰা ভাওঁ দি গল সকলোকে, সূত্ৰধাৰী দিলে প্ৰফুল্লক, দেৱতাৰ ৰজাৰ ভাও দিলে সৰুলৰাক, মন্ত্ৰীৰ ভাও দিলে গাঠিয়াক, অসুৰৰ ৰজা হল পিতৌক আৰু সেনাপতি ভাও শেষত পৰিলগৈ কণপাইৰ ভাগত, কণপাই পেছাত এজন কাৰিকৰ আৰু কথা কওঁতে কথাবোৰ লাগি ধৰে মানে খোনা আৰু অলপ অকৰাও সি। তেনেকৈ ৰজা সৰুলৰাও কম অকৰা নাছিল, এদিন দুদিনকৈ আখৰা আৰম্ভ হৈছে, কণপাইৰ কথাবোৰ শুনিবলৈ ভাল লাগে বাবেই সেইকেইদিনা আখৰাত ৰাইজৰ ভিৰ বেছি, তাৰ বচন পৰিলেই ৰাইজৰ পেটৰ নাড়ি ডাল ডাল।

ভাওনালৈ মাজত মাথো এটা দিন আছে, তেনেতে কনপাইৰ কি হ’ল নাজানো….কথা নাই, বতৰা নাই সেইদিনা সন্ধিয়াতে নামঘৰত আহি উপস্থিত, উপস্থিত মানে আগতিয়াকৈ অহা দুজনমান ভাওৰীয়াৰ আগতেই নামঘৰৰ মজিয়াত আঠুলৈ আছে, তেওঁলোকে সুধিলে বোলে -কনপাই তোৰ কি হল? আঠুলৈ আছ যে—সি বোলে আছে, কথা আছে কিন্তু এতিয়াই নকওঁ সকলো ৰাইজ আহিলেহে কম। কিছু সময়ৰ পাছত এজন দুজনকৈ সকলো আহি পালেহি, ৰাজেই সেইদিনা ফাইনেল আখৰা কৰাৰ আগতেই কনপায়ে আঠু লৈ থকা দেখি সুধিলে। হেৰৌ তোৰ কি হল আক? আঠুলৈ আছ যে..? সি বোলে—ৰা…ৰা..ৰাইজ মো….মো….মোক খ….খ…খমা কৰক, ম..ম..মই ভাও কৰিব নকৰো। ৰাইজে বোলে কিয়, কিয় নোৱাৰ, পৰহিলৈ ভাওনা আৰু আজি কৈছ ভাও কৰিব নোৱাৰো…??? তেতিয়া সি লগে লগে কোনো কথাই নাই আৰু চিধাই অপৰাধ বিনাষন আৰম্ভ কৰি দিলে, ৰাইজৰ চকু কপালত উঠিল, সকলোৱে বিষ্ময়েৰে চাই ৰল তালৈ, একো কবও নোৱাৰা হল। ঘোষা শেষ হলত, আকৌ ৰাইজে তাক সুধিলে- ক এতিয়া কিয় ভাও কৰিব নোৱাৰ তই.? ৰা…..ই….চ মো…মো…মো মানে ভাওনাৰ পিছদিনা ৰ…ৰ…স…স….গো….ল্লা বনাব লগিয়া আছে বি…বি….বিয়া এখনত। সকলোৱে ধেকধেকাই হাঁহি দিলে, সি বেচেৰা লাজতে ৰঙাচিঙা পৰি গল। ৰাইজে তেতিয়া তাক বুজাই দিলে যে তোৰ ভাওটো সেইদিনা ৰাতি ১ মান বজাতেই শেষ হৱ, তই তাৰ পাছত গৈ শুৱগৈ পাৰিবি, তোৰ কাম ক্ষতি নহয় দে। তেতিয়াহে মান্তি হল সি।

ভাওনাৰ দিনা, অঞ্চলৰ সমূহ ৰাইজে গিজগিজাই আছে নামঘৰৰ বাহিৰে ভিতৰে। গায়ন-বায়ন হৈ গল, সূত্ৰ ওলাবলৈ সাজু, তেনেতে আৰ কাপোৰেৰে সূত্ৰই আহি সেৱা এটা জনালে, প্ৰেবশ কৰিলে, কিছু সময় খোলৰ চেঁৱে চেঁৱে নাচাৰ পাছত- এবাৰ সূত্ৰই চাপৰি পেলাই নাচিবলৈ ধৰোতেই অসাৱধান বশত তাৰ ঘুৰণীয়া চেধাটেমাটো খোচনিৰ পৰা হঠাতে গম নোপোৱাকৈয়ে ওলাই পৰি আৰু নামঘৰৰ ওখোৰা-মোখোৰা মজিয়াত কিছুদুৰ চলি গল, তাকে দেখি ৰাইজৰ মাজত হাঁহিৰ খলকনি উঠিল, সূত্ৰ ৰূপী প্ৰফুল্ল ৰঙাচিঙা পৰি গল, সি হঠাতে বুদ্ধি খেলাই নাচাৰ চেঁৱে চেঁৱে চেধাটেমাটোৰ ওচৰ চাপি গল আৰু নাচৰ ভাজতে সেইটো তুলিবলৈ চেষ্টা কৰোতেই চেধাটেমাটোত হাত লাগি আকৌ আৰু বেছিকৈ দুৰলৈহে চলি গলগৈ, সি এইবাৰ অপ্ৰস্তুত হৈ পৰিল, কি কৰিব এতিয়া, তেনেতে দুৰৰ পৰা কাণ্ডটো দেখি এজনে সেইটো দৌৰমাৰি মজিয়াৰ পৰা থাপ মাৰি চেধাটেমাটো অতৰাই লৈ গ’লতহে ৰক্ষা প্ৰফুল্লৰ।ভাওনা চলি আছে তেনেকৈয়ে, দৰ্শকো যথেষ্ট আছে তেনেতে সূত্ৰই ঘোষনা কৰিলে—অ’ ঐচন প্ৰকাৰে অসুৰৰ ৰাজা জংঘাসুৰৰ প্ৰবেশ দেখহ। জংঘাসুৰৰ প্ৰবেশ হল। কিছু সময়ৰ পাছত অসুৰৰ ৰজাই দেৱতা সকলৰ ৰাজ্যত আক্ৰমন কৰিবলৈ উদ্যত হল, সেয়ে দেৱতাৰ ৰজাইও সেনাপতিক যুদ্ধলৈ যাবলৈ আদেশ দিলে, দেৱতাৰ সেনাপতি কনপাইৰ সেইদিনা আক পেট ভাল নহয়, সন্ধিয়াৰ পৰা কেইবাবাৰো বাহিৰলৈ অহা-যোৱা কৰি আছে, দুই ৰজাৰ আদেশ মতেই অসুৰৰ সেনাপতি আৰু দেৱতাৰ সেনাপতিৰ মাজত তয়াময়া ৰণ লাগিল, তেনেতে দেৱতাৰ সেনাপতি কনপাইৰ আকৌ বাহিৰলৈ যাব লগা হল, কিন্তু যুদ্ধ শেষ নহয়হে নহয়, তাৰ পেটে খামোচ মাৰি ধৰিছে। যদ্ধুৰ চেঁৱে চেঁৱে অসুৰৰ সেনাপতিক সি আকাৰে ইঙ্গিতে বুজাবলৈ চেষ্টা কৰিলে, নাই সি একো বুজিবলৈ চেষ্টাই কৰা নাই।ইফালে বায়নেও খোলৰ চেঁওৰ গতি বঢ়াইহে আছে, তাৰ কানিয়ে-কাপোৰে যোৱাৰ অৱস্থা হল, কি কৰিব এতিয়া, ইফালে চাৰিও ফালে ৰাইজে সিহঁতৰ যুদ্ধ চায়েই আছে, চেহ মহা সমস্যাত পৰিল সি, তেনেতে তাৰ মনত এটা বুদ্ধি খেলালে, সি তত্ক্ষনাত্ ভাওনাৰ বচনৰ সুৰতেই অসুৰৰ সেনাপতিক কবলৈ ধৰিলে, অ অ অ অ ঐৰে অ….সু….ৰ…ৰ সেনাপতি তুহু ক্ষন্তেক অপেক্ষা ক….ক…ৰ…ৰ…হ, হমো এতিক্ষনে বাহিৰলৈ গৈয়া তুৰন্তে আইবো, এইবুলি কৈয়েই সি ভিলাই দিলে লৰ,………….একে কোৱে ভাৱৰীয়াৰ পোচাকৰ সৈতে গৈ ওচৰৰ মানুহ এঘৰত পোচাক সোলকাই থৈ কামফেৰা কৰি পেলালে….সৰু লৰা এটাক পঠিয়াই সেইঘৰৰ মানুহ মাতি আনি গা-পা ধুই আকৌ পোচাক পিন্ধি নামঘৰ পাই মানে দেখে যে তাৰেই বচন আন এটাই মাতি আছে………..তাৰ খঙ উঠি গল, ইমান কষ্টকৈ সি কাম ক্ষতি কৰি কৰি বচন মুখস্থ কৰিছে এতিয়া তাৰ বচন আনে মাতি শেষ কৰিব, নহৱ, এইটো কেতিয়াও হৱলৈ দিব নোৱাৰি, সি একো নাভাবি অকনো পলম নকৰি নামঘৰত সোমায়েই কৈ উঠিল সূত্ৰক উদ্দেশ্যি—সে…সে.. সেইয়া সি সি সি মো…মো….মোৰ বচন চব মাতি পেলালে, মই এতিয়া কি মাতিম বুলি উচুপি কান্দিবলৈ লাগিল, কাণ্ড দেখি ৰাইজ হতভম্ব, সূত্ৰ আৰু পৰিচালক সকলে তাক আতহিবলৈ নিদ্দেৰ্শ দিলে, সিও আকোৰগোজ….নাযায়হে নাযায়—উপায়ন্তৰহৈ দুটামানে তাক ডাং-কোলাকৈ সেউজ কক্ষপোৱালেগৈ….ৰাইজৰ মাজত আকৌ হাঁহিৰ ৰোল উঠিল, সিহঁতে নি তাক বুজালে যে তই তত্ক্ষনাত্ নাইকিয়া হৈ যোৱা বাবেহে গণ্ডগোলটো হল, সূত্ৰই কিবা পকাৰে ভাওনাখন মিলাইছেহে তই এতিয়া চব পানী নকৰিবি মানুহে হাঁহিব, তই ধৰি ল যুদ্ধত মৰিলি। তাৰ আৰু খং উঠিল—সি তেতিয়াও কয়—চাল্লা ইমান পইচা দি ভাওনাৰ পোচাক আনিছো, ১৫ দিনে কামক্ষতি কৰি আখৰা কৰিলো এতিয়া মই নমৰাকৈয়ে তহঁতে মোক মাৰিলি। তেনেতে বয়োজেষ্ঠ্য কেইজনমান আহি তাক নানান চলে-বুদ্ধিৰে সৈমান কৰালে যেনিবা, কিন্তু তাৰ পোচাকৰ খৰচ ৰাইজৰ তৰফৰ পৰা দিয়াতহে সি মান্তি হ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক