ভাগ্যলিপি–নিলাক্ষী বৰা

আনৰ দৰে ৰাতিপুৱাৰ লৰা-ঢপৰাখন সিহঁতৰ ঘৰত নাই৷ কাহিলীপুৱাতে শোৱাপাটী নেৰিলেও চলে সিহঁতৰ৷ তথাপিও বেলি দুপৰলৈকে পাটীত পৰি থকাৰ অভ্যাস এজনীৰো নাই৷ ডাঙৰজনীয়ে শুৱাৰ পৰা উঠিয়ে বাহি চোতালখন সাৰি-পুচি গাধুই গোঁসাইঘৰত চাকি বন্তি জ্বলাই পাকঘৰত সোমায়৷ সৰুজনীয়ে বাহি ঘৰখন অঁটায়৷ লেতেৰানো ক’ত হয়৷ তথাপিও বাহি ঘৰ বুলি প্ৰকাণ্ড ঘৰটো সৰাকে সাৰে মচাকে মচে৷

শুৱাৰপৰা উঠিয়ে ফিকা চাহ একাপ খোৱাটো মণ্ডলৰ পুৰণা অভ্যাস৷ সেয়ে মণ্ডল শুৱাৰ পৰা উঠাৰ লগে লগে ডাঙৰজনীয়ে চাহকাপ যাচে৷ চাহখাই বাৰীখনত সোমাই ইটো সিটো কাম কৰে৷ তাৰ পিছত খাটিসৰিয়হৰ তেলেৰে গা মালিচ কৰি মণ্ডল গাধুবলৈ যায়৷ মণ্ডলে গাধুই অহালৈ ডাঙৰজনীৰ ৰাতিপুৱাৰ জলপান প্ৰস্তুত হৈ যায়৷ তেতিয়ালৈ সৰুজনীয়েও গাধুই ভিতৰ সোমায়৷ তিনিওটাই পাকঘৰৰ মজিয়াত বহি ৰাতিপুৱাৰ জলপান খায়৷ জলপান খাই মণ্ডল নৰয়৷ পদূলিত ড্ৰাইভাৰে গাড়ীত বহি মণ্ডললৈ বাট চাই থাকে৷ জলপান খোৱা বাচন বৰ্তনকেইটা ধুই প্ৰকাণ্ড বাৰীখনৰ সৈতে বৃহৎ ঘৰটোৰ পিছ চোতালত বহি ৰয় দুই পূৰাতন নাৰীমূৰ্তি৷ কেতিয়াবা এজনীয়ে আনজনীৰ চুলিফণীয়াই দিয়ে৷ মাজে মাজে কাপোৰ একোযুটি লগায় দুয়োজনী মিলি৷ তেতিয়া এজনীয়ে মুহুৰা ফুৰায় আৰু আনজনীয়ে তাঁত শালৰ খিটিক খিটিক শব্দৰে নিৰ্জন দুপৰীয়াটো অধিক মায়াময় কৰি তোলে৷

দুপৰীয়াৰ সাজ যেনেতেনে খাই নিজৰ নিজৰ কোঠাত দুয়ো অকণমান বিছনাত বাগৰ দিয়ে৷ ডাঙৰজনীয়ে মাজে মাজে বিছনাত পৰি পৰি মাধৱ গুৰুজনাৰ ঘোষা একোফাঁকি আঁওৰায়৷ চিলমিলকৈ টোপনি অকণ মাৰি দুয়ো উঠি আহে৷ নেযায় নোপোৱায় সময়বোৰ পাৰ কৰিবলৈ এজনী তাঁত শালত বহে৷ আনজনীয়ে চাফাহৈ থকা ঘৰটোকে আকৌ এবাৰ সাৰে৷ তাৰ পিছত দুয়োমিলি আগফালৰ ফুলনিখনত পানী দিয়ে৷ গাই দুজনীমান পুহিব খুজিলেও মণ্ডলে নিদিয়ে৷ ৰান্ধনি বেলিটিয়ে পশ্চিম আকাশত শেষ হাঁহিটি মৰাৰ আগেয়েই মুখহাত ধুই দুইজনী গোঁসাই ঘৰত সোমায়৷ দুয়োজনী গোঁসাই ঘৰৰপৰা ওলোৱালৈ মণ্ডল ঘৰ সোমাইহি৷ তিনিও বহি সন্ধিয়াৰ চাহ কাপ খায়৷ মণ্ডল ৰসিক মানুহ৷ সেই সময়কণত ঘৈণীয়েকহঁতৰ সতে কিবা ধেমালি কৰে নহলে খুহুতীয়া কথাৰে ঘৈণীয়েকহতঁৰ মন ভাল লগাবলৈ চেষ্টা কৰে৷ সেই চেষ্টা বালি তিয়াবলৈ চেষ্টা কৰাৰ লেখীয়া৷ কোনো ৰসেই সিহঁতৰ মনক ৰসাল কৰিব নোৱাৰে৷ তথাপিও গিৰিয়েকক সহাঁৰি জনাবলৈ দুয়োজনীয়ে শুকান হাঁহি একোটা মাৰে৷ তাৰ পিছত ৰেডিঅ’টো কাণত লগাই মণ্ডলে বাতৰি শুনে৷ সিহঁত দুয়োজনীয়ে ৰাতিৰ ভাতৰ যোগাৰ কৰে৷ মণ্ডলে ভাল পোৱা বিবিধ ব্যঞ্জনৰ আয়োজন কৰে৷ ভাতপানী খাই সৰুজনী মণ্ডলৰ সৈতে একেটা কোঠাতে শোৱে৷ ডাঙৰজনীয়ে বেলেগ এটা কোঠাত অকলে বিছনাখনত ইকাটি সিকাটি কৰি ৰাতিটো পাৰ কৰে৷ ডাঙৰজনী বেলেগকৈ শুবলৈ লোৱা ছয়বছৰৰো বেছি হ’ল৷ তেতিয়া তাইৰ শাহুৱেক ঢুকুৱা নাছিল৷ পুতেকৰ বিয়াৰ পাঁচবছৰৰ পিছতো নাতিৰ মুখ নেদেখি মাক চিন্তাত পৰিছিল৷ তাবিজ-ডোলেৰে বোৱাৰীয়েকৰ শৰীৰ ভৰ্তি কৰাৰ উপৰি ডাক্তৰী চিকিৎসাও কৰালে৷ কিন্তু কোনো ফল নধৰাত ফাগুন মাহৰ কোনোবাএটা দিনত বোৱাৰীয়েকৰ দুয়োখন হাত নিজৰ হাতৰ মুঠিত লৈ কৈছিল
:আইঅ’ কিবা এটা কৰ৷ বংশটো ইয়াতে শেষ হবলৈ নিদিবি৷
অবাক হৈ শাহুৱেকলৈ চাইছিল তাই
:মই কি কৰিব লাগিব আই৷
:বাপুকণক সৈমান কৰিব লাগিব৷ সি তোৰ কথা শুনিব৷ আকৌ বিয়া পাতক সি৷
এদিন ৰাতি মৰমেৰে তাই শাহুৱেকে কোৱা কথাষাৰ মণ্ডলক শুনালে৷ মণ্ডলে মাথোঁ এষাৰ কথাই ক’লে….
:এনে কথা তোমাৰ মুখৰ পৰা ওলাল কেনেকৈ৷
তাৰ পিছত মণ্ডলে দুদিনলৈ ঘৈণীয়েকক মাতবোল নকৰিলে৷
বোৱাৰীয়েকৰ দ্বাৰা কাৰ্য্য সিদ্ধিৰ লক্ষণ নেদেখি এইবাৰ মাকে পুতেকক নিজেই কথাটো ক’লে৷
কিন্তু মণ্ডলৰ খাটাং কথা, “মই দ্বিতীয় বিবাহ নকৰো”৷ কিন্তু বুঢ়ীও অকঁৰা মৈত উঠাদি উঠিল৷ তই দ্বিতীয় বিবাহ নকৰিলে ময়ো নাখাই মৰিম৷ এদিন এৰাতি মাকে মুখত পানী এটোপালো নিদিলে৷ মাকৰ অৱস্থা দেখি মণ্ডলে উপায়ন্তৰ হৈ মাকৰ কথাত হয় ভৰ দিলে৷ মাকৰ সোলামুখেৰে মিচিকিয়া হাঁহি সৰকি পৰিল৷
:তোৰ মনৰ কথা মই বুজিছো বোপাই৷ বোৱাৰীয়ে কষ্ট পাব বুলি তই চিন্তা কৰিছ নহয় জানো৷ মই বোৱাৰীক কষ্ট পাবলৈ নিদিও৷
সেই দিনাই মাক গৈ বিয়নিয়েকৰ ওচৰ পালেগৈ৷

:আপোনাৰ সৰু ছোৱালীজনীও মোক দিয়ক৷ আমাৰ বংশ ৰক্ষা কৰক বিয়নি৷

একো বুজি নাপাই বিয়নিয়েকলৈ থৰ হৈ চাই ৰ’ল মানুহ জনী৷ কিন্তু কাষতে থিয় দি থকা পুতেক বোৱাৰীয়েকে থিকেই বুজিলে৷
:আপুনি চিন্তা নকৰিব৷ মা আৰু ভণ্টিক মই বুজাম৷ সোনকালেই আমি খবৰটো জনাম৷
মণ্ডলৰ মাক গুচি অহাৰ পিছতেই পুতেকে মাক আৰু ভনীয়েকক বুজালে
:মণ্ডলৰ ইমানবোৰ মাটি-সম্পত্তি আনক ভোগ কৰিবলৈ এৰি দিব নোৱাৰি৷ আমাৰ ভণ্টিক নহলেও আন কাৰোবাক যে মাকে মণ্ডললৈ চপাব সেইটো খাটাং৷ দুইজনী বাইভনী মিলিজুলি থাকিব৷ ডাঙৰ ভণ্টিয়েও কষ্ট নাপাব৷ লোকৰ এজনী আনিলে তাইয়ো বৰকৈ কষ্ট খাব৷ গতিকে সৰু ভণ্টিকে মণ্ডললৈ দিয়াটোৱে সকলোৰে বাবে মংগল হ’ব৷

সৰুতেই পিতৃহাৰা হোৱা ঘৰখনক ডাঙি ধৰা ককায়েকৰ কথা সৰু ভনীয়েকে পেলাব নোৱাৰিলে৷ সেইটো বহাগতে সৰুজনীয়ে মণ্ডলৰ নামৰ সেন্দূৰ শিৰত পিন্ধি দীঘল উৰণীলৈ বায়েকৰ কোঠাতো দখল নে অধিকাৰ কৰিলে৷ প্ৰথম দুমাহ ডাঙৰজনী শাহুৱেকৰ কোঠাতে শুইছিল৷ কিন্তু দুদিনৰ জ্বৰতে শাহুৱেক এদিন ঢুকাই থাকিল৷ সেই তেতিয়াৰে পৰা শাহুৱেকৰ কোঠাতোও এৰি তাই এই কোঠাটোতে ৰাতিটো পাৰ কৰিবলৈ ল’লে৷

মাজে মাজে মণ্ডল ৰাতি পলমকৈ ঘৰলৈ উভতে৷ সেইদিনা ভাতপানী ৰান্ধি দুয়োজনী বহাঘৰতে বহি বহি মণ্ডললৈ বাট চায়৷ কেতিয়াবা ডাঙৰজনীয়ে কীৰ্তনখন মেলি শিশুলীলা ভাগ পঢ়ে৷ সৰুজনীয়ে মন দি শুনে৷ তাৰ মাজে মাজে কাণ উণাই থাকে মণ্ডলৰ গাড়ীৰ শব্দলৈ৷ ড্ৰাইভাৰে বাইদেউ বুলি মাত নিদিয়ালৈকে দুৱাৰ নোখোলে৷ ড্ৰাইভাৰে ধৰি ধৰি মণ্ডলক বহাকোঠাৰ বিছনাখনতে শুৱাই থৈ যায়৷ সেইদিনা লঘোণ হয় সিহঁতৰ৷ পিছদিনা মণ্ডল দেৰিকৈ শুৱাৰ পৰা উঠে৷ অপৰাধীৰ দৰে ঘৈণীয়েক হতঁৰ পৰা আঁতৰে আঁতৰে ফুৰে৷ মণ্ডলৰ আচৰণ দেখি দুইজনীয়ে মুখটিপি হাঁহে৷ ডাঙৰজনীয়ে ফিকা চাহটোপা দি গহীন হৈ কয়
:চাহ খাওক৷
সেইদিনা মণ্ডলৰ অফিচ যোৱা নহয়৷ গা-পা ধুই ৰাতিপুৱাৰ চাহ জলপান খাই বিবিধ ফলমূলেৰে ভৰপূৰ প্ৰকাণ্ড বাৰীখনৰ বিশালকায় গছবোৰৰ মাজে মাজে তিনিও ঘূৰি ফুৰে৷ মণ্ডলে নানান কাহিনী কৈ শুনায়৷ ককাকৰ দিনতে ৰুৱা গছবোৰৰ ইতিহাস পঢ়ায়৷ দুয়োজনীয়ে মন দি শুনে৷

ক’ৰবাত কিবা নিমন্ত্ৰণ নাথাকিলে সাধাৰণতে বায়েক-ভনীয়েকে বৰকৈ ওলাই সোমাই নুফুৰে৷ ক’ৰবালৈ কেতিয়াবা গলেও সকলো বাৰ্তালাপৰ অন্ত একেটা বিন্দুতেই হয়গৈ৷ কিবা ভাল খবৰ আছে নেকি৷ উত্তৰ দিবলৈ সিহঁতৰ একো নেথাকে৷ মাথোঁ এজনীয়ে আনজনীৰ মুখলৈ চায়৷ কেতিয়াবা মণ্ডলে দুয়োজনীকে চহৰলৈ লৈ যায়৷ হোটেলত বহি তিনিও চাহ চিংৰা মিঠাই খায়৷ কেতিয়াবা চিনেমা চায়৷ ডাঙৰ দোকানত সোমাৱাই দি পচন্দৰ কাপোৰ প্ৰসাধন লবলৈ কয়৷ দুযোৰ মান সাধাৰণ কাপোৰ আৰু দুইএপদ সাধাৰণ প্ৰসাধনৰ সামগ্ৰীৰ বাহিৰে সিহঁতে বেছি একো নলয়৷ কোলাৰ সন্তানে নাৰীক প্ৰদান কৰা সৌন্দৰ্য্য দামী কাপোৰ আৰু প্ৰসাধনে যে দিব নোৱাৰে সেই কথা সিহঁতে বুজে৷

গৈ থাকে পূৰাতন সযয়বোৰ৷ পাৰ নোহাৱা দিনবোৰ৷ হঠাতে এদিন চতুৰ্থ বাৰৰ বাবে নবৌৱেক অন্ত:সত্ত্বা হোৱাৰ খবৰ পায়৷ তিনিটাক প্ৰতিপাল কৰোঁতেই ককায়েকৰ অৱস্থা অথৈবচ৷ আকৌ এবাৰ…৷ ন মাহৰ মুৰত নবৌৱেকে ল’ৰা সন্তান এটি প্ৰসৱ কৰাৰ খবৰো পায়৷ নতুন কেঁচুৱাকণক চাবলৈ বুলি পেহীয়েকহঁত যাবলৈ ওলাওতেই খৰধৰকৈ আহি পায়হি ককায়েক৷ হাতযোৰ কৰি মণ্ডলক কয়
:আমাৰ ল’ৰাকণক বচাওক৷ চাৰিদিন হ’ল মাকৰ বুকুত গাখীৰ এটুপাও নাই৷ জন্মতে শকত আৱত ল’ৰাকণ একেবাৰে হাড়ে চালে লাগিল৷ পানী খুৱাই খুৱাই ল’ৰাকণক আৰু কিমান দিনলৈ বচাম৷ গাঁৱলীয়া ঔষধ খুৱাই একো সুফল পোৱা নাই৷

মণ্ডলে সময় নষ্ট নকৰি গাড়ীলৈ মাক সন্তান দুয়োকো নি চহৰৰ হাস্পতাল পোৱালেগৈ৷ মাকৰ গাখীৰ নোলাল যদিও ডক্তৰে কিনি খুৱাবলৈ দিয়া গাখীৰে ল’ৰাকণক বচালে৷ তিনিদিন হস্পিতেলত থাকি ঘৰলৈ আহিয়ে দেউতাকে ল’ৰাকণক মণ্ডলৰ হাতত তুলি দিলে৷
:ইয়াৰ সকলো দ্বায়িত্ব আপোনাক দিলো৷ এই সন্তান আপোনাৰ৷

মণ্ডলে ঘৈণীয়েকহতঁৰ মুখলৈ চালে৷ অবৰ্ণনীয় জ্যোতিৰে টলমলাই উঠিছে দুয়োৰে মুখ৷ এনে এটা প্ৰস্তাৱৰ বাবেহে যেন দুয়োজনী ইমানপৰে বাট চাই আছিল৷ ঠিক একে সময়তে আন এগৰাকী নাৰীৰ ঘোলা বিবৰ্ণ দৃষ্টি কিন্তু কাৰো চকুত নপৰিল৷

মণ্ডলে ধন্যবাদ দিবলৈ ভাষা বিচাৰি নেপালে৷ চকুৰ কোণত জমাহোৱা পানী দুটোপাল আনে নেদেখাকৈ মচি পেলালে৷ কেঁচুৱাকণক বুকুত সাৱটি তিনিও ঘৰ পালেহি৷ মাতৃত্বৰ গৌৰবেৰে গৰ্বিত হৈ উঠিল দুই নাৰী৷ পূৰ্ণ কোলাই দুয়োকো কৰি তুলিলে সম্পূৰ্ণ৷ এজনীয়ে কাম কৰিলে আনজনীয়ে কেঁচুৱাকণক কোলাত লৈ থাকে৷ টোপনি গ’লেও মুখখন চাই বহি থাকে৷

আজিকালি মণ্ডল সময়তকৈ আগতেই ঘৰ সোমায়৷ ৰাতিপুৱা অফিচলৈ যাওঁতে সদায় থেৰোগেৰো৷ যাওঁকি নেযাওঁ ভাৱ৷ গলেই যেন কিবা এটা নাইকিয়া হৈ যাব৷ কেঁচুৱাকণৰ কলকলনি শুনি শুনি বহি থাকিবৰ মন মণ্ডলৰ৷ ঘূৰি আহোঁতে সদায় নতুন নতুন খেলনা বস্তু মণ্ডলৰ হাতত৷ ল’ৰায়ে এতিয়াও পুতলাৰে খেলিব জনা হোৱা নাই৷

সময় কোনফালে পাৰ হৈছে তলকিবই পৰা নাই দুয়োজনীয়ে৷ ল’ৰাকণৰ হাঁহি আৰু কলকলনিত নিস্তেজ ঘৰখন প্ৰাণৱন্ত হৈ উঠিছে৷ ল’ৰাকণে চুচৰিবলৈ শিকিছে৷ ল’ৰাকণৰ গাত ধূলি লাগে বুলি পকাখন এজনীয়ে বাৰে বাৰে মচে৷ আনজনীয়ে ল’ৰাৰ পিছে পিছে চুচৰি ফুৰে৷ কোন সময়ত কি বস্তু হাতত লয় একো ঠিক নাই৷ আলনাৰ কাপোৰ, বিছনাৰ কাপোৰ টানি টানি সি মাটিত পেলাই বৰ স্ফূৰ্তি পায়৷ দুজনী মানুহে কাপোৰবোৰ সামৰি সামৰি তত নেপায়৷

চাওঁতে চাওঁতে ল’ৰাই থুনুক-থানাক মাত, থুপুক থাপাক খোজ এৰি ভালদৰে কথা ক’বলৈ, খোজ কাঢ়িবলৈ পৰা হল৷ তাৰ প্ৰশ্নৰ উত্তৰ দি দি তিনিটা মানুহ হায়ৰাণ হৈ পৰে….বেলিটো কিয় আকাশত থাকে, জোনটো দিনত কলৈ যায়৷ বগলীটো কিয় বগা৷ সাধু কলেও তাৰ হাজাৰটা প্ৰশ্ন৷ শুৱাৰ সময়ত সিহে নিচুকণি গীত গাই মাকহতঁক শুৱায়৷ আজিকালি মণ্ডল অকলে শোৱে৷ দুয়োজনী মাকৰ মাজত ল’ৰাকণ শুই থাকে৷

সময় চকৰি ঘূৰাৰ দৰে ঘূৰি থাকে৷ লগে লগে ঘূৰি থাকে দুজনী মানুহ ল’ৰাৰ পিছে পিছে৷ এক মুহূৰ্তৰ বাবেও চকুৰ আতৰ হবলৈ নিদিয়ে৷ ল’ৰাটোৰ ভিতৰতেই যেন সিহঁতৰ জীৱটো সোমাই আছে৷ লাহে লাহে ল’ৰাৰ স্কুল যোৱাৰ বয়স আহি পৰিল৷ সি স্কুলত থকা সময়খিনি সিহঁতৰ কেনেকৈ পাৰ হব এই লৈয়ে দুয়োৰ চিন্তা৷ সেই বুলিয়েই ল’ৰাক স্কুলত নিদিবনে..? ভাল দিন বাৰ এটা চাই মণ্ডলে ল’ৰাক গাৱৰে এল পি স্কুল খনত নাম লেখাই দিলে৷ ঘৰৰে ডাঙৰ মালভোগ কল এঠোকা নি গোটেই স্কুলখনৰ ল’ৰা ছোৱালীৰ মাজত ভগাই দিলে৷ এসপ্তাহ মানলৈ এজনীয়ে স্কুলত থৈ আহেগৈ৷ এজনীয়ে সময়মতে লৈ আহেগৈ৷ দিন যোৱাৰ লগে লগে ল’ৰা সমনীয়াৰ সতে অহা যোৱা কৰিব পৰা হ’ল৷ ল’ৰাৰো পঢ়াশুনাত বৰ ধাউতি৷ দুবছৰ মান খুব ভালদৰেই পাৰ হ’ল৷ কিন্তু এদিন হঠাতে ভাত খাই থাকোঁতে ল’ৰাই দেউতাকক সুধিলে
:দেউতা
:উম, ক’…
:মোৰ লগৰ সকলোৰে এজনী মাক৷ মোৰনো কিয় দুজনী মা৷
মাক দেউতাক তিনিওটা তধা লাগিল৷
:কি হ’ল দেউতা, নকলা যে৷ মোৰ কিয় দুজনী মা৷
হঠাতে টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে দেউতাকে ক’লে
:ভালহে তোৰ দুজনী মা৷ তই মৰম বেছিকৈ পাৱ৷
দেউতাকৰ উত্তৰত ল’ৰাটো সন্তুষ্ট হোৱা যেন নালাগিল৷ মণ্ডলে পিছদিনাই গাৱৰ স্কুলৰ পৰা ল’ৰাৰ নাম কটাই চহৰৰ স্কুলত নাম লেখাই দিয়ে৷ মণ্ডলে অফিচলৈ যাওঁতেই ল’ৰাটোকো লগতে গাড়ীত লৈ যায়৷ চুটিৰ সময়ত ড্ৰাইভাৰে লৈ আহে৷ মানুহ দুজনীৰ সেই একেই নেযায় নুপুৱাই সময়৷ ল’ৰাটো ঘৰত থাকিলে বেৰবোৰেও হাঁহি থকা যেন লাগে৷ নথকা সময়খিনি ঘৰটোৱেও যেন জোপোকা মাৰি বহি থাকে৷ সময়বোৰ পাৰ কৰিবলৈ জলকীয়া বেঙেনাৰ পুলিকে ৰুই আপদাল লয় দুয়োজনীয়ে৷ হ’লেও মন বহাব নোৱাৰে৷ চকুদুটা বাৰে বাৰে পদূলিলৈহে যায়৷ তাঁতখন মেলি ললেও সেই একেই অৱস্থা৷ সি আহি খাবহি বুলি সি ভালপোৱা বিধে বিধে আঞ্জা তৰকাৰী ৰান্ধে দুইজনীয়ে৷ মানুহ দুজনীৰ জীৱটো যেন তাৰ মাজতেই সোমাই আছে৷ ল’ৰাটো বেছ নম্ৰ আৰু ভদ্ৰ৷ দেখিলেই মৰম লগা৷

চহৰৰ স্কুলৰ পৰাই এদিন ল’ৰাটোৱে মেট্ৰিক পাছ কৰিলে৷ সেইদিনা দেউতাকৰ কি স্ফূৰ্তি৷ গোটেই গাঁৱৰ মানুহক মাতি মণ্ডলে ভোজ-ভাত খুৱাইছিল৷ ল’ৰা কলেজত পঢ়ি থাকোঁতেই মণ্ডলে অৱসৰ ল’লে৷ ল’ৰাই চহৰৰ কলেজৰ পৰা সুখ্যাতিৰে বি .এ টোও পাছ কৰিলে৷

আজি দুদিন হ’ল ল’ৰাটো ঘৰত নাই৷ এম এ ৰ এডমিছন লবলৈ যাওঁ বুলি ল’ৰাটো ক’লৈ গ’ল কোনেও ক’ব নোৱাৰিলে৷ গোটেইখন বিচাৰ খোচাৰ কৰিও একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ গাঁৱত তাৰ অন্তৰংগ বন্ধু বান্ধৱো কোনো নাই৷ কাৰ সৈতে কলৈ গ’ল ভাবি ভাবি দুয়োজনী মাক কান্দি কাটি হিয়ালি-জিয়ালি হ’ল৷ মণ্ডলেও ধৈৰ্য্য ধৰিব পৰা নাই৷ কোনেও কাৰো মুখলৈ চাব নোৱাৰা অৱস্থা৷ ক’লৈ গ’ল লৰাটো?

বি এ পৰীক্ষা দিয়াৰ পিছৰে পৰা ল’ৰাটোৰ কিছু পৰিবৰ্তন মাক দেউতাকৰ চকুত পৰিছিল৷ ৰাতি বহু দেৰিকৈ ঘৰ সোমায়, ঘৰত থাকিলে অকলশৰে থাকে৷ সুধিলেও একো নকয়৷ আৰু হঠাৎ ল’ৰাটো ঘৰৰ পৰাই নোহোৱা হৈ গ’ল৷ …..মানুহ বোৰে কোৱা-কুই কৰিবলৈ ধৰিলে ল’ৰাটো চাগৈ নিষিদ্ধ ঘোষিত সংগঠনত সোমালে৷ কথাষাৰ মাক দেউতাকৰ কাণত পৰাৰে পৰা সিহঁতৰ খাৱন-শোৱন নাইকিয়া হৈছে৷ কিবাকৈ ল’ৰাটো ওভতাই আনিব পৰা হলে৷

নাই ল’ৰাটো বিচাৰি পোৱা নগ’ল৷ ঘৰখনক এক বিৰাট শূন্যতাই গ্ৰাস কৰি পেলাইছে৷ ভয়াবহ নিস্তব্ধতাই ছানি পেলাইছে গোটেইখন৷ নিজৰ উশাহৰ শব্দত নিজেই চক খাই উঠে মাজে মাজে মানুহকেইটাই৷ একেবাৰে নকৰিলে নোহোৱা কাম কেইটাহে তিনিওটা প্ৰাণীয়ে কৰে৷ প্ৰাণটো বচাই ৰাখিবলৈ নামমাত্ৰ আহাৰ গ্ৰহণ কৰে৷ ল’ৰাটো নাইকিয়া হোৱা এইছটা মাহতে সিহঁতৰ বয়স দহবছৰ মান বাঢ়ি গ’ল৷ দিনৰ দিনটো পদূলিলৈ চাই থাকে তিনিওজনে৷ জানোচা ল’ৰাটো ঘূৰি আহে৷ ৰাতি হলে দুৱাৰত টুকুৰিওৱা শব্দ এটা হব বুলি আশা পালি সাৰে থাকে নিশাৰ পিছত নিশা৷ কিন্তু শব্দটো নহয়৷ দিন মাহ বছৰ বাগৰি গৈ থাকে৷ কিন্তু চাৰিবছৰৰ মুৰত এদিন ৰাতি হঠাৎ খুটুকৈ শব্দ এটা হ’ল পিছফালৰ দুৱাৰখনত৷ দুৱাৰত খিলি লগোৱা হোৱা নাছিল৷ চৰুত ভাত উতলি আছিল তেতিয়া৷ ..মা অ’ মা৷ মাত দিছিল ল’ৰাটোৱে৷

থৰ হৈ ৰৈছিল দুজনী মানুহ কেই মুহূৰ্তমান৷ তাৰ পিছত…৷ তাক বুকুত সুমুৱাই উচুপিছিল পাৰে মানে৷ মণ্ডলে কান্দোনৰ শব্দ শুনি কিনো হ’ল বুলি পাকঘৰ পাইছিলহি৷ মানুহ দুজনীৰ মাজত ল’ৰাটো দেখি নিৰ্বাক হৈ পৰিছিল৷ চুমাৰে উপচাই পেলাইছিল ল’ৰাটো দুয়োজনী মাকে৷ আনন্দৰ চকু পানীৰে ঘৰৰ মজিয়া তিতি গৈছিল৷ কিন্তু সেই আনন্দ মাত্ৰ অকণমান পৰৰ বাবেহে৷ দেউতাকে ইমান দিনে ক’ত আছিলি বুলি সুধিবলৈ নৌপাওতেই মাকে বাঢ়ি দিয়া গৰম ভাত কেইটা তৃপ্তিৰে খাই সি যাবলৈয়ে ওলাল৷ বাধাদি ৰাখিব নোৱাৰিলে সিহঁতে৷ যোৱাৰ সময়ত মাথোঁ কৈ গ’ল….
:তোমালোকক এবাৰ চাবলৈ আহিলো৷ খুব সোনকালেই মই ঘূৰি আহিম৷ তোমালোকে চিন্তা নকৰিবা৷
চিন্তা কেনেকৈ নকৰিব৷ বুকুৰ জীউটোলৈ চিন্তা নকৰাকৈ থাকিব পাৰিনে৷ শুকান মৰুত দুটোপাল পানী ছটিয়াই ল’ৰাটো অহাবাটেৰেই গুচি গ’ল৷ বোবাহৈ তিনিটা প্ৰাণীয়ে মাথোঁ চাই ৰ’ল৷ মূক ভাৱনাত স্থিৰ হৈ ৰ’ল তিনিও৷ সেইৰাতি সিহঁতৰ ভাত খোৱা নহ’ল৷

ল’ৰাটোৱে কথা ৰাখিলে৷ পিছদিনাই ঘূৰি আহিল সি৷ গুলীৰে থকা-সৰকা হোৱা প্ৰাণহীন দেহহৈ পুলিচৰ গাড়ীত উঠি ঘৰলৈ ঘূৰিল সি৷ তাৰ পিছৰ দৃশ্য বৰ্ণনাতীত৷ বাউলি হৈ পৰিল দুজনী মানুহ৷ আৰু মণ্ডল..? ভাৱলেশ বিহীন এখন মুখ লৈ বহি পৰিল চোতালত৷ মণ্ডলৰ কেতিয়াও নেদেখাৰূপ এটা দেখিলে মানুহে৷ পুত্ৰ শোক৷ সকলো শোকত কৈ ডাঙৰ শোক৷ ঠিক একেটা সময়তে আৰু এজনী মানুহে নিৰ্জীৱ শৰীৰটো ধৰি ৰাউচি জুৰি কান্দিলে৷ ধিক্কাৰিলে বাৰম্বাৰ নিজৰ জীৱনক৷

এই ঘটনাৰ পিছত মণ্ডল আৰু বেছিদিন নাথাকিল৷ কিন্তু সেই প্ৰকাণ্ড বাৰীখনৰে সৈতে বিশাল ঘৰটোত সেই পূৰাতন নাৰী দুগৰাকী এতিয়াও আছে৷ শুভ্ৰবসন আৰু শুকুলা চুলিৰে দুয়োজনীকে কোনোবা প্ৰাক ঐতিহাসিক যুগৰ মানুহ যেন লাগে৷ ঘৰটো চাৰিওফালৰ পৰা গছ-লতিকাই আগুৰি ধৰিছে৷ এখন অটব্য হাবিৰ মাজত যেন এটা দেওলগা ঘৰ৷ মাজে মাজে মাজৰাতিও খুন্দনাত তামোল খুন্দাৰ শব্দ ভাঁহি আহে ঘৰটোৰ পৰা৷ কেতিয়াবা শিশুলীলা ভাগ গোৱাৰ শব্দ৷ তাৰ বাহিৰে আন কোনো শব্দ মানুহৰ কাণত পৰা নাই আজিলৈ৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক