ভাগ্য, দুৰ্ভাগ্য, সৌভাগ্য আৰু এখন চিনেমা (বনজিত পাঠক)

ভাগ্য, দুৰ্ভাগ্য, সৌভাগ্য আৰু এখন চিনেমা

বনজিত পাঠক

 

কিমান বছৰ আগৰ সেইটো এতিয়া সঠিককৈ মনত নাই , কিন্তু চিত্ৰহাৰে লাহে লাহে নিজৰ জনপ্ৰিয়তা হেৰুৱাই পেলোৱা বা কেবোল টিভিৰ কেব’লবোৰ লাহে লাহে দীঘলহৈ অহাৰ সময়ৰে কথা। অ, তেতিয়া গণেশগুৰিৰ ফ্লাইওভাৰো হোৱা নাছিল। হয়তো ঠাণ্ডা দিনেই আছিল , গধূলী সময়, মই গণেশগুৰিৰ পৰা চিটীবাছেৰে ভঙাগড়লৈ আহিব লাগে । চিটীবাছ বোৰত বহুত ভিৰ , প্ৰতিখনতে মানুহ বাহিৰতো ওলমি আহিছে footstepত ভৰি থৈ , উঠিব নোৱাৰি কেইবাখনো বাছ মই যাবলৈ দিলোঁ । ইফালে দেৰি হৈ আহিছে । এনেকৈ কেইবাখনো বাছ যাবলৈ দি, এখনত কোনোমতে আহি ভঙাগড় পালোহি। ভঙাগড়ত নামি খোজ কাঢ়ি ১০মিনিট মান অহাৰ পিছতেই গ’ম পালো গণেশগুৰিৰ চিটীবাছ ষ্টপেজৰ ওচৰতে বোমা বিস্ফোৰণ, কেইজন নিহত হৈছে এতিয়াও সঠিককৈ গম পোৱা হোৱা নাই । মই যিমান পাৰি সোনকালে ঘৰলৈ পালো গৈ , ঘৰৰ মানুহে মই গণেশগুৰিলৈ যোৱাৰ কথাটো জানিছিলে । পিছত আনুমানিক হিচাপ কৰি দেখিলো আধাঘন্টা মান আগতে বোমাটো বিস্ফোৰণ হোৱা হ’লে ,ময়ো হয়তো সেইটো বোমাৰ চিকাৰ হলো হয়। এইটো মোৰ জীৱন এটা উল্লেখনীয় ঘটনা যিটো ভাগ্যৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি।

এনেধৰণৰ আৰু এটা ঘটনাৰ কথা উল্লেখ কৰিবলৈ ইচ্ছা গ’ল । ঘটনাটো মোৰ ভন্টিৰ এগৰাকী বান্ধৱীৰ জীৱনত ঘটা ঘটনা । বান্ধৱী গৰাকীৰ ঘৰ উজনিৰ এখন সৰু ঠাইত । কলেজৰ বন্ধৰ সময়ৰ কথা। হোষ্টলবোৰ প্ৰায় খালি কৰি সকলোৰে নিজৰ ঘৰলৈ যাবলৈ হুলস্থুল লগায় । ভন্টিৰ বান্ধৱীও যাবলৈ ওলাল । দিনৰ বাছত যাব । দুজনীয়া চিট থাকিলে সকলোৰে খিৰিকীৰ কাষৰ চিটটোৰ প্ৰতি অলপ টান বেছি , তাতে দিনৰ বাছ হ’লে আৰু বেছি হয় । ভন্টীৰ বান্ধৱীয়ে এজনীয়া চিট নাপায় , দুজনীয়া চিটৰে window side ৰ এটা ল’লে , দিনৰ কথা যেতিয়া কথা নাই । অলপ পিছত কাষৰ চিটটোত এজন অন্য লোক আহি বহিলহি । যাত্ৰা আৰম্ভ হ’ল, গুৱাহাটীৰ ভিৰ পাৰ হোৱাৰ পিছত গাড়ীয়ে লাহে লাহে , নিজৰ স্পীড ল’লে । ভন্টীৰ বান্ধৱীৰ কাষত বহা লোক জনে তাইক ক’লে “মই অলপ সময়ৰ বাবে খিৰিকীৰ কাষত বহিব খোজো , চিগাৰেট এটা খাওঁ ।” ভন্টিৰ বান্ধৱীৰ দিবলৈ মন নাছিল কিন্তু অলপ সময়হে ,হ’ব বাৰু বুলি চিটটো সলনা-সলনি কৰি বহিল । মানুহজনে চিগাৰেটটো জ্বলাই ভাল দৰে বহিবলৈ ল’লেহে মাত্ৰ ,হঠাতে এটা অতি ডাঙৰ শব্দ হ’ল আৰু বাহিৰৰ পৰা লোৰ ৰ’ড এডাল আহি মানুহ জনৰ মুৰত সোমাই গ’ল, মানুহজনৰ থিতাতে মৃত্যু ঘটিল । ঘটনাটো ইমান কম সময়ৰ ভিতৰত ঘটিল যে ভন্টিৰ বান্ধৱী বহু সময়লৈ মাত নোহোৱা হৈ গৈছিল ।

এতিয়া, কথাখিনি আমি এনেকৈ নিশ্চয় চিন্তা কৰিব পাৰোঁ যে মই যদি সেইদিনা দেৰিকৈ চিটি বাছত উঠিম বুলি ৰৈ থকা হ’লে , মই হয়তো সেইদিনা বোমাটোৰ আঘাতৰ সন্মুখীন হ’লোহেঁতেন । আকৌ আমি এনেকৈয়ো ভাবিব পাৰে যে যিজন লোক সেইদিনা বোমাৰ চিকাৰ হৈ মৃত্যু মুখত পৰিলে তেওঁ কোনো কাৰণত যদি সেই বিশেষ সময়ত তাত নাথাকিলে হয় তেওঁও হয়তো বাছি গ’ল হেঁতেন, হয়টো বোমাটোৱেই নুফুটিল হেঁতেন । ২০০৮ চনৰ অক্টোবৰত হোৱা মৰ্মান্তিক বোমা বিস্ফোৰণত এনে ধৰণৰ কথা বহু দিনলৈ বাতৰি কাকতত ওলাই আছিল । দ্বিতীয়টো ঘটনাৰ ক্ষেত্ৰত মানুহ জনে যদি সেই সময়ত চিগাৰেট খোৱাৰ ইচ্ছা নকৰা হ’লে বা উল্লেখিত ভন্টিৰ বান্ধৱী জনীয়ে চিটটো সাল সলনি কৰিবলৈ ইচ্ছা নকৰা হ’লে ঘটনাটো হয়তো বেলেগ হ’ল হয় । এইক্ষেত্ৰত ছোৱালীজনীৰ সৌভাগ্য বুলি ক’ব পাৰি আৰু লোকজনৰ দুৰ্ভাগ্য । কিন্তু এনেকৈও ভাবিব পাৰি কিজানি তেওঁলোকে চিট  সলনি নকৰা হ’লে দুৰ্ঘটনাটোৱেই নহ’লহেঁতেন । এনেধৰণৰ ঘটনাবোৰৰ ওপৰত আচলতে আমাৰ কোনো হাত নাই , কিন্তু আমি ইয়াকে ভাগ্য বা দুৰ্ভাগ্য বুলি আখ্যা দিওঁ । এতিয়া আমি যদি কোনো ডাঙৰ ৰেল/ বাছ দুৰ্ঘটনা বা ভূমিকম্পৰ কথা উদাহৰণ স্বৰূপে ল’ওঁ , য’ত ধৰাহ’ল ২০-২৫ বা ততোধিক লোকে প্ৰাণ হেৰুৱালে বা অন্য বহুকেইজন অলপৰ বাবে মৃত্যুৰ পৰা হাত সাৰিল । তেতিয়া হ’লে মৃত্যুহোৱা সকলো লোকৰে সেই একেই সময়তে ভাগ্য বেয়া আছিল নে ? নে বাকী বাচি যোৱা সকলোৰে সেই একে সময়তে ভাগ্য ভাল আছিল ? কথাবোৰ ভাবি থাকিলে একো মীমাংসাত উপনীত হ’ব নোৱাৰোঁ দেখোন । এই আলোচনাত দুৰ্ঘটনা বা অন্য প্ৰাকৃতিক পৰিঘটনাৰ কাৰণ সমূহ আলোচনা কৰিব খোজা নাই , আমি কোনো ঘটনাক যে ভাগ্য বা দুৰ্ভাগ্য আখ্যা দিওঁ বা কিয় দিওঁ সেইটোহে আলোচনা কৰিব খুজিছোঁ । এনে ধৰণৰ ঘটনা অন্ততঃ এটা হ’লেওঁ আমাৰ প্ৰত্যেকৰে জীৱনত ঘটিছেই নিশ্চয়, ডাঙৰ ঘটনা হ’লে আমাৰ মনত থাকে কিন্তু সৰু বা অভাৱনীয় ভাবে ক্ষতিকৰ নহ’লে তেনে ঘটনাক আমি তেনেকৈ মনত নাৰাখোঁ, আৰু আমি ভাগ্য বা দুৰ্ভাগ্যকো টানি নানোঁ । এটা কাল্পনিক সৰু ঘটনাৱলীক লওঁ , আপুনি কলেজ বা অফিচলৈ ওলাই যাওঁতে ৰাস্তাত বাইকখনৰ ৰাস্তাত চকা ফুটিল, বাইকখন থেলি থেলি নি ফুটাটো মাৰিব লগীয়া হল । কলেজ বা অফিচ পাই দেখা পালে আপোনাৰ ক্লাচটোলৈ দেৰি হ’ল বা আপোনাৰ ওপৰৰ অফিচাৰ জন আপোনাৰ ওপৰত টিঙিৰিতুলা হৈ আছে ।এতিয়া এই কথাটো আপোনাৰ বা মোৰ মনত নাথাকে কাৰণ হয়তো এইটো সিমান উল্লেখনীয় ঘটনা এইটো নহয় । এনে ঘটনাবোৰৰ লগত আমি ভাগ্যকো নাসাঙৰো । এতিয়া এই একেখিনি কথা যদি অলপ বেলেগ ধৰণৰ হলে , ধৰক চকাটো ফুটাৰ বাবে আপোনাৰ ভাৰসাম্য হেৰাল আৰু কাষৰ দিভাইদাৰত খুন্দা লাগি আপুনি পৰি গ’ল । ভৰিখন ভাঙিলে কিন্তু ওচৰেদি যোৱা ট্ৰাক চালক জনৰ উপস্থিত বুদ্ধিৰ বাবে আপোনাৰ প্ৰাণটো বাচিল । এতিয়া এই ঘটনাটো যাৰেই জীৱনত হয় তেওঁৰে চিৰদিনলৈ মনত থাকি যাব , কাৰণ এইটো এটা ডাঙৰ ঘটনা হয়, আৰু আমি এই ক্ষেত্ৰত আকৌ ভাগ্য বা দুৰ্ভাগ্যৰ হিচাপলৈ বহি যাম । মোৰ বোধেৰে এনেধৰণৰ যিবোৰ ঘটনাৰ ওপৰত আপোনাৰ বা মোৰ কোনো নিয়ন্ত্ৰণ নাই সেইবোৰতে আমি ভাগ্য বা দুৰ্ভাগ্যৰ নাম লৈ সান্তনা লভো । এনেধৰণৰ কথাবোৰ আলোচনা কৰিলে দীঘলীয়া হৈ গৈ থাকে । এনেধৰণৰ কথাবোৰত আমাৰ একো হাত নাথাকে বা আমি নিজৰ ইচ্ছা মতে কৰিব নোৱাৰোঁ । জোৰকৈ মিলাবলৈ গ’লেওঁ কেতিয়াও নিমিলে ।

এতিয়া এখন চিনেমাৰ কাহিনী আলোচনাৰে এই লেখাটো সামৰণি মাৰিম । চিনেমাখনৰ কাহিনীটো অতি সাধাৰণ “ল’লা নামৰ ছোৱালী জনীক তেওঁৰ প্ৰেমিকে (যিজন এজন অপৰাধী ) অলপ পইচা বিচাৰি ফ’ন কৰে । তেওঁ(ল’লাৰ প্ৰেমিকজনে) সেইখিনি পইছা তেওঁ বছৰ পৰা আনিছিল, কিন্তু ৰাস্তাত এজন ভিক্ষাৰীয়ে চুৰ কৰি লৈ যায়। এতিয়া সেইপইছাখিনি বছক উভতাই দিব লাগে । ল’লাই যদি পইছাখিনি ২০মিনিটৰ ভিতৰত নিদিয়ে , সি (ললাৰ প্ৰেমিকে ) ওচৰত থকা এটা বেংকক ডকাইতি কৰিব । ল’লাই তাক বেংক চুৰ কৰিবলৈ মানা ক’ৰে আৰু ২০মিনিটৰ ভিতৰত পইছা যোগাৰ কৰি তাৰ ওচৰত হাজিৰ হ’ম বুলি আশ্বাস দিয়ে। ল’লাই সময় মিলাবলৈ দৌৰা আৰম্ভ কৰে , কাৰণ ২০মিনিটৰ ভিতৰত পইছা যোগাৰ কৰিব নোৱাৰিলে, মানিয়ে (ল’লাৰ প্ৰেমিক্জনৰ নাম ) বেংক ডকাইতি কৰিব। চিনেমাখনত ল’লাই দৌৰি যাওঁতে ৰাস্তাত হোৱা সৰু বৰ ঘটনা কেইটা সামৰি মানিৰ ওচৰ পোৱালৈকে এই ২০মিনিট সময় তিনিবাৰকৈ দেখুওৱা হৈছে, মানে চিনেমাখন চাই থাকোঁতে আপোনাৰ এনে অনুভৱ হ’ব চিনেমাখন যেন প্ৰতি ২০মিনিটৰ পিছত rewind হৈ আৰু আকৌ আৰম্ভণিৰ পৰা আৰম্ভ হৈ গ’ল । কিন্তু ঘটনা ভিতৰলৈ লাহে লাহে সোমাই গৈ থাকিলে প্ৰতিটো দৌৰৰ মাজত হোৱা পাৰ্থক্য খিনি স্পষ্ট হৈ আহে লাহে লাহে । গোটেই চিনেমাখনৰ কাহিনীটো ইয়াত লিখি চিনেমাখন চাবলৈ ইচ্ছুক সকলৰ ৰসভংগ নকৰো , এটা উদাহৰণ দিওঁ, প্ৰথম দৌৰাৰ ক্ষেত্ৰত , ল’লাই দৌৰি যাওঁতে ৰাস্তাত এজন পাংক আৰু তেওঁৰ কুকুৰটো ল’গ পাই , কুকুৰটোৱে ল’লা খেদা মাৰি যায়, আৰু ল’লাৰ দৌৰাৰ গতিবেগ বৃদ্ধি পায় আৰু এই দ্ৰুতগতিৰ প্ৰভাৱ পিছৰ ঘটনাৱলীত পৰে । কিন্তু দ্বিতীয় দৌৰাৰ ক্ষেত্ৰত ল’লাৰ সেই পাংক জনৰ লগত জোঁটা-পোটা লাগে আৰু ল’লাই ভৰিত অলপ দুখ পাই ,যাৰ ফলত ল’লাই ভৰি দুপিয়াই দৌৰিব ধৰে আৰু গতিবেগ কমি যায় । এই কম গতিবেগৰ প্ৰভাৱো পিছৰ ঘটনা ক্ৰমত প্ৰভাৱ পৰে । ১৯৯৮ চনৰ মুক্তি পোৱা Run lola run (Lola rennt ) নামৰ এই জাৰ্মান ছবিখন সঁচাকৈয়ে এখন উপভোগ্য কথাছবি । মই মূল জামান ছবিখন চোৱা নাই কিন্তু ইংৰাজীখন চাইছোঁ । ছবিখনে কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল । আমি ওপৰত আলোচনা কৰি অহা কথাখিনিকে এই ছবিখনত মূলত দেখুৱাবলৈ কৰা এক সফল প্ৰয়াস বুলি ক’ব পাৰি । যিসকলে চিনেমাখন চোৱা নাই এবাৰ চাবলৈ অনুৰোধ কৰিলোঁ । প্ৰসংগ ক্ৰমে final destination নামৰ অন্য এখন ছবিৰ নামো উল্লেখ কৰিব পাৰি কিন্তু এইখন চিনেমাত একেটা ঘটনায়ে কেইবাধৰণে ঘটাৰ সম্ভাৱনা থাকিব পাৰে সেইটো দেখুওৱা হোৱা নাই ।

প্ৰতিটো সৰু বৰ ঘটনাৰ প্ৰভাৱ তাৰ পৰবৰ্তী হ’বলগীয়া ঘটনাৰ ওপৰত পৰে । কোনো ঘটনাটোৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়াৰ ওপৰতো প্ৰতিক্ৰিয়া হয় । এই প্ৰতিক্ৰিয়াৰ ফলাফল টোকেই আমি ভাগ্য বা দুৰ্ভাগ্য বুলি ব্যাখ্যা দিবলৈ চেষ্টা কৰো ।

(লিখাটো ত ইংৰাজী ৱিকিৰ সহায় লোৱা হৈছে )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments